ছেইণ্ট ভেলেণ্টাইন দিৱস১, সাধাৰণতে চমুকৈ ভেলেণ্টাইন দিৱস২ হ'ল এজন বা ততোধিক খ্ৰীষ্টিয় শ্বহীদ ছেইণ্ট ভেলেণ্টাইনৰ নামত উচৰ্গিত দিন। বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে ইয়াক পালন কৰা হয়। ইয়াক এটা পৱিত্ৰ প্ৰেমৰ দিন হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়। এই দিনটোত প্ৰেমিক-প্ৰেমিকা সকলে নিজৰ প্ৰিয়জনক ফুলৰে, মিঠাই বা মৰমৰ বাৰ্তাৰে (ভেলেণ্টাইন বাৰ্তা) সম্ভাষণ জনায়। এই দিনটো, উচ্চ মধ্য যুগৰ জিও’ফ্ৰি চাওঁচাৰ (Geoffrey Chaucer)ৰ চক্ৰৰ লগত ৰাজকীয় প্ৰেমৰ পৰম্পৰাৰ জয়জয় ময়ময়ৰ সময়তে, প্ৰথম বাৰৰ বাবে ৰোমাণ্টিক প্ৰেমৰ লগত সাঙোৰ খাই পৰে। এই দিৱসটো প্ৰথম বাৰৰ বাবে প’প গিলাচিয়াছে ৪৯৬ খ্ৰীঃ পূঃ ত প্ৰতিষ্ঠিত কৰে আৰু ইয়াক পিছত ১৯৬৯ চনত চতুৰ্থ প’প প’লৰ দ্বাৰা সাধাৰণ ৰোমান দিনপঞ্জীৰ পৰা আঁতৰাই দিয়া হয়।
হৃদয়ৰ আকৃতিৰ পৰিসীমা, কপৌ আৰু ডেউকা থকা কিউপিডৰ ছবিক, আধুনিক ভেলেণ্টাইন দিৱসৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ১৯ শতিকাৰ পৰা হাতে লিখা ভেলেণ্টাইন বাৰ্তা আঁতৰি, তাৰ ঠাইত পাইকাৰী হাৰত শুভেচ্ছা প্ৰত্ৰৰ প্ৰচলন আৰম্ভ হয়।
ছেইণ্ট ভেলেণ্টাইন
ঐতিহাসিক সত্যতা
আদিতে কেইবাজনো খ্ৰীষ্টিয় শ্বহীদক ছেইণ্ট ভেলেণ্টাইন নামেৰে নামকৰণ কৰা হৈছিল। ১৪ ফেব্ৰুৱাৰী তাৰিখত সন্মান জনোৱা সকল হৈছে ৰোমৰ ভেলেণ্টাইন (Valentinus presb. m. Romae) আৰু টাৰ্ণিৰ ভেলেণ্টাইন (Valentinus ep. Interamnensis m. Romae). প্ৰায় ২৬৯ খ্ৰীষ্ট পূৰ্বাব্দত খ্ৰীষ্টিয় পুৰোহিত ৰোমৰ ভেলেণ্টাইন গৰাকীক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয় আৰু তেওঁক ভায়া ফ্লেমিনা নামে ঠাইত কবৰ দিয়া হয়।
আখ্যান
ভেলেণ্টাইন দিৱসত বিশেষ গুৰুত্ব লাভ কৰা ১১টা জনপ্ৰিয় কাহিনী তলত উল্লেখ কৰা হ’ল।
দেবদাস আৰু পাৰু
ভাৰতৰ লগতে পৃথিৱীৰ অন্য কিছুপ্ৰান্তটো এই কাহিনী জনপ্ৰিয়। বঙালী ভাষাৰ সাহিত্যিক শৰৎ চন্দ্ৰ চট্টোপধ্যায়ে এই কাহিনীটোৰ ৰচনা কৰিছিল। এই কাহিনীটোক লৈ বৰ্তমানলৈকে কেবাখনো চলচ্চিত্ৰ আৰু নাটক নিৰ্মাণ কৰা হৈছে।৩
ছাহজাহান আৰু মমতাজ
১৬১২ত আৰ্জমুণ্ড বানু নামৰ এগৰাকী কিশোৰী মোগল সম্ৰাট ছাহজাহানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। মমতাজ ছাহজাহানৰ সকলোতকৈ প্ৰিয় পত্নী আছিল কিন্তু মমতাজৰ অকাল মৃত্যু ঘটাত পত্নীৰ মৃত্যু চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে ২০০০০ কৰ্মী, এহেজাৰ হাতী আৰু সুদীৰ্ঘ ২০ বছৰ কাল ব্যয় কৰি তাজমহল নিৰ্মাণ কৰি উলিয়াইছিল। ছাহজাহানৰ মৃত্যুৰ পাছত তেওঁৰ নিজ ইচ্ছা অনুসৰি তাজমহলত থকা মমতাজত কবৰৰ কাষতেই কবৰ দিয়া হয়।
ছেলিম আৰু আনাৰকলি
মোগল সম্ৰাট আকবৰৰ পুত্ৰ ছেলিম আৰু আনাৰকলি নামৰ এগৰাকী সাধাৰণ নৰ্তকীৰ মাজত হোৱা এটা প্ৰেমৰ সম্বন্ধৰ আঁত ধৰিয়েই এই কাহিনীটো লিখা হৈছে।
ৰোমিঅ’ আৰু জুলিয়েট
নাট্যকাৰ উইলিয়াম শ্বেইকছপীয়েৰে নাট্যৰূপ দি এই ঐতিহাসিক কাহিনীটো সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰি তুলিছিল। এই প্ৰেম কাহিনীটোৰ দুয়োগৰাকী নায়ক নায়িকাই তেওঁলোকৰ কৈশোৰতে পৰস্পৰে পৰস্পৰৰ প্ৰেমত পৰে, আৰু পাছত বিবাহপাশটো আবদ্ধ হয়। ৰোমিঅ’ আৰু জুলিয়েটৰ দুয়োটা পৰিয়ালৰ মাজত শত্ৰুতা থকা বাবে এই প্ৰেমৰ বান্ধোনত প্ৰাচীৰ হিচাপে থিয় দিয়ে। সকলো বাধাৰ সৈতে যুঁজি যুঁজি অৱশেষত ৰোমিঅ’ আৰু জুলিয়েটে কৰুণ মৃত্যুক সাৱটি লয়। দুয়োটি কিশোৰৰ কৰুণ মৃত্যুৱে দুয়োটা পৰিয়ালৰ শত্ৰুতাক বিনাশ কৰি প্ৰেমৰ বান্ধোনেৰে বান্ধ খাবলৈ অনুপ্ৰাণিত কৰে।
মেৰী আৰু পীয়েৰ কুৰী
এই সঁচা কাহিনীটো প্ৰেম আৰু বিজ্ঞানৰ কাহিনী বুলিও কোৱা হয়। ১৯০৩ চনত পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰা এইহাল প্ৰেমিক প্ৰেমিকাক লৈ লিখা এই কাহিনীটো ইংলেণ্ডত সবাটোকৈ জনপ্ৰিয়।
লায়লা আৰু মজনু
পাৰস্যৰ মধ্যযুগৰ এজন কবি জামি নুৰুদ্দিন আব্দুৰৰেহমান৪য়ে 'লায়লা মজনু' নামেৰে এটা ৰোমাণ্টিক কবিতা লিখিছিল। প্ৰকৃততে এই কাহিনী এক আৰবী আখ্যান আছিল।
কিঅ’পেট্ৰা আৰু মাৰ্ক এণ্টনী
এই কাহিনীটো নাট্যকাৰ উইলিয়াম শেক্সপীয়েৰে সৃষ্টি কৰিছিল।
লেন্সলট আৰু গুনিভেৰ
সম্ৰাট আৰ্থাৰৰ কাৰ্যকালত বিভিন্ন কাহিনী প্ৰচলিত হৈ আছে, এই কাহিনীটো তেনে এটা জনপ্ৰিয় কাহিনী।
পেৰিছ আৰু হেলেনা
এই কাহিনীটো হোমাৰৰ ইলিয়াডৰ অন্তৰ্গত।
জংকী পানেই
এই কাহিনীটো উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ “মিৰি জীয়ৰী” নামৰ বিখ্যাত অসমীয়া উপন্যাসৰ অন্তৰ্গত। অসমত এই প্ৰেম কাহিনীটো জনপ্ৰিয়।
তথ্যসূত্ৰ
- ↑ The History of Valentine's Day – History.com, A&E Television Networks. Retrieved February 2, 2010
- ↑ History of Valentine's Day Christianity Today International. Retrieved February 2, 2010. Then Again Maybe Don't Be My Valentine, Ted Olsen, 2000-01-02
- ↑ দৈনিক অগ্ৰদূত, বিশেষ পৰিপূৰিকা, তাং: ১৪ ফেব্ৰুৱাৰী, ২০১২, পৃষ্ঠা নং ১
- ↑ Ralph Waldo Emerson, Rubáiyát of Omar Khayyám and Salámán and Absál Together With A Life Of Edward Fitzgerald And An Essay On Persian Poetry. "Jámi Noureddin Abdurrahman, Persian Poet, was born at Jam, in Khorassán, in 1414. His best known poems are “Yúsuf and Salikha,” “Majnún and Laili,” and “Salámán and Absál.” In addition to his poetry, he wrote a History of the Sufí, and other prose works. He died in the year 1492."
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেলেণ্টাইন দিৱস” প্ৰবন্ধৰ সংশোধন ৪৪১৬৮০ (২৯ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।