টাই ভেটি (ইংৰাজী ভাষা:Tai Bheti) হ'ল চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰা আগতে খেতি কৰি থাকি যোৱা এটা অঞ্চল।১২৩৪ বৰ্তমান ঠাইখন আহোম জনসংখ্যাৰে আবৃত আৰু পৌৰাণিক পৰ্যটন স্থলী ৰূপে পৰিণত হৈছে। মুখ্য পৰ্যটনৰ আকৰ্ষণ হল স্থানীয় ম'চাম আৰু ফুৰালুং সংঘৰ দ্বাৰা পৰিচালিত হাবুং হ'ফি বা ৰু'এন চাও ছেঙখন।
ইতিহাস

গড়ে আৱৰা বিস্তীৰ্ণ অঞ্চলটোক "টাই ভেটি" বুলি কোৱা হৈছিল কাৰণ এই ঠাইত আৰু ইয়াৰ ওচৰৰ গাঁও সমূহত যথেষ্ট টাই আহোম ভাষাৰ সাঁচিপতিয়া পুথি পোৱা গৈছে।৪ আহোমসকলৰ প্ৰথমজন চাওফা চাওলুং চুকাফাই এই ঠাইত কেইবছৰমান থাকি খেতি কৰিছিল।৪।আহোম বুৰঞ্জী অনুসৰি চুকাফাই এই ঠাইত আহি আহোম চন্দ্ৰ বৰ্ষ গণনা লাক নি তাও চি ঙাত বাস কৰিছিল। হাবুংৰ বসতি কৰাৰ কথা দেওধাই অসম বুৰঞ্জীতে উল্লেখ আছে। চন্দ্ৰ বৰ্ষ লাক নি দাপ প্লাওত দিহিং নদীৰ পাৰৰ লাখেম আৰু চেলছা নামৰ গাঁও দুখনৰ পাৰত গৈ পায় আৰু তাত তিনি চন্দ্ৰ বৰ্ষ বাস কৰে।৫ কিন্তু চাপৰ ঠাই হোৱাৰ বাবে কাংন নামৰ এজনক ৰাখি থৈ চ্যু-কা-ফা শলৌগুৰিত পাঁচ চন্দ্ৰ বংশ থাকে।৬ তাৰ পিছত তেওঁ হাবুংৰ টাই ভেটিত আহি তাতে চাৰি চন্দ্ৰ বৰ্ষ থাকে। কিন্তু অন্য ঠাইৰ দৰে ইয়াত কোনো মানুহ এৰি নাযায়। ইয়াতে তেওঁ চুম ফা ৰৌঙ চ্যেঙ মৌঙ বা চোমদেও দেৱতাক স্থাপন কৰিছিল স্থানীয় মানুহে এতিয়াও গড়ৰ ভিতৰত চোমদেও দেৱতা বাস কৰে বুলি বিশ্বাস কৰে।৭ এই গড়ৰ ওচৰতে এটা শ ধোঁৱা পুখুৰী আৰু এটা মৈদাম আছে যত আহোমসকলৰ লগত অহা এজন পণ্ডিতৰ মৃত্যুত সজোৱা হৈছিল বুলি জনা যায়। চুকাফাই ইয়াত ভেটি স্থাপন কৰিলে যদি বানপানী হোৱাৰ বাবে ৰাজধানী চহৰ হিচাপে অনুপযুক্ত বুলি জানি চে-ৰাই-দয়ৰ পিনে গতি কৰে।৮
পুনঃনিৰ্মাণ আৰু প্ৰত্নতত্ত্ব
হাবুঙৰ টাই ভেটিক তি মুন (আহোমভাষাত অৰ্থ: তীৰ্থস্থান) বা চেংলগা ঠাই বুলি জনবিশ্বাস আছে সেয়ে বহুবছৰ ধৰি ঠাইডোখৰ কোনো বেদখলকাৰীৰ হাতলৈ অহা নাছিল। বৰ্তমান ই প্ৰায় ২২৫ বিঘা মাটিৰে বিস্তীৰ্ণ এটা ভূখণ্ড যত টাইভেটিটো আছে। টাইভেটিটোক চাৰিটা গড়ে আগুৰি আছে আৰু তাৰো বাহিৰত ষাঠি বিঘা মাটি অইন এটা বাহিৰৰ গড়ে আগুৰি আছে যিটো চুকাফাৰ দিনৰ নিৰ্মাণৰ সময়ত দহৰ পৰা বাৰ ফুট ওখ আছিল। আৰু বাহিৰৰ গড়টোৰ ভিতৰত কেইবাটাও সৰু ডাঙৰ পুখুৰী আছে। বৰ্তমান টাইভেটি বা ৰজা ভেটিৰ ওচৰতে দুটা মৈদাম আৰু শ ধোঁৱা পুখুৰীও,দক্ষিণ দিশত দুটা সেনাবাহিনীৰ কোঠ, এটা পাটনাদ যত এটা মানুহ পঠালিকৈ শুব পৰাকৈ বহল আছিল আৰু কুঁৱৰীয়ে গা ধোঁৱা পুখুৰী আদি দেখিবলৈ পোৱা যায়। ঐতিহাসিক বুৰঞ্জীপ্ৰসিদ্ধ হাবুংৰ ঐতিহ্য স্মৃতি ৰক্ষাৰ কাৰণে ১৯৯০ চনৰ ১৭ জুন তাৰিখে স্থানীয় ফুৰালুং সংঘ আৰু সেইসময়ৰ ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত নগেন হাজৰিকাৰ সহযোগত আহোম ধৰ্মৰ নিয়ম অনুসৰি আহোমসকলৰ প্ৰাচীন পূজা কৰা গৃহ হলুং হ'ফিৰ নিৰ্মাণৰ কাৰণে আধাৰশিলা স্থাপন কৰে। পাছত ৯জন শুভাকাংক্ষীৰ দ্বাৰা ৮টা খুটা প্ৰদান কৰা হয় যাৰ ফলত স্থায়ী ভাবে হ'ফিটো নিৰ্মাণ কৰি উলিওৱা হৈছিল। সেই ঠাইৰ ঐতিহ্য ৰক্ষা কৰি পৰম্পৰাগত ফুৰালুংবানফি ধৰ্মৰ নীতিনিয়মতে টাইভেটিৰ ভিতৰত থকা হফি টোত ম'-লুং টাইপণ্ডিত সকলে আৰু বিশেষকৈ স্থানীয় ম'-চাম পণ্ডিত সকল আৰু স্থানীয় পঞ ফুৰালুং সংঘৰ সদস্য সকলে টাইআহোম ভাষাতে সেৱা অৰ্চনা কৰে। হাবুংৰ মহিমা ইমানেই অধিক যে তালৈ দূৰ দূৰণিৰ পৰাও বহুত লোক আৰু বহুতো অনা আহোম লোকেও হফিলৈ গৈ আহোমৰ নীতি নিয়মত জনমিং অৰ্থাৎ আশিস লবলৈ আহে। বহুতো অনা আহোম ব্যক্তিয়েও হাবুংৰ নামত আগ বঢ়াই সুফল পাই তাত গৈ আহোমৰ নীতি নিয়মৰেই পূজা কৰা দেখা পাইছোঁ। হাবুঙৰ টাই ভেটিত সেৱা আগ বঢ়োৱাৰ সময়ত বিশেষ দুটামান প্ৰাচীন টাই নিয়ম পালন কৰিব লাগে। হাবুংত তাই-চি পৰম্পৰা কৰাটো বাধ্যতামূলক আৰু তাত কক বান ফাই (চাকি জ্বলোৱা), আই চিংলাও গোৱা আদি নিয়ম কৰা হয়, তালৈ কাই অৰ্থাত কুকুৰা নিয়ম মতে নিয়া হয়। তালৈ যাওঁতে নিয়ম অনুসৰি বিভিন্ন ৰঙৰ কুকুৰা, লাও বা সাজপানী, নিয়াৰ উপৰিও বানফাই অৰ্থাৎ চাকি নিব লাগে। সন্তানৰ আশাত বগা মতা কুকুৰা দিব লাগে, অসুখ বা বিপদৰ পৰা ৰক্ষা পাবলৈ কলা মতা কুকুৰা দিয়া হয় আৰু অইন বিশেষ মনোকামনা নাথাকিলে যিকোনো ৰঙৰ বা পখৰা মতা বা মাইকী কুকুৰা তাই-চি নিয়ম কৰা হয়। হাবুংলৈ তৎক্ষণাত যাব যদি কোনো ব্যক্তিয়ে নোৱাৰে তেতিয়া "মু-বাই তাম-বাই" নামৰ পৰম্পৰাৰে টোপোলা এটা বান্ধি কুকুৰা আগ বঢ়াই ৰখাৰ নিয়ম আছে। চাওফা স্বৰ্গদেউৰ দিনৰ হাবুংৰ পুখুৰীত বহুতো কাঁহী বাতি বা বান ওলাইছিল বুলি হাবুঙৰ টাই ভেটিৰ ওচৰৰ জ্যেষ্ঠ সকলে কয়। হাবুংৰ ঐতিহ্য ৰক্ষাৰ্থে অসম চৰকাৰে পুনঃনিৰ্মাণৰ বাবে যথেষ্ট ৰাজ পুঁজি প্ৰদান কৰে। অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাবুঙৰ হ-ফিত উদযাপিত মে ডাম মে ফি অনুষ্ঠানত উপস্থিত হৈ হাবুঙৰ টাই ভেটিক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ ২৫ কোটি টকা প্ৰদানৰ ঘোষণা কৰে।
তথ্যসূত্ৰ
- ↑ E.A.Gait. (1905,). A History of Assam. পৃ. ৭৭,৭৮ অঞ্চল।
- ↑ পদ্মেশ্বৰ গগৈ. (1999). The Tai and the Tai kingdom. পৃ. 259-265
- ↑ আহোমৰ দিন,হিতেশ্বৰ বৰুৱা ১৯৮১ পৃষ্ঠা ১৯,২০,২১
- ↑ Hazarika, Nagen. (2014). Chao Habung. Pacific Laser Ganeshguri. পৃ. 42
- ↑ বৰুৱা, সঞ্জীৱ; গগৈ, ৰুনচেং. (২০১৭). চাই ফা হীৰক. পৃথিৱী প্ৰকাশন, বেলতলা বজাৰ
- ↑ বৰুৱা, সঞ্জীৱ; গগৈ, ৰুনচেং. (২০১৭). চাই ফা হীৰক. পৃথিৱী প্ৰকাশন, বেলতলা বজাৰ
- ↑ বৰুৱা, সঞ্জীৱ; গগৈ, ৰুনচেং. (২০১৭). চাই ফা হীৰক. পৃথিৱী প্ৰকাশন, বেলতলা বজাৰ
- ↑ গগৈ; বৰুৱা, সঞ্জীৱ. (২০১৭). চাই ফা হীৰক. পৃথিৱী প্ৰকাশন, বেলতলা বজাৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাই ভেটি” প্ৰবন্ধৰ সংশোধন ৫৬৭৩৯৩ (২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।