এৰা বাটৰ সুৰ (Era Bator Sur) ভূপেন হাজৰিকা পৰিচালিত আৰু বি পি ফিল্মছ প্ৰযোজিত এখন ক'লা-বগা অসমৰ চলচ্চিত্ৰ। ৩০ নবেম্বৰ, ১৯৫৬ত ছবিখনে মুক্তি পাইছিল। এইখন ড॰ ভূপেন হাজৰিকা পৰিচালিত প্ৰথম ছবি। ছবিৰ কাহিনী, সঙ্গীত আৰু গীত ৰচনাও হাজৰিকাৰে আছিল।১২
কাহিনী
জয়ন্ত দুৱৰা গীতিকাৰ, সাংবাদিক। মাটিৰ সুৰ বিচাৰি, লিখাৰ সমল বিচাৰি জয়ন্ত ৰতনপুৰ বাগিছা পালেহি। তেওঁৰ বাবে টকা ঘটাৰ বাট অলেখ; কিন্তু স্বেচ্ছাই তেওঁ দৰিদ্ৰতাক আঁকোৱালি লৈছে। ৰতনপুৰ বাগিছাৰ মালিক বিশ্ব ফুকনে বিচাৰে জয়ন্তই তেওঁৰ জীয়ৰী নিশাক বিয়া কৰাওক। কিন্তু তেওঁ যি বাটেৰে বাট বুলিছে সেয়া কাঁইটীয়া বাট। সেয়েহে নিশাৰ অমঙ্গল হ'ব বুলিয়ে তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখান কৰে। নিশাক লৈ বিশ্ব ফুকনে বাগিছা এৰি কলিকতালৈ গুছি আহে।
জয়ন্তৰ গানবোৰ বাগিছাৰ বনুৱা গাভৰু মিন্নিৰ কণ্ঠত প্ৰাণ পাই উঠে। এনেতে বাগানৰ বনুৱা বস্তিত কলেৰা লাগে। বহুতো বনুৱাৰ মৃত্যু হ'ল। বাগিছাৰ মেনেজাৰ ৰুপেন বৰুৱাই বনুৱাসকলৰ চিকিৎসাত অৱহেলা কৰা বুলি জয়ন্ত আৰু বনুৱা হাৰানে অভিযোগ কৰে। মেনেজাৰে কোনো জাননী নিদিয়াকৈ হাৰানক চাকৰিৰ পৰা চাটাই কৰে। জয়ন্তৰ তাঁৰ পাই বিশ্ব ফুকন কলিকতাৰ পৰা আহি মেনেজাৰৰ কাৰ্য-কলাপৰ উমান পায়।
জয়ন্তক অন্য বহুতৰ লগতে বনুৱা যুৱক ঝুমনুৱেও ভুল বুজিলে। সি ভাবিলে এই বাবুৱে সুৰ বিচাৰি আহি তাৰ মৰমৰ মিন্নিজনীকে কাঢ়ি নিব ওলাইছে।১
অভিনয় শিল্পী
- বিজয় শংকৰ (জয়ন্ত)
- ইভা আচাও (মিন্নি)
- ফণী শৰ্মা (হাৰাণ)
- বিষ্ণুপ্ৰসাদ ৰাভা (ভুজলং)
- তচদ্দুক ইউছুফ
- বলৰাজ চাহানী (অতিথি শিল্পী)
- প্ৰীতিধাৰা
- ছায়া দেৱী
- পুণ্য দুৱৰা
- ৰেবেকা আচাও
- মিনতি দাস
- লৰেটা বুথ
- অনিল দাস
- ৰমেশ শৰ্মা আদি।১২
সঙ্গীত
এৰা বাটৰ সুৰৰ সঙ্গীত পৰিচালনা আৰু গীত ৰচনা কৰিছিল ভূপেন হাজৰিকাই। উল্লেখনীয় যে ইয়াত বাংলা আৰু হিন্দী চলচ্চিত্ৰৰ লতা মংগেশকাৰ, হেমন্ত মুখাৰ্জী আৰু সন্ধ্যা মুখাৰ্জীয়ে কণ্ঠ দিছিল। ই এখন থলুৱা গীত-মাতেৰে পৰিপূৰ্ণ সঙ্গীতপ্ৰধান ছবি আছিল। বৰগীতৰ প্ৰখ্যাত শিল্পী বৰপেটা সত্ৰৰ কেৱলীয়া ভকত নৰহৰি বুঢ়াভকতৰ বৰগীত পৰিবেশনে ছবিখনৰ জেউতি চৰাইছিল।২১৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এৰা বাটৰ সুৰ” প্ৰবন্ধৰ সংশোধন ৩৩৯৯৩৯ (৭ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।