অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

তেজীমলা (চলচ্চিত্ৰ)

তেজীমলা (Tezimola) ১৯৬৩ চনত মুক্তি পোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ তেজীমলা সাধু আধাৰিত এখন নাৰীকেন্দ্ৰিক ছবি। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন। তেৱেঁই গুৱাহাটী কুমাৰপাৰৰ আনোৱাৰ ফিল্মচৰ বেনাৰত ছবিখন প্ৰযোজনাও কৰিছিল।

হালনাগাদ: ২ জানুৱাৰী ২০২৬ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৯১
সংশোধনৰ পৰামৰ্শ

তেজীমলা (Tezimola) ১৯৬৩ চনত মুক্তি পোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ তেজীমলা সাধু আধাৰিত এখন নাৰীকেন্দ্ৰিক ছবি। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন। তেৱেঁই গুৱাহাটী কুমাৰপাৰৰ আনোৱাৰ ফিল্মচৰ বেনাৰত ছবিখন প্ৰযোজনাও কৰিছিল। তেজীমলাই আঞ্চলিক ছবিৰ শিতানত শ্ৰেষ্ঠ অসমীয়া ছবি হিচাপে ৰাষ্ট্ৰপতিৰ “চাৰ্টিফিকেট অৱ মেৰিট” লাভ কৰে।১২

কাহিনী

তেজীমলা এখন নাৰীকেন্দ্ৰিক ছবি। ছবিখনৰ কাহিনী লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু গ্ৰন্থৰ তেজীমলা। সাধুৰ আধাৰত ৰচনা কৰা হৈছে যদিও বাস্তৱসন্মত কৰাৰ খাটিৰত৩ ইয়াৰ যথেষ্ট সালসলনি কৰা হৈছে।২১

সাউদৰ জীয়ৰী বাৰ বছৰীয়া তেজীমলাৰ মাকৰ মৃত্যু হোৱাত পিতাকে লিগিৰা বহুৱাৰ হেঁচাত পুনৰ এজনী বিয়া কৰায়। সাউদে প্ৰথমে পুনৰবিবাহত অমান্তি হয় যদিও পিছত সন্মতি দিয়ে। বহুৱাই তাৰ প্ৰেমিকা পানেৰ লগত সাউদৰ বিয়াৰ আয়োজন কৰে।২

তেজীমলাক মাহীমাকৰ দায়িত্বত এৰি সাউদ বণিজলৈ যাত্ৰা কৰে। পিতাকৰ অবৰ্তমানত মাহীমাকে তাইক নিৰ্যাতন কৰা আৰম্ভ কৰিলে। লাহেলাহে তাই ষোল বছৰত ভৰি দিলে। সাউদৰ ইচ্ছা, তেওঁৰ ঘৰতে আশ্ৰয় দিয়া তেজীমলাৰ সৰুকালৰ লগৰীয়া শিৱলৈ তাইক বিয়া দিব। এই কথা জানিব পাৰি মাহীমাক পানেই বহুৱাৰ লগলাগি তাইক মাৰি পেলাবলৈ সিদ্ধান্ত ল’লে।২

বণিজ বেহাই থাকোঁতেই এদিন সাউদে সপোনত দেখিলে যে পানেই তেজীমলাক মাৰি বাৰীত নি পুতি থৈছে। তাতে তাই জাতিলাও হৈ জন্ম ল’লে। এদিন পানেই ৰান্ধিবৰ বাবে লাও চিঙিবলৈ যাওঁতে লাওজোপাই মাত দি লাও চিঙিবলৈ মানা কৰিলে। কাৰণ সেইজোপা লাও নহয়, তেজীমলাহে। পানেই লাওজোপা কাটি পেলাই দিলে। এইবাৰ তেজীমলাই নেমুটেঙাৰ গছ হৈ উপজিল। মাহীমাকে নেমুজোপাও কাটি নৈত পেলাই দিলে। তাত তাই পদুম হৈ গজি উঠিল। সাউদে ফুল এপাহ চিঙিবলৈ চেষ্টা কৰিলে। কিন্তু ফুলৰূপী তেজীমলাই বিনাই তাইক মাহীমাকে মাৰি পেলোৱাৰ কাহিনী বৰ্ণাবলৈ ধৰিলে।২

সাউদ সাৰ পাই গ’ল আৰু ঘৰলৈ উভতিবলৈ মনস্থিৰ কৰিলে। উভতি অহাৰ বাটত সাউদে শিৱক লগ পালে। তেওঁ জানিব পাৰিলে যে শিৱক পানেই তেওঁৰ ঘৰৰ পৰা খেদি পঠিয়াইছে। ইফালে মাহীমাকৰ উৎপীড়ন সহিব নোৱাৰি তেজীমলাই এখন আশ্ৰমত আশ্ৰয় লৈছিল। দুয়ো পোনেপোনে তালৈকে গ’ল। তালৈ তেওঁলোকে সাউদে জানিব পাৰিলে যে মূল্যৱান গহনা-গাঁঠৰি লৈ পানেৰ সৈতে পলাবলৈ চেষ্টা কৰোঁতে বহুৱাক পোহনীয়া হাতীটোৱে গচকি মাৰি পেলালে। ঘটনাৰ আকস্মিকতাত পানেয়ো মানসিক ভাৰসাম্য হেৰুৱাই পেলালে।২

শিৱ আৰু তেজীৰ ধুমধামেৰে বিয়া হৈ গ’ল।২

অভিনয়ত

  • ইন্দিৰা বৰুৱা
  • বীণা বৰুৱা
  • অনুৰাধা দেৱী
  • ৰোহিনী বৰুৱা
  • জিতেন্দ্ৰ কুমাৰ
  • মফিদা বেগম
  • এ মজিদ
  • নৱ কুমাৰ
  • এচ ৰহমান
  • ভোলা কাকতি
  • জাহানুদ্দিন
  • নৰেন বিশ্বাস৪

ছবিৰ পৰিচালক

আনোৱাৰ হুছেইন ছবিখনৰ পৰিচালক তথা প্ৰযোজক আছিল। গুৱাহাটী কুমাৰপাৰাৰ এজন চৰকাৰী ঠিকাদাৰৰ পুত্ৰ হুছেইনে ১৯৫২-৫৩ত চেতন আনন্দৰ মোচন পিকচাৰচ্ আৰ্ট একাডেমীৰ চলচ্চিত্ৰ নিৰ্মাণ সম্পৰ্কীয় শিক্ষা গ্ৰহণ কৰিছিল। ১৯৫৫ত মাত্ৰ ২২ বছৰ বয়সতে তেখেতে প্ৰথম সৰাপাত নামৰ চলচ্চিত্ৰ এখন পৰিচালনা আৰু প্ৰযোজনা কৰে। তেখেতে মুঠতে ৬খন অসমৰ চলচ্চিত্ৰ পৰিচালনা কৰিছিল। ২০১০ চনত দাদা চাহেব ফালকে একাডেমীয়ে চলচ্চিত্ৰ উদ্যোদটোৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে দাদা চাহেব ফালকে লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰে।৫১

তেজীমলা তেখেতৰ তৃতীয় ছবি আৰু ই এখন নাৰী-কেন্দ্ৰিক ছবি। পৰিচালক হুচেইনৰ অধিকাংশ ছবিয়ে নাৰী-কেন্দ্ৰিক। টাইমচ অৱ ইণ্ডিয়াৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত পৰিচালকগৰাকীয়ে কৈছিল:-

নাৰীয়ে হ'ল মানৱ সমাজৰ মূল শক্তি। আমোদৰ বাদেও চলচ্চিত্ৰৰ সামাজিক বৈষম্য সম্পৰ্কে সচেতনা বঢ়োৱাৰো দায়িত্ব আছে। সেয়ে মই সদায় নাৰী সম্পৰ্কীয় বিষয় আৰু নাৰীৰ বাবে প্ৰয়োজনীয় বিষয়ৰ ওপৰত দৃষ্টিনিবদ্ধ কৰিবলৈ চেষ্টা কৰোঁ। সৰাপাত ধনী পুৰুষৰ দ্বাৰা এজনী দুখীয়া নাৰীক নিৰ্যাতন সম্পৰ্কীয় কাহিনীৰ, নতুন পৃথিৱী বিধৱা বিবাহৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। মানুহৰ মনত কিবা এটা প্ৰভাৱ পেলাবলৈ চেষ্টা কৰোঁ। বেজবৰুৱাৰ কাহিনীৰে তৈয়াৰী মোৰ ছবি তেজীমলা নাৰী-কেন্দ্ৰিক ছবি। পাপ আৰু প্ৰায়শ্চিত্ত আৰু শ্ৰী শ্ৰী মা কামাখ্যাতো নাৰী চৰিত্ৰই গুৰুত্ব পাইছে। ''১

গীত

তেজীমলাৰ সঙ্গীত পৰিচালনা কৰিছে ৰাজেশ্বৰ বৰদলৈয়ে (বুলু)। ইয়াত মুঠতে চাৰিটা গীত আছে। গীতকেইটা লিখিছে হিৰণ বৰদলৈ আৰু পাৰ্ব্বতী প্ৰসাদ বৰুৱাই।৬

বঁটা আৰু সন্মান

ছবিখনে ১০ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ (১৯৬২) অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত “চাৰ্টিফিকেট অৱ মেৰিট” লাভ কৰে।১

তথ্যসূত্ৰ

  1. ↑ 'Women are the prime force of society''Women are the prime force of society'
  2. ↑ National films for Awards
  3. ↑ Interview with Anowar Hussain
  4. ↑ মঞ্চলেখা, পৃষ্ঠা ৩২৭, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭
  5. ↑ Phalke award for filmmaker Anwar Hussain
  6. ↑ (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন,পৃঃ ৭৮-৮০, সংকলক/সম্পাদন বাবুল দাস, বাণী মন্দিৰ, ডিব্ৰুগড়

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবি১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৬৩ বৰ্ষৰ চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰবুঢ়ী আইৰ সাধু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেজীমলা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৬৭৩৭৯ (২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।