অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বস্তৰৰ কাঠৰ শিল্প

বস্তৰৰ কাঠৰ শিল্প হ’ল ভাৰতৰ ছত্তীছগঢ় ৰাজ্যৰ বস্তৰ জিলাত উৎপাদিত এক পৰম্পৰাগত ভাৰতীয় কাঠৰ শিল্প। এই কাঠৰ কাৰুকাৰ্য 'বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ বাণিজ্য সম্পৰ্কীয় দিশসমূহৰ ওপৰত চুক্তি'ৰ (TRIPS) অধীনত ভৌগোলিক স্বীকৃতি (GI) হিচাপে সুৰক্ষিত কৰা হৈছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩১৮ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

বস্তৰৰ কাঠৰ শিল্প হ’ল ভাৰতৰ ছত্তীসগঢ় ৰাজ্যৰ বস্তৰ জিলাত উৎপাদিত এক পৰম্পৰাগত ভাৰতীয় কাঠৰ শিল্প। এই কাঠৰ কাৰুকাৰ্য 'বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ বাণিজ্য সম্পৰ্কীয় দিশসমূহৰ ওপৰত চুক্তি'ৰ (TRIPS) অধীনত ভৌগোলিক স্বীকৃতি (GI) হিচাপে সুৰক্ষিত কৰা হৈছে। ই ভাৰত চৰকাৰৰ ভৌগোলিক স্বীকৃতি আইন ১৯৯৯ ৰ ৮৪ নম্বৰ ধাৰাত "Bastar Wooden Craft" হিচাপে তালিকাভুক্ত হৈছে আৰু পেটেন্ট ডিজাইন তথা ট্ৰেডমাৰ্কৰ কন্ট্ৰ’লাৰ জেনেৰেলৰ দ্বাৰা পঞ্জীয়ন নিশ্চিত কৰা হৈছে।১

ছত্তীছগঢ়ৰ, বিশেষকৈ বস্তৰৰ লোকসকলৰ ধোক্‌ৰা, বাঁহৰ শিল্প, কমাৰৰ কাম, জনজাতীয় সাজ-পোছাক, পৰম্পৰাগত বস্ত্ৰ, কেঁথা চিলাই, টেৰাকোটা, জনজাতীয় চিত্ৰকলা আৰু বেল মেটেল আদিকে ধৰি বিভিন্ন শিল্পকৰ্মত উৎকৃষ্ট দক্ষতা আছে। তেওঁলোকৰ এই দক্ষতাই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাৰ স্বীকৃতি লাভ কৰিছে।২ 'বাঢ়ৈ' লোকসকল এই কাঠৰ শিল্পত অতি পাকৈত আৰু তেওঁলোকক দুটা গোটত ভাগ কৰা হৈছে। এটা গোটে কৃষিৰ সঁজুলি তৈয়াৰ কৰে আৰু আনটো গোটে আলংকাৰিক তথা ট’টেমিক স্তম্ভ নিৰ্মাণ কৰে।৩ মুৰিয়া নামৰ আন এক সম্পৰ্কীয় সম্প্ৰদায়ৰো কাঠ খোদাই কৰাৰ দক্ষতা আছে। মুৰিয়াসকল শিল্পকৰ্মত আটাইতকৈ শ্ৰেষ্ঠ। তেওঁলোকৰ দক্ষতা সৰুৰ পৰা ডাঙৰলৈকে বিভিন্ন বস্তুত ব্যৱহাৰ কৰা হয়।৪ তেওঁলোকে নিজৰ শিল্প দক্ষতাক জীৱনৰ মৌলিক জীৱনশৈলী আৰু ৰুটিন যেনে ধান মৰা, শস্য পিহা আদিৰ ব্যাখ্যাত ৰূপান্তৰিত কৰে। তেওঁলোকে নিজৰ সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাসক শিল্পকলাত প্ৰকাশ কৰে যিটো দেৱ-দেৱী, সম্প্ৰদায়ৰ সংগীত সংস্কৃতি আৰু বন্যপ্ৰাণীৰ মাজেৰে প্ৰতিফলিত হয়। এই শিল্পকৰ্মসমূহ গৰিষ্ঠসংখ্যক হাতেৰে কৰা কামৰ ওপৰত নিৰ্ভৰশীল য’ত যন্ত্ৰৰ ব্যৱহাৰ নাই বুলিবই পাৰি বা কেৱল বিশেষ কিছুমান অঞ্চলতহে বিৰলভাৱে ব্যৱহাৰ কৰা হয়।

২০২৪ চনত ছত্তীছগঢ় হস্তশিল্প প্ৰদৰ্শনীৰ সময়ত ভূপালৰ দৰবাৰ হল আৰ্ট গেলেৰীত বস্তৰৰ কাঠৰ শিল্প প্ৰদৰ্শিত হৈছিল। এই প্ৰদৰ্শনীত জনজাতীয় কাঠৰ শিল্পজাত সামগ্ৰীসমূহ দেখুওৱা হৈছিল আৰু থলুৱা কাৰুশিল্প সংৰক্ষণৰ বাবে ই যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।৫

বস্তৰৰ কাঠৰ শিল্প হ’ল এক সুন্দৰ আৰু অনন্য শিল্পকলা য’ত বস্তৰৰ জনজাতীয় লোকসকলে পাৰদৰ্শিতা অৰ্জন কৰিছে আৰু ই তেওঁলোকৰ জীৱিকা নিৰ্বাহতো সহায় কৰে। হস্তশিল্পৰ সামগ্ৰীসমূহৰ ভাৰতৰ বিভিন্ন অংশৰ লগতে কিছুমান বিদেশী দেশতো যথেষ্ট বজাৰ আছে। তেওঁলোকে চেগুন কাঠ, ভাৰতীয় চিচম কাঠ (Indian Rosewood), বগা কাঠ আৰু অন্যান্য উন্নত মানৰ কাঠ ব্যৱহাৰ কৰি বিভিন্ন হস্তশিল্পৰ সামগ্ৰী তৈয়াৰ কৰে।৬ বস্তৰৰ কাঠৰ শিল্পকলা "দৰবাৰ হল আৰ্ট গেলেৰী"তো প্ৰদৰ্শন কৰা হৈছে।৭

তথ্যসূত্ৰ

  1. ↑ State Wise Registration Details Of G.I Applications. Controller General of Patents Designs and Trademarks
  2. ↑ AWARD LIST. Chhattisgarh Handicrafts Development Board
  3. ↑ Wood Craft. Chhattisgarh Handicrafts Development Board
  4. ↑ Gajrani, S. (2004). History, Religion and Culture of India, Volume 5. Gyan Publishing House. পৃ. 310. ISBN 8182050642
  5. ↑ (June 10, 2025). Tribal Museum festival showcases wood crafts. Times of India
  6. ↑ Handicraft in Chhattisgarh
  7. ↑ (22 May 2008). True tribal mettle. The Hindu

সম্পৰ্কিত শ্ৰেণী

শিল্পহস্তশিল্প

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বস্তৰৰ কাঠৰ শিল্প” প্ৰবন্ধৰ সংশোধন ৬৪০০৩৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।