ৰত্নাকৰ: মৰমৰ নতুন আখ্যান হৈছে ২০১৯ চনতৰ ১১ অক্টোবৰত মুক্তি লাভ কৰা এখন ৰোমাণ্টিক-একশ্বনধৰ্মী অসমীয়া বোলছবি। যতীন বৰাৰ প্ৰযোজনা, পৰিচালনাত নিৰ্মিত ছবিখনত মুখ্য চৰিত্ৰতো তেওঁ অভিনয় কৰিছে।১২৩
কাহিনীৰ সাৰাংশ
ছবিখনত জয়ন্ত নামৰ এজন ব্যক্তিৰ জীৱনৰ তিনিটা ভিন্ন পৰ্যায় দেখুওৱা হৈছে; এটা গুণ্ডাৰ লগতে এজন পাগল প্ৰেমিক আৰু এগৰাকী জীৰ দায়িত্ববহনকাৰী পিতৃৰ। জয়ন্তই নিজৰ একমাত্ৰ জীয়েকক পত্নীৰ আকস্মিক মৃত্যুৰ পিছত অতি কষ্টৰ মাজত ডাঙৰ দীঘল কৰিবলৈ আৰম্ভ কৰে। পূৰ্বে কৰা সকলো বেয়া কাম তেওঁ ত্যাগ কৰি দিছিল। কিন্তু অকস্মাতে জীয়েকক অপহৰণ কৰি নিয়ে জয়ন্তৰ প্ৰাক্তন মালিক তথা জয়ন্তৰ শহুৰেকে যিয়ে দুয়োৰে বিয়াখনত সন্মতি দিয়া নাছিল আৰু নাতিনীয়েকক নিজৰ কাষত ৰাখিব বিচাৰিছিল। কিন্তু অৱশেষত তেওঁ পিতৃ-সন্তানৰ স্নেহৰ আগত সেও মানিবলৈ বাধ্য হয়।৪
পটভূমি
দুৰ্গম গাঁৱৰ এজন দায়িত্বশীল পিতৃ জয়ন্তই স্থানীয় বিদ্যালয়খনত পঢ়া মৰমৰ কন্যা দুবৰীৰ বাবে যিকোনো প্ৰকাৰে আগবাঢ়ি যায়। দুবৰীক কম নম্বৰ পোৱাৰ বাবে এগৰাকী শিক্ষকে ৰাজহুৱাভাৱে ধমকি দিয়াৰ পিছত তাই সমৰ্থনৰ বাবে দেউতাকৰ ওচৰলৈ যায়। জয়ন্তই শিক্ষয়িত্ৰী ডেইজীৰ মুখামুখি হৈ দুবৰীক একক পিতৃ-মাতৃ হিচাপে ডাঙৰ-দীঘল কৰি তেওঁ সন্মুখীন হোৱা সংগ্ৰামৰ বিষয়ে বুজাই দিয়ে। ডেইজীয়ে তেওঁৰ পৰিস্থিতিৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰে আৰু দুবৰীক পঢ়া-শুনাত সহায় কৰাৰ সিদ্ধান্ত লয়; এনেদৰে তেওঁলোকে এটা বান্ধোন গঢ়ি তোলে।
পিছত ৰাস্তাৰ গুণ্ডাবোৰে এখন পাৰ্কত দুবৰী আৰু ডেইজীক ঠাট্টা কৰে। জয়ন্তই গুণ্ডাবোৰৰ সন্মুখীন হোৱাৰ পৰিৱৰ্তে পলাই যায়, যাৰ ফলত ডেইজীয়ে তেওঁক কাপুৰুষ বুলি ভাবে। সেই নিশা জয়ন্তই (ডকাইতৰ পোছাক পৰিধান কৰি) গুণ্ডাবোৰক বিচাৰি পাই এটা এটাকৈ মাৰপিট কৰে। জয়ন্তৰ অজ্ঞাতে ডেইজীয়ে এই কথা দেখি থতমত খায়। তাই জয়ন্তক সুধিলে তেওঁ কোন আৰু তেওঁ নিজৰ অতীত প্ৰকাশ কৰে।
এটা মুহূৰ্তত দেখুওৱা হৈছে, জয়ন্ত গুৱাহাটীৰ এজন শক্তিশালী ব্যৱসায়ীৰ গুণ্ডা। ব্যৱসায়ীজনৰ এগৰাকী কন্যা সন্তান আছে আৰু তাইৰ নাম মানসী। মানসী বহিঃৰাজ্যত পঢ়ি আছে। ঘৰলৈ উভতি আহোঁতে তাই জয়ন্তক লগ পায় আৰু তাৰ প্ৰতি আকৰ্ষিত হয়। তেওঁ বৃদ্ধসকলৰ শুশ্ৰূষা কৰে আৰু তেওঁলোকক নিজৰ একমাত্ৰ পৰিয়াল বুলি গণ্য কৰে। জয়ন্ত আৰু মানসীয়ে সামাজিকভাৱে লগ কৰিবলৈ লয় যদিও মানসীৰ কোনো ধাৰণা নাই যে জয়ন্ত দেউতাকৰ এজন গুণ্ডা। মানসীয়ে তেওঁক পিতৃৰ নিৰ্দেশ অনুসৰি এজন নিৰীহ মানুহক ভাবুকি দিয়া দেখিছে; কিছু দিনৰ পিছত তেওঁ তাইৰ ওচৰত ক্ষমা বিচাৰে আৰু কয় যে তেওঁ সহায় কৰা বৃদ্ধ মানুহবোৰৰ বাবেই এই কামটো কৰিছিল। তাই তাক ভাল কাম কৰিবলৈ কয় আৰু প্ৰতিশ্ৰুতি দিয়ে যে তাই তাক সমৰ্থন কৰিব। জয়ন্তই অসৎ পথ এৰি এটা সাধাৰণ বৃত্তি বিচাৰি পায়। দেউতাক আৰু নিষ্ঠুৰ ভায়েকৰ বিৰোধিতাৰ মাজতো মানসীয়ে তেওঁক বিয়া কৰায় আৰু গৰ্ভৱতী হয়। গাড়ী দুৰ্ঘটনাত এদিন মানসীৰ মৃত্যু হয়, কিন্তু কেঁচুৱাটো ৰক্ষা পৰে। মানসীৰ পিতৃয়ে জয়ন্তৰ পৰা কেঁচুৱাটো কাঢ়ি লৈ প্ৰতিশোধ ল’ব বিচাৰে, কিন্তু জয়ন্ত আৰু তেওঁৰ সন্তান পলায়ন কৰি এখন দুৰ্গম গাঁৱলৈ যায়।
মানসীৰ দেউতাক, ভায়েক, গুণ্ডা দলে এতিয়াও শিশুটিক বিচাৰি ফুৰে; তেওঁলোকে দুবৰীক বিচাৰি পায় আৰু তাইক অপহৰণ কৰে। জয়ন্তই জীয়েকক উদ্ধাৰ কৰে মানসীৰ দেউতাকে নিজৰ ভুল উপলব্ধি কৰি দুয়োকে আশীৰ্বাদ দিয়ে। জয়ন্তই চাইকেল চলাই জয়ন্ত, দূবৰি, ডেইজীক লৈ যোৱা মুহূৰ্তত ছবিখনৰ সামৰণি পৰে।
অভিনয়ত
- যতীন বৰা (জয়ন্ত)
- বৰষা ৰাণী বিষয়া (মানসী)
- নিশিতা গোস্বামী (ডেইজী)
- আশ্ৰমিকা শইকীয়া (দূবৰি চৰিত্ৰত, জয়ন্ত আৰু মানসীৰ কন্যা হিচাপে)
- সঞ্জীৱ হাজৰিকা (দেৱৰাজ চৌধুৰীৰ চৰিত্ৰত,মানসীৰ পিতৃ আৰু জয়ন্তৰ পূৰ্বৰ শহুৰেক)
- পদ্মৰাগ গোস্বামী (মানসীৰ ভাতৃ ৰাকেশ চৌধুৰীৰ চৰিত্ৰত)
- চেতনা দাস (এগৰাকী জ্যেষ্ঠ নাগৰিকৰ ৰূপত)
- বিষ্ণু খাৰঘৰীয়া (এজন জ্যেষ্ঠ নাগৰিকৰ ৰূপত)
- হিৰণ্য ডেকা (এজন জ্যেষ্ঠ নাগৰিকৰ ৰূপত)
সংগীত
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে। গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গৰ লগতে অন্যান্য শিল্পীয়ে। এলবামটিত মুঠ ৫টা গীত সন্নিবিষ্ট আছে।
অভ্যৰ্থনা
বক্স অফিচ
ৰত্নাকৰ ২০১৯ চনৰ ১১ অক্টোবৰত অসমৰ ৫৯টা আৰু দিল্লী,মুম্বাই, পুনে, বেংগালুৰু, হাইদৰাবাদৰ ১১টা ছবিগৃহত মুক্তি লাভ কৰে।৫ ছবিখনে দৰ্শকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছিল। মুক্তিৰ দিনটোত ৪২ লাখ উপাৰ্জন কৰিছিল যিটো আজিলৈকে এখন অসমীয়া ছবিৰ সৰ্বাধিক উপাৰ্জন।৬ছবিখনে দ্বিতীয় দিনা ৪৯.৫ লাখ উপাৰ্জন কৰে।৭ তৃতীয় আৰু চতুৰ্থ দিনত ক্ৰমে ৫৫ লাখ আৰু ৪৩ লাখ উপাৰ্জন কৰি মুঠ উপাৰ্জন হয়গৈ ১.৮৯ কোটি টকা।৮ছবিখনে প্ৰথম সপ্তাহত মুঠ ৩.৩১ কোটি উপাৰ্জন কৰে, যিটো অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম সপ্তাহৰ সৰ্বাধিক উপাৰ্জন।৯ ২০১৯ চনৰ ২১ অক্টোবৰত (এটা দেওবাৰ) ৬৮ লাখ টকা উপাৰ্জন কৰাৰ পিছত ছবিখনে ১০ দিনৰ উপাৰ্জন কৰিছিল ৪.৯৫ কোটি।১০ দুসপ্তাহত ৰত্নাকৰে ৬.৬৩ কোটি উপাৰ্জন কৰি অসমৰ বক্স অফিচত অভিলেখ স্থাপন কৰিছিল।১১ৰত্নাকৰৰ বিতৰকসকলৰ মতে, ২০১৯ চনৰ ১৪ নৱেম্বৰলৈকে ছবিখনে ৯.২৩ কোটি টকা উপাৰ্জন কৰিছিল।১২১৩
তথ্যসূত্ৰ
- ↑ Ratnakar - Jatin Bora's New Film Launched - Magical Assam
- ↑ জুবিন-যতীন যুটিঃ সাজু থাকক, আহি আছে ৰত্নাকৰ…
- ↑ নতুন চমক দিবলৈ ছবিগৃহলৈ আহি আছে যতীন বৰাৰ ছবি ‘ৰত্নাকৰ’
- ↑ যতীন বৰাৰ সপোন “ৰত্নাকৰ”-
- ↑ (12 October 2019). মিছন চাইনা, কাঞ্চনজংঘাক চেৰাই শীৰ্ষত ৰত্নাকৰ... Asomiya Pratidin
- ↑ NE, Inside. (12 October 2019). 'Ratnakar' Earns Record-Breaking Rs 42 Lakh on Opening Day. InsideNE
- ↑ (13 October 2019). Ratnakar mints Rs 90.5 lakh in two days, breaks Kanchanjangha's record. NORTHEAST NOW
- ↑ (15 October 2019). 'ৰত্নাকৰ'ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ... Asomiya Pratidin
- ↑ (18 October 2019). ছবিঘৰত ৰত্নাকৰৰ এসপ্তাহ, মুঠ উপাৰ্জন ৩.৩১ কোটি. Asomiya Pratidin
- ↑ (21 October 2019). Ratnakar on course to dethrone Kanchanjangha. Northeast Now
- ↑ Asomiya Pratidin ePaper: 27-10-2019 · অসমীয়া-প্ৰতিদিন ই-বাতৰিকাকত Page: 4. epaper.asomiyapratidin.in
- ↑ Joshi, Namrata. (14 November 2019). Vijay's 'Theri' inspires Assamese cinema's biggest-ever blockbuster. The Hindu
- ↑ (17 November 2019). Asomiya Pratidin ePaper: 17-11-2019 · অসমীয়া-প্ৰতিদিন ই-বাতৰিকাকত. epaper.asomiyapratidin.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰত্নাকৰ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৪৮২৭১ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।