বলাৰামপুৰম (Balaramapuram) ভাৰতৰ কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰম নগৰৰ পঞ্চায়তসমূহৰ ভিতৰত অন্যতম। ই তিৰুৱনন্তপুৰম জিলাৰ আটাইতকৈ নগৰায়িত পঞ্চায়ত হিচাপে পৰিচিত। বলাৰামপুৰম কেৰালাৰ পৰম্পৰাগত বলাৰামপুৰম হেণ্ডলুম বা হাতেৰে বোৱা কাপোৰ উৎপাদনৰ অন্যতম প্ৰধান কেন্দ্ৰ। ইয়াত প্ৰস্তুত কৰা পৰম্পৰাগত বস্ত্ৰসমূহ আধুনিক শৈলীত সমগ্ৰ কেৰালাত ব্যাপকভাৱে পৰিধান কৰা হয়। কাপোৰৰ উপৰি বলাৰামপুৰম বস্ত্ৰ, গেলামাল, আচ-বাব, ইলেক্ট্ৰনিক সামগ্ৰী, ধাতৱ সামগ্ৰী আদি বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। ইয়াৰ লগতে বলাৰামপুৰম ছাগলীৰ মাংস,কুকুৰাৰ মাংস, অয়ষ্টাৰ (শামুকজাতীয় সামুদ্ৰিক খাদ্য) আৰু বিভিন্ন মাছৰ ব্যঞ্জনৰ বাবেও সুপৰিচিত। বলাৰামপুৰমত বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ লোক বসবাস কৰে। ইয়াত খ্ৰীষ্টান সম্প্ৰদায়ৰ ছেইণ্ট ছেবাষ্টিয়ান গীৰ্জাকে ধৰি একাধিক ধৰ্মীয় উপাসনাস্থলী আছে।
অৱস্থান
বলাৰামপুৰম ভাৰতৰ কেৰালা ৰাজ্যৰ ৰাজধানী তিৰুৱনন্তপুৰমৰপৰা প্ৰায় ১৫ কিলোমিটাৰ দক্ষিণে ৰাষ্ট্ৰীয় ঘাইপথ ৬৬ ৰ কাষত অৱস্থিত। ইয়াৰ দক্ষিণে ১৭ কিলোমিটাৰ দূৰত পাৰাছালা অৱস্থিত, যি কেৰালা ৰাজ্যৰ দক্ষিণ সীমান্তৰ ওচৰত। বলাৰামপুৰমৰ ভৌগোলিক স্থানাংক হৈছে ৮°২৩′ উত্তৰ অক্ষাংশ আৰু ৭৭°৫′ পূব দ্ৰাঘিমাংশ।
ইতিহাস
মহাৰাজ অৱিট্টম তিৰুনাল বলৰাম বৰ্মাৰ (১৭৯৮–১৮১০) শাসনকালত১ বলাৰামপুৰমত প্ৰথমবাৰৰ বাবে হস্ততাঁত বয়নশিল্পৰ প্ৰচলন কৰা হয়। তেওঁৰ সন্মানত এই পঞ্চায়তৰ নাম বলাৰামপুৰম ৰখা হয়। মহাৰাজ আৰু তেওঁৰ দেলাভা (মুখ্য মন্ত্ৰী) উম্মিনি থাম্পিয়ে যৌথভাৱে বলাৰামপুৰম আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলক কৃষিভিত্তিক ঔদ্যোগিক এলেকালৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লয়। এই উদ্দেশ্যে ধান খেতি, নাৰিকল চাষ, মীন ধৰা, হাততাঁত বয়ন আৰু তেল নিষ্কাশন আদি পৰম্পৰাগত উদ্যোগসমূহৰ বিকাশ ঘটোৱা হয়। মহাৰাজৰ দেলাভাই ৰাজপৰিয়ালৰ সদস্যসকলৰ বাবে বস্ত্ৰ বোৱাৰ উদ্দেশ্যে তামিলনাডুৰপৰা সাতটা শালিয়াৰ (তাঁতী) পৰিয়ালক বলাৰামপুৰমলৈ আনি বসতি স্থাপন কৰায়। তেওঁলোকক যি ঠাইত বসতি দিয়া হৈছিল, সেই অঞ্চল এতিয়া শালিয়াৰ ষ্ট্ৰীট নামেৰে পৰিচিত। বৰ্তমান সেই অঞ্চলত বাস কৰা বহু লোকেই সেই মূল সাতটা পৰিয়ালৰ বংশধৰ। লগতে, তাঁতীসকলৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধাৰ্থে তেওঁলোকৰ সহজে যাতায়াত কৰিব পৰা স্থানসমূহত বজাৰো স্থাপন কৰা হৈছিল।
বলাৰামপুৰমৰ মুখ্য পথসমূহৰ অক্ষীয় বিন্যাস অনুসৰি অৱস্থিত। এই মন্দিৰৰ প্ৰধান দেৱতা হৈছে শিৱ, অগস্ত্য আৰু লোপামুদ্ৰা। ইয়াৰ উপৰি গণেশ (বিনায়ক), মুৰুগন, নবগ্ৰহ, নাগদেৱতা আৰু কৃষ্ণৰো পূজা কৰা হয়। ডাবল ষ্ট্ৰীটত দুটা মন্দিৰ আছে মুত্তাৰাম্মান মন্দিৰ আৰু বিনায়কৰ মন্দিৰ। আনহাতে, বিনায়গৰ ষ্ট্ৰীটত এটা গণপতি মন্দিৰ অৱস্থিত।
১৮ বছৰৰ ঊৰ্ধ্বৰ সকলো পুৰুষৰ বাবে মন্দিৰ পৰিচালনা সমিতিৰ সদস্য হোৱা বাধ্যতামূলক। এই মন্দিৰ আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানসমূহেই শালিয়াৰ সম্প্ৰদায়ৰ২ সামাজিক জীৱনৰ মুখ্য কেন্দ্ৰ হিচাপে পৰিগণিত হয়।
বালাৰামাপুৰমত মুছলমান বয়ন সম্প্ৰদায় আৰু আঞ্চুৱন্নাম
বলাৰামপুৰম ভাৰতৰ কেৰালাৰ তিৰুৱনন্তপুৰমৰ ওচৰৰ এখন ঐতিহাসিক জনপদ। এই ঠাই শতিকাজুৰি চলি অহা হাততাঁত বয়ন পৰম্পৰাৰ বাবে বিশেষভাৱে জনাজাত। ইয়াত বোৱা কসাভু মুণ্ডু আৰু কসাভু শাৰী ৩ কেৰালাৰ পৰম্পৰাগত বস্ত্ৰশিল্পৰ অন্যতম প্ৰতীক। বলাৰামপুৰমৰ বয়নশিল্প ত্ৰিবাণকোৰ ৰাজ্যৰ শাসনকালত ৰাজকীয় পৃষ্ঠপোষকতাত বিকাশ লাভ কৰিছিল। আজিও এই শিল্প অঞ্চলটোৰ এক জীৱন্ত পৰম্পৰা হিচাপে বিদ্যমান। স্থানীয় বিভিন্ন সামাজিক আৰু ধৰ্মীয় সম্প্ৰদায়ে এই শিল্পৰ সৈতে জড়িত হৈ আছে, যাৰ ভিতৰত বহু মুছলমান বয়নকাৰ পৰিয়ালেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আঞ্চুভন্নম শব্দটো ঐতিহাসিকভাৱে পশ্চিম এছিয়াৰ ব্যৱসায়ীসকলৰ এক মধ্যযুগীয় বণিক সংঘক বুজায়। বলাৰামপুৰমৰ বস্ত্ৰ উৎপাদনৰ সৈতে ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক নাথাকিলেও, কেৰালাৰ উপকূলীয় বাণিজ্যিক নেটৱৰ্ক, হস্তশিল্প আৰু বাণিজ্যৰ ইতিহাস গঢ়ি তোলাত এই গিল্ডৰ বা বণিক সংঘৰ পৰোক্ষ আৰু আঞ্চলিকভাৱে উল্লেখযোগ্য প্ৰভাৱ আছিল। এই বাণিজ্যিক যোগাযোগে কেৰালাৰ বিভিন্ন হস্তশিল্প, বিশেষকৈ বস্ত্ৰশিল্পৰ বিকাশত সহায়ক ভূমিকা পালন কৰিছিল।
অঞ্চুৱন্নম (অঞ্জুৱন্নম): ব্যৱসায়ী গিল্ড আৰু বহল ঐতিহাসিক প্ৰসংগ
আঞ্চুভন্নম (ঐতিহাসিক লিপি আৰু গৱেষণাত অঞ্জুভন্নম নামেৰেও উল্লেখ কৰা হয়) আছিল এক উপকূলীয় বণিক সংঘ, যি মূলতঃ পশ্চিম এছিয়াৰ (পাৰস্য, আৰব, ইহুদী, ছিৰিয়াৰ আৰু পাৰ্চী) বণিকসকলৰদ্বাৰা গঠিত হৈছিল। এই গিল্ডে খ্ৰীষ্টীয় নৱম শতিকাৰপৰাই দক্ষিণ ভাৰতৰ বিভিন্ন বাণিজ্যিক বন্দৰত সক্ৰিয়ভাৱে ব্যৱসায় চলাইছিল। মালাৱাৰ আৰু কৰোমণ্ডল উপকূলৰ বন্দৰসমূহত আঞ্চুভন্নমৰ বাণিজ্যিক কাৰ্যকলাপে কেৰালাক ভাৰত মহাসাগৰীয় দূৰপাল্লাৰ বাণিজ্যিক জালৰ সৈতে সংযুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই বাণিজ্যৰ মূল সামগ্ৰীৰ ভিতৰত বস্ত্ৰ, মচলা আৰু অন্যান্য মূল্যৱান সামগ্ৰী অন্তৰ্ভুক্ত আছিল। যদিও আঞ্চুভন্নম নিজে কোনো তাঁতশিল্পীৰ বণিক সংঘ নাছিল, তথাপি ইয়াৰ সামুদ্ৰিক বাণিজ্যই বজাৰৰ চাহিদা, বাণিজ্যিক আদান-প্ৰদানৰ নেটৱৰ্ক আৰু কেঁচা-মালৰ সৰবৰাহত গভীৰ প্ৰভাৱ পেলাইছিল। বিশেষকৈ উৎকৃষ্ট মানৰ কপাহী সূতা আৰু জৰী (ধাতুৰ সূতা) আদি সামগ্ৰী উপকূলীয় অঞ্চলসমূহলৈ আহিছিল, যিয়ে স্থানীয় বস্ত্ৰ উৎপাদনক সমৃদ্ধ কৰিছিল। সেয়েহে, আঞ্চুভন্নমৰ ঐতিহাসিক উপস্থিতিয়ে এনে এক বহুসাংস্কৃতিক আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক পৰিৱেশ গঢ়ি তুলিছিল, য'ত কেৰালাৰ হস্ততাঁত শিল্প বিশেষকৈ পিছলৈ খ্যাতি লাভ কৰা বলাৰামপুৰমৰ হস্ততাঁত পৰম্পৰা বিকশিত আৰু সমৃদ্ধ হ'বলৈ সক্ষম হৈছিল।
শালিয়াৰ সম্প্ৰদায়ৰ নগৰীয়া বসতি
বালাৰামপুৰমৰ শালিয়াৰ সম্প্ৰদায়ৰ বসতিটোৱে ৰাষ্ট্ৰীয় ঘাইপথ ৬৬ (পূৰ্বৰ NH-47)-ৰ দক্ষিণফালে প্ৰায় ১৩ একৰ (৫.৩ হেক্টৰ) এলেকা জুৰি বিস্তৃত। এই বসতিলৈ মূল প্ৰৱেশপথটো ঘাইপথৰপৰা আৰম্ভ হোৱা প্ৰায় ৯ মিটাৰ বহল "চিংগল ষ্ট্ৰীট।" প্ৰৱেশমুখটো বিশেষভাৱে চিহ্নিত নহয়। চিংগল ষ্ট্ৰীটৰ দুয়োকাষে দুমহলীয়া ঘৰবোৰে এক সুষম পথৰ সৃষ্টি কৰিছে, যাৰ কেন্দ্ৰবিন্দু হৈছে অগস্ত্য মন্দিৰ। চিংগল ষ্ট্ৰীট, ডাবল ষ্ট্ৰীট আৰু নিউ ষ্ট্ৰীট এই বসতিৰ মুখ্য পথ। এই তিনিটা পথৰ সংযোগস্থলতে অগস্ত্য মন্দিৰ অৱস্থিত। ঘৰৰ সন্মুখত পৃথক চোতাল নথকাৰ বাবে এই পথসমূহক স্থানীয় বাসিন্দাসকলে সামাজিক মিলনমেলাৰ উন্মুক্ত স্থান হিচাপে ব্যৱহাৰ কৰে। শালিয়াৰ তাঁতীসকলৰ ঘৰবোৰত তেওঁলোকৰ সংস্কৃতি, জীৱিকা আৰু ধৰ্মীয় বিশ্বাসৰ স্পষ্ট প্ৰতিফলন দেখা যায়। অধিকাংশ ঘৰ আয়তাকাৰ বিন্যাসৰ আৰু একে দেৱাল ভাগ কৰি নিৰ্মাণ কৰা হৈছে। প্ৰতিটো ঘৰৰ সৈতে পৰম্পৰাগত বয়নশিল্পৰ বাবে পৃথক উৎপাদন কক্ষ বা কৰ্মশালা সংযুক্ত থাকে। ধনী পৰিয়ালৰ ঘৰবোৰত নিজৰ বয়নজাত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে শ্ব'ৰুমো থাকে। ঘৰসমূহৰ মুখমণ্ডলৰ বিশেষ অলংকৰণ, ভিতৰুৱা চোতাল আৰু বয়নশিল্পৰ উপযোগী কৰি সাজি তোলা কোঠাৰ বিন্যাসে এই স্থাপত্যক এক অনন্য বৈশিষ্ট্য প্ৰদান কৰিছে। শালিয়াৰ সম্প্ৰদায়ৰ বসতিৰ ভিতৰত মুকলি স্থান আৰু গাড়ী পাৰ্কিঙৰ সুবিধা অতি সীমিত। পথসমূহৰ কাষে কাষে বহুতো সামূহিক কুঁৱা আছে। কিন্তু সমতল পথ, ৰাজহুৱা পানী যোগান, নলা-নৰ্দমা আৰু পয়ঃপ্ৰণালীৰ দৰে মৌলিক আন্তঃগাঁথনিৰ অভাৱ এই সম্প্ৰদায়ৰ অন্যতম প্ৰধান সমস্যা। বহু ঠাইত পথসমূহ অসমতল হোৱাৰ বাবে যান-বাহন চলাচল কৰাটোও কঠিন। ৪
বয়ন শিল্প
বলাৰামপুৰম হস্ততাঁতৰ তাঁতীসকলে বিশুদ্ধ কপাহৰ সূতা আৰু খাঁটি জাৰী ব্যৱহাৰ কৰি কাপোৰ বয়। তেওঁলোকে পৰম্পৰাগত থ্ৰ'-শ্বাটল পিট লুম বা তাঁত ব্যৱহাৰ কৰে। কাপোৰত নক্সা সৃষ্টিৰ বাবে আধুনিক যন্ত্ৰ যেনে ডবি, জেকাৰ্ড বা জালা ব্যৱহাৰ কৰা নহয়। ইয়াৰ পৰিৱৰ্তে, অতিৰিক্ত তানা (extra warp) আৰু অতিৰিক্ত বানা (extra weft) ব্যৱহাৰ কৰি সম্পূৰ্ণ হাতৰ কৌশলে নক্সা বোৱা হয়। এই বিশেষ পদ্ধতিৰ ফলত কাপোৰৰ সন্মুখ আৰু পিছফাল—দুয়োফালতে নক্সা আৰু ডোৰা একে ধৰণে দেখা যায়।৫
বলাৰামপুৰমত বস্ত্ৰ উৎপাদনৰ বাবে ব্যৱহৃত তাঁত আৰু বয়নপদ্ধতিত যুগ যুগ ধৰি উল্লেখযোগ্য পৰিৱৰ্তন হোৱা নাই। এই অঞ্চলৰ পৰম্পৰাগত "পুডাভা আৰু কাভানি" (জৰীযুক্ত ধুতি আৰু ওপৰৰ বস্ত্ৰ) এতিয়াও বিবাহ অনুষ্ঠানত কইনাৰ বাবে সন্মানীয় উপহাৰ হিচাপে গণ্য কৰা হয়। পুৰণি কৌশলে জৰী বা ৰঙীন সূতাৰ সহায়ত বোৱা নক্সাসমূহ আজিও অতুলনীয় সৌন্দৰ্যৰ বাবে বিশেষ সমাদৃত আৰু আধুনিক ৰুচিসম্পন্ন ক্ৰেতাসকলকো আকৰ্ষণ কৰিবলৈ সক্ষম।৬
বলাৰামপুৰমৰ গৃহভিত্তিক বয়ন উদ্যোগত বিভিন্ন ধৰণৰ কাৰ্যকলাপ দেখা যায়। প্ৰায় ৫% ঘৰত হস্ততাঁতৰ সামগ্ৰীৰ এজেঞ্চি বা সংগ্ৰহকেন্দ্ৰ হিচাপে কাম কৰে, য'ত স্থানীয়ভাৱে উৎপাদিত কাপোৰ সংগ্ৰহ কৰি বজাৰলৈ প্ৰেৰণ কৰা হয়। প্ৰায় ৯% ঘৰত কোনো গৃহভিত্তিক উৎপাদনমূলক কাৰ্যকলাপ নাই। আনহাতে, ২৭% ঘৰত এতিয়াও পৰম্পৰাগত উৎপাদন পদ্ধতি ব্যৱহাৰ কৰা হয় আৰু ৫৯% ঘৰে তুলনামূলকভাৱে নতুন পদ্ধতি বা আধুনিক ব্যৱস্থাৰ সহায়ত উৎপাদন চলায়।
বৰ্তমানৰ অৱস্থা
বৰ্তমান বলাৰামপুৰমত উৎপাদিত বলাৰামপুৰম হস্ততাঁতৰ বস্ত্ৰৰ এক বৃহৎ অংশ হেণ্ডলুম ডেভেলপমেণ্ট কৰ্প'ৰেচন আৰু হেণ্টেক্স (Hantex)-ৰ জৰিয়তে বিপণন কৰা হয়। ৭ কিন্তু বয়ন উদ্যোগত পাৱাৰলুম-ৰ প্ৰসাৰ আৰু বস্ত্ৰৰ মূল্য হ্ৰাস পোৱাৰ ফলত পৰম্পৰাগত হস্ততাঁত বয়নশিল্প জীয়াই ৰখাটো স্থানীয় শিপিনীৰ বাবে কঠিন হৈ পৰিছে। ফলস্বৰূপে, পৰম্পৰাগত বয়নশিল্পত অৰ্থনৈতিক সম্ভাৱনা কমি যোৱাত নতুন প্ৰজন্মৰ বহুতে উচ্চশিক্ষা গ্ৰহণ কৰি আন পেছাত নিযুক্ত হ'বলৈ আগবাঢ়িছে।
এই পৰিৱৰ্তনৰ আন এটা মুখ্য কাৰণ হ'ল হস্ততাঁতত উৎপাদিত বস্ত্ৰৰ তুলনামূলকভাৱে কম বিক্ৰীমূল্য। হাততাঁত শিপিনীৰ উৎপাদন ব্যয় বৃহৎ পৰিসৰত উৎপাদন কৰা বস্ত্ৰ কাৰখানাতকৈ বহু বেছি। সেয়ে আধুনিক বজাৰত তেওঁলোকৰ ব্যৱসায় টিকাই ৰখাটো ক্ৰমাৎ কঠিন হৈ পৰিছে। পূৰ্বতে কেৱল হাততাঁতে বোৱা বহু ধৰণৰ বস্ত্ৰ এতিয়া পাৱাৰলুমতো উৎপাদন হ'ব ধৰাত প্ৰতিযোগিতাত হাততাঁত উদ্যোগ পিছ পৰি গৈছে।
বৰ্তমান বলাৰামপুৰমৰ হস্ততাঁত উদ্যোগত আয়ুৰ্বস্ত্ৰ ৮নামৰ এক নতুন ধাৰণা প্ৰৱৰ্তন কৰা হৈছে। আয়ুৰ্বেদৰ এই বিশেষ শাখাত ৰাসায়নিক ৰঙৰ সলনি বিভিন্ন ঔষধি উদ্ভিদ আৰু বনৌষধিৰে বস্ত্ৰ প্ৰস্তুত কৰা হয়। 'আয়ুৰ' শব্দৰ অৰ্থ স্বাস্থ্য আৰু 'বস্ত্ৰ'ৰ অৰ্থ কাপোৰ; সেয়ে আয়ুৰ্বস্ত্ৰৰ অৰ্থ হৈছে স্বাস্থ্যকৰ বস্ত্ৰ। এই প্ৰকল্পটো উদ্যোগ আৰু বাণিজ্য বিভাগৰ হস্ততাঁত সঞ্চালকালয় আৰু চৰকাৰী আয়ুৰ্বেদ মহাবিদ্যালয়ৰ সহযোগত আৰম্ভ কৰা হৈছিল। ইয়াৰ লক্ষ্য হৈছে সুস্থতা-কেন্দ্ৰিক বস্ত্ৰৰ বাবে এক বিশেষ বজাৰ গঢ়ি তোলা।
১৯৯০ চনলৈকে বলাৰামপুৰমত উৎপাদিত বিভিন্ন ধৰণৰ হস্ততাঁত বস্ত্ৰৰ বজাৰত যথেষ্ট চাহিদা আছিল। সেই সময়ত অঞ্চলটোৰ শিপিনীয়ে সন্তোষজনক আয় উপাৰ্জন কৰিছিল আৰু তুলনামূলকভাৱে উন্নত জীৱন-ধাৰণ বজাই ৰাখিছিল। প্ৰায় ৫,১০০টা তাঁত এই বস্ত্ৰ উৎপাদনত নিয়োজিত আছিল। যদিও তেওঁলোক দক্ষ শিপিনী আছিল, বজাৰৰ চাহিদা বৃদ্ধি কৰাৰ উদ্দেশ্যে নতুন ধৰণৰ বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱা হোৱা নাছিল। ৯ কিন্তু সাম্প্ৰতিক সময়ত এই পৰিস্থিতি সলনি হ'বলৈ আৰম্ভ কৰিছে, আৰু হাতে-বোৱা পৰম্পৰাগত বস্ত্ৰৰ প্ৰতি পুনৰ বজাৰত চাহিদা বৃদ্ধি পাইছে।১০
পৰিবহণ
বালাৰামপুৰম ৰে'লৱে ষ্টেচন বালাৰামপুৰমত ৰাষ্ট্ৰীয় ঘাইপথ ৬৬ (পূৰ্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ৪৭)ৰপৰা প্ৰায় ১ কিলোমিটাৰ দূৰত অৱস্থিত। ষ্টেচনটোৰ ক'ড নাম BRAM। ১১এইটো ভাৰতীয় ৰে'লৱেৰ দক্ষিণ ৰে'লৱে মণ্ডলৰ অন্তৰ্গত এটা গুৰুত্বপূৰ্ণ ষ্টেচন। পূৰ্বতে টিকট বুকিং আৰু ৰে'ল চলাচলৰ দিশৰপৰা এই ষ্টেচনটোক ভাৰতীয় ৰে'লৱেৰ শীৰ্ষ ১০০টা ব্যস্ত ষ্টেচনৰ ভিতৰত ধৰা হৈছিল। বালাৰামপুৰম (BRAM) ষ্টেচনৰ মাজেৰে মুঠ ৫০খন ৰে'ল চলাচল কৰে বুলি উল্লেখ কৰা হৈছিল।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Scribd www.scribd.com Trade and Market Under Perumals | PDF
- ↑ mangiillam.com mangiillam.com About Saliya - MANGI ILLAM
- ↑ Kerala Tourism www.keralatourism.org Balaramapuram Handloom Sarees | Traditional Cotton Fabrics
- ↑ (8 September 2004). Stray dogs – Reader's mail. দ্য হিন্দু
- ↑ Nair, N.J. (8 September 2004). Balaramapuram handlooms set for comeback. দ্য হিন্দু
- ↑ History of Handlooms. Institute of Handloon and Textile Technology
- ↑ <ref>Study & Documentation of Balaramapuram Sarees & Fine Cotton fabrics: The Pride of God's Own Country. Textiles Committee Ministry of Textiles Government of India
- ↑ Ayurvastra www.ayurvastra.in Ayurvastra
- ↑ Richard W. Franke; Barbara H. Chasin. Power to the (Malayalee) People. Critical Asian Studies
- ↑ Sebastian, Don. (20 October 2005). Kerala weavers heal the world with Ayur Vastra. DNA India
- ↑ RailYatri www.railyatri.in Balaramapuram (BRAM) Railway Station
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বালাৰামপুৰম” প্ৰবন্ধৰ সংশোধন ৬২২২৬৬ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।