অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গোপী

গোপী (गोपी) হৈছে এটা সংস্কৃত ভাষাৰ শব্দ আৰু শব্দটি গোপাল শব্দৰ পৰা উদ্ভূত হৈছে যাৰ অৰ্থ হৈছে গোৰ পালক বা গৰুৰ লালন-পালনকৰ্তা। হিন্দু ধৰ্মৰ বৈষ্ণৱবাদৰ আখ্যানসমূহত গোপিকা (গোপীৰ স্ত্ৰীবাচক ৰূপ) শব্দটো গোৱালীসকল(পশুপালনৰ বৃত্তিত জড়িত বালিকা)ৰ এক বিশেষ গোটক বুজাবলৈ বহুলভাৱে ব্যৱহৃত হয়।

হালনাগাদ: ২৪ অক্টোবৰ ২০২৫ ৩৬২ শব্দ · ২ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

গোপী (गोपी) হৈছে এটা সংস্কৃত ভাষাৰ শব্দ আৰু শব্দটি গোপাল শব্দৰ পৰা উদ্ভূত হৈছে যাৰ অৰ্থ হৈছে গোৰ পালক বা গৰুৰ লালন-পালনকৰ্তা। হিন্দু ধৰ্মৰ বৈষ্ণৱবাদৰ আখ্যানসমূহত গোপিকা (গোপীৰ স্ত্ৰীবাচক ৰূপ) শব্দটো গোৱালীসকল(পশুপালনৰ বৃত্তিত জড়িত বালিকা)ৰ এক বিশেষ গোটক বুজাবলৈ বহুলভাৱে ব্যৱহৃত হয়। ভাগৱত পুৰাণ আৰু অন্যান্য পৌৰাণিক সাহিত্যত বৰ্ণিত ব্যাখ্যা অনুসৰি এই বালিকাসকল ভগৱান কৃষ্ণৰ প্ৰতি নিঃশ্চৰ্ত আৰু অচলা ভক্তিপ্ৰেমত নিৱদ্ধ আছিল। বালিকাবৃন্দৰ ভিতৰত ৰাধা (বা ৰাধিকা হিচাপেও জনাজাত) নামৰ গোপিকা গৰাকীক হিন্দুসকলৰ বহু ধৰ্মীয় পৰম্পৰাত, বিশেষকৈ গৌড়ীয় বৈষ্ণৱবাদত; বিশেষ উচ্চ শ্ৰদ্ধাপূৰ্ণ স্থান আৰু গুৰুত্ব প্ৰদান কৰা হয়। ১ গৌড়ীয় বৈষ্ণৱবাদত বৃন্দাবনৰ ১০৮ গৰাকী গোপিকাৰ উল্লেখ আছে। উল্লেখ্য যে, ৰাধা আৰু আন গোপীসকলক গোৱালী হিচাপে অভিহিত কৰা হৈছে যদিও বৈষ্ণৱবাদৰ ধৰ্মতাত্ত্বিক গূঢ়াৰ্থ অনুসৰি তেওঁলোক হৈছে দেৱলোকৰ পৰম-পুৰুষ শ্ৰীকৃষ্ণৰ চিৰন্তন সেৱিকা। এইদৰেই, গোৱালীসকল হৈছে আভ্যন্তৰীন (আন্তঃ) শক্তি, বা অন্তঃৰঙ্গ শক্তি, আৰু পৰম-পুৰুষ ঈশ্বৰৰ আন্তঃ-শক্তিৰ বিস্তাৰ।

অক্সফ'ৰ্ডৰ ব'ডলেইন লাইব্ৰেৰীত থকা কৃষ্ণ আৰু গোপীসকলৰ ১৮ শতিকাৰ পানীৰঙৰ ছবি
অক্সফ'ৰ্ডৰ ব'ডলেইন লাইব্ৰেৰীত থকা কৃষ্ণ আৰু গোপীসকলৰ ১৮ শতিকাৰ পানীৰঙৰ ছবিছবি: multiple/ unknown · CC BY 4.0

প্ৰসিদ্ধ গোপীসকল

''গোৱালী বালিকাসকলৰ সৈতে বিহাৰ কৰি থকা অৱস্থাত কৃষ্ণ'', ১৭৩০
গোৱালী বালিকাসকলৰ সৈতে বিহাৰ কৰি থকা অৱস্থাত কৃষ্ণ, ১৭৩০ছবি: Manaku · Public domain

বৃন্দাবনৰ গোপীৰ সংখ্যা গৌডীয় বৈষ্ণৱবাদত ১০৮ গৰাকী হিচাপে ধৰা হয়, আনহাতে কৃষ্ণ চৰিতৰ মতে এই সংখ্যা ১৬,০০০। ভক্তিপ্ৰেমৰ নিদৰ্শন বহনকাৰী গোপীবৃন্দ হৈছে বৃন্দাবনৰ অবিনশ্বৰ আৱাসী। ৰাধা বা ৰাধিকাক বৃন্দাবনৰ ৰাণী হিচাপে গণ্য কৰা হয় বাবে প্ৰায়েই ৰাধাৰাণী হিচাপে আখ্যা দিয়া হয়। গোপীসকলক তিনিটা গোটত বিভক্ত কৰিব পাৰি: কৃষ্ণৰ প্ৰায় সমবয়সীয়া বান্ধৱী গোপীবৃন্দ; দাসী গোপীবৃন্দ; আৰু বাৰ্তাবাহিকা গোপীবৃন্দ। ইয়াৰে কৃষ্ণৰ সমসাময়িক প্ৰথম গোটৰ গোপীসকল সকলোতকৈ বেছি মহিমামণ্ডিত (বৰিষ্ঠ); দ্বিতীয় গোটৰ গোপীসকল তেওঁৰ দাসীস্বৰূপ আৰু দ্বিতীয় মহিমামণ্ডিত (বৰ); আৰু তৃতীয় গোটৰ বাৰ্তাবাহিকা গোপীসকলৰ স্থান তেওঁলোকৰ পিছত। বৰিষ্ঠ গোটৰ গোপীসকল সকলোতকৈ বেছি প্ৰসিদ্ধ। তেওঁলোক ৰাধা আৰু কৃষ্ণৰ চিৰন্তন অন্তৰংগ প্ৰাণৰ সখী। দিব্য-যুগল(কৃষ্ণ-ৰাধা)-ৰ প্ৰতি তেওঁলোকৰ প্ৰেমৰ সমকক্ষতা বিশ্বব্ৰহ্মাণ্ডত পাবলৈ নাই। শ্ৰীমতী ৰাধাৰাণীৰ পিছতেই মুখ্য ৯ গৰাকী গোপীক কৃষ্ণৰ সৰ্বাগ্ৰগণ্য ভক্ত বা সেৱিকা হিচাপে গণ্য কৰা হয়। তেওঁলোকৰ নামসমূহ তলত উল্লেখ কৰা হৈছে:

  • ললিতা সখী
  • বিশাখা সখী
  • চম্পকলতা সখী
  • চিত্ৰা সখী
  • তুংগবিদ্যা সখী
  • ইন্দুলেখা সখী
  • ৰঙ্গদেৱী সখী
  • সুদেৱী সখী
  • অনুৰাধা সখী
  • শ্বেতা সখী

অপ্ৰতিবন্ধ প্ৰেম

হিন্দু ধৰ্মৰ বৈষ্ণৱীয় ধৰ্মতত্ত্ব অনুসৰি, গোপীসকলৰ সৈতে জড়িত আখ্যানসমূহে বিশুদ্ধ-ভক্তিৰ নিদৰ্শন দাঙি ধৰে। এই বিশুদ্ধ-ভক্তিয়েই হৈছে 'ঈশ্বৰ(কৃষ্ণ)ৰ প্ৰতি সমৰ্পিত সৰ্বোত্তম নিঃশ্চৰ্ত প্ৰেম'। ভাগৱত পুৰাণৰ পিছৰ অধ্যায়সমূহত কৃষ্ণৰ বৃন্দাবনৰ লীলা বিষয়ক আৰু সন্ত উদ্ধৱৰ আখ্যানসমূহত, গোপীবৃন্দৰ কৃষ্ণৰ পৰতি প্ৰকাশিত স্বতঃস্ফূৰ্ত আৰু অচলা ভক্তি গভীৰভাৱে ব্যাখ্যায়িত হৈছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোপী” প্ৰবন্ধৰ সংশোধন ৫৪৫০৭৩ (২৪ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।