বাংলাদেশৰ জাতীয় প্ৰতীকসমূহ বাংলাদেশী পৰম্পৰা আৰু আদৰ্শক প্ৰতিনিধিত্ব কৰিবলৈ প্ৰতীকৰে গঠিত যিয়ে সাংস্কৃতিক জীৱন আৰু ইতিহাসৰ বিভিন্ন দিশ প্ৰতিফলিত কৰে। বাংলাদেশত কেইবাটাও চৰকাৰী জাতীয় প্ৰতীক আছে, য’ত আছে এখন ঐতিহাসিক নথি, এখন পতাকা, এটা প্ৰতীক, এটা গীত, স্মৃতিসৌধ, লগতে কেইবাজনো জাতীয় নায়ক। লগতে আছে জাতীয় প্ৰাণী, চৰাই, ফুল, বাদ্য, গছকে ধৰি আন কেইবাটাও প্ৰতীক।
জাতীয় পতাকা
মূল প্ৰবন্ধ: বাংলাদেশৰ জাতীয় পতাকা
বাংলাদেশৰ জাতীয় পতাকা সেউজীয়া আয়তক্ষেত্ৰৰ মাজত ৰঙা বৃত্তৰে গঠিত। সেউজীয়া ৰং বাংলাদেশৰ সেউজীয়া প্ৰকৃতি তথা তাৰুণ্যৰ প্ৰতীক আৰু বৃত্তৰ ভিতৰত থকা ৰঙা ৰং উদীয়মান সূৰ্য আৰু স্বাধীনতা আন্দোলনত আত্মবলিদান দিয়া লোকসকলৰ তেজৰ প্ৰতীক। বাংলাদেশৰ জাতীয় পতাকাৰ এই ৰূপ ১৯৭২ চনৰ ১৭ জানুৱাৰীত চৰকাৰীভাৱে গৃহীত হয়।
জাতীয় প্ৰতীক

বাংলাদেশৰ জাতীয় প্ৰতীক বাংলাদেশ চৰকাৰ আৰু ইয়াৰ সংস্থাসমূহে ব্যৱহাৰ কৰে। চৰকাৰী চৰকাৰী নথি-পত্ৰ আৰু মুদ্ৰাত এই প্ৰতীকটো দেখিবলৈ পোৱা যায়।
চৰকাৰী ছীল-মোহৰ

বাংলাদেশ চৰকাৰৰ ছীল বাংলাদেশৰ মন্ত্ৰীসভা আৰু বাংলাদেশ চৰকাৰে চৰকাৰী কামত ব্যৱহাৰ কৰে।
জাতীয় সংগীত
মূল প্ৰবন্ধ: আমাৰ সোণাৰ বাংলা'আমাৰ সোণাৰ বাংলা' (আমাব় সোণাব় বাংলা, "মোৰ সোণৰ বংগ") গানটো হৈছে বাংলাদেশৰ জাতীয় সঙ্গীত। এই গানটোৰ ৰচনা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ। ১৯০৫ খ্ৰীষ্টাব্দৰ বংগ-ভংগ আন্দোলনৰ পৰিপ্ৰেক্ষিতত এই গানটো ৰচনা কৰা হৈছিল। ১৯৭২ খ্ৰীষ্টাব্দত এই গানটোৰ প্ৰথম দহ শাৰী সদ্যগঠিত গণপ্ৰজাতন্ত্ৰী বাংলাদেশৰ জাতীয় সঙ্গীত হিচাপে নিৰ্বাচন কৰা হয়১। আনুষ্ঠানিকভাবে কেবল প্ৰথম চাৰি শাৰী গোৱা হয়।
জাতীয় ৰণ-সংগীত
মূল প্ৰবন্ধ: নতুনেৰ গান'নতুনেৰ গান (নতুনেব় গান, The Song of Youth) হ'ল ১৯২৯ চনত বাংলাদেশৰ জাতীয় কবি কাজী নজৰুল ইছলামৰদ্বাৰা ৰচিত তথা সুৰাৰোপিত সন্ধ্যা কাব্যগ্ৰন্থৰ অন্তৰ্গত এটা গান। দাদৰা তালৰ এই সংগীতটো ১৯৭২ চনৰ ১৩ জানুৱাৰীত অনুষ্ঠিত বাংলাদেশৰ তৎকালীন মন্ত্ৰীসভাৰ প্ৰথম বৈঠকত বাংলাদেশৰ ৰণ-সংগীত হিচাপে নিৰ্বাচন কৰা হয়।২ বাংলাদেশৰ যিকোনো সামৰিক অনুষ্ঠানত এই গানটোৰ প্ৰথম ২১ শাৰী যন্ত্ৰসংগীতত বজোৱা হয়।৩৪ “নতুনেৰ গান” শিৰোনামত গানটো শিক্ষা কাকতত প্ৰথমে প্ৰকাশিত হয়। তাৰ পাছত সন্ধ্যা কাব্যগ্ৰন্থৰ অন্তৰ্ভুক্ত হয়। দ্যা ডেইলি ষ্টাৰে এই গানটোক জাতীয় মিলিটাৰী গান' হিচাপে স্বীকৃতি দিছে।৫
জাতীয় খেল
মূল প্ৰবন্ধ: কাবাডী

কাবাডী হ'ল বাংলাদেশৰ জাতীয় খেল।
জাতীয় বনাঞ্চল

বাংলাদেশৰ জাতীয় বন হ'ল সুন্দৰবন।
জাতীয় জন্তু
মূল প্ৰবন্ধ: ঢেঁকীয়াপতীয়া বাঘ

ৰয়েল বেংগল টাইগাৰ বা ঢেঁকীয়াপতীয়া বাঘ হ'ল বাংলাদেশৰ জাতীয় জন্তু (পশু)।
জাতীয় চৰাই
মূল প্ৰবন্ধ: দহিকতৰা

বাংলাদেশৰ জাতীয় চৰাই হ'ল দহিকতৰা, যাক বাংলা ভাষাত দোয়েল বুলি কোৱা হয়। এই চৰাইবিধ সাধাৰণতে নাতিশীতোষ্ণ দক্ষিণ এছিয়াৰ বাংলাদেশ, ভাৰত, পাকিস্তান, শ্ৰীলংকা, ইণ্ডোনেছিয়া, মালয়েছিয়া, চীনৰ দক্ষিণাঞ্চল আৰু ফিলিপাইনত দেখিবলৈ পোৱা যায়।৬ সচৰাচৰ গাঁও বা নগৰৰ জনবসতিৰ ওচৰে-পাজৰেই ইহঁতক দেখা যায়।
জাতীয় মাছ
মূল প্ৰবন্ধ: ইলীহ মাছ
ইলীহ বা ইলিশ হ'ল বাংলাদেশৰ জাতীয় মাছ।
জাতীয় বৃক্ষ
বাংলাদেশৰ জাতীয় বৃক্ষ (গছ) হ'ল আম গছ।
জাতীয় ফল
মূল প্ৰবন্ধ: কঁঠাল
কঁঠাল হ'ল বাংলাদেশৰ জাতীয় ফল।
জাতীয় ফুল
বাংলাদেশৰ জাতীয় ফুল হ'ল বগা ৰঙৰ ভেঁট ফুল, যাক বাংলা ভাষাত শাপলা বুলি কোৱা হয়।
জাতীয় নদী
যমুনা নদী হ'ল বাংলাদেশৰ জাতীয় নদী।
অন্যান্য জাতীয় আৰু চৰকাৰী প্ৰতীকসমূহ
| শীৰ্ষক | ছবি | প্ৰতীক আৰু টোকা |
|---|---|---|
| অধিকাৰিক নাম | গণপ্ৰজাতন্ত্ৰী বাংলাদেশ Gônôprôjatôntri Bangladesh জনগণৰ প্ৰজাতান্ত্ৰিক বাংলাদেশ | |
| ৰাষ্ট্ৰীয় ধৰ্ম | ইছলাম (জনসংখ্যাৰ ৯১.০৪%)৭ বাংলাদেশৰ সংবিধান হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, খ্ৰীষ্টধৰ্ম আৰু আন সংখ্যালঘু ধৰ্মসমূহক সমান অধিকাৰ আৰু স্থান প্ৰদান কৰা হৈছে।৮ | |
| ৰাষ্ট্ৰীয় কবি | কাজী নজৰুল ইছলাম | |
| ৰাষ্ট্ৰীয় ভাষা | বাংলা বঙালী ভাষা | |
| ৰাষ্ট্ৰীয় কেলেণ্ডাৰ | বঙ্গাব্দ বাংলা পঞ্জিকা (বঙ্গাব্দ / বাংলা কেলেণ্ডাৰ) | |
| ৰাষ্ট্ৰীয় উদ্যান | ভাৱাল জাতীয় উদ্যান | |
| ৰাষ্ট্ৰীয় মছজিদ | বায়তুল মুকাৰৰাম | |
| ৰাষ্ট্ৰীয় মন্দিৰ | ঢাকেশ্বৰী মন্দিৰ | |
| ৰাষ্ট্ৰীয় পৰ্বত | কেওক্ৰাডাং | |
| ৰাষ্ট্ৰীয় সংগ্ৰহালয় | বাংলাদেশ ৰাষ্ট্ৰীয় যাদুঘৰ | |
| ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰ | বাংলাদেশ ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰ | |
| ৰাষ্ট্ৰীয় খাদ্য | মাছ আৰু ভাত | |
| ৰাষ্ট্ৰীয় মুদ্ৰা | বাংলাদেশী টাকা | |
| ৰাষ্ট্ৰীয় ৰং | সোণালী, সেউজীয়া আৰু ৰঙা | |
| ৰাষ্ট্ৰীয় ককেড | বাংলাদেশৰ ককেড | |
| ৰাষ্ট্ৰীয় পোছাক | পঞ্জাবী ভাষা আৰু লুঙী (পুৰুষ) শাৰী (মহিলা) | |
| ৰাষ্ট্ৰীয় বিমান সংস্থা | বিমান বাংলাদেশ এয়াৰলাইন্স | |
| ৰাষ্ট্ৰীয় দিৱস | স্বাধীনতা আৰু ৰাষ্ট্ৰীয় দিৱস (২৬ মাৰ্চ) | |
| ৰাষ্ট্ৰীয় বাদ্যযন্ত্ৰ | দোতোৰা |
তথ্যসূত্ৰ
- ↑ Bangladesh: Amar Shonar Bangla. NationalAnthems.me
- ↑ প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ৰ বিৱৰণী
- ↑ knowledge bank
- ↑ সংক্ষেপে বাংলাদেশ
- ↑ বাংলাহিলি
- ↑ Ali, S & S D Ripley (1997). Handbook of the birds of India and Pakistan. 8 (2 ed.). Oxford University Press. pp. 243–247. ISBN 0-19-562063-1
- ↑ Bangladeshi Culture – Religion. Cultural Atlas
- ↑ Constitution of Bangladesh. Ministry of Law, Justice and Parliamentary Affairs, Government of Bangladesh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাংলাদেশৰ জাতীয় প্ৰতীকসমূহ” প্ৰবন্ধৰ সংশোধন ৫৭৮৯৩৯ (১৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।