কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ভাৰতীয় পেনোৰামা
ভাৰতীয় পেনোৰামা (Indian Panorama) হৈছে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই)ৰ এক মূল উপাদান; যাৰ উদ্যোগত শ্ৰেষ্ঠ হিচাপে বিবেচিত ভাৰতীয় ছবিসমূহক ছবিকলাৰ প্ৰচাৰৰ বাবে নিৰ্বাচিত কৰা হয়।
-
মন যায় (চলচ্চিত্ৰ)
মন যায় (ইংৰাজী: I Feel Like) হৈছে, ২০০৮ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। 'মৈৰঙঠম মুভিজ'ৰ বেনাৰত নিৰ্মিত আৰু এম মণিৰাম পৰিচালিত এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে জুবিন গাৰ্গ, পবিত্ৰ মাৰ্ঘেৰিটা, জ্ঞানেন্দ্ৰ পল্লব, নৱদ্বীপ বৰগোহাঁই, নিশিতা গোস্বামী, ৰিম্পী…
-
মিছন চাইনা (চলচ্চিত্ৰ)
মিছন চাইনা (Mission China) হ'ল ২০১৭ বৰ্ষৰ ৮ ছেপ্তেম্বৰত মুক্তি লাভ কৰা এখন এক্সনধৰ্মী অসমীয়া চলচ্চিত্ৰ। বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত আৰু আই ক্ৰিয়েছন প্ৰডাকচনৰ (I Creation Production) বেনাৰত জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখন অসমীয়া…
-
ষড়জ (স্বৰ)
ষড়জ (षड्ज ) হৈছে হিন্দুঃস্থানী আৰু কৰ্ণাটক সংগীতত সাতটা স্বৰৰ ভিতৰত প্ৰথমটো। ষড়জ হৈছে সা (Sā) শব্দাংশৰ দীঘলীয়া ৰূপ।
-
সন্তান
সন্তান (Santaan) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল অমৰ পাঠকে। সঙ্গীত প্ৰভাত শৰ্মাৰ। ইয়াত সঠিক পথ-নিৰ্দেশনাৰ অভাৱ আৰু অনিশ্চিত ভৱিষ্যতে উচ্ছৃংখল, অস্থিৰ কৰি তোলা এচাম যুৱকৰ কাহিনী বৰ্ণনা কৰা হৈছে।
-
সুতুলী
সুতুলী মাটিৰে নিৰ্মিত এটি সুষিৰ বাদ্য। বিশেষকৈ কেঁকুৰা গাতৰ মাটি সুতুলি সাজোঁতে ব্ইযৱহাৰ হয়। ধৰণৰ বাদ্য বিলাকত জীৱ জন্তু বা পক্ষীৰ মাতৰ অনুকৰণত বাঁহীৰ দৰে সুৰ বজোৱা হয়। সুতুলীৰ মাতত বৰষুণ আহে বুলিও অসমীয়া জনসমাজত এক লোকবিশ্বাস প্ৰচলিত আছে।
-
ৰাগ - দ্য ৰিদম অৱ লাভ
ৰাগ - দা ৰিদম অফ লাভ (Raag – The Rhytm Of Love) হৈছে ২০১৪ বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। ছবিখনৰ কাহিনী-চিত্ৰনাট্য কৰাৰ লগতে পৰিচালনাৰ দায়িত্বত আছে ৰজনী বসুমতাৰী।
-
ৰ’দ্ (চলচ্চিত্ৰ)
ৰ’দ্ (Rowd) ২০১২ চনৰ ৫ অক্টোবৰত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰ৷ এই চলচ্চিত্ৰখনৰ মুখ্য পৰিকল্পনাকাৰী হৈছে তপন বৰদলৈ৷ কাহিনী আৰু স্ক্ৰীণপ্লে' গৌতম বৰুৱাৰ।
-
অপেৰা
অপেৰা হৈছে পাশ্চাত্য নাট্যশিল্পৰ ধৰণ, য'ত সংগীত এটা মুখ্য উপাদান আৰু নাট্যভূমিকা গায়কৰ দ্বাৰা পৰিবেশন কৰা হয়। অপেৰা সাধাৰণতে এজন সুৰকাৰ আৰু এজন লিব্ৰেট্টিষ্টৰ সহযোগত নিৰ্মিত হয় আৰু ইয়াত অভিনয়, নাট্য মঞ্চ সজোৱা কলা, সাজ-পোছাক আৰু কেতিয়াবা নৃত্য বা বেলেট আদি বিভিন্ন প্ৰদৰ্শন কলাৰ সংমিশ্ৰণ থাকে।
-
অম্বুবাচী
অম্বুবাচী হিন্দুধৰ্মৰ এক বছেৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পাদৰপৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়।এই সময়ত সেয়ে হিন্দুসকলে অম্বুবাচী পালন কৰে।
-
আইফেল টাৱাৰ
আইফেল টাৱাৰ (The Eiffel Tower, La Tour Eiffel) হৈছে ফ্ৰান্সৰ পেৰিছত অৱস্থিত লোৰে নিৰ্মিত এটা টাৱাৰ। আলেকজেণ্ডাৰ গুষ্টাভ আইফেল নামৰ স্থাপত্যবিদ এজনে পেৰিছৰ এই বিখ্যাত টাৱাৰৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছিল।
-
আনন্দ পুৰস্কাৰ
আনন্দ পুৰস্কাৰ (Ananda Puraskar)) হ'ল ভাৰতৰ পশ্চিমবঙ্গৰ আনন্দ প্ৰকাশন গোটে বাৰ্ষিকভাৱে প্ৰদান কৰা এক সাহিত্য বঁটা।
-
আন্তৰ্জাতিক শ্ৰমিক দিৱস
আন্তঃৰ্জাতিক শ্ৰমিক দিৱসটো (International Workers' Day ) মে' দিৱস নামেৰেও পৰিচিত। মে' মাহৰ প্ৰথম দিনটোতেই পৃথিৱীৰ বহু দেশত এই দিৱস পালন কৰা হয়। কিছুমান দেশে মে’ দিৱসক শ্ৰমিক দিৱস হিচাপেও পালন কৰে। এই দিনটো চৰকাৰীভাৱে ছুটিৰ দিন।
-
ইতিহাস (চলচ্চিত্ৰ)
ইতিহাস (Itihaas) হৈছে ১৯৯৬ চনত মুক্তিপ্ৰাপ্ত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত অন্তিমখন অসমীয়া চলচ্চিত্ৰ। ৰূপকমল প্ৰডাকচনৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল লীনা বৰাই। ইতিহাসে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আঞ্চলিক ছবি শিতানত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল লাভ কৰিছিল।
-
ইন্দ্ৰ যাত্ৰা
ইন্দ্ৰ যাত্ৰা, যাক নেপালী ভাষাত ইয়েন্না পুঁহি বুলিও কোৱা হয়, নেপালৰ কাঠমাণ্ডুৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় ৰাজপথত উদযাপিত উৎসৱ। "ইয়ে"ৰ অৰ্থ হৈছে "কাঠমাণ্ডু"ৰ পুৰণি নেৱাৰী নাম, "ইয়া"ৰ অৰ্থ হৈছে "উদ্যাপন", আৰু "পুহনি"ৰ অৰ্থ হৈছে পূৰ্ণিমা; গতিকে একেলগে অৰ্থ হৈছে পুৰণি কাঠমাণ্ডু চহৰৰ জন্মদিন।
-
ওপজা সোণৰ মাটি (চলচ্চিত্ৰ)
ওপজা সোণৰ মাটি (Opaja Sonar Mati) ১৯৭২ চনত মুক্তি পোৱা সমবায় আন্দোলনৰ ওপৰত আধৰিত এটা কাহিনীৰে নিৰ্মিত এখন অসমীয়া ছবি। ছবিখন পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই। বৰুৱাই মুঠতে ৫খন ছবি পৰিচালনা কৰিছিল। তেখেতৰ শেষ পৰিচালিত ছবি ওপজা সোণৰ মাটি। এই ছবিখনৰ শ্বুটিং হৈছিল লক্ষীমপুৰত।
-
কদমতলে কৃষ্ণ নাচে
কদমতলে কৃষ্ণ নাচে (Kadamtole Krishna Nache) হৈছে, ২০০৫ চনৰ ২ ছেপ্টেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। সুমন হৰিপ্ৰিয়া পৰিচালিত এই ছবিখনে ৫৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰে।
-
কাৰেঙৰ লিগিৰী
কাৰেঙৰ লিগিৰী হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত দ্বিতীয়খন নাটক। তেখেতে ১৯২৫ চনত নাটকখন লিখা আৰম্ভ কৰি ইংলেণ্ডত থকা সময়ত (প্ৰায় ১৯২৭ চনত) সম্পূৰ্ণ কৰিছে। কাৰেঙৰ লিগিৰীৰ প্ৰথম প্ৰকাশ হয় ১৯৩৭ চনত। প্ৰথম সংস্কৰণৰ প্ৰণেতাৰ কথাত নাট্যকাৰে নাটখন প্ৰায় ১০ বছৰ আগতে লিখা বুলি উল্লেখ কৰিছে।
-
কাৰ্ত্তিক পূৰ্ণিমা
কাৰ্ত্তিক পূৰ্ণিমা (Kartik Purnima) হ'ল হিন্দু, শিখ আৰু জৈন ধৰ্মৰ এটি সাংস্কৃতিক উৎসৱ, যিটো পূৰ্ণিমা বা কাতিৰ পোন্ধৰতম চান্দ্ৰ দিনত (নৱেম্বৰ-ডিচেম্বৰ) অনুষ্ঠিত হয়। এই উৎসৱক ত্ৰিপুৰী পূৰ্ণিমা বা ত্ৰিপুৰাৰী পূৰ্ণিমা বুলিও কোৱা হয়।
-
কোলাহল (চলচ্চিত্ৰ)
কোলাহল (The Turmoil) হৈছে ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। শইকীয়াই ১৯৬৯ চনত লিখা এন্দুৰ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয়। চলচ্চিত্ৰখনত অভিনয় কৰে ৰুণু দেৱী ঠাকুৰ, অৰুণ নাথ, বিভূ ৰঞ্জন চৌধুৰী আদিয়ে।
-
ঘৰানা
ঘৰানা হৈছে হিন্দুস্তানী সংগীত (উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত)ত ভাৰতীয় উপমহাদেশৰ এক সামাজিক সংগঠনৰ ব্যৱস্থা, যিয়ে সংগীতশিল্পী বা নৃত্যশিল্পীসকলক বংশ বা শিষ্যত্বৰদ্বাৰা সংযুক্ত কৰে, আৰু সৰ্বোপৰি কোনো বিশেষ সাংগীতিক শৈলীৰ প্ৰতি আনুগত্যৰদ্বাৰা সংযুক্ত কৰে।
-
চায়ৰা বানু
চায়ৰা বানু (Saira Banu; জন্ম ২৩ আগষ্ট ১৯৪৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। চায়ৰা বানো নামেৰেও জনাজান এইগৰাকী অভিনেত্ৰীয়ে ১৯৬১ চনৰ পৰা ১৯৮৮ চনৰ ভিতৰত অসংখ্যা বলীউডী চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ আছিল হিন্দী চলচ্চিত্ৰ উদ্যোগৰ অতি জনপ্ৰিয় অভিনেত্ৰীসকলৰ অন্যতম।
-
চাহিব বিবি ঔৰ গুলাম
চাহিব বিবি ঔৰ গুলাম (साहिब बीबी और गुलाम; Sahib Bibi Aur Ghulam) ১৯৬২ চনত মুক্তিপ্ৰাপ্ত, আব্ৰাৰ আলভি পৰিচালিত আৰু গুৰু দত্ত প্ৰযোজিত এখন ক'লা-বগা হিন্দী বোলছবি। বিমল মিত্ৰৰ বঙালী উপন্যাস 'চাহেব বিবি গোলাম'ৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।
-
চিবিএচ
চিবিএচ ব্ৰড্কাষ্টিং ইনকৰ্পৰেশ্যন (চমুকৈ চিবিএচ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটি প্ৰধান টেলিভিজন নেটৱৰ্ক। ইয়াৰ আৰম্ভণি ঘটিছিল এটি ৰেডিঅ' নেটৱৰ্ক ৰূপে। চিবিএচ নামতো আহে ইয়াৰ আগৰ নাম কলম্বিয়া ব্ৰড্কাষ্টিং চিষ্টেমৰ প্ৰাৰম্ভিক বৰ্ণকেইটাৰ পৰা।
-
জিলমিল জোনাক
জিলমিল জোনাক (Jilmil Jonak) ২০১৪ বৰ্ষত মুক্তি প্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। বোলছবিখনৰ প্ৰযোজনা ডেইজী গগৈৰ আৰু পৰিচালনা কৰিছে শিবানন বৰুৱাই। হিয়াৰ দাপোনত তোমাৰেই ছবিৰ পাছতেই জিলমিল জোনাক হৈছে শিবানন বৰুৱাৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘৰ কথাছবি।
-
জীৱন সুৰভি
জীৱন সুৰভি (Jeewan Suravee) ১৯৮৪ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। এইখন প্ৰথম অসমীয়া ফিল্মস্কোপ ছবি। এক সপেৰা এক লুটেৰা (১৯৬৫),আগ (১৯৬৭),টাংগেৱালা (১৯৭২),দো জাচুচ (১৯৭৫),গোপীচান্দ জাচুচ (১৯৮২) আদি বলীউডী চলচ্চিত্ৰৰ পৰিচালক নৰেশ কুমাৰে এই ছবিখন পৰিচালনা কৰিছিল।
-
ডিডি নেচনেল
ডিডি নেচনেল / ডিডি১ হ'ল ভাৰত চৰকাৰ দ্বাৰা প্ৰতিষ্ঠিত তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মালিকানাধীন এটা বিনোদনধৰ্মী টেলিভিছন চেনেল। দূৰদৰ্শনৰ এই চেনেলটো ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰত মুকলি কৰা হৈছিল, যিটো ভাৰতৰ আটাইতকৈ পুৰণি আৰু ব্যাপকভাৱে উপলব্ধ টেলিভিছন চেনেল।
-
দ্য এছিয়াটিক ছ'ছাইটি
এচিয়াটিক চছাইটি হৈছে ভাৰতত কোম্পানীৰ শাসনকালত প্ৰতিষ্ঠা কৰা ভাৰত চৰকাৰৰ এক সংগঠন, যাৰ দ্বাৰা "প্ৰাচ্য গৱেষণা"ৰ কাৰণ বৃদ্ধি কৰা আৰু ভাৰত আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলবোৰৰ ওপৰত গৱেষণা আগবঢ়োৱা।
-
দৰবাৰী নাচ
দৰবাৰী নাচ (; (नाच; ناچ; nautch; नृत्य) ছোৱালী নৰ্তকীয়ে মোগলৰ ৰাজ-দৰবাৰত পৰিবেশন কৰা এটা জনপ্ৰিয় নাচৰ প্ৰকাৰ। এই কলা মোগল সাম্ৰাজ্যৰ শেষৰ ফালে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সময়ছোৱাত জাতিস্কাৰ হৈ পৰিছিল।
-
পাৰ্চী থিয়েটাৰ
পাৰ্চী থিয়েটাৰ বা পাৰ্চী ৰঙ্গমঞ্চ ( Parsi theatre) শব্দ-গুচ্ছই পাৰ্চীসকলৰ বা বহুলভাৱে পাৰ্চী ব্যৱসায়িক গোষ্ঠীৰ মালিকানাধীন কোম্পানীৰ দ্বাৰা ১৮৫০ৰ দশকৰ পৰা ১৯৩০ৰ দশকলৈ মঞ্চায়ন কৰা এক প্ৰভাৱশালী ৰঙ্গমঞ্চ পৰম্পৰাক সূচায়। পাৰ্চী থিয়েটাৰৰ নাটকবোৰ মূলতঃ উৰ্দু বা গুজৰাটী ভাষাৰ আছিল।