বল্লৰপাড়ম ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ এটা দ্বীপ। এই দ্বীপটো ভেম্বনাদ হ্ৰদত অৱস্থিত। স্থানীয়ভাৱে ইয়াক কোচি হ্ৰদ বুলি কোৱা হয়। দ্বীপটোত ১০,০০০ তকৈও অধিক লোক থাকে। কোচি বন্দৰক কেন্দ্ৰ কৰি দুটা ঘাই দ্বীপ আছে। তাৰ ভিতৰত বল্লৰপাড়ম অন্যতম দ্বীপ। আনটো দ্বীপ হৈছে উইলিংডন দ্বীপ। বন্দৰটোৰ আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টাৰ্মিনেলটো এই দ্বীপতে আছে। এই দ্বীপৰ পশ্চিম দিশে ভাইপিন দ্বীপ অৱস্থিত। ইয়াৰ পূব দিশে মুলাভুকাড দ্বীপ অৱস্থিত।
পথ পৰিবহণ
বল্লৰপাড়ম দ্বীপটো 'গোশ্ৰী দলং' সমূহৰদ্বাৰা সংযোজিত হৈ আছে। এই দলঙে দ্বীপটোক কোচি চহৰ আৰু ভাইপিন দ্বীপৰ সৈতে সংযোগ কৰে। ইয়াত ব্যক্তিগত বাছ আৰু চৰকাৰী বাছ চলে। দ্বীপটোলৈ কোচি চহৰৰপৰা অটো ৰিক্সাও চলাচল কৰে।
ইয়াৰ ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ ৪৭চি-য়ে বল্লৰপাড়মক সংযোগ কৰে। এই পথটো কালামাছেৰী জংচনত ৰাষ্ট্ৰীয় ঘাইপথ ৪৭ৰ সৈতে মিলিছে। এই দূৰত্ব প্ৰায় ১৭.২ কিলোমিটাৰ। ৰাষ্ট্ৰীয় ঘাইপথ ১৭ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ৪৭ৰপৰা বল্লৰপাড়মলৈ সহজে যাব পাৰি।
ৰেল পৰিবহণ
২০০৯ চনৰপৰা বল্লৰপাড়ম দ্বীপটোলৈ ৰেল সংযোগ হৈছে। দ্বীপটো ইডাপল্লী ৰেল ষ্টেচনৰ সৈতে সংযোজিত হৈ আছে। ইয়াৰ বাবে এক ৪৬২০ মিটাৰ দীঘল ৰেল দলং সজা হৈছে।১ এই ৰেলপথটো সামগ্ৰী পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ সহায়ত আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেলৰ কণ্টেইনাৰসমূহ অনা-নয়া কৰা হয়।
অৰ্থনীতি
এই দ্বীপটোৰ ৭০ শতাংশ অংশ মৎস্য পালনৰ বাবে ব্যৱহাৰ হয়। ইয়াৰ অৰ্থনীতি মূলত মাছ ধৰা বৃত্তিৰ ওপৰত নিৰ্ভৰশীল। মানুহে মাছ ধৰিবলৈ পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰে।
ইয়াত মাছ ধৰিবলৈ এক বিশেষ জাল ব্যৱহাৰ কৰা হয়। স্থানীয় ভাষাত ইয়াক 'ভালাকেট্টু' বুলি কোৱা হয়। এই জালৰ সহায়ত মাছ ধৰাটোৱেই মৎস্যজীৱীসকলৰ উপাৰ্জনৰ ঘাই উৎস।
আকৰ্ষণীয় স্থানসমূহ
বল্লৰপাড়মত এখন বিখ্যাত গীৰ্জা আছে। এই গীৰ্জাখনৰ নাম 'বেচিলিকা অৱ আৱাৰ লেডী অৱ ৰেনচম'। ই কেৰালাৰ কেথলিক খ্ৰীষ্টানসকলৰ এক ডাঙৰ তীৰ্থস্থান।
द्वीपটোৰ দক্ষিণ অংশক পানাম্বুকাড বুলি কোৱা হয়। ইয়াত বিখ্যাত 'আদিলকান্দম ভগৱতী মন্দিৰ' অৱস্থিত। ইয়াৰ উপৰি বল্লৰপাড়মৰ পূব দিশত এটা শ্ৰী কলাৰী শাস্তা (আয়াপ্পান) মন্দিৰ আছে।
লগতে চাওক
- এৰ্নাকুলাম জিলা
বহিঃসংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বল্লৰপাড়ম” প্ৰবন্ধৰ সংশোধন ৬২৫৯২৭ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।