অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বিশাল বটবৃক্ষ

বিশাল বটবৃক্ষ বা দা গ্ৰেট বেন্যান (The Great Banyan) ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ শিৱপুৰৰ আচাৰ্য জগদীশ চন্দ্ৰ বসু ভাৰতীয় উদ্ভিদ উদ্যানত অৱস্থিত আনুমানিক ২৭০ বছৰ পুৰণি বট গছ।

হালনাগাদ: ২ জুলাই ২০২১ ৫৬২ শব্দ · ৩ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বিশাল বটবৃক্ষ বা দা গ্ৰেট বেন্যান (The Great Banyan) ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ শিৱপুৰৰ আচাৰ্য জগদীশ চন্দ্ৰ বসু ভাৰতীয় উদ্ভিদ উদ্যানত অৱস্থিত আনুমানিক ২৭০ বছৰ পুৰণি বট গছ। ১ যদিও উদ্ভিদ উদ্যান খনত পাঁচখন মহাদেশৰ পৰা অনা বিভিন্ন উদ্ভিদৰ প্ৰজাতি, বাঁহৰ বাগিচা আৰু খেজুৰ বাগিচা আছে, এই বট গছটোৱে দৰ্শকৰ অধিক মনোযোগ আকৰ্ষণ কৰে। ১৮৬৪ আৰু ১৮৬৭ চনৰ তীব্ৰ ঘূৰ্ণীবতাহৰ ফলত বট গছজোপাৰ কিছুমান ডাল ভাঙিছিল আৰু ইয়াৰ মুখ্য কাণ্ডত ভেঁকুৰে আক্ৰমণ কৰিছিল। ১৯২৫ চনত ইয়াৰ মূল কাণ্ডটো ভেঁকুৰে ধ্বংস কৰাৰ বাবে কটা হৈছিল। মূল কাণ্ডটো কটাৰ পিছতো গছজোপা বৰ্তমানলৈকে সতেজ ভাৱে জীয়াই আছে।২

এই বিশালাকাৰ গছজোপাৰ পৰিধিৰ কাষত ৩৩০০ মিটাৰ (1080 ফুট) দীঘলকৈ পথ নিৰ্মাণ কৰা হৈছিল। কিন্তু বৰ্তমান গছজোপা এই পথৰ বাহিৰলৈ বিয়পি পৰিছে। গছজোপা দ্ৰুত গতিত বিস্তাৰ লাভ কৰাৰ বাবে ভাৰতীয় উদ্ভিদ সৰ্বেক্ষণে ইয়াক চলন্ত গছ বুলি অভিহিত কৰিছে।৩ গছৰ বিশাল কেনপি বা ছাউনিৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত গ্ৰেট বেন্যান ট্ৰি অন্তৰ্ভুক্ত হৈছে।৪৫ কলকাতাৰ এই উদ্যানখনত ভ্ৰমণ কৰোঁতে বিভিন্ন প্ৰকাৰৰ পৰাশ্ৰয়ী গছ-গছনিৰে আবৃত এই বিশাল বটগছৰ প্ৰতি ব্ৰিটিছ লেখিকা মাৰিয়া গ্ৰাহাম আকৰ্ষিত হৈছিল।৬

বৈজ্ঞানিক শ্ৰেণীবিভাজন

বিশাল বটবৃক্ষৰ শাখা-প্ৰশাখা
বিশাল বটবৃক্ষৰ শাখা-প্ৰশাখাছবি: McKay Savage · CC BY 2.0

উদ্ভিদবিজ্ঞানৰ বিভাজন অনুসৰি মোৰাচিয়া পৰিয়ালৰ এই বিশাল বট গছটোক বৈজ্ঞানিকভাৱে ফাইকাছ বেংগলেনচিছ (Ficus benghalensis) বুলি কোৱা হয়। ই ভাৰতৰ এটা থলুৱা উদ্ভিদৰ প্ৰজাতি। বট গছ বহু ঠাই আগুৰি থাকে আৰু মাটিৰ ওপৰত সমান্তৰাল শাখা-প্ৰশাখা বিস্তাৰিত কৰে। এই শাখা-প্ৰশাখাবোৰ কিছুমান জৰী বা শিপাৰ দ্বাৰা ভৰ বহন কৰি থাকে। গা-গছৰ পৰা ওলমি থকা এই শিপাসমূহক স্তম্ভমূল বোলে। কম বয়সীয়া বট গছৰ স্তম্ভমূলসমূহ বতাহত ওলমি থাকে আৰু বয়স বঢ়াৰ লগে লগে ই মাটিত লাগি ধৰে। পিছলৈ এই মূলসমূহ গা-গছলৈ ৰূপান্তৰিত হৈ গছ জোপাক হালি নপৰাকৈ ৰাখে। ওলমি থকা শিপাৰ কাৰণে ইয়াক জৰী গছ বুলিও কোৱা হয়। বট আৰু বট জাতীয় গাছৰ বংশ বৃদ্ধিৰ পদ্ধতি অলপ বেলেগ ধৰণৰ। ইয়াৰ ফুল সমূহ মঞ্জৰীৰ ভিতৰতে সোমাই থাকে। ফুলসমূহ অতি সৰু আৰু ফলৰ নিচিনাই গোলাকাৰ। একলিংগী এই ফুলসমূহৰ পৰাগযোগৰ বাবে বিশেষ প্ৰজাতিৰ পতংগৰ ওপৰত নিৰ্ভৰশীল। চৰাই বোৰে ইয়াৰ ফল খাই বীজ সমূহ বিষ্ঠাৰ লগত বিভিন্ন অঞ্চলত বিস্তাৰিত কৰে। এই বীজ পুৰণি দালান, পকা বা শিলৰ ফাঁট বা আন কোনো গছৰ ওপৰত সহজে অংকুৰিত হয়। উপযুক্ত পৰিৱেশত বট গছ ৫০০ৰ পৰা ৬০০ বছৰ পৰ্যন্ত জীয়াই থাকিব পাৰে।৭

ইতিহাস

ফ্ৰান্সিছ ফ্ৰিথে তোলা বিশাল বট গছৰ আলোকচিত্ৰ, আনুমানিক ১৮৫০-৭০
ফ্ৰান্সিছ ফ্ৰিথে তোলা বিশাল বট গছৰ আলোকচিত্ৰ, আনুমানিক ১৮৫০-৭০ছবি: Francis Frith · Public domain

অতি কমেও ২৭০ বছৰ পুৰণি এই গছজোপাৰ বিষয়ে ঊনবিংশ শতিকাৰ বিভিন্ন ভ্ৰমণকাহিনীত উল্লেখ পোৱা যায়। প্ৰাৰম্ভিক ভ্ৰমণকাহিনীৰ লেখকসকলে ইয়াৰ বিশাল আকাৰ আৰু অস্বাভাৱিক সংখ্যক বট বাস্কেট হিচাপে ইয়াক উল্লেখ কৰিছিল। ১৭৮৭ চনত কলিকতা ৰয়েল বটানিকেল গাৰ্ডেন (বৰ্তমান আচাৰ্য জগদীশ চন্দ্ৰ বসু ভাৰতীয় উদ্ভিদ উদ্যান) স্থাপন হোৱাৰ আগৰে পৰা গছজোপা তাত আছিল। ১৮৫০ চনত প্ৰাপ্ত জে. ডি. হুকাৰৰ মতে এই গছজোপা ১৭৮২ চনৰ আশে পাশে খেজুৰ গছত গজিছিল।৮ ১৯৪৬ চনত এ.পি. বেন্থালেও একেটা তথ্য লিপিবদ্ধ কৰিছিল।৯ ১৮৬৪ আৰু ১৮৬৭ চনৰ দুটা তীব্ৰ ঘূৰ্ণীবতাহৰ ফলত গছজোপা ক্ষতিগ্ৰস্ত হৈছিল। উদ্ভিদবিজ্ঞানীসকলে প্ৰভাৱিত এলেকাত দ্ৰুতগতিত বিয়পি পৰা ভেঁকুৰৰ সংক্ৰমণ ৰক্ষা কৰিবলৈ ৫৮ বছৰ ধৰি যুঁজ দিছিল।১০ অৱশ্যে ১৯২৫ চনত ইয়াৰ মূল কাণ্ডটো কাটি পেলোৱা হৈছিল। গছৰ বহুসংখ্যক স্তম্ভ বা জৰী উলম্বভাৱে মাটিলৈ গৈছে। ফলস্বৰূপে গছজোপাক এজোপা স্বতন্ত্ৰ গছতকৈ অৰণ্য যেন লাগে।১১

১৯২৫ চনত মূল গছৰ ক্ষতিগ্ৰস্ত কাণ্ডটো কটাৰ পিছত ইয়াৰ চিহ্ন হিচাপে গছজোপাৰ কেন্দ্ৰত এটা স্মাৰক স্থাপন কৰা হৈছে। ইয়াৰ মূল কাণ্ডটোৰ প্ৰায় ১.৭ মিটাৰ উচ্চতা আৰু পৰিধি ১৫.৭ মিটাৰ বা প্ৰায় ৫১ ফুট আছিল।

বৰ্ণনা

বিভিন্ন সময়ত নথিভুক্ত তথ্য অনুসৰি গছজোপাৰ বৃদ্ধিৰ পৰিমাপ৯

বছৰস্তম্ভমূলৰ সংখ্যাবিস্তৃতিৰ পৰিধি (মিটাৰ)অগ্ৰভাগৰ উচ্চতা (মিটাৰ)মন্তব্য
১৮৫০৮৯২৪০২০.৫
১৯০০৪৬৪৩৭৭২০.৫প্ৰধান কাণ্ডৰ গুৰি অংশৰ পৰিধি ১৫ মি.
১৯৩৮৬৬৬৩৩৮২০.৫
১৯৪৬১০৪৪৪২৬২৭
১৯৬২১০০০৪০৮৩০
১৯৬৫১০৪৪৪২০৩০
১৯৬৮১০৫০৪২০৩০.৫১৯৬৯ আৰু ১৯৭৮ চনৰ ঘূৰ্ণিবতাহৰ প্ৰভাৱত বৃদ্ধি হ্ৰ্যাস পাইছে
১৯৭৩১১২৫তথ্য নাই৩০.৫
১৯৮০১৩৮০৩০.৫
১৯৮১১৫৭৩৪০২২৬.৪
১৯৮৪১৭৭৫৪১২২৪.০
১৯৮৬১৮২৫৪২০২৪.৫আয়তন ১৪০০০ বৰ্গমিটাৰ (৩৪৬ একৰ)

বৰ্তমান অৱস্থা

গছজোপা বৰ্তমান প্ৰায় ১৮,৯১৮ বৰ্গ মিটাৰ (প্ৰায় ১.৮৯ হেক্টৰ বা ৪.৬৭ একৰ) ঠাই আগুৰি আছে। গছৰ ওপৰৰ কেনপিৰ পৰিধি ৪৮৬ মিটাৰ আৰু আটাইতকৈ ডাঙৰ শাখাটো ২৪.৫ মিটাৰ ওখ।৪ এতিয়া গছজোপাৰ প্ৰায় ৪০৩৩টা স্তম্ভমূল উলম্বভাৱে মাটি নামি আহিছে। সমীক্ষাৰ দ্বাৰা বিশাল গছজোপাৰ ৬৭টা অংশ দুৰ্বল বুলি চিনাক্ত কৰা হৈছে আৰু ১৫-২০ ফুট বাঁহ আৰু ইউকেলিপ্টাছ গছৰ সহায়ত ইয়াক সুৰক্ষিত কৰা হৈছে।১০

২০২০ চনৰ ২০ মে'ত পশ্চিম বংগত ঘূৰ্ণীবতাহ আম্ফানৰ প্ৰভাৱত বহুতো এই গছজোপা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল।১২

সাংস্কৃতিক মাধ্যমত

বিখ্যাত জাপানী চলচ্চিত্ৰ নিৰ্মাতা আকিৰা কুৰোচাৱা এই বট গছ চাবলৈ কলিকতালৈ আহিছিল আৰু এই গছৰ বিস্তৃতি দেখি সত্যজিৎ ৰায়ৰ চলচ্চিত্ৰ নিৰ্মাণ দক্ষতাক বট গছজোপাৰ সৈতে তুলনা কৰিছিল।৩১৩ ২০০৪ চনত প্ৰতিষ্ঠা হোৱা অনলাইন আৰ্ট গেলেৰী দ্য গ্ৰেট বট আৰ্টে তেওঁলোকৰ কোম্পানীৰ নাম এই বট গছৰ নামেৰে ৰাখিছিল।১৪

গ্ৰন্থৰাজি

  • Sambamurty, A.V.S.S. (2005). Taxonomy Of Angiosperms. I.K. International Publishing House Pvt. Limited. ISBN 9788188237166

তথ্যসূত্ৰ

  1. ↑ Sambamurty 2005, পৃ. 206
  2. ↑ Great Banyan Tree. Atlas Obscura
  3. ↑ Service, Tribune News. A Tree or a Monument?. Tribuneindia News Service
  4. ↑ BSI Garden. bsi.gov.in
  5. ↑ Largest canopy on a living tree. Guinness World Records
  6. ↑ Pandey, Shakunt. (জুন ২০১২). Cover Story: 225 Years of Botanic History. SR Vol.49(06) [June 2012]
  7. ↑ প্ৰকৃতি আৰু জীৱন ফাউণ্ডেচনৰ দ্বাৰা প্ৰকাশিত প্ৰকৃতি বিষয়ক আলোচনী: প্ৰকৃতিবাৰ্তা, প্ৰথম বৰ্ষ, তৃতীয় সংখ্যা, জুলাই ২০১৪
  8. ↑ Himalayan Journals (Complete), by J. D. Hooker. www.gutenberg.org
  9. ↑ চক্ৰৱৰ্তী, আৰ. কে.; মুখোপাধ্যায়, ডি. পি. (১৯৮৭). Botanical Survey of India Bulletin:The Great Banyan Tree. ভাৰতীয় উদ্ভিদ সৰ্বেক্ষণ. পৃ. ৬৬
  10. ↑ P, Jhimli Mukherjee. Botanic’s great banyan tree gets special protection · Kolkata News - Times of India. The Times of India
  11. ↑ Singh, Shiv Sahay. (2020-05-24). Howrah’s historic botanical garden turns into a graveyard of nearly 1,000 trees. The Hindu
  12. ↑ Storm strikes 270-year-old Great Banyan Tree. www.telegraphindia.com
  13. ↑ B, Krishnendu; Jul 26, yopadhyay · TNN ·. Mother of all trees - Times of India. The Times of India
  14. ↑ Great Banyan Art: An online art gallery. www.greatbanyanart.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ পৰ্যটনস্থলীপশ্চিমবংগবৃক্ষ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশাল বটবৃক্ষ” প্ৰবন্ধৰ সংশোধন ২৮৪৭৬১ (২ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।