অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বুকুৰ মাজত জ্বলে

বুকুৰ মাজত জ্বলে (Bukur Majot Jole) ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত এখন সংগীত-মধুৰ ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। লক্ষ্মীনাৰায়ণ ফিল্মছৰ বেনাৰত নিৰ্মিত ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা আছিল অশোক কুমাৰ বিষয়াৰ। মুঠ পাঁচজন সংগীত পৰিচালকে ছবিখনৰ সংগীত পৰিচালনা কৰিছিল।

হালনাগাদ: ২১ অক্টোবৰ ২০২৫ ৩৪৮ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

বুকুৰ মাজত জ্বলে (Bukur Majot Jole) ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত এখন সংগীত-মধুৰ ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। লক্ষ্মীনাৰায়ণ ফিল্মছৰ বেনাৰত নিৰ্মিত ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনা আছিল অশোক কুমাৰ বিষয়াৰ। মুঠ পাঁচজন সংগীত পৰিচালকে ছবিখনৰ সংগীত পৰিচালনা কৰিছিল। মুল ভূমিকাত অভিনয় কৰিছিল নিকুমণি বৰুৱা, মৃদুল ভূঞা, বৰষাৰাণী বিষয়া, অংকুৰ বিষয়া আদিয়ে।

ব্যৱসায়িক দিশত বুকুৰ মাজত জ্বলে এখন সফল ছবি আৰু চিত্ৰগৃহত ই ‘ৰূপালী জয়ন্তী’ (একেৰাহে ২৫ সপ্তাহ জুৰি প্ৰদৰ্শিত) পালন কৰিবলৈ সক্ষম হৈছিল।১

কাহিনীৰ সাৰাংশ

আভা বৰুৱাৰ ছোৱালী কুঁৱলী আৰু ব্যৱসায়ী দয়াশংকৰ চলিহাৰ বৰপুত্ৰ নিহাৰৰ মাজত প্ৰেমৰ সম্পৰ্ক। কিন্তু এই প্ৰেমত বিঘিনি ঘটালে খলনায়ক তৰুণে। এইজন তৰুণকে চলিহাই ফুটপাথৰ পৰা তুলি আনি নিজৰ সন্তানৰ দৰে তুলিতালি ডাঙৰ-দীঘল কৰিছিল। আভা বৰুৱাৰ স্বামীৰ এক মটৰ দুৰ্ঘটনাত মৃত্যু হৈছিল আৰু তেওঁ বিশ্বাস কৰে যে দুৰ্ঘটনাৰ আঁৰত চলিহাৰ হাত আছে। সেয়েহে দুয়োখন ঘৰেই কুঁৱলী আৰু নিহাৰৰ মিলনত বাধা হৈ থিয় দিলে। ঘৰৰ সিদ্ধান্ত নিৰবে মানি লৈ কুঁৱলী ভৰ্তি হ’ল চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা শাস্ত্ৰ পঢ়িবলৈ আৰু নিহাৰ গ’ল দিল্লীলৈ বিজিনেচ মেনেজমেণ্ট পঢ়িবলৈ।১

কিছু বছৰ পিছত নিহাৰৰ শিক্ষা সমাপ্ত কৰি ঘুৰি আহি দেউতাৰ ব্যৱসায়ৰ কামত লাগে। এদিন ফেক্টৰীত আঘাতপ্ৰাপ্ত শ্ৰমিক এজনক লৈ হাস্পাতাললৈ আহোঁতে ডাক্তৰৰ সাজত কুঁৱলীক লগ পায়। দুয়োৰো মাজত পুনৰ পূৰ্বৰ প্ৰেমে গা কৰি উঠে। এদিন চলিহাই গুডাম ঘৰ পৰিদৰ্শন কৰোঁতে তাত কিছুমান চোৰাং সামগ্ৰী লুকাই থোৱা দেখা পায়, যিবোৰ সামগ্ৰী আচলতে তৰুণেই মজুত কৰি ৰাখিছিল। চলিহাৰ হাৰ্ট এটেক হোৱাত হাস্পাতালত ভৰ্তি কৰোৱা হয়। ডাক্তৰ কুঁৱলীৰ যত্নত চলিহা লাহেলাহে সুস্থ হৈ উঠে।১

তৰুণৰ অপকৰ্ম প্ৰকাশ পোৱাত সি প্ৰতিশোধ পৰায়ণ হৈ উঠে। লগতে এই কথাও প্ৰকাশ পায় যে কুঁৱলীৰ দেউতাৰ মটৰ দুৰ্ঘটনাৰ আঁৰত চলিহা নহয়, তৰুণহে জড়িত আছিল। তৰুণে কুঁৱলীক অপহৰণ কৰি লৈ যায়। কুঁৱলীক উদ্ধাৰ কৰিবলৈ নিহাৰ তৰুণৰ আড্ডাত উপস্থিত হয়। সহায় কৰিবলৈ আগবাঢ়ি আহে বস্তিৰ যুৱকৰ দল এটাও। যুৱকৰ দলটো আৰু তৰুণৰ দলটোৰ মাজত ভয়ানক মাৰপিত হয় আৰু তৰুণৰ মৃত্যু হয়। অৱশেষত নিহাৰ আৰু কুঁৱলীৰ মিলনেৰে ছবিখনৰ সুখী পৰিসমাপ্তি ঘটে।১

অভিনয় শিল্পী

  • নিকুমণি বৰুৱা
  • মৃদুল ভূঞা
  • বৰষা ৰাণী বিষয়া
  • বিজন শইকীয়া
  • অংশুমান বৰুৱা
  • নীনা বৰা
  • ভাৰ্গৱ কটকী
  • নিৰেণ শৰ্মা
  • কমলৰাণা শৰ্মা
  • হিৰণ্য ডেকা
  • জয়ন্ত দাস
  • ৰীণা বৰা
  • সিদ্ধাৰ্থ মুখাৰ্জী
  • জুৰি দেৱী
  • দিলীপ বড়ো
  • মুন্না আহমেদ
  • অসীম বৈশ্য
  • অংকুৰ বিষয়া১

সংগীত

ছবিখনৰ সংগীত পৰিচালনা চাৰু গোহাঁই, ভূপেন উজীৰ, জয়ন্ত দাস, জিতুল সোণোৱাল, অশোক কুমাৰ বিষয়াৰ। আবহ সংগীত ৰচনা কৰিছিল জয়ন্ত পাঠকে।

তথ্যসূত্ৰ

  1. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 368

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুকুৰ মাজত জ্বলে” প্ৰবন্ধৰ সংশোধন ৫৪৪৬২৬ (২১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।