অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বাণাসুৰ পাহাৰ

বাণাসুৰ পাহাৰ (Banasura Hill) কেৰালাৰ পদিনজাৰাথাৰাত অৱস্থিত। ই কেৰালাৰ ৱায়নাড় জিলাৰ পশ্চিমঘাট পৰ্বতমালাৰ এটা ওখ পৰ্বত। এই পাহাৰটোৰ নাম ভাৰতীয় পৌৰাণিক আখ্যানৰ চৰিত্ৰ বাণাসুৰৰ নামেৰে ৰখা হৈছে। চেম্ব্ৰা শৃংগৰ পিছতে নীলগিৰি আৰু হিমালয়ৰ মাজত অৱস্থিত ২,০০০ মিটাৰতকৈ ওখ শৃংগসমূহৰ ভিতৰত ই অন্যতম।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩৫৪ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বাণাসুৰ পাহাৰ (Banasura Hill) কেৰালাৰ পদিনজাৰাথাৰাত অৱস্থিত। ই কেৰালাৰ ৱায়নাড় জিলাৰ পশ্চিমঘাট পৰ্বতমালাৰ এটা ওখ পৰ্বত।১২৩ এই পাহাৰটোৰ নাম ভাৰতীয় পৌৰাণিক আখ্যানৰ চৰিত্ৰ বাণাসুৰৰ নামেৰে ৰখা হৈছে। চেম্ব্ৰা শৃংগৰ পিছতে নীলগিৰি আৰু হিমালয়ৰ মাজত অৱস্থিত ২,০০০ মিটাৰতকৈ ওখ শৃংগসমূহৰ ভিতৰত ই অন্যতম।

ভূগোল

বাণাসুৰ পাহাৰৰ উচ্চতা ২,০৭৩ মিটাৰ। এই পাহাৰটো পশ্চিমঘাট পৰ্বতমালাৰ এক অংশ। ভাৰতৰ গাংগেয় সমভূমিৰ দক্ষিণে থকা ২,০০০ মিটাৰতকৈ ওখ শৃংগসমূহৰ ভিতৰত ই একেবাৰে উত্তৰ প্ৰান্তত অৱস্থিত। এই পাহাৰটো কুট্টিয়াডীৰপৰা মানানথাভাড়ীলৈ যোৱা ৰাজ্যিক ঘাইপথৰ ওচৰত পৰে। ইয়াৰ আটাইতকৈ ওচৰৰ চহৰ আৰু বাছ ডিপো হৈছে মানানথাভাড়ী। ইয়াৰপৰা চহৰখনৰ দূৰত্ব ২৫ কিলোমিটাৰ। আটাইতকৈ নিকটৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে ৭৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথ। এই পথটো কেলপেট্টাৰ মাজেৰে পাছ হৈছে। ই বাণাসুৰ পাহাৰৰপৰা প্ৰায় ৩৭ কিলোমিটাৰ দূৰত অৱস্থিত।

ট্ৰেকিং পথ আৰু পৰ্যটকৰ তথ্য

ট্ৰেকিং পথৰ মাজভাগত এটা ডাঙৰ জলপ্ৰপাত পোৱা যায়। স্থানীয় ৰাইজে ইয়াক "মীনমুঠী" বুলি কয়। ট্ৰেকিঙৰ বাবে পাছ বা টিকট মীনমুঠী জলপ্ৰপাতৰ টিকট কাউণ্টাৰৰপৰাই ল’ব লাগে। এই টিকট কাউণ্টাৰটো পুৱা ১১ বজাত বন্ধ হৈ যায়। ইয়াত প্ৰতিদিনে সীমিতসংখ্যক টিকটহে প্ৰদান কৰা হয়। পাহাৰৰ ওপৰলৈ উঠিবলৈ প্ৰায় তিনি ঘণ্টা সময় লাগে। পাহাৰৰ ওপৰৰপৰা চাৰিওফালৰ দৃশ্য বৰ ধুনীয়া দেখা যায়। পাহাৰৰ নামনিত বাণাসুৰ সাগৰ বান্ধ অৱস্থিত। ই ভাৰতৰ আটাইতকৈ ডাঙৰ মাটিৰ বান্ধ। এই বান্ধটোৰ ইয়াৰপৰাও বাণাসুৰ পাহাৰলৈ ট্ৰেকিং যাত্ৰা আৰম্ভ কৰিব পাৰি।

উদ্ভিদ আৰু প্ৰাণী কূল

পাহাৰৰ ওপৰলৈ যোৱা ঠেক খোজকাঢ়ি যোৱা পথটো ঘন ক্ৰান্তীয় অৰণ্যৰ মাজেৰে পাছ হৈছে। ইয়াৰ উদ্ভিদসমূহৰ ভিতৰত কিছুমান আপুৰুগীয়া ওষধি উদ্ভিদ পোৱা যায়। ট্ৰেকিং পথত বিভিন্নপ্ৰকাৰৰ বান্দৰ, বনৰীয়া গাহৰি, হৰিণা আৰু বনৰীয়া হাতী দেখিবলৈ পোৱা যায়।

জনজাতি আৰু স্থানীয় ইতিহাস

বাণাসুৰ পাহাৰৰ নামনিত চাৰিখন জনজাতীয় গাঁও আছে। এই লোকসকল মূলতঃ কুৰিচিয়া সম্প্ৰদায়ৰ। কুৰিচিয়াসকলৰ এক যুদ্ধকালীন পৰম্পৰা আছে। তেওঁলোকে ধনু-কাঁড় চলোৱাত বৰ পাকৈত। ব্ৰিটিছে খেতিৰ সামগ্ৰীৰ ওপৰত অত্যধিক কৰ জাপি দিছিল। ইয়াৰ বিৰুদ্ধে কেৰালা বৰ্মা পঝাছি ৰাজাই বিদ্ৰোহ কৰিছিল। তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে গেৰিলা যুদ্ধ কৰিবলৈ ৱায়নাডৰ হাবিলৈ পলাই গৈছিল। তেতিয়া এই পঝাছি ৰাজাই সহায়ৰ বাবে কুৰিচিয়া জনজাতিৰ লোকসকলৰ ওচৰলৈ গৈছিল। ৰাজাই ব্ৰিটিছ বাহিনীক পৰাস্ত কৰিবলৈ এই লোকসকলৰ ভৌগোলিক জ্ঞান ব্যৱহাৰ কৰিছিল। বাণাসুৰ পাহাৰৰ আশে-পাশে থকা ঘন হাবি, গুহা আৰু জান-জুৰিবোৰ পঝাছি ৰজাৰ বাবে আত্মগোপন কৰাৰ এক উত্তম স্থান আছিল। বৰ্তমান সময়ত এই পাহাৰৰ ওখ অংশবোৰত পঝাছি ৰজাৰ বংশধৰসকলে বসবাস কৰে। তেওঁলোকে গছৰ ওপৰত ঘৰ নিৰ্মাণ কৰিছে আৰু যাতায়াতৰ বাবে জিপলাইন তথা ৰছীৰ ব্যৱহাৰ কৰে।

লগতে চাওক

  • বাণাসুৰ সাগৰ বান্ধ

বাঢ়ি অহা সংযোগসমূহ

তথ্যসূত্ৰ

  1. ↑ tripuntold. www.tripuntold.com
  2. ↑ Banasura Hill: View Images, Timing and Reviews. Tripoto
  3. ↑ Banasura Hill Trek, Wayanad. Bangalore Mountaineering Club

সম্পৰ্কিত শ্ৰেণী

পৰ্বতমালাকেৰালা পৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাণাসুৰ পাহাৰ” প্ৰবন্ধৰ সংশোধন ৬২৪৫৫৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।