অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বিশ্বাস স্বৰূপম

শিৱৰ মূৰ্তি, যাক বিশ্বাসৰ মূৰ্তি বা বিশ্বাস স্বৰূপম বুলি জনা যায়, ভাৰতৰ ৰাজস্থানৰ নাথদ্বাৰাত নিৰ্মিত হিন্দু দেৱতা শিৱৰ এটা প্ৰতিমূৰ্তি। মূৰ্তি-নিৰ্মাতা নৰেশ কুমাৱাটে এই ভাস্কৰ্য নিৰ্মাণ কৰি ২০২২ চনৰ ২৯ অক্টোবৰত মুকলি কৰা এই প্ৰতিমূৰ্তিটো বিশ্বৰ আটাইতকৈ ওখ শিৱৰ মূৰ্তি।

হালনাগাদ: ১৯ জুন ২০২৫ ২৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

শিৱৰ মূৰ্তি, যাক বিশ্বাসৰ মূৰ্তি বা বিশ্বাস স্বৰূপম বুলি জনা যায়, ভাৰতৰ ৰাজস্থানৰ নাথদ্বাৰাত নিৰ্মিত হিন্দু দেৱতা শিৱৰ এটা প্ৰতিমূৰ্তি।১২ মূৰ্তি-নিৰ্মাতা নৰেশ কুমাৱাটে এই ভাস্কৰ্য নিৰ্মাণ কৰি ২০২২ চনৰ ২৯ অক্টোবৰত মুকলি কৰা এই প্ৰতিমূৰ্তিটো বিশ্বৰ আটাইতকৈ ওখ শিৱৰ মূৰ্তি।৩

বিৱৰণ

মূৰ্তিটোত শিৱক এখন ভৰিৰ ওপৰত আন এখন ভৰি তুলি বহি থকা অৱস্থাত বাওঁহাতত ত্ৰিশূল লৈ থকা অৱস্থাত চিত্ৰিত কৰা হৈছে। শিৱৰ বাওঁ ভৰিখন সোঁ ভৰিৰ আঁঠুৰ ওপৰত থোৱা হৈছে। মুখৰ ভাব উদাসীন, ধ্যানমগ্ন।৪ প্ৰতিমূৰ্তিটোৰ এটা স্পষ্ট তাম্ৰ প্ৰলেপ দেখা যায়। দুটা দৃশ্যকোণৰ পৰা চাৰিওফালৰ গ্ৰাম্য অঞ্চলৰ বিশাল দৃশ্য দেখা যায়। ২০১১ চনত এই মূৰ্তিটোৰ আৰ্হি প্ৰস্তুতিৰ কাম আৰম্ভ হৈছিল, ২০১৬ চনত নিৰ্মাণ আৰম্ভ হৈছিল আৰু ২০২০ চনত সম্পূৰ্ণ হৈছিল। সামগ্ৰিকভাৱে মূৰ্তিটোৰ উচ্চতা ৩৬৯ ফুট (১১২ মিটাৰ); বেদীটো ১১০ ফুট (৩৪ মিটাৰ) ওখ।৫ ২০ কিলোমিটাৰ (১২ মাইল) দূৰৰ পৰা এই মূৰ্তিটো দেখা যায়।৬

মূৰ্তিটোৰ ভিতৰত এটা প্ৰদৰ্শনী হলৰ লগতে ২০ ফুট (৬.১ মিটাৰ), ১১০ ফুট (৩৪ মিটাৰ) আৰু ২৭০ ফুট (৮২ মিটাৰ) উচ্চতাত লিফটৰ দ্বাৰা প্ৰৱেশ কৰিব পৰা ৰাজহুৱা দৰ্শন গেলেৰী আছে।৭৮ এই স্থানত শিৱৰ বলধ নন্দীৰ মূৰ্তি সন্নিৱিষ্ট কৰা হৈছে, যাৰ উচ্চতা ২৫ ফুট (৭.৬ মিটাৰ) আৰু দীঘল ৩৭ ফুট (১১ মিটাৰ)।৯ ১৬ একৰ মাটিত পাৰ্কিঙৰ সুবিধা, তিনিখন বনৌষধি বাগিচা, ফুড ক'ৰ্ট, লেজাৰ ফোয়াৰা আৰু হস্তশিল্পৰ দোকান,৭ দৰ্শনৰ মঞ্চ, সংগীতৰ ফোয়াৰা, স্মৃতিগ্ৰন্থৰ দোকান আৰু এঠাইত এটা পুখুৰীও আছে। স্থানীয় দৰ্শনীয় স্থানসমূহ দ্ৰুতভাৱে চাবলৈ ঠাইতে এখন মিনি ট্ৰেইনৰ ব্যৱস্থা আছে।১০

নিৰ্মাণ

ভাৰতীয় ব্যৱসায়ী মদন পালিৱালে এই প্ৰতিমূৰ্তিটোৰ পৰোকল্পনা কৰিছিল আৰু নিৰ্মাণ কৰিছিল শ্বপুৰজী পল্লোঞ্জীয়ে। বিশ্বাসৰ মূৰ্তি নামে জনাজাত শিৱৰ এই মূৰ্তিটোৰ ভাস্কৰ্য ৰূপ দিছিল ’মূৰ্তিকাৰ’ নৰেশ কুমাৱতে।২১ গঠনটো বেৰৰ ভিতৰৰ এটা শক্তিশালী চিমেণ্টৰ কংক্ৰিট স্তৰেৰে গঠিত যাৰ চাৰিওফালে এটা গাঁথনিগত ষ্টীলৰ কাঠামো আছে, যিটো নিজেই এটা ঢালাই কৰা অতি উচ্চ-কাৰ্যক্ষম কংক্ৰিটৰ বাহিৰৰ অংশৰে আগুৰি আছে। পৃষ্ঠত তৰলীকৃত জিংক স্প্ৰে কৰা হৈছিল, তাৰ পিছত তামৰ আৱৰণ দিয়া হৈছিল।২

তথ্যসূত্ৰ

  1. ↑ Naresh Kumawat
  2. ↑ Shiva Statue at Nathdwara, Rajasthan. www.nbmcw.com. New Building Materials & Construction World
  3. ↑ (27 November 2022). World's tallest Shiva statue to be inaugurated in Rajasthan. The Economic Times
  4. ↑ (29 October 2022). World's tallest Shiva statue to be inaugurated in Rajasthan. zeebiz.com
  5. ↑ Statue of Belief: World's tallest Lord Shiva statue expected to be completed by August. www.timesnownews.com
  6. ↑ (4 March 2019). Largest statue of Lord Shiva to be inaugurated in Rajasthan this March, 2019. Times of India Travel
  7. ↑ (12 November 2020). Lord Shiva statue likely to be inaugurated by January. udaipurtimes.com
  8. ↑ Chowdhary, Charu. Statue of Belief in Nathdwara Will Soon be Open For Public Viewing · India.com. www.india.com
  9. ↑ Koladra, Pankaj. (25 November 2020). Statue of Belief: World's tallest Lord Shiva Statue · Yatradham.Org. YatraDham
  10. ↑ (29 October 2022). World's tallest Shiva statue to be inaugurated in Rajasthan. economictimes.indiatimes.com

সম্পৰ্কিত শ্ৰেণী

স্থাপত্যভাৰতৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্বাস স্বৰূপম” প্ৰবন্ধৰ সংশোধন ৫১৯১৭০ (১৯ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।