অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কোঁৱৰপুৰৰ কোঁৱৰ (চলচ্চিত্ৰ)

কোঁৱৰপুৰৰ কোঁৱৰ ২০১৭ বৰ্ষত মুক্তি পোৱা এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। ৰোমান্টিক একশ্বনধৰ্মী এই চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে ৰাজেশ ভূঞাই আৰু প্ৰযোজনা ৰ'জী ভূঞা আৰু নয়ন নীলিমৰ।

হালনাগাদ: ৬ আগষ্ট ২০২৬ ১৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

কোঁৱৰপুৰৰ কোঁৱৰ ২০১৭ বৰ্ষত মুক্তি পোৱা এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। ৰোমান্টিক একশ্বনধৰ্মী এই চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে ৰাজেশ ভূঞাই আৰু প্ৰযোজনা ৰ'জী ভূঞা আৰু নয়ন নীলিমৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে নয়ন নীলিম আৰু নৱাগতা তাপশ্ৰী কলিতাই আৰু আন চৰিত্ৰসমূহত উৎপল দাস, অমৃতা গগৈ, ৰীনা বৰা, বিষ্ণু খাৰঘৰীয়া, সিদ্ধাৰ্থ শৰ্মাই অভিনয় কৰিছে। সংগীত পৰিচালনা পৰাণ বৰকটকীৰ। চলচ্চিত্ৰখনে ২০১৭ চনৰ ৬ জানুৱাৰীত মুক্তি লাভ কৰে।

প্ৰযোজনা

কোঁৱৰপুৰৰ কোঁৱৰৰ দৃশ্যগ্ৰহণ গুৱাহাটী, শ্বিলং আদি স্থানত কৰা হৈছে।১

অভিনয়ত

কাহিনী

এজন সহজ সৰল যুৱক কুসঙ্গত পৰি চুৰ কৰিবলৈ লয়। কিন্তু সেই চোৰজন হঠাৎ প্ৰেমত পৰি যায় আৰু তাৰ জীৱনলৈ পৰিৱৰ্তন আহিবলৈ ধৰে। তাৰ পাছতে নায়কৰ অতীতে কিদৰে নায়িকাৰ পৰিয়াললৈ আন্ধাৰ নমাই আনিছিল সেয়া উন্মোচিত হয়। আনফালে গাঁৱৰ ৰাইজে ঠগ ৰাজনৈতিক নেতা, ঠিকাদাৰসকলৰ বিৰুদ্ধে থিয় দিয়ে।

সংগীত

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে পৰাণ বৰকটকীয়ে। গীতৰ কথা ইবছন লাল বৰুৱাৰ। গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, পাপন, জয় বৰুৱা, সুবাসনা দত্ত, পম্পী গগৈ আৰু নয়ন নীলিমে।

লগতে চাওক

  • দূৰ
  • ছাকিৰা আহিব বকুলতলৰ বিহুলৈ

তথ্যসূত্ৰ

  1. ↑ প্ৰতিদিনৰ চিনেমা;শুকুৰবৰীয়া শিতান; অসমীয়া প্ৰতিদিন; ১২ পৃষ্ঠা; ৩০ ডিচেম্বৰ ২০১৬

সম্পৰ্কিত শ্ৰেণী

২০১৭ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোঁৱৰপুৰৰ কোঁৱৰ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬২৩৯০২ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।