অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নওগাঁৰ পেৰা সন্দেশ

নওগাঁৰ পেৰা সন্দেশ ( Pera Sondesh of Naogaon; নওগাঁব় প্যাব়া সন্দেশ) বাংলাদেশৰ নওগাঁ জিলাত উৎপাদিত গাখীৰৰে তৈয়াৰ কৰা এবিধ মিঠাই। বৰ্তমানে বাংলাদেশৰ অন্যান্য ঠাইতো এই পেৰা সন্দেশ তৈয়াৰ কৰা হ’লেও সৰ্ব প্ৰথমে নওগাঁ জিলাতে তৈয়াৰ কৰা হৈছিল।স্বাদ ও মানে অতুলনীয় নওগাঁৰ প্যাৰা সন্দেশ আৰম্ভণিতে কেবল…

হালনাগাদ: ১০ জুলাই ২০২৬ ৪০৮ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নওগাঁৰ পেৰা সন্দেশ ( Pera Sondesh of Naogaon; নওগাঁব় প্যাব়া সন্দেশ) বাংলাদেশৰ নওগাঁ জিলাত উৎপাদিত গাখীৰৰে তৈয়াৰ কৰা এবিধ মিঠাই। বৰ্তমানে বাংলাদেশৰ অন্যান্য ঠাইতো এই পেৰা সন্দেশ তৈয়াৰ কৰা হ’লেও সৰ্ব প্ৰথমে নওগাঁ জিলাতে তৈয়াৰ কৰা হৈছিল।১২স্বাদ ও মানে অতুলনীয় নওগাঁৰ প্যাৰা সন্দেশ আৰম্ভণিতে কেবল পূজা মণ্ডপৰ দেৱ-দেৱীৰ উপাসনাৰ বাবেই এই মিঠাই তৈয়াৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত কেৱল দেৱ-দেৱীৰ উপাসনাতে এই মিঠাই সীমাবদ্ধ নাথাকি দেশৰ পৰিধি চেৰাই ইয়াৰ সুখ্যাতি বিদেশতো বিয়পি পৰিছে। ইয়াৰ সোৱাদ আৰু পুষ্টিগুণৰ বাবে ই এবিধ বিখ্যাত মিঠাই হিচাপে জনমানসত স্বীকৃতি পাইছে।৩

ইতিহাস

পেৰা সন্দেশৰ ইতিহাস শতিকা পুৰণি। প্ৰথমে কেবল দেৱ-দেৱীৰ উপাসনাৰ প্ৰয়োজনত এই মিঠাই তৈয়াৰ হৈছিল। পিছলৈ এবিধ জনপ্ৰিয় মিঠাইলৈ পৰিণত হৈছিল। জনশ্ৰুতি আছে যে নওগাঁ চহৰৰ কালিতলা এলেকাৰ মহেন্দ্ৰী দাস নামৰ এজন ব্যক্তিয়ে প্ৰথমে এই পেৰা সন্দেশ তৈয়াৰ কৰিবলৈ লৈছিল। মহেন্দ্ৰী দাস ভাৰতৰ বিহাৰৰ কোনো এজন নবাবৰ অধীনত মিঠাই তৈয়াৰৰ কাম কৰিছিল। কোনো এখন যুদ্ধত নবাব নিহত হোৱাত মহেন্দ্ৰীয়ে প্ৰাণ লৈ পলাই আহি বৰ্তমান বাংলাদেশৰ অন্তৰ্গত নওগাঁ চহৰৰ কালীতলা অঞ্চলত থিতাপী লয়। জীৱিকাৰ তাদিগাত তেওঁ পেৰা সন্দেশ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে। সন্দেশবোৰ বিভিন্ন মন্দিৰে মন্দিৰে ঘূৰি বিক্ৰি কৰিছিল। পিছত কালীতলা মন্দিৰৰ ওচৰত ‘মা নওগাঁৰ পেৰা সন্দেশ’ নামেৰে এখন মিঠাইৰ দোকান খোলে। কালীতলা অঞ্চলত তেতিয়া সিমান জনবসতি নাছিল।৩

মহেন্দ্ৰ দাসৰ পিছত তেওঁৰ পুত্ৰ ধীৰেন্দ্ৰনাথ দাসে সেই দোকানৰ দায়িত্ব লয়। তেওঁ বিমল মহন্ত নামৰ এজন কাৰিকৰক নিয়োগ কৰে। বিমল মহন্তৰ হাতেৰে নিৰ্মিত সন্দেশৰ খ্যাতি চৌপাশে বিয়পি পৰে। প্ৰায় ত্ৰিশ বছৰ ধীৰেন্দ্ৰনাথে মিঠাই ব্যৱসায় পৰিচালনা কৰে। পিছত তেওঁ সুৰেশ চন্দ্ৰ মহন্তৰ ওচৰত দোকানখন বিক্ৰি কৰি দি অন্য ঠাইলৈ গুছি যায়। সুৰেশ চন্দ্ৰ মহন্তই নতুনকৈ মিঠাই তৈয়াৰ কৰা কাৰিকৰ হিচাপে নাৰায়ণ চন্দ্ৰ প্ৰামাণিকক নিয়োগ কৰে। পিছলৈ দোকানৰ মালিক পক্ষ আকৌ সলনি হৈছে। বৰ্তমান ৰতন দাস সেই দোকানৰ গৰাকী।১

বৰ্তমান নওগাঁ চহৰত ‘মা নওগাঁৰ পেৰা সন্দেশ’ৰ উপৰিও আশেপাশে এইবিধ মিঠাই তৈয়াৰ আৰু বিক্ৰি কৰা আৰু বহু দোকান খোলা হৈছে।২

প্ৰস্ততু প্ৰণালী

এই মিঠাই তৈয়াৰ কৰিবলৈ প্ৰয়োজন- গাখীৰ, চেনি আৰু পানী। এক কিলোগ্ৰাম সন্দেশ তৈয়াৰ কৰিবলৈ গাখীৰৰ প্ৰয়োজন ৭ লিটাৰ। পেৰা সন্দেশ দুই ধাপত তৈয়াৰ হয়। প্ৰথম ধাপত গাখীৰ, চেনি আৰু পানী একেলগে মিহলাই এটা কেৰাহীত পগোৱা হয়। গাখীৰ পানীৰ মিশ্ৰণবিধ উতলাৰ আগতে জুই বঢ়াই দিব লাগে। উতলি থকা অৱস্থাত মিশ্ৰণখিনি লাহেলাহে লৰাই থাকিব লাগে আৰু এনেকৈ খীৰ তৈয়াৰ হয়। দ্বিতীয় ধাপত সেই খীৰ দুই হাতৰ তলুৱাৰে ৰোল কৰি সামান্য হেঁচা দিব লাগে। সেই সামান্য হেঁচাতেই পেৰা সন্দেশ তৈয়াৰ হৈ যায়।২

বিৱৰণ

পেৰা সন্দেশৰ ৰং সামান্য খয়েৰী ৰঙৰ। প্ৰতিটো সন্দেশ আধা ইঞ্চি ওখ আৰু দুই ইঞ্চি দীঘল আকাৰৰ হয়। প্ৰতি কিলোগ্ৰামত ৭৫টাৰ পৰা ৮০টালৈকে পেৰা সন্দেশ থাকে। সাধাৰণ অৱস্থাত ই ১০-১৫ দিনলৈ ভালে থাকে। কৃত্ৰিম উপায়ে তাতকৈয়ে বেছি দিন ভালে ৰাখিব পৰা যায়।১২

তথ্যসূত্ৰ

  1. ↑ Abdul Rouf Pavel. নওগাঁৰ ঐতিহ্যবাহী প্যাৰা সন্দেশ যাচ্ছে বিদেশে. Bangla Tribune
  2. ↑ (28-6-2013). স্বাদ ও মানে অতুলনীয় নওগাঁৰ প্যাৰা সন্দেশ
  3. ↑ নওগাঁৰ শত বছৰেৰ ‘প্যাৰা’ সন্দেশ. Abdul Rashid Tarek. www.bahumatrik.com

সম্পৰ্কিত শ্ৰেণী

মিঠাইবাংলাদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নওগাঁৰ পেৰা সন্দেশ” প্ৰবন্ধৰ সংশোধন ৬১৬৫৫৬ (১০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।