অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বামনপুৰম নদী

বামনপুৰম নদী (Vamanapuram River) কেৰালাৰ এখন নদী। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৮৮ কিলোমিটাৰ (৫৫ মাইল)। নদীখন দক্ষিণ কেৰালাৰ মাজেৰে বৈ গৈ তিৰুৱনন্তপুৰম জিলাৰ উত্তৰ অংশ অতিক্ৰম কৰে। এই নদীখন তিৰুৱনন্তপুৰম জিলাৰ দীৰ্ঘতম নদী হিচাপেও পৰিচিত। নদীখনক কল্লাৰ, কোল্লামপুঝায়াৰু আৰু আট্টিংগালাৰু নামেৰেও জনা যায়।

হালনাগাদ: ১৫ আগষ্ট ২০২৬ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বামনপুৰম নদী (Vamanapuram River) কেৰালাৰ এখন নদী। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৮৮ কিলোমিটাৰ (৫৫ মাইল)। নদীখন দক্ষিণ কেৰালাৰ মাজেৰে বৈ গৈ তিৰুৱনন্তপুৰম জিলাৰ উত্তৰ অংশ অতিক্ৰম কৰে। এই নদীখন তিৰুৱনন্তপুৰম জিলাৰ দীৰ্ঘতম নদী হিচাপেও পৰিচিত। নদীখনক কল্লাৰ, কোল্লামপুঝায়াৰু আৰু আট্টিংগালাৰু নামেৰেও জনা যায়। বামনপুৰম নদীখনৰ দুখন উল্লেখযোগ্য উপনৈ হৈছে আপাৰ চিত্তাৰ আৰু মাঞ্জাপ্ৰায়াৰ । এই দুয়োটা জলধাৰাৰ উৎপত্তি পোনমুডি পাহাৰীয়া পৰ্যটনস্থলীৰ ওচৰৰ পাহাৰীয়া অঞ্চলত।

গতিপথ

নদীখনৰ উৎপত্তি পশ্চিমঘাটৰ দক্ষিণ অংশত অৱস্থিত চেম্মুঞ্জিমোটা পাহাৰ (উচ্চতা ১,৮৬০ মিটাৰ)ৰপৰা হৈছে। বামনপুৰম নদী কেৰালাৰ তিৰুৱনন্তপুৰম জিলাৰ মাজেৰে সম্পূৰ্ণভাৱে প্ৰৱাহিত হৈ চিৰায়িনকীঝুৰ ওচৰৰ আঞ্জেংগো হ্ৰদ (আঞ্চুথেংগু হ্ৰদ)ত গৈ মিলিত হৈছে। নদীখন আটিঙ্গল পৌৰসভা, কেৰেটে, পালোদে, ভিথুৰা আৰু কাল্লাৰ অঞ্চলৰ মাজেৰে বৈ গৈছে। কোল্লামপুঝাৰ থিৰু আৰাট্টু কাভু দেৱী মন্দিৰ এই নদীৰ পাৰত অৱস্থিত। ১মন্দিৰটোৰ ট্ৰাভানকোৰ ৰাজপৰিয়ালৰ সৈতে ঐতিহাসিক সম্পৰ্ক আছে।

কাল্লাৰত অৱস্থিত মীনমুট্টি জলপ্ৰপাত নদীখনৰ ওপৰৰ গতিপথত অৱস্থিত। আনহাতে, ইডিঞ্জাৰত থকা মানকায়াম জলপ্ৰপাত আৰু বোনাকাউডত থকা ভাঝৱানথোল জলপ্ৰপাত নদীখনৰ উপনদীসমূহৰ ওপৰত অৱস্থিত।

তাৎপৰ্য্য

নদীখন আটিঙ্গল আৰু ভাৰ্কালা পৌৰসভাৰ বাবে পানীৰ এক গুৰুত্বপূৰ্ণ উৎস। ২ নিম্নগতিত চিৰায়িনকীঝুৰ ওচৰত নদীখনত নৌকা চলোৱাৰ ব্যৱস্থা আছে।৩নদীখনৰ ওপৰৰ গতিপথত, বিশেষকৈ মীনমুট্টি জলপ্ৰপাত আৰু থাভাক্কাল জলপ্ৰপাতত যথেষ্ট পৰিমাণে পৰ্যটনমূলক কাৰ্যকলাপ দেখা যায়।৪

বামনপুৰম জলসিঞ্চন প্ৰকল্প

বামনপুৰম জলসিঞ্চন প্ৰকল্পৰ পৰিকল্পনা ১৯৭০ৰ দশকতে কৰা হৈছিল। কিন্তু স্থানীয় লোকসকলৰ বিৰোধিতাৰ বাবে প্ৰকল্পটো বাস্তৱায়িত কৰিব পৰা নগ’ল। ৫ বামনপুৰম নদীখন জিলাখনৰ একমাত্ৰ প্ৰধান নদী আছিল য’ত কোনো বৃহৎ বান্ধ বা জলাধাৰ নাছিল। নদীখনৰ পানী সংৰক্ষণ আৰু জলযোগান নিশ্চিত কৰাৰ বাবে কেৰালা ৱাটাৰ অথৰিটি (KWA)-ৰ উদ্যোগত নদীখনত এটা ৰেগুলেটৰ (নিয়ন্ত্ৰক) নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল। ৬৭

তথ্যসূত্ৰ

  1. ↑ Thiruvarattu Kavu Temple at Attingal · Temples in Kottayam · Kerala Temple Architecture. Temples of Kerala
  2. ↑ (2019-04-27). Better days in store for Vamanapuram river. The Hindu
  3. ↑ (2017-07-19). DTPC plans boat service linking lakes in Thiruvananthapuram. Deccan Chronicle
  4. ↑ Waterfalls, snowy mountains and much more… the abandoned tourism of Vithura. Mathrubhumi
  5. ↑ (2019-04-27). Better days in store for Vamanapuram river. The Hindu
  6. ↑ KWA preps to tackle water crisis. The New Indian Express
  7. ↑ Jisha Surya. (Nov 21, 2018). Vamanapuram river: A rejuvenation plan for Vamanapuram River · Thiruvananthapuram News - Times of India. The Times of India

সম্পৰ্কিত শ্ৰেণী

নদীভাৰতৰ নদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বামনপুৰম নদী” প্ৰবন্ধৰ সংশোধন ৬২৭৩২৪ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।