বাংলাদেশত যৌনতা মূলতঃ ধৰ্ম আৰু সংস্কৃতিৰদ্বাৰা প্ৰভাবিত। বাংলাদেশৰ সংস্কৃতি প্ৰধানকৈ ৰক্ষণশীল আৰু পিতৃতান্ত্ৰিক। যৌন শিক্ষা, ৰোমাণ্টিক সম্পৰ্ক আৰু যৌন আচৰণকে ধৰি কেইবাটাও বিষয়ক নিষিদ্ধ বুলি গণ্য কৰা হয়।
বিবাহ
বাংলাদেশত দেখাশুনাকৈ হোৱা বিবাহ এক প্ৰচলিত সাংস্কৃতিক প্ৰথা৷ কইনাৰ পৰিয়ালে নিয়োজিত, আৰ্থিকভাৱে সুস্থিৰ, আৰু প্ৰজনন বয়সৰ দৰাৰ সৈতে বিবাহৰ ব্যৱস্থা কৰিব বিচাৰে - এই ধাৰণাটোৱেই হৈছে বাংলাদেশী পৰিয়াল ব্যৱস্থাৰ ভিত্তি।১২৩ বাংলাদেশ বহুলাংশে সামাজিকভাৱে ৰক্ষণশীল হোৱাৰ বাবে১৪ প্ৰেম বিবাহৰ ওপৰত এক শক্তিশালী সামাজিক-সাংস্কৃতিক নিষেধাজ্ঞা আছে,৫৬৭ যাৰ সমালোচনা সংখ্যাগৰিষ্ঠ লোকে কৰে।৮ কিন্তু শেহতীয়াকৈ কম পৰিমাণে হ'লেও যুৱক-যুৱতীৰ মাজত ৰোমান্টিক সম্পৰ্ক আৰু প্ৰেম বিবাহৰ প্ৰতি সম্ভাৱ্য মুকলিতা দেখা পোৱা যায়।৯
যৌনতা আৰু যৌনতাক কেন্দ্ৰ কৰি যিকোনো আলোচনাক নিষিদ্ধ বুলি গণ্য কৰা হয়। বাংলাদেশ এখন পৰিয়ালমুখী মুছলমান সংখ্যাগৰিষ্ঠ দেশ, যাৰ আৰ্থ-সামাজিক শ্ৰেণী গাঁথনি শক্তিশালী। ৰোমাঞ্চক কেন্দ্ৰ কৰি সাংস্কৃতিক আলোচনাক পাপ, সামাজিক অপৰাধ বা এক প্ৰকাৰৰ বিকৃত আচৰণ বুলি গণ্য কৰা হয়। কিন্তু বাংলাদেশত কিছুমান বিশেষ সামাজিক শ্ৰেণীৰ মাজত ৰোমাঞ্চৰ প্ৰতি সহনশীলতা আৰু গ্ৰহণযোগ্যতাৰ পকেট আছে।১০
যৌন শিক্ষা
বাংলাদেশৰ যুৱক-যুৱতীসকলৰ বাবে ব্যাপক যৌন শিক্ষা অতি গুৰুত্বপূৰ্ণ, কাৰণ ই তেওঁলোকক যৌন স্বাস্থ্যৰ বিষয়ে জ্ঞাত সিদ্ধান্ত ল’বলৈ প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতাৰে সজ্জিত কৰে।১১ বাংলাদেশত স্কুল-পাঠ্যক্ৰমত ৰক্ষণশীল যৌন শিক্ষা ব্যৱস্থা আছে আৰু বিদ্যালয়-শিক্ষকসকলৰ অধিকাংশই ৰক্ষণশীলভাবে অধ্যায়টো শিকায়। বহু সময়ত শিক্ষকসকলে কিতাপত থকা যৌন শিক্ষাৰ বিষয়ৰ অধ্যায়টো এৰি যায়।১২১৩ বিপৰীত লিংগৰ সৈতে বন্ধুত্ব সমাজত নিৰুৎসাহিত কৰা হয়।১৪ ইমানবোৰ বিদ্যালয়ত লিংগ পৃথকীকৰণ আছে য'ত আন্তঃলিংগ বন্ধুত্ব গঢ়ি তোলাটো অতি কঠিন। এই সকলোবোৰ বাধা-নিষেধৰ মাজতো মধ্যমীয়া আৰু সামান্য বন্ধুত্বক সদায় কিছুমান নগৰীয়া সমাজে গ্ৰহণ আৰু প্ৰশংসা কৰি আহিছে।
পৰ্ণগ্ৰাফী
বাংলাদেশত যিকোনো ধৰণৰ পৰ্ণগ্ৰাফী চোৱা, ৰখা বা প্ৰস্তুত কৰাটো অবৈধ। ইয়াৰ বিৰুদ্ধে ২০১২ চনত সংসদে এখন আইন গৃহীত কৰিছিল; নিয়ম অনুসৰি ২৪৪টা পৰ্ণগ্ৰাফিক চাইট আৰু প্ৰাপ্তবয়স্কৰ বিষয়বস্তুৰ সৈতে সংযুক্ত চাইট ব্লক কৰা হৈছিল।১৫
সমকামীতা
বাংলাদেশত সমকামিতা যৌন আচৰণ নিষিদ্ধ, কিয়নো দণ্ডবিধিৰ ৩৭৭ নং ধাৰাত অংশগ্ৰহণকাৰীসকলৰ লিংগ আৰু যৌন অভিৰুচি নিৰ্বিশেষে পায়ু বা মৌখিক যৌন সম্পৰ্ক নিষিদ্ধ কৰা হৈছে।১৬১৭ আনকি সন্মতিসূচক বিষমযৌন কাৰ্য্য যেনে ফেলেটিঅ' আৰু পায়ুপথত প্ৰৱেশ এই আইনৰ অধীনত শাস্তিযোগ্য হ'ব পাৰে।১৮১৯ ২০০৯ আৰু ২০১৩ চনত বাংলাদেশৰ সংসদে ধাৰা ৩৭৭ বাতিল কৰিবলৈ অস্বীকাৰ কৰে।২০ ২০১৪ চনত বাংলাদেশত প্ৰথমখন এলজিবিটিকিউ আলোচনী মুকলি কৰা হয়, যাৰ নাম ৰূপবান।২১ একেই বছৰতে বাংলাদেশে প্ৰথম ট্ৰেন্স প্ৰাইড পেৰেড অনুষ্ঠিত কৰে।২২
বেশ্যাবৃত্তি
২০০০ চনৰ পৰা বেশ্যাবৃত্তি বৈধ যদিও সমাজে এই প্ৰথা নাকচ কৰে। বেশ্যালয়ত নাৰী আৰু পুৰুষ উভয়ৰে বেশ্যাবৃত্তি পোৱা যায়।২৩ বাংলাদেশত বহুতো পুৰুষ বেশ্যা আছে যিয়ে নিজৰ শৰীৰ মহিলাক বিক্ৰী কৰি আছে, এই পুৰুষসকল সমাজৰ বিভিন্ন স্তৰৰ মহিলা গ্ৰাহকৰ উপৰিও এই পুৰুষ বেশ্যাসকলৰ পুৰুষ গ্ৰাহকো আছে।২৩ এই দেশত ১৪টা পঞ্জীয়নভুক্ত বেশ্যালয় আছে যিবোৰ স্থানীয় আৰক্ষী কৰ্তৃপক্ষৰ তত্বাৱধানত আইনীভাৱে চলি থাকে।
আৰু চাওক
গ্ৰন্থতালিকা
- Lewis, David. (2011). Bangladesh: Politics, Economy and Civil Society. Cambridge University Press
তথ্যসূত্ৰ
- ↑ Young Bangladeshis more conservative than their elders, survey finds. Bdnews24.com
- ↑ Marriage, family and tradition in Bangladesh. vsointernational.org
- ↑ (January 12, 1997). Bangladesh-Culture: Marriage is a Family Decision. Inter Press Service
- ↑ (March 8, 2019). Bangladeshi women walk out on unhappy marriages. La Croix
- ↑ (May 19, 2014). To Love In Bangladesh. HuffPost
- ↑ (February 12, 2018). Love, elopement, and all that. Dhaka Tribune
- ↑ (July 28, 2018). Photographer Clicks Pic Of Couple Kissing In Rain. He Was Thrashed, Fired. NDTV
- ↑ (July 19, 2015). Couple, student commit 'suicide' in Dhaka. Bdnews24.com
- ↑ (14 February 2019). People celebrate Valentine's Day. The Daily Star
- ↑ Lewis 2011
- ↑ Editorial, Team. (2023-02-17). Sex Education in Bangladesh: Challenges and Opportunities. Neo Observer
- ↑ Mohammed Rubayet. No alternative to sex education. Dhaka Tribune
- ↑ Shanum Sarkar, Robiah Arefin Ibn Mahmud. (25 April 2024). The need for comprehensive sexuality education in our schools. The Daily Star (Bangladesh)
- ↑ Lewis 2011
- ↑ Govt blocks 244 porn sites. The Daily Star
- ↑ (24 April 2007). Sodomy Laws Around the World
- ↑ Ashok Deb. A text book case how sexuality is enforced upon in Bangladeshi society. lgbtbangladesh.wordpress.com
- ↑ Bangladesh: Treatment of homosexuals including legislation, availability of state protection and support services. unhcr.org
- ↑ Bangladesh_Penal_Code_1860_Full_text.pdf (application/pdf Object). unodc.org
- ↑ Pawar, Yogesh. Bangladesh Refuses to Abolish Criminalisation of Same-Sex Ties; in Denial about its 4.5 Million-Strong LGBT Community, Dhaka Shoots Down the United Nations Human Rights Commission Recommendations., 2013. Print
- ↑ First magazine for gays, lesbians launched in Bangladesh. NDTV
- ↑ Toppa, Sabrina. (November 23, 2014). In Photos: Bangladesh's Trans Pride Parade Was Massive and Fabulous. Vice News
- ↑ Independent Appeal: Sex workers dicing with death in Bangladesh. The Independent
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাংলাদেশত যৌনতা” প্ৰবন্ধৰ সংশোধন ৫৭১৩৮৮ (২৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।