অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অসম দিৱস

অসম দিৱস বা চ্যু-কা-ফা দিৱস (Assam Day) হ'ল অসমৰ আহোম ৰাজবংশৰ প্ৰথম স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত প্ৰতিবছৰে অসমত পালন কৰা এটা দিৱস। ১২২৮ চনৰ এই দিনটোতে তেখেতৰ লগতে আহোমসকল সৌমাৰত উপস্থিত হৈ আহোম ৰাজ্য বা মু'ঙ দ'ন চ'ন খাম স্থাপন কৰিছিল।

হালনাগাদ: ১৯ মে’ ২০২৫ ৩৮১ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অসম দিৱস বা চ্যু-কা-ফা দিৱস (Assam Day) হ'ল অসমৰ আহোম ৰাজবংশৰ প্ৰথম চাওফা চাওলুং চুকাফাৰ স্মৃতিত প্ৰতিবছৰে অসমত পালন কৰা এটা দিৱস। ১২২৮ চনৰ এই দিনটোতে তেখেতৰ লগতে আহোমসকল সৌমাৰত উপস্থিত হৈ আহোম ৰাজ্য বা মু'ঙ দ'ন চ'ন খাম স্থাপন কৰিছিল।১ সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে।২

অসম দিৱসৰ উৎপত্তি

শিল্পীৰ তূলিকাত চাওলুং চ্যুকাফা
শিল্পীৰ তূলিকাত চাওলুং চ্যুকাফাছবি: govt of assam stamp · Public domain

১৯৭২ চনত ছৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁইয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে উৎযাপন কৰাৰ উদ্দেশ্যে বিষয়টো শদিয়াৰ মৌজাদাৰ আৰু শদিয়া আঞ্চলিক ছাত্ৰসন্থাৰ লগত আলোচনা কৰে আৰু সকলোৰে সহমতত শদিয়াৰ পাটিদৈ নগাঁৱৰ ৰাজগড় প্ৰথমিক বিদ্যালয়ত এই দিৱস উৎযাপন কৰা হয়। ১৯৭৩ চনত একে ঠাইতে অনুষ্টুপীয়াকৈ চ্যুকাফা দিৱস পতা হয় যদিও সেই একে ঠাইতে ১৯৭৪ চনত এই দিৱস অতি ধুমধামেৰে পতা হয়। ভীমকান্ত বুঢ়াগোহাঁই, শদিয়াৰ তেতিয়াৰ মৌজাদাৰ আৰু বৰঞ্জীবিদ ভবানন্দ বুঢ়াগোহাঁইৰ উদ্যোগত পতা সভাখনত শদিয়াৰ সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে সহযোগ কৰে। সভাখনৰ উদ্বোধক আছিল অসম সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ বৰা। নিৰ্দিষ্ট বক্তা আছিল ড॰ নগেন শইকীয়া আৰু সভাখনৰ সভাপতি আছিল ড॰ লীলা গগৈ। বক্তৃতা প্ৰসংগত ড॰ লীলা গগৈয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়।

১৯৮১ চনত শিৱসাগৰ জিলাৰ চৰাইদেউত চ্যুকাফা দিৱস পতা হয় আৰু তেতিয়াৰ পৰা কেইবাটাও জাতীয় সংগঠনে সেই দিনটো ‘চ্যুকাফা দিৱস’ হিচাপে স্বীকৃতি দিবৰ বাবে দাবী জনায়।

১৯৮৭ চনত ড॰ লীলা গগৈ, পদ্ম বৰকটকী আৰু ড॰ ধ্ৰুৱজ্যোতি বৰাই ১ মাৰ্চৰ ‘আজিৰ সময়’ কাকতত চ্যুকাফাৰ বিষয়ে বিভিন্ন লেখা লিখি সেই সংখ্যাটো চ্যুকাফা সংখ্যা হিচাপে প্ৰকাশ কৰি উলিয়ায়। সেই বছৰেই ২ ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাত জজ খেল পথাৰত চ্যুকাফা দিৱস আয়োজন কৰা হয় আৰু তাতেই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চ্যুকাফা দিৱসক ‘অসম দিৱস’ হিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে।২

চ্যুকাফাৰ আদৰ্শ

চীনৰ য়ুন্নান প্ৰদেশৰ মাওলুং ৰাজ্যৰ টাই আহোম ফৈদৰ ৰাজকোঁৱৰ চাওলুং চ্যুকাফাই ১২১৫ চনত আঠজন ডাঙৰীয়া আৰু বিষয়া, ৯০০০ জন পুৰুষ-তিৰোতা-ল’ৰা-ছোৱালী, দুটা হাতী আৰু ৩০০টা ঘোঁৰা লগত লৈ ব্ৰহ্মপুত্ৰ উপত্যাকালৈ যাত্ৰা কৰে৩ আৰু প্ৰায় ১৩ বছৰ পাটকাইৰ আশে-পাশে অনাই-বনাই থকাৰ পাছত ১২২৮ চনত সৌমাৰ খণ্ডত প্ৰৱেশ কৰে। যুদ্ধ-বিগ্ৰহ এৰাই চলি অতি বিচক্ষণতাৰে চ্যুকাফাই ব্ৰহ্মপুত্ৰ দুয়োপাৰে থকা সৰু সৰু জনগোষ্ঠীয় ৰাজ্যসমূহৰ একত্ৰিত কৰি ‘‘অসম’’ আৰু ‘‘অসমীয়া জাতি’’ গঢ়ি তুলিছিল। সকলোৰে মাজত মিত্ৰতা বজাই ৰাখিবলৈ নিজৰ ভাষা টাই আৰু নিজৰ তাও ধৰ্ম ত্যাগ কৰি সকলো জনগোষ্ঠীৰ সৈতে মিলি এক নতুন ভাষা সৃষ্টিত অৰিহনা যোগাইছিল। তেখেতৰে মহৎ আদৰ্শ গ্ৰহণ কৰি আহোমসকলে ছশ বছৰ শাসন কৰিছিল। চ্যুকাফাই অসমত বুৰঞ্জী চৰ্চাৰ পৰম্পৰাও আৰম্ভ কৰিছিল।৩

তথ্যসূত্ৰ

  1. ↑ SWARGADEO CHAOULUNG SIU-KA-PHA SAMANWAY KSHETRA. Government Of Assam, India
  2. ↑ অসম দিৱস (চ্যুকাফা দিৱস)ৰ উৎপত্তি, হেম গগৈ, অসমীয়া খবৰ, ২ ডিচেম্বৰ, ২০১১
  3. ↑ অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং চ্যুকাফা, আবেদুল চুলতান, অসমীয়া খবৰ, ২ ডিচেম্বৰ, ২০১১

সম্পৰ্কিত শ্ৰেণী

আহোম ৰাজ্যদিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম দিৱস” প্ৰবন্ধৰ সংশোধন ৫১০১৯৮ (১৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।