মে ডাম মে ফি ( 𑜉𑜦𑜧 𑜓𑜪 𑜉𑜦𑜧 𑜇𑜣 Máe Dām Máe Phi) হ’ল টাই-আহোম জনগোষ্ঠীসকলৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱৰ মূল উৎস প্ৰাচীন চীনৰ কনফুচিয়াছ ধৰ্মৰ পূৰ্বপুৰুষ উপাসনাতত্ত্ব যি পাছলৈ টাই জাতিৰ দাম-ফি পৰম্পৰা ৰূপে বিকাশ ঘটে।১ কনফুচিয়াছৰ শিক্ষা সমুহ আজিও আহোম সমাজে পালন কৰে। আধুনিক যুগত ইয়াক ৩১ জানুৱাৰীত উদযাপন কৰা হয় আনহাতে প্ৰথম অৱস্থাত ইয়াক লাক-নি টাই মাহ ডুন-হা (মাৰ্চ-এপ্ৰিল)ত উদযাপন কৰা হয়।।২
নামকৰণ
মে-ডাম-মে-ফি টাই-আহোম ভাষাৰ শব্দ। মে (𑜉𑜦𑜧) মানে তৰ্পন, ডাম (𑜓𑜪) মানে মৃতক আৰু ফি (𑜇𑜣) মানে হ’ল দেউ।৩ মে ডাম মে ফি পালনৰ নীতি নিয়ম সমূহ তাঈ আহোম ভাষাত খ্যেক-লাই বা লিট লাই মে-ডাম-মে-ফি পুথিত লিখা আছে।৪ অইন টাই জাতীয় ধৰ্ম সমূহত যেনে টাই-লাও সকলে এই পৰম্পৰাক ফি-ডাম বোলে।৫ পূৰ্বপুৰুষ উপাসনাসমূহ মূলত: দুটা ভাগত ভাগ কৰা হয় ঘৰত পালন কৰা পূৰ্বপুৰুষ উপাসনাক ডাম-ফী আৰু সামাজিক ভাৱে পালন কৰা উৎসৱক মে-ডাম-মে-ফি।
বুৰঞ্জী
প্ৰাচীন কাল
টাই-আহোম সকলৰ নিজা ধৰ্মটোৰ নাম ফুৰালুঙ ধৰ্ম আছিল। এই ধৰ্মৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ হৈছে পূৰ্বপুৰষ উপাসনা। পূৰ্বপুৰুষ উপাসনাৰ আৰম্ভণি হৈছিল চীনা দাৰ্শনিক কনফুচিয়াচৰ দ্বাৰা।৬ এই পূৰ্বপুৰুষ উপাসনাৰ প্ৰথা চীনা আৰু টাইসকলৰ মাজত যথেষ্ট দেখা যায়। পেঞ কা কা অনুসৰী, মুং ফিৰ শাসক লেংদনে তেওঁৰ দুই নাতি খুন-লুং আৰু খুন-লাইক মুং ৰি মুং ৰাম (বৰ্তমান চীনৰ চিচুৱাংবান্না)লৈ শাসন কৰিবলৈ পঠোৱাৰ সময়ত সাহিত্যিক য়াচিংফাই তেওঁলোকক উপদেশ দিছিল~
তোমালোকৰ ককা, লেংদনে মুং ৰি মুং ৰামলৈ শাসন কৰিবলৈ পঠাইছে। যেতিয়া ’ফিন-হা’ মাহ আহিব, পবিত্ৰ ’চিনকৰা’ ফুলবোৰ ফুলিব, তেতিয়া তোমালোকে সেইটো মাহত দিন এটা ঠিক কৰি তেওঁ আৰু অন্যান্য পূৰ্বপুৰুষসকলৰ নামত জীৱ-জন্তু আৰু আন ভাল ভাল বস্তু উছৰ্গা কৰি উপসনা কৰিবা। তেতিয়া লেংদন আৰু অন্যান্য আঠ হাজাৰ দেউ লগত নামনিলৈ নামি আহি তোমালোকক আশীৰ্ব্বাদ কৰিব।
য়াচিংফাই খুন-লুং আৰু খুন-লাইক খ্যেক ফুৰালুং, মে ডাম মে ফি আৰু ৰিক খ্বন পালন কৰিবলৈ উপদেশ দিছিল। টাই জাতীয় ধৰ্ম পালন কৰা সকলে পূৰ্বপৰুষ উপাসনা কৰি আহিছে।
মধ্য যুগ
| + | চাওফাৰ নাম | কাৰণ | স্থান |
| চ্যু-কা-ফা | তিনিবাৰ প্ৰবজনৰ বাবে | প্ৰথম মানদেশৰ ঈৰাৱতী নৈ পাৰ হোৱাৰ পাছত, দ্বিতীয়তে দ'য়-কাও-ৰং (বৰ্তমানৰ পাটকাই পৰ্বত) পাৰ হোৱাৰ পাছত বুঢ়ী দিহিঙ নৈৰ পাৰত, তৃতীয়বাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈ নামৰূপত, চৰাইদেউত ৰাজধানী স্থাপনৰ সময়ত | |
| চ্যু-কা-ফা | নামনি চৰাইদেউৰ লাঙটেওকাটত | ||
| চ্যু-কা-ফা | চৰাইদেউ | ||
| চুহুন্মুং | চুতীয়া আৰু কছাৰী ৰাজ্য জয় কৰা পাছত | ৰাজধানীত | |
| চুচেংফা | মুঠ তিনিবাৰ | 1606 A.D (কপিলী আৰু মৰা দৈয়াংত মোগলৰ সৈতে জিকাৰ পাছত), 1615 A.D. (আগীয়া বন্ধাত মোগলৰ সৈতে জিকাৰ পাছত, অন্তিম বাৰ মোগলৰ সৈতে হৰাৰ পিছত | |
| চুখাম্ফা | কোঁচৰ সৈতে সন্ধি হোৱাৰ পাছত লকনি মুঙ ৰাও বছৰৰ ডিন-ছাম মাহত৭ | ৰাজধানীত | |
| চুক্লেণমুং | মোগল আৰু কছাৰীৰ ৰণত জিকাৰ পাছত৮ | ||
| চ্যু-পং-মু'ঙ | শাসনভাৰ লোৱাৰ পাছত | চৰাইদেউ | |
| চুণ্যেউফা | ৰাজসভাৰ কাঠৰ কাথাম (wooden beam) ভাঙি যোৱাৰ পাছত ম'-লোঙসকলৰ পৰামৰ্শ অনুসৰি | ||
| চুদিংফা | ককায়েক চুক্লিংফাক মৈদাম দিয়াৰ পাছত | চৰাইদেউত এজোপা নুনি গছৰ তলত |
হিন্দু ধৰ্মক অধিক প্ৰাধান্য দি স্বৰ্গদেউ চুতাম্লা (জয়ধ্বজ সিংহ)ই মে ডাম মে ফি পতা নাছিল। ফলত দেশখন সেইবাৰ মিৰজুমলাৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল। চ্যু-তাম-লাই অতি দুখ মনেৰে আতন বুঢ়াগোঁহাইক কৈছিল,
বুঢ়াগোঁহাইদেউ, দেৱতাসকলে মোৰ লগ এৰিলে।
আতন বুঢ়াগোঁহাইয়ে চ্যু-তাম-লাক সান্তনা দি ক’লে:
স্বৰ্গদেউ, দুখ নকৰিব। জয় আৰু পৰাজয় একেটা টকাৰে ইফাল আৰু সিফাল। যেতিয়া দেৱতাসকল আমাৰ প্ৰতি সদয় হ’ব, দেতিয়া স্বৰ্গদেৱে নিজ প্ৰৰাক্ৰমেৰে বিদেশী শত্ৰুক পৰাভূত কৰিব পাৰিব।
ইয়াতে আতন বুঢ়াগোঁহাইয়ে ’মে ডাম মে ফি ’ উদযাপন কৰাৰ কথাকেই পৰোক্ষভাৱে ইঙ্গিত দিছিল। চ্যু-তাম-লাৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ, চ্যু-পং-মু'ঙ (চক্ৰধ্বজ সিংহ) শাসন ভাৰ লৈয়েই মে ডাম মে ফি পাতিবলৈ থিৰ কৰি মন্ত্ৰী পৰিষদৰ উপদেশ বিচাৰিলে
মোৰ ককাইদেৱে পূৰ্ব্ব-পুৰুষক কোনো পূজা-অৰ্চনা নকৰিলে। সেইবাবেই মুছলমানবোৰে আহি দেশখন বিধ্বংসিত কৰিলে। কাঁড়ী আৰু হাজুৱাবোৰক লণ্ড ভণ্ড কৰিলে আৰু দেশৰ প্ৰজাই জীয়াতু ভুগিলে। বহু মানুহ গোটাব লাগে আৰু পূজা-ভাগ আগবঢ়াব লাগে মই আপোনালোকৰ মতামত জানিব বিচাৰোঁ।
বুঢ়াগোঁহাইয়ে ক’লে:
আগৰ দিনত স্বৰ্গদেউৰ পূৰ্ব্ব-পুৰুষসকলেতো দূৰ্য্যোগৰ সময়ত তাকেই কৰিছিল।
ইয়াৰ পিছত চ্যু-পং-মু'ঙে অতি ধুম ধামেৰে চৰাইদেউত মে ডাম মে ফি পাতে আৰু তাৰ পিছতে মোগলৰ লগত শৰাইঘাটত কৰা যুদ্ধত জয় লাভ কৰে। এইদৰে আহোমৰ শেষৰজন স্বৰ্গ্দেউৰ দিনলৈকে ৰাজঘৰীয়া ’মে ডাম মে ফি ’ উদযাপিত হৈ আহিছিল।
নিয়ম
মে ডাম মে ফিত মুঠ দহজন দেউক উপাসনা কৰা হয়। তেওঁলোক হৈছে:
- খাও খাম,
- আই লেংদিন,
- য়াচিংফা,
- জান-চাই-হাং,
- লেংডন,
- চিট-লাম-চাম,
- মুট-কাম টাই-কুম,
- ডাম চাও ফী বা চাও ফী ডাম (তেৰ পুৰুষৰ আগৰ ককা-আইতাসকল),
- ৰা-খিন,
- বা-খিন। ৯
নীতি নিয়মসমূহত ব্যৱহাৰ হোৱা সা সামগ্ৰী হৈছে:- খাও চান (কেঁচা চাউল), কাই চেং (পবিত্ৰ চৰাই/বিশেষকৈ কুকুৰা), কাই খাই (মুৰ্গীৰ কণী), লুকলাও (সাজপানী), মাকমু (তামোল), বানপ্লু (পান), খ্ৰিং (আদা), মান ঙা (মিঠাতেল), ক্লু (নিমখ), কুই(কল), অই (চেনি), বান ফাই (লেম্প), নুম চে (গাখীৰ), নাম অই (গুৰ),নাম থুম (দৈ), খাই নুকপেট (হাঁহৰ কণী), চিংকৰা বা ব্লক চিংফা (এবিধ পবিত্ৰ ফুল), মাইহাং (বাঁহৰ পাঙ), লাৰু কাৰু (মিঠামাংস), চুপ টাও (মুখ ধুবলৈ পানীৰ পাত্ৰ), টাংকাক (এবিধ পাত্ৰ)। ১০ মে ডাম মে ফিত নীতি নিয়মসমূহ ম-চাম, ম'-প্লঙ আৰু ম-হুং আদি আহোম পুৰোহিতসকলে সম্পাদন কৰে। ১১ তেওঁলোকে আঠ কুনীয়া এটা হ '-ফি নিৰ্মাণ কৰি তাত ফি সকলৰ বাবে এখনকৈ পাং (বাঁহৰ চাং) পাতে।১২ আই ছিং লাও বন্দনাৰে সৃষ্টিকৰ্তা ফা-তু-ছিংক শ্ৰদ্ধা জনোৱাৰ পাছত আও টাং নামৰ আদৰা বন্দনাৰে ফি সকলক আহবান জনায়।১৩ আও টাংৰ পাছত ফি সকলক কিন-টাং নামৰ বন্দনা গাই উৎসৰ্গা সমূহ অৰ্পণ কৰা হয়।১৪ কিন টাংৰ পাছত ফি সকলক জ'ন-মিঙ নামৰ আশীৰ্বাদ বিচৰা বন্দনা গোৱা হয়।১৫জ'ন-মিঙৰ পাছত ফি সকললৈ ব'য়-টাং নামৰ বিদায় বন্দনা গোৱা হয়।১৬ মে ডাম মে ফিত ৰা-খিন আৰু বা-খিনক বাদ দি বাকীকেইজন ফিলৈ ২৭জনী ৰঙা কুকুৰা আগ বঢ়োৱা হয়। ৰা-খিন আৰু বা-খিনক সাধাৰণতে কণী আগ বঢ়ায়। যদি ৰা-খিন আৰু বা-খিনক ৰঙা কুকুৰা দিয়ে তেতিয়া লগতে আখৈও দিব লাগিব বুলি নিয়ম আছে।১৭
উদযাপন
বৰ্তমান সময়ত গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুসৰী প্ৰতিবছৰে ৩১ জানুৱাৰীত এই পৰম্পৰা সমূহীয়াকৈ পালন কৰা হয় যত টাইসকলৰ লগত অসমৰ অন্য খিলঞ্জীয়া জনগোষ্ঠীয়েও যোগ দিয়ে।১৮ অসমত মে ডাম মে ফি এটা ৰাজ্যিক বন্ধৰ দিন।
লগতে পঢ়ক
- সাঁজ পানী
- টাই-আহোম জনগোষ্ঠী
- আহোম ৰাজ্য
- আহোম ৰাজবংশ
- অসমৰ উৎসৱসমূহ
উৎস প্ৰসংগ
- Chetia Kironmoy 2021, Me-dam-me-phi and Ali-ai-ligang - cultural identity of the Tai-ahoms and the Misings of Assam, International Journal of Creative Research Thoughts (IJCRT), ISSN:2320-2882
- Gogoi, Shrutashwinee. (2011). Tai ahom religion a philosophical study
বাহ্যিক সংযোগ
- Me Dam Me Phi - India9
- Festivals of Assam - GOVERNMENT OF ASSAM
- CM attends Me-Dam-Me-Phi programme at Habung, Dhemaji
তথ্যসূত্ৰ
- ↑ Gogoi 2011, পৃ. 210
- ↑ Gogoi 2011, পৃ. 69
- ↑ Chetia 2021, পৃ. 2
- ↑ Gogoi 2011, পৃ. 70
- ↑ "...the more distant ancestors ( phi dam ) and ..." Seminar on Vietnamese Studies - Volume 1 - Page 278
- ↑ Gogoi 2011, পৃ. 210
- ↑ Gogoi 2011, পৃ. 82-83
- ↑ Gogoi 2011, পৃ. 83
- ↑ Gogoi 2011, পৃ. 71
- ↑ Gogoi 2011, পৃ. 71
- ↑ Gogoi 2011, পৃ. 71
- ↑ Gogoi 2011, পৃ. 71
- ↑ Gogoi 2011, পৃ. 73
- ↑ Gogoi 2011, পৃ. 79
- ↑ Gogoi 2011, পৃ. 80
- ↑ Gogoi 2011, পৃ. 81
- ↑ Gogoi 2011, পৃ. 82
- ↑ ড॰ পৰমানন্দ ৰাজবংশী, ড॰ নাৰায়ন দাস. অসমীয়া সংস্কৃতিৰ কণিকা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মে ডাম মে ফি” প্ৰবন্ধৰ সংশোধন ৫৭১৫৮১ (২৬ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।