টাংগান্যিক হ্ৰদ আফ্ৰিকাত অৱস্থিত এটা বৃহৎ হ্ৰদ। এই হ্ৰদ ছাইবেৰিয়াৰ বৈকাল হ্ৰদৰ পিছতেই আয়তনৰ ফালৰ পৰা বিশ্বৰ দ্বিতীয় বৃহৎ নিৰ্মল পানীৰ হ্ৰদ আৰু গভীৰতাৰ ফালৰ পৰা দ্বিতীয় বুলি গণ্য কৰা হয়।১ তদুপৰি ই বিশ্বৰ সৰ্বোচ্চ দৈৰ্ঘ্যৰ হ্ৰদ। এই হ্ৰদ চাৰিখন দেশজুৰি বিস্তৃত হৈ আছে- টানজানিয়াত ৪৬%, কংগো (Democratic Republic of the Congo)ত ৪০%, বুৰুণ্ডি (Burundi) আৰু জাম্বিয়া (Zambia)। এই হ্ৰদৰ পানী কংগো নদীলৈ বৈ গৈ অৱশেষত আটলাণ্টিক মহাসাগৰত পৰিছেগৈ।
এই হ্ৰদৰ নামৰ অৰ্থ 'the great lake spreading out like a plain', বা 'plain-like lake'."২বুলি জনা যায়।
ভৌগোলিক বিৱৰণ
টাংগান্যিকা হ্ৰদ আল্বাৰটাইন প্ৰাচীৰ (Albertine Rift) ৰ ভিতৰত অৱস্থিত। এই প্ৰাচীৰ পূব আফ্ৰিকাৰ প্ৰাচীৰ (East African Rift) ৰ এটা অংশ। আফ্ৰিকাৰ ভিতৰতে সৰ্ববৃহৎ প্ৰাচীৰ হ্ৰদ (rift lake)। এই হ্ৰদে বিশ্বৰ প্ৰায় ১৮% নিৰ্মল পানী ধৰি ৰাখিছে বুলি ধাৰণা কৰা হয়। টাংগান্যিক হ্ৰদ উত্তৰা দক্ষিণাকৈ 676 কি.মি. দীঘল আৰু ইয়াৰ প্ৰস্থ প্ৰায় 50 কি.মি.। হ্ৰদটোৰ মুঠ কালি 32900 বৰ্গ কি.মি., পাৰ (shoreline) 1828 কি.মি. আৰু গড় গভীৰতা 570 মিটাৰ আৰু সৰ্বোচ্চ গভীৰতা 1470 মিটাৰ।৩ হ্ৰদৰ পৃষ্ঠীয় পানীৰ উষ্ণতা ২৫°ছেণ্টিগ্ৰেড আৰু পি এইচ ( pH) ৮.৪।
এই হ্ৰদৰ গভীৰতা আৰু ক্ৰান্তীয় অৱস্থানৰ বাবে ইয়াৰ পানীৰ তৰপবোৰৰ বিশেষ সালসলনি ('turnover' of water masses) নহয়। যাৰ ফলত এই হ্ৰদৰ কিছু গভীৰতাৰ পানী জীবাশ্ম পানী ('fossil water') আৰু অক্সিজেন নাথাকে (anoxic)। এই হ্ৰদৰ অৱবাহিকাৰ কালি ২৩১,০০০ বৰ্গ কিলোমিটাৰ।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ ~ZAMBIA~. www.zambiatourism.com
- ↑ Stanley, H.M., 1899, Through the Dark Continent, London: G. Newnes, Vol. One ISBN 0486256677, Vol. Two ISBN 0486256685
- ↑ Datbase Summary: Lake Tanganyika. www.ilec.or.jp
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাংগান্যিকা হ্ৰদ” প্ৰবন্ধৰ সংশোধন ৬৩১৭৩২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।