অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বান্ধোন (চলচ্চিত্ৰ)

বান্ধোন (Baandhon) ২৬ অক্টোবৰ ২০১২ তাৰিখে মুক্তি লাভ কৰা অসমীয়া ভাষাত নিৰ্মিত এখন চলচ্চিত্ৰ। বোলছবিখনৰ প্ৰযোজনা অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন) আৰু পৰিচালক জাহ্নু বৰুৱা।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৬৫ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

বান্ধোন (Baandhon) ২৬ অক্টোবৰ ২০১২ তাৰিখে মুক্তি লাভ কৰা অসমীয়া ভাষাত নিৰ্মিত এখন চলচ্চিত্ৰ।১২ বোলছবিখনৰ প্ৰযোজনা অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন) আৰু পৰিচালক জাহ্নু বৰুৱা।৩

কাহিনী

বান্ধোন চলচ্চিত্ৰখনৰ কাহিনীৰ ভিত্তি বৰ্তমানৰ সন্ত্ৰাসজৰ্জৰ পৰিস্থিতি। ইয়াত মূল চৰিত্ৰ এহাল সৰল বৃদ্ধ দম্পতি দণ্ডেশ্বৰ আৰু কৱনী (Hkawni)। তেওঁলোকে বৰপুত্ৰৰ খবৰ ল’বলৈ মুম্বাই অভিমুখে যাত্ৰা কৰিছিল, কাৰণ তেওঁলোকৰ পৰিয়ালৰ একমাত্ৰ জীৱিত সন্তান ২৬/১১/২০০৮ৰ মুম্বাই আক্ৰমণৰ ঘটনাৰ পাছৰে পৰা নিখোজ অৱস্থাত আছিল। বৃদ্ধ দম্পতিহালে পাছত অনুভৱ কৰে যে তেওঁলোকে বৰ্তমানৰ সন্ত্ৰাস জৰ্জৰিত পৰিস্থিতি সম্পৰ্কে সম্পূৰ্ণ অনভিজ্ঞ।৩

নিৰ্মাণ

চলচ্চিত্ৰখনৰ মহুৰত গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন)ৰ জোনাকী কম্পেক্সত অনুষ্ঠিত ১১ ডিচেম্বৰ ২০১১ তাৰিখে হৈছিল।

চিত্ৰগ্ৰহণ

২০১২ চনৰ ২ জানুৱাৰীৰপৰা অসম আৰু মুম্বাইৰ বিভিন্ন স্থানত চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ আৰম্ভ হৈছিল।৪

কলা-কুশলী

  • চিত্ৰনাট্য আৰু কাহিনী: জাহ্নু বৰুৱা
  • সংলাপ: হিউ এন বৰুৱা
  • সংগীত ব্যৱস্থাপনা: ধ্ৰুৱজ্যোতি ফুকন
  • চিত্ৰগ্ৰহণ: সুমন দুৱৰা
  • সম্পাদনা: চেৰাঘ তোড়ীৱালা
  • কাৰ্যবাহী প্ৰযোজক: ববিতা শৰ্মা আৰু নাজৰিন আহমেদ।৩

অভিনয়ত

সংগীত

চলচ্চিত্ৰখনত পাৰ্শ্বৱৰ্তী সংগীতৰ বাদে অন্যান্য কোনো গান নাই।৪ পাৰ্শ্বৱৰ্তী সংগীত পৰিচালনা কৰিছে ধ্ৰুৱজ্যোতি ফুকনে।৩

মুক্তি

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম প্ৰযোজিত বান্ধোন অসমৰ মুঠ ২৬ টা চিত্ৰগৃত মুক্তি পায়।

সন্মান তথা স্বীকৃতি

বান্ধোন চলচ্চিত্ৰখন ২০১২ বৰ্ষৰ ভাৰতৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামাৰ উদ্বোধনী চলচ্চিত্ৰ হিচাপে প্ৰদৰ্শিত হয়। মুম্বাইত অনুষ্ঠিত 'মুম্বাই চলচ্চিত্ৰ মহোৎসৱ'ৰ (১৮-২৫ অক্টোবৰ, ২০১২) 'স্বৰ্ণালী ভাৰত ২০১২' (India Gold 2012) শিতানত প্ৰদৰ্শিত হয়। চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰো একেটা অনুষ্ঠানতে কৰা হয়।৬৭

বোলছবিখনে ২০১২ চনৰ বেংগালুৰু চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ বোলছবিৰ বঁটা অৰ্জন কৰে।৮

২০১৩ চনৰ মাৰ্চত ঘোষিত ৬০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এই বোলছবিখনে 'শ্ৰেষ্ঠ অসমীয়া ভাষাৰ বোলছবি' সন্মান লাভ কৰে। তাৰ লগতে এই ছবিৰ বাবে বিষ্ণু খাৰঘৰীয়াই 'বিচাৰকমণ্ডলীৰ বিশেষ উল্লেখ'ৰ প্ৰমাণপত্ৰ লাভ কৰে।৯

তথ্যসূত্ৰ

  1. ↑ (২৬ অক্টোবৰ, ২০১২). মুক্তি পালে জাহ্নু বৰুৱাৰ ‘বান্ধোন’. ষ্টাফ ৰিপ’ৰ্টাৰ. জনসাধাৰণ
  2. ↑ (১২ অক্টোবৰ, ২০১২). ২৬ অক্টোবৰত চিত্ৰগৃহলৈ আহিব জাহ্নু বৰুৱাৰ বান্ধোন. দাস, অৰুণলোচন; অসমীয়া খবৰ. পৃ. ১২
  3. ↑ Das Arunlochan. (2013). ৩১১ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 519
  4. ↑ (১৫-১০-২০১২). Baandhon - Upcoming Assamese Feature Film by Jahnu Barua and Produced by ASFFDC. assamjournal.com
  5. ↑ (6 July 2013). 'Baandhon' portrays relationships sensitively (IANS Movie Review). New York Daily News. IANS
  6. ↑ মুম্বাই চলচ্চিত্ৰ মহোৎসৱৰ প্ৰদৰ্শন সূচী আহৰণ কৰা তাৰিখ: ২০-১০-২০১২
  7. ↑ Yahoo News, তাং: ৯ অক্টোবৰ, ২০১২ আহৰণ কৰা তাৰিখ: ২০-১২-২০১২
  8. ↑ (December 27th, 2012). Baandhon wins Best Film Award at Bengaluru International Film Festival. Dear Cinema
  9. ↑ (১৯ মাৰ্চ, ২০১২). পাঁচটা বঁটাৰে অসমৰ চলচ্চিত্ৰৰ জয়যাত্ৰা. আমাৰ অসম

সম্পৰ্কিত শ্ৰেণী

২০১২ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমীয়া ছবিভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমৰ ছবি২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰজাহ্নু বৰুৱা পৰিচালিত চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বান্ধোন (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৪০০৪২ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।