বুৰ্খাণ খাল্ডুন (ছিৰিলিক ভাষাত: Бурхан Халдун) উত্তৰ-পূব মংগোলিয়াৰ খেণ্টাই অঞ্চলৰ এক খেণ্টাই পৰ্বত। পৰ্বতটো জেংঘিছ খানৰ জন্মস্থল বুলি বিশ্বাস কৰা হয় আৰু ইয়াতেই তেখেতৰ সমাধিস্থল অৱস্থিত। এই স্থান আন এক বিখ্যাত বীৰ চাবুটাইৰ জন্মস্থল। পৰ্বতটো ১৯৯২ত প্ৰতিষ্ঠিত ১২০০০ বৰ্গ কিলোমিটাৰ আৱৰা খান খেণ্টাই কাঢ়াভাৱে সুৰক্ষিত অঞ্চলৰ অংগ। যদিও জেংঘিছ খানৰ পূৰ্বেও পৰ্বতটোক পবিত্ৰ জ্ঞান কৰা হৈছিল, জেংঘিছ খানে এই পৰ্বতটোক মংগোলিয়াৰ আতাইতকৈ পবিত্ৰ পৰ্বত আখ্যা দিয়াৰ পাছত ইয়াৰ গুৰুত্ব বৃদ্ধি পালে। ৪ জুলাই ২০১৫ত এই পৰ্বতকে সামৰি "মহান বুৰ্খান খাল্ডুন পৰ্বত আৰু খাষৰ পবিত্ৰ পৰিবেশ"খ ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰা হ'ল। ১৯৫৫ত পৰ্বতটোৰ পূজা আনুষ্ঠানিক কৰা হ'ল আৰু পৰ্বতটোক ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন ঘোষণা কৰা হ'ল। এই স্থানৰ জৈৱ বৈচিত্ৰ্য মধ্য এছীয় ষ্টেপেৰ উদ্ভিদ আৰু ৫০ জন্তুৰ সৈতে ২৫৩ চৰাইৰ প্ৰজাতিৰে অনন্য।
অৱস্থিতি
বুৰ্খান খাল্ডুন উত্তৰ-পূব মংগোলিয়াৰ খেণ্টাই পৰ্বত মালাৰ মধ্যত অৱস্থিত।১ ই ১৯৯২ত প্ৰতিষ্ঠিত ১২০০০ বৰ্গ কিলোমিটাৰ আৱৰা খান কেণ্টাই কাঢ়া ভাৱে সুৰক্ষিত অঞ্চলৰ অংগ।২
ভূগোল
বুৰ্খান খাল্ডুনৰ অৰ্থ ছিৰিলিক ভাষাত ঈশ্বৰ পৰ্বত। এই পৰ্বতক কেণ্টাই খান অৰ্থাৎ কেণ্টাই পৰ্বতমালাৰ ৰজাও বোলা হয়।৩ ই মংগোলিয়াৰ খেণ্টাই অণ্চলৰ খেণ্টাই পৰ্বতৰ অন্যতম্।৩ ই অঞ্চলটোৰ উচ্চ পৰ্বতসমূহৰ অন্যতম, উচ্চতা ২৩৬২ মিটাৰ। পৰ্বটতোৰ আকাৰ ন-জোনৰ দৰে। এই পৰ্বতৰ পৰা আমুৰলৈ অনন আৰু খেৰ্লেণ নৈ বৈ যায়।, যি গৈ পেচিফিক মহাসাগৰত পৰে গৈ, চেলেংগেলৈ টূল, খাৰা আৰু য়েৰূ নৈ বৈ যায়, যি পৰে গৈ আৰ্কটিক মহাসাগৰত। এই অঞ্চলৰ জৈৱবৈচিত্ৰ্য অনন্য় আৰু চাইবেৰিয়ান ভূমিৰ পৰা গ্ৰেট ষ্টেপেলৈ পৰিবৰ্তনৰ স্থল বুলিব পাৰি।৩
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা
বিশ্ব ঐতিহ্য কমিটিৰ ৩৯তম্ অধিবেশনত বুৰ্খান খাল্ডুনক ৪ জুলাই ২০১৫ত ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰা হ'ল, "গ্ৰে'ট বুৰ্খাণ খাল্ডুন মাউণ্টেইন এণ্ড ইটছ চাৰাউণ্ডিং চেক্ৰেড লেণ্ডস্কে'প" নামেৰে। কাৰণ চতুৰ্থ চৰ্ত্ত, যোৱা কেইবা সহস্ৰাব্দ ধৰি চলি অহা অনন্য পৰ্বত পূজা আৰু প্ৰকৃতি পূজাৰ সাংস্কৃতিক পৰম্পৰা আৰু ষষ্ঠ চৰ্ত্ত, ঐতিহাসিকভাৱে জনাজাত গুৰুতৰ গুৰুত্ব।১
ধৰ্মীয় তাৎপৰ্য
এই পৰ্বতটোৰ এক আধ্যাত্মিক গুৰুত্ব আছে যি মংগোলিয়াৰ অন্য কোনো পৰ্বতৰ ক্ষেত্ৰত দেখা পোৱা নাযায়, আৰু "মংগোলিয়াৰ অঘৰী লোকসকলৰ জীৱন যাত্ৰাৰ ঐতিহ্য তথা প্ৰথাগত পদ্ধতি"ক পূৰ্ণভাবে প্ৰতিনিধিত্ব কৰি মংগোলিয়াৰ জাতিসত্বাৰ “দোলনা” প্ৰতীকৰ মৰ্যাদা দিয়া হৈছে।
উদ্ভিদজগত
এই পৰ্বতত যিবোৰ উদ্ভিদ পোৱা যায় তাৰ ভিতৰত এছিয়া তৃনভূমিৰ অন্তৰ্গত আৰু ট্ৰাইগা সৰলবৰ্গীয় বনাঞ্চলৰ দ্বাৰা গঠিত। মংগোলিয়াৰ ৰঙা কিতাপত ২৮ বিধ উদ্ভিদ প্ৰজাতি লিপিবদ্ধ কৰা হৈছে, ১৫ টা অতি বিৰল প্ৰজাতি, আৰু ২৮ টা বিৰল প্ৰজাতি। আইইউচিএন ৰঙা তালিকাত যিবোৰ উদ্ভিদ লিপিবদ্ধ হৈছে সেইবোৰো ইয়াত পোৱা যায়, তাৰ ভিতৰত: ২ টা অতি বিপন্ন প্ৰজাতি, ৪ টা বিপন্ন প্ৰজাতি আৰু ৮ টা ক্ষতিৰ সম্মুখীন প্ৰজাতি আছে।
প্ৰানীজগত
খেন্টাই জিলাৰ বুৰ্খাণ খাল্ডুন পৰ্বতৰ প্ৰানী ভৌগলিক অঞ্চলৰ "ছটা বৰ্গৰ ২৭ টা গণৰ ৫০ প্ৰজাতিতকৈ বেছি স্তন্যপায়ী/পতংগভোজী আছে, ৪ টা প্ৰজাতিৰ হাইমেনপেট্ৰা, চাৰিটা প্ৰজাতিৰ লেগোৰফা, ১৯ টা প্ৰজাতিৰ তীক্ষ্ণদন্তী প্ৰাণী, ১৩ টা প্ৰজাতিৰ চিকাৰী, পাঁচটা প্ৰজাতিৰ তৃণভোজী প্ৰাণী, এটা প্ৰজাতিৰ সৰীসৃপ, আৰু ২৫৩ টা প্ৰজাতিৰ চৰাই বিদ্যমান।
গ্ৰন্থ পঢ়ক
- Weatherford, Jack. (22 March 2005). Genghis Khan and the Making of the Modern World. Crown/Archetype. ISBN 978-0-307-23781-1
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Great Burkhan Khaldun Mountain and its surrounding sacred landscape. UNESCO Organization
- ↑ (4 November 2012). Burkhan Khaldun. CNN
- ↑ (2015). Great Burkhan Khaldun Mountain and its surrounding sacred landscape: Nomination (Amended text). ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা organization
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুৰ্খাণ খাল্ডুন” প্ৰবন্ধৰ সংশোধন ৬১৮৯১২ (২৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।