বালুচড়ী পশ্চিমবংগৰ প্ৰসিদ্ধ শাড়ী, ভাৰতৰ ভৌগোলিক স্বীকৃতি আৰু বয়নশৈলীত জাতীয় পুৰস্কাৰ প্ৰাপ্ত শিল্পকৰ্ম। আঁচলত বিবিধ পৌৰাণিক আৰু অন্যান্য নক্সা-গঁঠা এই শাড়ী আভিজাত্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। বালুচড়ী শাড়ী তৈয়াৰ কৰোঁতে প্ৰায় ১ সপ্তাহ বা তাতোকৈ বেছি সময় লাগে।১২ এই শাড়ী ভাৰতৰ ভৌগলিক পৰিচায়কৰ ইঙ্গিত দিয়ে।৩
ইতিহাস
মুৰ্চিদাবাদ জিলাৰ বেলুচড় গাঁৱৰ নামেৰে এই শাড়ীৰ নাম বেলুচড়ী শাড়ী হৈছে। নবাব মুৰ্চিদকুলি খানৰ উদ্যোগত এই শিল্পৰ বিপুল উন্নতি হৈছিল। গংগা নদীৰ বানপানীয়ে এই গাওঁ বিধ্বস্ত কৰাত শিল্পীসকলে বাংকুৰা জিলাৰ বিষ্ণুপুৰত আশ্ৰয় লয়। তাত মল্ল ৰজাৰ পৃষ্ঠপোষণত এই শিল্পৰ সমৃদ্ধি ঘটে। মল্ল ৰজাৰ সময়ত নিৰ্মাণ টেৰাকোটাৰ মন্দিৰ আৰু অন্যান্য শিল্পৰ প্ৰভাব এই শাড়ীৰ নক্সাত পৰে। পিছত ব্ৰিটিছৰ শাসনকালত অন্যান্য দেশীয় বয়নশিল্পৰ দৰে বালুচড়ীও দুৰ্দশাগ্ৰস্ত হয়। বিশ শতিকাৰ প্ৰথম ফালে বিখ্যাত শিল্পী সুভো ঠাকুৰৰ উদ্যোগত এই শাড়ীৰ বাণিজ্যিক বিস্তাৰ ঘটে।

পদ্ধতি
এই শাড়ী মূলতঃ ৰেচমৰ শাড়ী, যদিও পিছত কপাহৰ পৰা আদি কৰি তাঁতৰ বালুচড়ী আৰু আজিকালি বাঁহ, কল ইত্যাদি গছৰ পৰা প্ৰস্তুত কৰা সুতাৰ পৰা জৈৱ বালুচড়ীও তৈয়াৰ কৰা হৈছে। এখন শাড়ী তৈয়াৰ কৰাত দুজন কাৰিগৰক এক সপ্তাহ বা বেছি সময় লাগে। প্ৰথমে লেটাৰ পৰা ৰেচম সংগৃহীত হয়, পিছত ইয়াক ছ'ডা আৰু গৰম পানীত সিজাই লোৱা হয় আৰু আম্লিক ৰঞ্জকেৰে ৰং কৰা হয়। তাৰপিছত দুদিশে টানি লোৱা হয়,যাতে সুতাৰ পৰা কাপোৰ প্ৰস্তুত কৰিব পাৰি। শাড়ীৰ নক্সাবোৰ কাগজত আঁকি পাঞ্চিং কাৰ্ডৰ সহায়ত শাড়ীত বহাই দিয়া হয়। বৰ্তমানে পৰিবেশ বচাবলে নানা জৈৱ ৰঙো ব্যৱহৃত হৈছে।
প্ৰকাৰ
ৰেচমৰ বালুচড়ীত নিত্য নতুন পৰীক্ষা-নিৰীক্ষাৰ ফলত অনেক ধৰণৰ শাড়ী তৈয়াৰ হৈছে। এক বা দুই ৰঙৰ সাধাৰণ বালুচড়ী, ৰঙত জিকমিকাই থকা মীনাকৰী বালুচড়ী, গুৰুদাস লক্ষ্মণ আৱিষ্কৃত স্বৰ্ণচড়ী, অমিতাভ পালৰ সৃষ্টি ৰূপশালী আৰু মধুমালতী, অমিত লক্ষ্মণৰ সৃষ্টি ধ্ৰুপদী বালুচড়ী ইত্যাদি ইয়াৰ নানা প্ৰকাৰ।৪

লগতে চাওক
- Baluchari Sari Bengali Delight, Utsavpedia
- Pride of Bengal – Baluchari Sarees, Silk Mark
- Making of baluchari Sari from Bishnupur Bankura West Bengal, YouTube
তথ্যসূত্ৰ
- ↑ BALASUBRAMANIAM, CHITRA. (14 January 2012). Recreating the age-old Baluchari magic. The Hindu
- ↑ Mookerji, Madhumita. Baluchari silk loses its sheen to Benarasi. DNA
- ↑ Journal 41 GI Application 173. Controller General of Patents, Designs, and Trade Marks, Government of India
- ↑ পুজোৰ বাজাৰে নতুন বালুচৰী, স্বৰ্ণচৰী, আনন্দবাজাৰ পত্ৰিকা, ১৪ অক্টোবৰ, ২০১৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বালুচড়ী শাড়ী” প্ৰবন্ধৰ সংশোধন ৪৮০০০৯ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।