প্ৰতিদিন টাইম (Pratidin Time) অসমৰ এক ব্যক্তিগত দূৰদৰ্শন কেন্দ্ৰ। এই চেনেলত মূলতঃ অসমীয়া ভাষাৰ বাতৰিৰ উপৰিও সংগীত, ক্ৰীড়া, বিনোদন, কলা-সংস্কৃতি আদি বিভিন্ন বিষয়ক অনুষ্ঠানৰ লগতে অসমীয়া চলচ্চিত্ৰও পৰিৱেশন কৰা হয়।
ইতিহাস
প্ৰতিদিন টাইম চেনেলটো ২০১০ চনৰ ২৫ ডিচেম্বৰত নিউজ টাইম অসম হিচাপে উন্মোচন হৈছিল। এই চেনেলটোৰ গৰাকী আছিল কলকাতা স্থিত ৰ'জ ভেলী গ্ৰুপ।১ ২০১৫ চনত সেই চেনেলটো অসমৰ বৃহত্তম সংবাদ প্ৰতিষ্ঠান সাদিন প্ৰতিদিন গোষ্ঠীৰ অধীনলৈ আহে আৰু চেনেলটোৰ নাম প্ৰতিদিন টাইমলৈ সলনি হয়। প্ৰতিদিন টাইমৰ বৰ্তমানৰ মুখ্য সম্পাদক হৈছে নিতুমণি শইকীয়া।
বিতৰ্ক
- ২০১৫ চনৰ আগষ্ট মাহত, প্ৰতিদিন টাইমে "কম কাপোৰ পিন্ধা" মহিলাসকলক লৈ এটা প্ৰতিবেদন সম্প্ৰচাৰ কৰাৰ বাবে ছচিয়েল মিডিয়াত ব্যাপকভাৱে সমালোচিত হৈছিল। সেই প্ৰতিবেদনত তেওঁলোকক গ্ৰীষ্মকালীন সমস্যাৰূপে চিহ্নিত কৰি, ইয়াক স্থানীয় সংস্কৃতিৰ বিপৰীত বুলি অভিহিত কৰা হৈছিল। এই অনলাইন তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছত, প্ৰতিদিন টাইমে মে' ২০১৫-ত আপলোড কৰা সেই ভিডিঅ'টো নিজৰ চৰকাৰী ইউটিউব চেনেলৰ পৰা আঁতৰাই লৈছিল। যদিও, ইংৰাজী চাবটাইটলযুক্ত এটি অনুলিপি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।২৩ সেই ঘটনাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দায়িত্বশীল সাংবাদিকতাৰ বাবে অনলাইন আবেদনো দাখিল কৰা হৈছিল, যাৰ সমৰ্থনত আদিল হুছেইন, ৰজনী বসুমতাৰী আদি এগৰাকী বিশিষ্ট ব্যক্তিও আছিল।
- ২০২১ চনৰ এপ্ৰিল মাহত এখন ফোন কল ৰেকৰ্ডিং ভাইৰেল হৈছিল, য'ত মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিদিন টাইমৰ এজন সাংবাদিকক ভাবুকি প্ৰদান কৰে বুলি অভিযোগ উত্থাপিত হয়।৪ উক্ত বাতৰিটঝৰ বিষয়বস্তু আছিল তেওঁৰ পত্নী আইমী বৰুৱাৰ সৈতে সম্পৰ্কিত।৫
মুখ্য ব্যক্তি
- নিতুমণি শইকীয়া, মুখ্য সম্পাদক
- শোণিত কুমাৰ ভূঞা, কাৰ্যবাহী সম্পাদক
- মৃণাল তালুকদাৰ, জ্যেষ্ঠ সাংবাদিক
উল্লেখযোগ্য অনুষ্ঠান
- প্ৰাইম টাইম
- প্ৰতিদিন@5
- বিশ্লেষণ – Let's Debate
- দ্য বিগ আৱাৰ
- মৰ্ণিং প্ৰাইম
- গীত
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Thakuria, Nava. (28 December 2010). Satellite News Channel launched in Northeast India. ModernGhana.com
- ↑ Dhar, Aniruddha. (20 August 2015). Assam journo in the news after sexist report on women's clothes. Hindustan Times
- ↑ (20 August 2015). Assamese news channel sparks outrage after it compares women in shorts to monkeys. ABP News
- ↑ Gauhati Press Club slams Assam minister Pijush Hazarika for "threatening" TV journalist
- ↑ Singh, Abhilash. (2021-04-01). Guwahati Press Club condemns BJP leader Pijush Hazarika for intimidating journalist. EastMojo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিদিন টাইম” প্ৰবন্ধৰ সংশোধন ৫২৯৮০১ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।