অহিৰ ভৈৰৱ (Songs of the Dawn) হৈছে ২০০৭ চনৰ এপ্ৰিল মাহত মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। ৰণদীপ প্ৰডাক্ছন্ছ (ইউ. কে.) লিমিটেডৰ বেনাৰত বোলছবিখন প্ৰযোজনা কৰে যুক্তৰাজ্য নিবাসী প্ৰবাসী অসমীয়া ড॰ ৰণেন শৰ্মাই আৰু পৰিচালনা কৰে শিৱপ্ৰসাদ ঠাকুৰে। এক কোটি টকাতকৈ অধিক বাজেটৰ আৰু সম্পূৰ্ণৰূপে যুক্তৰাজ্যত শ্বুটিং সম্পন্ন হোৱা এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ।১ ২০১০ চনত লণ্ডনৰ ব্ৰিটিছ ফিল্ম ইনষ্টিটিউটে ইয়াৰ সংগ্ৰহালয়ত বোলছবিখন সংৰক্ষণ কৰে।২
কাহিনী
ছিজ'ফ্ৰেনিয়া ৰোগত আক্ৰান্ত যুক্তৰাজ্যৰ এগৰাকী ভাৰতীয় মূলৰ মহিলাৰ কাহিনীৰে ছবিখন নিৰ্মাণ কৰা হৈছে। নায়িকাৰ ছিজ'ফ্ৰেনিয়া ৰোগৰ লগত সংগ্ৰাম আৰু ইয়াৰ ফলত তেওঁৰ তেওঁৰ পশ্চিমীয়া সংস্কৃতিৰ ভক্ত কন্যাকে ধৰি আন নিকটাত্মীয়ৰ ওপৰত পৰা প্ৰভাৱ চলচ্চিত্ৰখনৰ বিষয়বস্তু।৩ কাহিনীটোত দেখুওৱা হৈছে তিনিটা জেনেৰেশ্যনৰ শিক্ষিত ভাৰতীয় আৰু দেখুওৱা হৈছে ছিজ'ফ্ৰেনিক ৰোগীগৰাকীৰ লগত মিলা-মিছা কৰিবলৈ তেওঁলোকে অনুভৱ কৰা মানসিক অশান্তি।২
অভিনয়-শিল্পী
- পূৰবী শৰ্মা
- জেৰিফা ৱাহিদ
- কপিল বৰা
- বিদ্যুৎ চক্ৰৱৰ্তী
- মৃদুলা বৰুৱা
- মাধুৰীমা চৌধুৰী (অতিথি শিল্পী)
- ইলোৰা বৰুৱা (অতিথি শিল্পী)
- গীতা লহকৰ (অতিথি শিল্পী)
- মুনমী চক্ৰৱৰ্তী (অতিথি শিল্পী)
- কিৰিপ চলিহা (অতিথি শিল্পী)
- অবনী বৰা (অতিথি শিল্পী)
- শিৱ প্ৰসাদ ঠাকুৰ (অতিথি শিল্পী)
- এলেক্স নাইট (অতিথি শিল্পী)
পুৰস্কাৰ
- নিউইয়ৰ্ক ইণ্ডিপেণ্ডেণ্ট ইণ্টাৰনেছনেল ফিল্ম ফেষ্টিভেল, ২০০৮ - আন্তঃৰাষ্ট্ৰীয় শ্ৰেষ্ঠ পৰিচালকৰ বঁটা (শিৱ প্ৰসাদ ঠাকুৰ)২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ ১ কোটি টকাৰ বাজেটেৰে লণ্ডনত শ্বুটিং সম্পন্ন হোৱা অসমীয়া ছবি “অহিৰ ভৈৰৱ”-". Rupaliparda
- ↑ (এপ্ৰিল ৭, ২০১০). British archive picks Assam film - London institute to preserve award-winning movie on schizophrenia. The Telegraph
- ↑ Ahir Bhairav. Independent Film Library
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অহিৰ ভৈৰৱ” প্ৰবন্ধৰ সংশোধন ৩৯৮৯১৪ (২৫ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।