অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

প্ৰথম ৰাগিনী

প্ৰথম ৰাগিনী (Prathom Ragini) ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত, ট্ৰেঞ্চ এচিয়া ফিল্মছ ৮৬ৰ বেনাৰত নিৰ্মিত আৰু ধীৰু ভূঞা পৰিচালিত এখন অসমীয়া বোলছবি। ভূঞাৰ এইখন প্ৰথম পৰিচালিত ছবি। ৰমা দাশৰ অচল টকা শীৰ্ষক এটা গল্পৰ আধাৰত প্ৰথম ৰাগিনীৰ চিত্ৰনাট্য ৰচনা কৰিছিল গৌতম বৰা আৰু মহম্মদ চাদুল্লাই।

হালনাগাদ: ২৯ জানুৱাৰী ২০২৫ ২৭৯ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

প্ৰথম ৰাগিনী (Prathom Ragini) ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত, ট্ৰেঞ্চ এচিয়া ফিল্মছ ৮৬ৰ বেনাৰত নিৰ্মিত আৰু ধীৰু ভূঞা পৰিচালিত এখন অসমীয়া বোলছবি। ভূঞাৰ এইখন প্ৰথম পৰিচালিত ছবি। ৰমা দাশৰ অচল টকা শীৰ্ষক এটা গল্পৰ আধাৰত প্ৰথম ৰাগিনীৰ চিত্ৰনাট্য ৰচনা কৰিছিল গৌতম বৰা আৰু মহম্মদ চাদুল্লাই।১

কাহিনী

মৃদুপৱন বৰুৱা এজন ইঞ্জিনিয়াৰ। উজনি অসমৰ তেওঁৰ ঘৰত নৱবিবাহিতা পত্নীক এৰি থৈ শ্বিলঙলৈ গুছি আহে; য’ত তেওঁ এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰে। পত্নীক কথা দি আছে যে শ্বিলঙত থাকিবলৈ ঘৰ এটা বন্দোৱস্ত হ’লেই তেওঁক লৈ যাব। তাত গৈ মৃদুপৱনে মিনি এণ্ড্ৰিউজ বৰবৰা নামৰ সুন্দৰী খ্ৰীষ্টিয়ান ছোৱালী এজনীক লগ পায়। মিনিয়ে স্কুল শিক্ষয়ত্ৰী বায়েক ৰুথৰ সৈতে একেলগে থাকি কলেজত পঢ়িছিল। কমদিনৰ ভিতৰতে দুয়োৰো মাজত এক প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে; অথচ মিনিয়ে নাজানিছিল যে তাই ভালপোৱা মানুহজন বিবাহিত। এদিন মৃদুপৱনে লতিকাৰ চিঠি এখন পায়, য’ত ঘৈণীয়েকে তেওঁৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ বিষয়ে সোঁৱাৰাই দিয়ে। এদিন তেওঁৰ অনুপস্থিতিত লতিকা আৰু মিনিৰ দেখা-সাক্ষাৎ হয় আৰু সকলো গোপনীয়তা প্ৰকাশ পায়। মিনিৰ সকলো সপোন ধুলিস্যাৎ হয়। যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ বাবে অৱশেষত তাই নাৰ্চৰ কামত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে, যাতে তাইৰ দৰে দুখ-যন্ত্ৰণাত পিষ্ট মানুহক যন্ত্ৰণাৰ পৰা উপশম পাবলৈ সহায়ৰ হাত আগবঢ়াব পাৰে।১২

কলা-কুশলী

  • সংলাপ- পদ্ম বৰকটকী
  • গীতিকাৰ- কীৰ্তিকমল ভূঞা
  • কণ্ঠ- মালৱিকা বৰা
  • শব্দগ্ৰহণ- অনুপ মুখোপধ্যায়

অভিনয়শিল্পী

  • প্ৰীতম গোস্বামী
  • পূৰৱী শৰ্মা
  • বন্দনা শৰ্মা
  • জীমণি চৌধুৰী
  • ধীৰু ভূঞা
  • আগা আহমেদ
  • কীৰ্তি দাস
  • অৰূপ বিশ্বাস
  • মেৰী সিনহা।১২

গীত

  1. পাহাৰৰ ভাঁজে ভাঁজে ৰ'দে মেলি দিয়া, কাৰ বাৰু ধৰাখনি সাতো বৰণীয়া।২

বঁটা

“বিপৰীত পৰিস্থিতি আৰু যন্ত্ৰনাকো নেওচি এজনী গাভৰু ছোৱালীৰ সাহস আৰু আশাবাদক চিত্ৰিত কৰা” প্ৰথম ৰাগিনী ছবিয়ে ১৯৮৭ চনৰ ৩৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰজত কমল বঁটা লাভ কৰে। এই বঁটাত নিৰ্মাতা সুৰেন্দ্ৰ নাথ বৰালৈ ৰজত কমল আৰু নগদ বিশ হাজাৰ টকা আৰু পৰিচালক ধীৰু ভূঞালৈ ৰজত কমলৰ সৈতে নগদ দহ হাজাৰ টকা আগবঢ়োৱা হয়।১

তথ্যসূত্ৰ

  1. ↑ 35th National Film Festival 1988
  2. ↑ অৰুণলোচন দাস. অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. শশী শিশু প্ৰকাশন

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰথম ৰাগিনী” প্ৰবন্ধৰ সংশোধন ৪৬৬৯৩৩ (২৯ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।