দুপাট্টা বা দোপাট্টা (Dupatta) ভাৰতীয় উপমহাদেশত নাৰীসকলৰ মূৰ আৰু বুকু ঢাকিবলৈ ব্যৱহৃত এবিধ পৰম্পৰাগত বস্ত্ৰ; যাক হিন্দু সংস্কৃতিৰ এক অংশ হিচাপে বিবেচনা কৰা হয়।১ দুপাট্টা আজিকালি চেলোৱাৰ-কামিজ, কুৰ্টা বা ঘাগৰাৰ সৈতে বহুলভাবে ব্যৱহাৰ কৰা দেখা যায়।২৩
ইতিহাস

দুপাট্টৰ প্ৰাৰম্ভিক প্ৰমাণ সিন্ধু উপত্যকাৰ সভ্যতাত দেখা যায়। সিন্ধু সভ্যতাৰ খনন কাৰ্যত উদ্ধাৰ হোৱা বাওঁ কান্ধত চাদৰেৰে আবৃত ৰজা-পুৰোহিতৰ ভাস্কৰ্যৰ পৰা অনুমান কৰিব পাৰি যে দুপাট্টাৰ ব্যৱহাৰ এই প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ পৰাই আৰম্ভ হৈছিল। ৪৫ প্ৰাচীন সংস্কৃত সাহিত্যত প্ৰাচীন কালত মহিলাসকলে ব্যৱহাৰ কৰা ওৰণি আৰু গা-ঢকা বস্ত্ৰ বুজোৱা বিস্তৃত শব্দভাণ্ডাৰ আছে, যেনে- অবগুন্থন (মুখঢকা), উত্তৰীয়া (কান্ধত লোৱা বস্ত্ৰ), শিৰোবস্ত্ৰ (মূৰঢকা বস্ত্ৰ), আৰু মুখপট (মুখঢকা)।[8] প্ৰাচীন উত্তৰিয়াৰ পৰাই দুপাট্টাৰ বিৱৰ্তন হোৱা বুলি বিশ্বাস কৰা হয়। ৬ The dupatta is believed to have evolved from the ancient উত্তৰীয়.৭৮৯
ব্যৱহাৰ

সমগ্ৰ দক্ষিণ এছিয়াত ভিন্ন ভিন্ন স্থানীয় শৈলীত এই দুপাট্টা পৰিধান কৰা হয়। মূলতঃ ইয়াক বিনয়ৰ প্ৰতীক হিচাপে পৰিধান কৰা হৈছিল। সেই প্ৰতীকবাদ এতিয়াও চলি আছে যদিও আজি বহুতে ইয়াক কেৱল সজ্জাৰ আনুষংগিক বস্তু হিচাপেহে পিন্ধে। দুপাট্টা পিন্ধাৰ একক ধৰণ নাই। সময়ৰ বিকাশ আৰু ফেশ্বনত আধুনিকৰ পৰশ পৰাৰ সমান্তৰালকৈ দুপাট্টাৰ শৈলীও বিকশিত হৈছে। পৰম্পৰাগতভাৱে দুয়ো কান্ধৰ ওপৰেৰে আৰু মূৰৰ চাৰিওফালে দুপাট্টা পিন্ধা হয়। অৱশ্যে দুপাট্টা গোটেই মূৰটোৰ চাৰিওফালে মেৰিয়ায়ো পিন্ধিব। পৰম্পৰাগত শৈলীত, মূৰৰ ওপৰত মেৰিয়াই নোলোৱা সময়ত সাধাৰণতে দুপাট্টাৰ মাজৰ অংশটো বুকুৰ ওপৰত মালাৰ দৰে অৱস্থান কৰে, দুই মূৰ দুই কান্ধৰ ওপৰেৰে পেলাই ৰখা হয়। চেলোৱাৰ- কামিজৰ সৈতে দুপাট্টা পিন্ধিলে ইয়াক সন্মুখ আৰু পিছফালৰ পৰা তললৈ নামি যাবলৈ দিয়া হয়। বৰ্তমানৰ ফেশ্বনত দুপাট্টা বেছিভাগ ক্ষেত্ৰত কান্ধৰ ওপৰত, আনকি কেৱল বাহুৰ ওপৰতো মেৰিয়াই লোৱা হয়। শেহতীয়া আন এটা ফেশ্বন হ’ল চুটি দুপাট্টা; যিখনক বেছিকৈ স্কাৰ্ফ বা ষ্ট’লৰ দৰে প্ৰায়ে কুৰ্তি আৰু ইংগ-প্ৰাচ্যাত্য কাপোৰৰ সৈতে পিন্ধা হয়। মূলতঃ দুপাট্টাক বৰ্তমানৰ নগৰীয়া জীৱনৰ প্ৰায়ে আনুষংগিক বস্ত্ৰ হিচাপে গণ্য কৰা হয়।১০
ইয়াৰ উপৰিও দক্ষিণ এছিয়াৰ মহিলাসকলে ৰাজহুৱা স্থানলৈ ওলাই যাওতে যেনে, মন্দিৰ, মছজিদ, দৰগাহ, গীৰ্জা বা গুৰুদ্বাৰাত প্ৰৱেশ কৰাৰ সময়ত দুপাট্টা পিন্ধে।১১১২১৩ চকুৰ বাহিৰেও প্ৰদূষণ বা ৰ’দৰ পৰা সুৰক্ষা কবচ হিচাপে ইয়াক মূৰৰ চাৰিওফালে মেৰিয়াই লোৱা হয়। ক'ভিড-১৯ মহামাৰীৰ প্ৰেক্ষাপটত ইয়াক মুখৰ আৱৰণী হিচাপে ব্যৱহাৰৰ বাবে পৰ্যাপ্ত বুলি গণ্য কৰা হোৱা নাছিল।১৪ মূৰ আৰু মুখৰ আৱৰণ হিচাপে ব্যৱহাৰ কৰা দুপাট্টাক উত্তৰ ভাৰত আৰু পাকিস্তানত ঘুংঘট বুলি কোৱা হয়। নেপালত দুপাট্টা বা অনুৰূপ চাদৰক পাচৌৰা বোলা হয়।১৫
তথ্যসূত্ৰ
- ↑ de-Gaia, Susan. (16 November 2018). Encyclopedia of Women in World Religions: Faith and Culture across History (2 volumes). ABC-CLIO. পৃ. 47. ISBN 978-1-4408-4850-6
- ↑ Ternikar, Farha Bano. (November 2021). Intersectionality in the Muslim South Asian-American Middle Class: Lifestyle Consumption Beyond Halal and Hijab. Rowman & Littlefield. পৃ. 43. ISBN 978-1-7936-4940-9
- ↑ (12 March 2019). Essential India. Fodor's Travel. ISBN 978-1-64097-123-3
- ↑ Singh, Upinder. (2008). A History of Ancient and Early medieval India: from the Stone Age to the 12th century. Pearson Education. পৃ. 137. ISBN 9788131711200
- ↑ Condra, Jill. (2008). The Greenwood Encyclopedia of Clothing Through World History. Greenwood Press. পৃ. 220. ISBN 978-0-313-33662-1
- ↑ Govind Sadashiv Ghurye (1951) "Indian Costume.", p.236
- ↑ Simmi Jain (2003). Encyclopaedia of Indian Women Through the Ages: The middle ages, p.200
- ↑ Anupa Pande (2002). The Buddhist Cave Paintings of Bagh, p.49
- ↑ Prachya Pratibha (1978). Prachya Pratibha, Volume 6, p.121
- ↑ Mark Magnier. (23 February 2010). For Pakistani women, dupattas are more than a fashion statement. Los Angeles Times
- ↑ Goldman, Ann; Hain, Richard; Liben, Ann Goldman Richard Hain Stephen. (2006). Ox Textbook Palliat Care Child Oxt:ncs C. Oxford University Press. পৃ. 224. ISBN 9780198526537
- ↑ (18 July 2019). Dupatta Types In Salwar Kameez. The Fashion Station
- ↑ Rader, Debra. (19 April 2018). Teaching and Learning for Intercultural Understanding: Engaging Young Hearts and Minds. Routledge. পৃ. 132. ISBN 978-1-351-59523-0
- ↑ (1 April 2020). For women, dupattas turn protective gear. Times of India
- ↑ Shawl | British Museum
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুপাট্টা” প্ৰবন্ধৰ সংশোধন ৩৪৪৫২৭ (৬ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।