কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
প্যাছা
প্যাছা (Pyaasa, অৰ্থ: পিপাসু) গুৰু দত্তৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত এখন হিন্দী ভাষী ভাৰতীয় চলচ্চিত্ৰ। ১৯৫৭ চনৰ ১৯ ফেব্ৰুৱাৰীত চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে স্বয়ং গুৰু দত্ত, মালা সিনহা, ৱাহীদা ৰহমান, ৰেহমান আৰু জনী ৱাকাৰে।
-
বঙালী ৰন্ধনশৈলী
বঙালী ৰন্ধনশৈলী (Bengali cuisine) হৈছে ভাৰত উপমহাদেশৰ বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ, ত্ৰিপুৰাৰ লগতে অসমৰ বৰাক উপত্যকালৈ বিস্তৃত বংগীয় ৰন্ধনশৈলী। অঞ্চলটোৰ বৈচিত্ৰময় ইতিহাস আৰু জলবায়ুয়ে বঙালী খাদ্যাভাসত প্ৰভাৱ পেলাইছে।।
-
বিশ্ব মেলেৰিয়া দিৱস
বিশ্ব মেলেৰিয়া দিৱস প্ৰতিবছৰে এপ্ৰিল মাহৰ ২৫ তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে মেলেৰিয়া প্ৰতিৰোধ আৰু সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰে।
-
বিশ্ব হেপাটাইটিছ দিৱস
বিশ্ব হেপাটাইটিছ দিৱস প্ৰতি বছৰে ২৮ জুলাই তাৰিখে গোটেই বিশ্বতে পালন কৰা এক সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে হেপাটাইটিছ প্ৰতিৰোধ আৰু সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰে।
-
বৰদৈচিলা
বৰদৈচিলা বা বাৰদৈচিখলা (बारदैसिख्ला, Bordoisila) বৰ্ষাকালত অসমত মৌচুমী বায়ুৰ প্ৰৱেশৰ সময়ত অহা এক ধুমুহা তথা অসমীয়া আৰু বড়ো লোককথাৰ এগৰাকী অপেস্বৰী। অসমীয়া লোককথা অনুসৰি ‘বৰদৈচিলা’ নামৰ অপেস্বৰীগৰাকীয়ে বিহুৰ আগেয়ে নিজৰ মাকৰ ঘৰলৈ খৰখেদাকৈ যাওঁতে বাটৰ সকলোবোৰ বস্তু নষ্ট কৰি যায় যি এই বতাহজাকক…
-
ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰীসকলৰ তালিকা
এইটো উল্লেখযোগ্য ভাৰতীয় চলচ্চিত্ৰ মহিলা অভিনেত্ৰীসকলৰ এখন তালিকা।
-
ভাৰতৰ সাংস্কৃতিক মণ্ডল
ভাৰতৰ সাংস্কৃতিক মণ্ডল হৈছে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে ভাৰতৰ বিভিন্ন অঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে সংজ্ঞায়িত কৰা সাতটা অঞ্চল। এই প্ৰতিটো মণ্ডলত এটা মণ্ডল কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে।
-
ভিলেজ ৰকষ্টাৰ্ছ
ভিলেজ ৰকষ্টাৰ্ছ ৰীমা দাসৰ দ্বাৰা পৰিচালিত এখন অসমীয়া বোলছবি। বোলছবিখন ২০১৭ চনত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ বহুতো পুৰস্কাৰ অৰ্জন কৰিছে। বোলছবি নিৰ্মাণৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা ৰীমা দাসৰ এইখন দ্বিতীয় পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি।
-
মইনাজান
মইনাজান (Mainajan) ১৯৮০ চনত মুক্তি লাভ কৰা, দেৱকুমাৰ পৰিচালিত এখন ক'লা-বগা অসমীয়া ছবি। সঙ্গীত খগেন মহন্তৰ। ছবিখন প্ৰেম পিকচাৰচৰ বেনাৰ প্ৰযোজনা কৰিছিল এম পি এন নায়াৰে। এইখন নায়িকা বিদ্যা ৰাওৰ ঘৰুৱা প্ৰডাকচনৰ চিনেমা আছিল। প্ৰযোজক নায়াৰ বিদ্যা ৰাওৰ স্বামী আছিল।
-
মাক আৰু মৰম (চলচ্চিত্ৰ)
মাক আৰু মৰম (Maak Aru Moram) ১৯৫৭ চনৰ ১০ মে’ত মুক্তি পোৱা এখন সামাজিক অসমীয়া চলচ্চিত্ৰ। নিপ বৰুৱাই ছবিখন পৰিচালনা কৰাৰ উপৰিও ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। সঙ্গীত ব্ৰজেন বৰুৱাৰ। এইখন আছিল নিপ বৰুৱা পৰিচালিত দ্বিতীয়খন ছবি।
-
লাস্য
লাস্য (Lasya) হিন্দু শাস্ত্ৰ অনুসৰি দেৱী পাৰ্বতীয়ে কৰা একপ্ৰকাৰ মহাজাগতিক স্বৰ্গীয় নৃত্য। প্ৰাচীন শ্ৰেণীবিভাজন অনুসৰি নৃত্যৰ দুটা মুখ্য শৈলী হৈছে তাণ্ডৱ আৰু লাস্য। ভগৱান শিৱয়ে তাণ্ডৱ নৃত্য কৰে আৰু ই সাহস, শক্তি, তীব্ৰ আৰু পুংলিংগক সূচায়।
-
লোকবিশ্বাস
লোকবিশ্বাসসমূহ লোকসংস্কৃতিৰ এটা প্ৰধান অংগ। লোকবিশ্বাস হৈছে পৰম্পৰাগতভাৱে প্ৰচলিত কিছুমান আচাৰ-আচৰণ আৰু ধ্যান-ধাৰণা। সমাজত মানুহৰ বিভিন্ন কৰ্মৰ সৈতে জড়িত শুভ-অশুভ ধাৰণাবোৰেই লোকবিশ্বাস।
-
ৰাজা হৰিশ্চন্দ্ৰ (চলচ্চিত্ৰ)
ৰাজা হৰিশ্চন্দ্ৰ (राजा हरिश्चंद्र) হ'ল দাদাচাহেব ফাল্কেৰ দ্বাৰা প্ৰযোজিত তথা পৰিচালিত প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্যৰ নিৰ্বাক চলচ্চিত্ৰ। ১৯১৩ চনত মুক্তিপ্ৰাপ্ত এই চলচ্চিত্ৰখনৰ কাহিনী ভাৰতীয় পৌৰাণিক চৰিত্ৰ ৰজা হৰিশ্চন্দ্ৰৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে।
-
অক্ষয় তৃতীয়া
অক্ষয় তৃতীয়া (বা আখা তীজ) হিন্দু আৰু জৈনধৰ্মী লোকসকলে উদযাপন কৰা এক পবিত্ৰ ধৰ্মীয় তিথি। প্ৰতি বছৰৰ ব'হাগ মাহৰ শুক্লা তৃতীয়া তিথিত এই পবিত্ৰ ধৰ্মীয় উৎসৱ পালন কৰা হয়। হিন্দুধৰ্মী লোকসকলে বিশ্বাস কৰে যে এই দিনটোতে সত্য যুগৰ আৰম্ভণি হৈছিল। ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল।
-
অদম্য
অদম্য (Adomya) হৈছে ২০১৪ চনৰ ১২ ডিচেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বি বি এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ বেনাৰত বসন্ত কুমাৰ বৰুৱা আৰু ববী শৰ্মা বৰুৱাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা আৰু কাহিনী ববী শৰ্মা বৰুৱাৰ।
-
অনুৰাধা (চলচ্চিত্ৰ)
অনুৰাধা ২০১৫ চনৰ ২৭ মাৰ্চত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। নাৰীকেন্দ্ৰিক কাহিনীৰ এই ছবিখনৰ পৰিচালক ৰাকেশ শৰ্মা। ছবিখনৰ সহকাৰী পৰিচালকৰ দায়িত্বত থাকে অনুপম বৈশ্য আৰু অনিন্দিতা কলিতা। এম এল এণ্টাৰটেইনমেণ্ট আৰু চিনে ড্ৰীম আনলিমিটেডৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰে প্ৰযোজক লুইত কুমাৰ বৰ্মনে।
-
অপৰাজেয় (চলচ্চিত্ৰ)
অপৰাজেয় (Aparajeyo) ১৯৭০ চন ৬ মে'ত মুক্তিপ্ৰাপ্ত সমান্তৰাল ধাৰা বা কলাত্মক ধাৰাৰ প্ৰভাৱপুষ্ট প্ৰথম অসমীয়া চলচ্চিত্ৰ। ছবিখন ক'লা-বগাকৈ নিৰ্মাণ কৰা হৈছিল। ফণী তালুকদাৰৰ 'মোৰে মলুৱা' শীৰ্ষক অঁনাতাৰ নাটক এখনৰ আধাৰত অতুল বৰদলৈয়ে চিত্ৰনাট্য ৰচনা কৰা ছবিখন 'চতুৰঙ্গ' নামত চাৰিজন পৰিচালকে পৰিচালনা কৰিছিল।
-
অলংকাৰ (সংগীত)
অলংকাৰ (अलंकार), যাক পাল্টা বা অলংকাৰম বুলিও কোৱা হয়, হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীতত এটা ধাৰণা আৰু ইয়াৰ আক্ষৰিক অৰ্থ হৈছে "অলংকৰণ, সজ্জা।" এটা অলংকাৰ হৈছে সংগীতজ্ঞ বা কণ্ঠশিল্পীয়ে প্ৰাচীন সংগীতৰ তত্ত্বৰ ওপৰত ভিত্তি কৰি বা ব্যক্তিগত সৃজনশীল পছন্দৰদ্বাৰা পৰিচালিত হৈ, স্বৰসমূহৰ প্ৰগতিত সুৰৰ মাজত বা…
-
আই ক'ত নাই
আই ক’ত নাই (Aai Kot Nai) ২০০৯ চনত মুক্তি পোৱা এ এ এ এচ প্ৰডাকচনচ প্ৰাইভেট লিমিটে়ডৰ বেনাৰত নিৰ্মিত মঞ্জু বৰা পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা ৰাজেন বৰা আৰু মঞ্জু বৰাৰ। সঙ্গীত পৰিচালনা আইজাক থমাচ কট্টুকাপল্লীৰ।
-
আকাশীতৰাৰ কথাৰে
আকাশীতৰাৰ কথাৰে... (A Tale told thousand times) হৈছে ২০০৩ চনৰ ১৪ নৱেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ কথাছবি। ছবিখনৰ কাহিনী-চিত্ৰনাট্য আৰু গৱেষণা হৈছে মঞ্জু বৰাৰ।
-
ইডাক্কা
ইডাক্কা (Idakka) দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এটা ডম্বৰুজাতীয় বাদ্যযন্ত্ৰ। ই দেখিবলৈ সমগ্ৰ ভাৰততে প্ৰচলিত ডম্বৰুৰ সৈতে বহুত সাদৃশ্যপূৰ্ণ। অৱশ্যে ডম্বৰু বজাবলৈ ইয়াৰ কাষত থকা ৰছী আৰু গুটি ব্যৱহাৰ কৰা হয়। কিন্তু ইডাক্কা এডাল সৰু লাঠী বা মাৰিৰে বজোৱা হয়।
-
ইন্দ্ৰমালতী (চলচ্চিত্ৰ)
ইন্দ্ৰমালতী জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত দ্বিতীয় অসমীয়া চলচ্চিত্ৰ। প্ৰথম অসমীয়া কথাছবি 'জয়মতী'ৰ ব্যৱসায়িক বিপৰ্য্যয়ৰ পাছত কম খৰচতে এই ছবিখন নিৰ্মাণ কৰা হৈছিল। ঘাইকৈ জয়মতীত হোৱা লোকচানৰ বোজা উঠাবলৈয়ে এইখন ছবি নিৰ্মাণ কৰা হৈছিল।
-
ঈশ্বু
ঈশ্বু (Ishu) উৎপল বৰপূজাৰীৰ দ্বাৰা পৰিচালিত এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ মূল কাহিনী মণিকুন্তলা ভট্টাচাৰ্যৰ একে নামৰ এখন উপন্যাসৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনে গোৱালপাৰা জিলাৰ এখন ভিতৰুৱা গাঁৱৰ ঈশ্বু নামৰ শিশুজনৰ দৃষ্টিৰে অসমৰ ডাইনী হত্যাৰ সমস্যা প্ৰতিফলন কৰিছে।
-
ওড়িশাৰ চলচ্চিত্ৰ
ওলিউড নামেৰে জনাজাত ওড়িয়া চিনেমা ভাৰতৰ ওড়িশা ৰাজ্যৰ ভুৱনেশ্বৰ আৰু কটকত নিৰ্মাণ কৰা ভাৰতীয় চলচ্চিত্ৰ জগতৰ ওড়িয়া ভাষাৰ চিনেমা। ওলিউড নামটো ওড়িয়া আৰু হলিউড শব্দৰ পৰ্টমেণ্ট।
-
কাঁচঘৰ
কাঁচঘৰ (Kanchghar) ১৯৭৫ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য বিজয় চৌধুৰী আৰু পীযুষ কান্তি ৰয়ৰ। কাঁচঘৰ তেওঁলোকৰ প্ৰথম আৰু একমাত্ৰ পৰিচালিত ছবি৷ পৰিচালকদ্বয় মূলতঃ চলচ্চিত্ৰৰ কাৰিকৰী দিশৰ প্ৰশিক্ষিত লোক আছিল৷ তেওঁলোক পুনা ফিল্ম ইনষ্টিটিউটৰ ক্ৰমে সম্পাদনা…
-
কাৰ্টুন
কাৰ্টুন বা ব্যঙ্গচিত্ৰ (Cartoon) একধৰণৰ দ্বি-মাত্ৰিক চিত্ৰকলা যিবোৰ কাগজত অঙ্কন কৰাৰ মাধ্যমত প্ৰদৰ্শন কৰা হয়। বহুবোৰ কাৰ্টুনক একত্ৰিত কৰাৰ মাধ্যমৰে এনিমেশ্যন চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। কাৰ্টুন শব্দটো মূলঃ ইংৰাজী শব্দ যদিও অসমীয়া ভাষাটো ই কাৰ্টুন নামেৰে ব্যৱহৃত আৰু জনপ্ৰিয়।
-
কৰম পূজা
কৰম পূজা অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষিকাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন বৃদ্ধি হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়।
-
খেৰাই
খেৰাই অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰজনন আৰু উৰ্বৰতাৰ প্ৰতীকৰূপত পালন কৰা এক কৃষিভিত্তিক উৎসৱ। এই উৎসৱ সাধাৰণতে কাতি মাহত (অক্টোবৰ -ডিচেম্বৰ) খেতি চপোৱাৰ ঠিক আগে আগে উদ্যাপন কৰা হয়। এই উৎসৱৰ লগত জড়িত খেৰাই নৃত্য এক ঋতুধৰ্মী নৃত্য।
-
গুৰু পূৰ্ণিমা
গুৰু পূৰ্ণিমা বা ব্যাস পূৰ্ণিমা জৈন, হিন্দু আৰু বৌদ্ধসকলে গুৰুলৈ সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰা ধৰ্মীয় উৎসৱ। হিন্দু কেলেণ্ডাৰমতে 'আষাঢ়' মাহৰ পূৰ্ণিমা তিথিত ঋষি বেদব্যাসৰ আৱিৰ্ভাৱ তিথিত এই উৎসৱ পালন কৰা হয়। এই উৎসৱ ধৰ্মীয় আৰু শিক্ষা গুৰু সকললৈ সমৰ্পিত।
-
ছাছুই পুন্নহুন
ছাছুই পুন্নহুন (Sassui Punnhun) বা ছাছি পুন্নু ( Sassi Punnu) হৈছে এটা পৰম্পৰাগত সিন্ধী, বেলুচি,, আৰু পাঞ্জাবী কৰুণ লোককথা। সিন্ধ আৰু মাক্ৰাণত পৰিৱেশিত এই ট্ৰেজেডীখনে এগৰাকী বিশ্বাসী প্ৰেমিকৰ কাহিনী অনুসৰণ কৰে যিয়ে প্ৰতিদ্বন্দ্বীয়ে তেওঁৰ পৰা বিচ্ছিন্ন হোৱা নিজৰ প্ৰিয় স্বামীক বিচাৰি বহু অসুবিধা…