অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিশ্ব স্বাস্থ্য দিৱস

বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে পালন কৰে।

হালনাগাদ: ২ ছেপ্তেম্বৰ ২০২৫ ২০৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে পালন কৰে।

বিশ্ব স্বাস্থ্য সংস্থা আন্তৰ্জাতিক জনস্বাস্থ্যৰ সমন্বয়কৰ ভূমিকা পালন কৰে। ১৯৪৮ চনৰ ৭ এপ্ৰিল তাৰিখে ইয়াৰ গঠন কৰা হৈছিল। ১৯৪৮ চনত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথম বিশ্ব স্বাস্থ্য সভা অনুষ্ঠিত হৈছিল। বিশ্ব স্বাস্থ্য সভায়ে প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰাৰ প্ৰস্তাৱ গৃহীত কৰে আৰু ১৯৫০ চনৰ পৰা এই প্ৰস্তাৱ কাৰ্যকৰী হয়। গোটেই বিশ্বতে স্বাস্থ্য সম্পৰ্কীয় বিষয় সমূহৰ সজাগতা আৰু উপযুক্ত কৃতপক্ষৰ দৃষ্টি আকৰ্ষণ কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য।১ বিশ্ব স্বাস্থ্য সংস্থায়ে বিশ্ব স্বাস্থ্য দিৱসত আন্তৰ্জাতিক, আঞ্চলিক আৰু স্থানীয় স্তৰত প্ৰতি বছৰে এটি মূল বিষয়লৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে। বিশ্ব স্বাস্থ্য দিৱস জনস্বাস্থ্যৰ লগত জড়িত বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংগঠনে পালন কৰে। গোলকীয় স্বাস্থ্য পৰিষদৰ অংশ হিচাপে বিশ্ব স্বাস্থ্য দিৱসৰ প্ৰচাৰ আৰু প্ৰসাৰ চলোৱা হয়।২

বিশ্ব স্বাস্থ্য দিৱস বিশ্ব স্বাস্থ্য সংস্থায়ে পালন কৰা বিশ্বৰ স্বাস্থ্যৰ লগত জড়িত ৮ টা চৰকাৰী দিৱস আৰু কাৰ্যসূচীৰ অন্যতম। বাকীকেইটা হল বিশ্ব যক্ষ্মা দিৱস, বিশ্ব ৰোগপ্ৰতিৰোধক সপ্তাহ, বিশ্ব মেলেৰিয়া দিৱস, বিশ্ব ধঁপাতবিৰোধী দিৱস, বিশ্ব এইড্‌ছ দিৱস, বিশ্ব ৰক্তদাতা দিৱস আৰু বিশ্ব হেপাটাইটিছ দিৱস.৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ World Health Organization: World Health Day. Accessed 16 March 2011
  2. ↑ Global Health Council: World Health Day by Lara Endreszl, 7 April 2009
  3. ↑ World Health Organization: WHO campaigns.

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব স্বাস্থ্য দিৱস” প্ৰবন্ধৰ সংশোধন ৫৩৬৮২৭ (২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।