অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বদক্কেচিৰা

বদক্কেচিৰা (Vadakkechira) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ ত্ৰিছূৰ চহৰৰ চাৰিটা আটাইতকৈ পুৰণি পুখুৰীৰ অন্যতম। এই পুখুৰী ১৭৫১–১৮০৫ চনৰ ভিতৰত কোচিনৰ মহাৰজা শক্তন তম্পুৰাণে নিৰ্মাণ কৰিছিল। ই ত্ৰিছূৰৰ অন্যতম জনপ্ৰিয় ঐতিহাসিক নিদৰ্শন। পুখুৰীটো কোচিন দেৱস্বম ব’ৰ্ডৰ মালিকানাধীন।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩৩১ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বদক্কেচিৰা (Vadakkechira) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ ত্ৰিছূৰ চহৰৰ চাৰিটা আটাইতকৈ পুৰণি পুখুৰীৰ অন্যতম।১ এই পুখুৰী ১৭৫১–১৮০৫ চনৰ ভিতৰত কোচিনৰ মহাৰজা শক্তন তম্পুৰাণে নিৰ্মাণ কৰিছিল। ই ত্ৰিছূৰৰ অন্যতম জনপ্ৰিয় ঐতিহাসিক নিদৰ্শন। পুখুৰীটো কোচিন দেৱস্বম ব’ৰ্ডৰ মালিকানাধীন।২৩৪

ইতিহাস

কোচিনৰ মহাৰজা শক্তন তম্পুৰাণে তেওঁৰ শাসনকালত ত্ৰিছূৰ চহৰত পানী সংৰক্ষণ আৰু জলসিঞ্চনৰ সুবিধাৰ বাবে চাৰিটা পুখুৰী নিৰ্মাণ কৰিছিল। এই পুখুৰীসমূহ হ’ল বদক্কেচিৰা, পাডিঞ্জাৰেচিৰা, থেক্কেচিৰা আৰু কিঝাক্কেচিৰা।৫অতীতত কোচিন ৰাজপৰিয়ালৰ সদস্যসকল আৰু অশোকেশ্বৰম মন্দিৰৰ পুৰোহিতসকলে পুখুৰীটোৰ উত্তৰফালৰ ঘাটত স্নান কৰিছিল, আনহাতে সাধাৰণ লোকে আন দিশৰ ঘাটসমূহ ব্যৱহাৰ কৰিছিল। পুখুৰীটোৰ পূবফালৰ ঘাটত হাতীও গা ধুৱাই দিয়া হৈছিল। পুখুৰীটোৰ কুলাপ্পূৰা (পুখুৰীৰ কাষৰ মণ্ডপ) আৰু হাতীৰ বাবে নিৰ্মিত ঘাটসমূহ ১৮ আৰু ১৯ শতিকাৰ স্থাপত্যশৈলীৰ উল্লেখযোগ্য নিদৰ্শন। পুখুৰীটোৰ দক্ষিণ দিশত এখন খোজকাঢ়াৰ পথ আছে। পুনৰ নক্সা প্ৰস্তুত কৰাৰ পাছত বদক্কেচিৰাত ভাস্কৰ্যখচিত বহাৰ আসন, পাডিপ্পূৰা (পৰম্পৰাগত প্ৰৱেশদ্বাৰ), সৰু জলাশয়, ফুৱাঁৰা, এখন গ্যালাৰী আৰু এখন শিলৰ বাগিছা সংযোজন কৰা হৈছে। ৬ এই পুনৰ নক্সাকৰণৰ দায়িত্ব স্থপতি এম. এম. বিনোদ কুমাৰে পালন কৰিছিল।৭

প্ৰাণীজগত

বদক্কেচিৰাত পৰিভ্ৰমী চৰাই
বদক্কেচিৰাত পৰিভ্ৰমী চৰাইছবি: Arjuncm3 · CC BY-SA 3.0

বদক্কেচিৰা প্ৰায় চাৰি হেক্টৰ বিস্তৃত এক সমৃদ্ধ প্ৰাকৃতিক পৰিৱেশতন্ত্ৰ। এই পুখুৰীটোৰ চৌপাশে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, পৱিত্ৰ বনাঞ্চল (Sacred Grove), প্ৰজাপতি উদ্যান আৰু বহুতো বন্যপ্ৰাণীৰ বাসস্থান গঢ়ি উঠিছে। নগৰাঞ্চলৰ মাজত অৱস্থিত হোৱাৰ পিছতো ই জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

বদক্কেচিৰা বিভিন্ন প্ৰজাতিৰ স্থানীয় আৰু জলচৰ চৰাইৰ আশ্ৰয়স্থল। ইয়াত দেখা পোৱা উল্লেখযোগ্য চৰাইসমূহৰ ভিতৰত আছে সৰু সেউজীয়া বাৰ্বেট (Megalaima viridis), বগা বুকুৰ পানীকুকুৰা (Amaurornis phoenicurus), পাৰ চৰাই(Columba livia), দলপুঙা চৰাই (Metopidius indicus), কণামুছৰি চৰাই (Ardeola grayii), বগা বালিমাহী চৰাই (Motacilla maderaspatensis), সাধাৰণ মাছৰোকা (Alcedo atthis), ঘৰচিৰিকা চৰাই (Passer domesticus), সচৰাচৰ দেখি থকা শালিকা চৰাই (Acridotheres tristis), সৰু পানীকাউৰী (Microcarbo niger), শৰালী হাঁহ (Dendrocygna javanica) আৰু পানীডুবি চৰাই (Podiceps ruficollis)।৮

পানী যোগান

১৯৮৩ চনত যেতিয়া থ্ৰিচূৰ চহৰত খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল, তেতিয়াৰ মন্ত্ৰী এম. পি. গংগাধৰণৰ উদ্যোগত আৰু কেৰালা জলসম্পদ বিভাগৰ সহযোগত প্ৰায় এমাহ ধৰি বদক্কেচিৰা পুখুৰী পৰিষ্কাৰ কৰা হৈছিল। ১৯৮৫ চনত কেৰালা জলসম্পদ বিভাগে প্ৰায় ২৩ লাখ টকা ব্যয় কৰি বদক্কেচিৰাৰপৰা থেক্কিনকাডু মৈদান আৰু স্বৰাজ ৰাউণ্ডলৈ পানী যোগানৰ বাবে এক জলযোগান ব্যৱস্থা নিৰ্মাণ কৰে। একে সময়তে পুখুৰীটোৰ ওচৰত এখন উদ্যানো স্থাপন কৰা হয়। পিছলৈ এই প্ৰকল্পটো থ্ৰিচূৰ পৌৰ নিগমৰ হাতত হস্তান্তৰ কৰা হয়।৯

তথ্যসূত্ৰ

  1. ↑ Vadakke Chira (Thrissur) Wikimapia
  2. ↑ (28 July 2006). Vadakkechira beautification project to be over by Onam. দ্য হিন্দু
  3. ↑ (2005-08-25). Stone laid for koothambalam. দ্য হিন্দু
  4. ↑ (2007-06-09). New life for a historical pond in Thrissur. দ্য হিন্দু
  5. ↑ SAKTHAN THAMPURAN AND THE EMERGENCE OF COCHIN AS A COMMERCIAL CENTRE. Saritha Viswanathan
  6. ↑ Poomala dam makeover nearing completion. The Hindu
  7. ↑ Pond renovation wins jury mention. The Hindu
  8. ↑ (2007-06-09). New life for a historical pond in Thrissur. দ্য হিন্দু
  9. ↑ Metro Thrissur, Page 27. Manoramaonline.com

সম্পৰ্কিত শ্ৰেণী

কেৰালাত পৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বদক্কেচিৰা” প্ৰবন্ধৰ সংশোধন ৬৪০০২৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।