অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিশ্ব এইড্‌ছ দিৱস

বিশ্ব এইড্‌ছ দিৱস, প্ৰতিবছৰে ১ ডিচেম্বৰৰ দিনা পালন কৰা হয়।১৯৮৮ চনৰ পৰা পালন কৰা এই দিৱস এইড্‌ছৰ দেশব্যাপ্তিৰ প্ৰতি সজাগতাৰ বাবে আৰু এই ৰোগত ভুগি মৃত্যু বৰণ কৰাসকললৈ সমৰ্পণ কৰা হয়।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২৯২ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

বিশ্ব এইড্‌ছ দিৱস, প্ৰতিবছৰে ১ ডিচেম্বৰৰ দিনা পালন কৰা হয়।১১৯৮৮ চনৰ পৰা পালন কৰা এই দিৱস এইচ.আই.ভি/এইড্‌ছৰ দেশব্যাপ্তিৰ প্ৰতি সজাগতাৰ বাবে আৰু এই ৰোগত ভুগি মৃত্যু বৰণ কৰাসকললৈ সমৰ্পণ কৰা হয়। সমগ্ৰ পৃথিৱীজুৰি চৰকাৰ, স্বাস্থ্যকৰ্মী, বেচৰকাৰী সংস্থা আদিয়ে এই দিৱস পালন কৰি এইড্‌ছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ শিক্ষা প্ৰসাৰ কৰে।

বিশ্ব এইড্‌ছ দিৱস বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৱে মানি অহা আঠটা গোলকীয় জনস্বাস্থ্য প্ৰচাৰ-অভিযানৰ এটা। আনকেইটা হৈছে বিশ্ব স্বাস্থ্য দিৱস, বিশ্ব ৰক্তদান দিৱস, বিশ্ব প্ৰতিষেধক সপ্তাহ, বিশ্ব যক্ষ্মা দিৱস, বিশ্ব ধপাত বিৰোধী দিৱস, বিশ্ব মেলেৰিয়া দিৱস আৰু বিশ্ব হেপাটাইটিছ দিৱস।২

২০১৩ চনৰ তথ্য অনুসৰি এইড্‌ছ ৰোগৰ ফলত বিশ্বজুৰি ৩.৬ কোটি মানুহৰ মৃত্যু হৈছে (১৯৮১-২০১২), আৰু আনুমানিক ৩.৫৩ কোটি মানুহে এইড্‌ছ আক্ৰান্ত জীৱন যাপন কৰি আছে।৩ পৃথিৱীৰ বহু অঞ্চলত এণ্টিৰেট্ৰ'ভাইৰেল ঔষধৰ উন্নত উপলব্ধতা সত্বেও প্ৰতিবছৰে এইড্‌ছে প্ৰতিবছৰে ২,৭০,০০০ শিশুকে ধৰি ২০ লাখ লোকৰ জীৱন নাশ কৰে।৪

ইতিহাস

এটা ৰাছিয়ান ডাকটিকট, ১৯৯৩ চন
এটা ৰাছিয়ান ডাকটিকট, ১৯৯৩ চনছবি: Russian Post; scanned and processed by User:Vizu · Public domain

চুইজাৰলেণ্ডৰ জেনেভাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ দুজন ৰাজহুৱা তথ্য বিষয়া জেইম্‌ছ বান আৰু থমাহ নেটাৰে ১৯৮৭ চনৰ আগষ্টত প্ৰথমবাৰৰ বাবে বিশ্ব এইড্‌ছ দিৱসৰ পৰিকল্পনা কৰিছিল।৫৬ বান আৰু নেটাৰে তেওঁলোকৰ পৰিকল্পনা এইড্‌ছৰ গোলকীয় আঁচনিৰ (এতিয়া UNAIDS) নিৰ্দেশক ড° জনাথন মেনৰ আগত প্ৰকাশ কৰে। ড° মেনে এই পৰিকল্পনাত সঁহাৰি জনায় আৰু ১৯৮৮ চনৰ ১ ডিচেম্বৰত প্ৰথম বিশ্ব এইড্‌ছ দিৱস পালনৰ পোষকতা কৰে।৭ চান ফ্ৰান্সিস্ক'ৰ প্ৰাক্তন টেলিভিজন সাংবাদিক বানে ১ ডিচেম্বৰৰ দিনটো এইবাবেই প্ৰস্তাৱ কৰিছিল যাতে আমেৰিকান নিৰ্বাচনৰ বহুদিন পাছত আৰু বৰদিনৰ বন্ধৰ আগতে পালন কৰিবলগীয়া এই দিৱসটো পশ্চিমীয়া বাতৰি প্ৰকাশনসমূহে বেছিকৈ প্ৰচাৰ কৰে।৭

প্ৰথম দুবছৰ বিশ্ব এইড্‌ছ দিৱসে শিশু আৰু যুৱ লোকক গুৰুত্ব দিছিল। বহু মানুহে এই থীমৰ সমালোচনা কৰিলেও ই এইড্‌ছ ৰোগৰ লগৈ জড়িত নিন্দা আঁতৰোৱাত সহায় কৰিছিল।

১৯৯৬ চনত HIV/AIDS সম্পৰ্কে ৰাষ্ট্ৰসংঘৰ যুটীয়া আঁচনি (UNAIDS) আৰম্ভ হোৱাৰ লগে লগে এই বিশ্ব এইড্‌ছ দিৱসৰ পৰিকল্পনা আৰু প্ৰচাৰৰ দায়িত্ব লয়।৮ মাত্ৰ এদিন গুৰুত দিয়াৰ সলনি UNAIDS-এ ১৯৯৭ চনত বছৰজুৰি যোগাযোগ, প্ৰতিৰোধ আৰু আৰু শিক্ষাৰ প্ৰচাৰ চলায়।৮৯ ২০০৪ চনত বিশ্ব এইড্‌ছ প্ৰচাৰ-অভিযান এটা স্বতন্ত্ৰ সংস্থালৈ পৰিণত হয়।৮৯১০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ About World Aids Day. worldaidsday.org. National Aids Trust
  2. ↑ World Health Organization, WHO campaigns.
  3. ↑ World Health Organization, HIV/AIDS. WHO Fact sheet N° 360, updated October 2013. Geneva, Switzerland. Accessed 8 April 2014
  4. ↑ Joint United Nations Programme on HIV/AIDS (UNAIDS), Report on the Global HIV/AIDS Epidemic 2008, (Geneva, Switzerland: UNAIDS, July 2008). UNAIDS
  5. ↑ NPR: How World AIDS Day Began
  6. ↑ U.S. Centers for Disease Control and Prevention, International News, "World AIDS Day Co-Founder Looks Back 20 Years Later", CDC HIV/Hepatitis/STD/TB Prevention News Update, 12 December 2007
  7. ↑ Inventors of World AIDS Day: James Bunn and Thomas Netter
  8. ↑ Speicher, Sara. "World AIDS Day Marks 20th Anniversary Of Solidarity." Medical News Today. 19 November 2008. Medicalnewstoday.com
  9. ↑ (2006-10-20). van Soest, Marcel. "Accountability: Main Message on World AIDS Day." Joint United Nations Programme on HIV/AIDS. 20 Oct 2006. Unaids.org
  10. ↑ Yearbook of the United Nations 2005. Vol. 59. Geneva, Switzerland: United Nations Publications, 2007. ISBN 92-1-100967-7

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব এইড্‌ছ দিৱস” প্ৰবন্ধৰ সংশোধন ৩৮৫৪৮৬ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।