অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বোৱাৰী (চলচ্চিত্ৰ)

বোৱাৰী হৈছে আক্ষৰিক অৰ্থত দ্বিতীয়খন ব্লকবাষ্টাৰ অসমীয়া চলচিত্ৰ। "আজলী নবৌ"ৰ ৰেকৰ্ডসমূহ ওফৰাই ছবিখনে দৰ্শকৰ মাজত বিশেষ সমাদৰ লাভ কৰে। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে শিৱ প্ৰসাদ ঠাকুৰে আৰু সংগীত পৰিচালনা আছিল ড° উপেন কাকতিৰ। ছবিখনৰ "মন হীৰা দৈ" শীৰ্ষক গীতটি দৰ্শকৰ মাজত বিপুল জনপ্ৰিয় হৈছিল।

হালনাগাদ: ২০ মে’ ২০২৫ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বোৱাৰী হৈছে আক্ষৰিক অৰ্থত দ্বিতীয়খন ব্লকবাষ্টাৰ অসমীয়া চলচিত্ৰ। "আজলী নবৌ"ৰ ৰেকৰ্ডসমূহ ওফৰাই ছবিখনে দৰ্শকৰ মাজত বিশেষ সমাদৰ লাভ কৰে। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে শিৱ প্ৰসাদ ঠাকুৰে আৰু সংগীত পৰিচালনা আছিল ড° উপেন কাকতিৰ। ছবিখনৰ "মন হীৰা দৈ" শীৰ্ষক গীতটি দৰ্শকৰ মাজত বিপুল জনপ্ৰিয় হৈছিল।১

কাহিনীৰ সাৰাংশ

মধুপুৰ গাঁৱৰ বাসিন্দা প্ৰহ্লাদ শইকীয়াৰ দুজন পুত্ৰ। মাটি বন্ধকত দি বৰুপুত্ৰক উচ্চশিক্ষা দিয়ালে। চাকৰি পাই বৰপুত্ৰই বিয়া-বাৰু কৰাই চহৰতে নিগাজী হ’ল। ইফালে সৰুপুত্ৰ গকুলৰ টকাৰ অভাৱত বেছি পঢ়া-শুনা নহ’ল। গাঁৱৰে ছোৱালী ৰঙিলীক পলুৱাই নি বিয়া কৰোঁৱাৰ পিছত আন একো সংস্থাপন বিচাৰি নাপাই সি সামৰিক বাহিনীত ভৰ্তি হ’ল। যুগ্মজীৱনৰ স্বাক্ষৰ স্বৰূপে গকুল-ৰঙিলীৰ ল’ৰা এটা উপজিল। এনেতে যুদ্ধ ঘোষণা হোৱাত ছুটীত ঘৰলৈ অহা গকুল ততাতৈয়াকৈ চাকৰিলৈ উভতি গ’ল। যুদ্ধত আহত হৈ সি স্মৃতিশক্তি হেৰুৱালে। ইফালে ঘৰত একো শুং-সূত্ৰ নাপাই সি মৰা বুলি ভাবি ৰঙিলীয়ে বিধৱাৰ সাজ পিন্ধিলে। ৰঙিলীহঁতৰ দুখৰ দিন আৰম্ভ হ’ল। আশ্ৰয় দিয়াৰ চলেৰে বৰবাপুৰ পত্নী মল্লিকাই তেওঁলোকক চহৰলৈ লৈ গ’ল আৰু ৰঙিলীক চাকৰিনীৰ দৰে ব্যৱহাৰ কৰিবলৈ ল’লে। ঘটনাক্ৰমে ক্ৰিকেট খেলৰ বল লাগি গকুলৰ স্মৃতিশক্তি ঘূৰি আহিল। সি ঘৰলৈ উভতি আহিল। কিছু নাটকীয় ঘটনা-পৰিঘটনাৰ মাজেৰে সকলো একলগ হ’ল।১

অভিনয়ত

  • বিজু ফুকন
  • মৃদুলা বৰুৱা
  • মঞ্জুলা বৰুৱা
  • ৰূপজ্যোতি দাস
  • ৰাণা তামূলী
  • গীতাঞ্জলী ভূঞা
  • ধীৰেণ শৰ্মা
  • ৰাতুল গোস্বামী
  • গৌতম শৰ্মা
  • ভৰত ৰাজখোৱা
  • মৌচুম (শিশুশিল্পী)
  • মুনমী (শিশুশিল্পী)১

সংগীত

বোলছবিখনৰ সঙ্গীত পৰিচালনা উপেন কাকতিৰ। মুঠ গীতৰ সংখ্যা ছটা। ২১

বাহ্যিক সংযোগ

  1. ইউটিউৱত 'বোৱাৰী' ছবি

তথ্যসূত্ৰ

  1. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 304
  2. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 371

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৮২ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বোৱাৰী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫১০৫৪৭ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।