অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ডিমা হাছাও জিলাৰ মিটাৰগজ ৰে’ললাইন

ডিমা হাচাও জিলাৰ মিটাৰগজ ৰে’ললাইন বৰ্তমান এক বিলুপ্ত ৰেলপথ৷ ২০১৫ চনত লামডিং বদৰপুৰ ব্ৰডগজ ৰে’লসেৱা আৰম্ভ হোৱাৰ পিছত মিটাৰগজ ৰে’ললাইন সম্পূৰ্ণৰূপে উঠি যায়৷ সম্ভাৱনা থকাতো ইয়াক সংৰক্ষণৰ কোনো ব্যৱস্থা কৰা নহ’ল৷ ভাৰতীয় ৰে’ল ইতিহাস আৰম্ভ হৈছিল ১৮৫৩ চনৰ ১৬ এপ্ৰিলত বোম্বেৰ পৰা থানেলৈ ২১ মাইল দূৰত্ব…

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৬ ৩২৪ শব্দ · ২ মিনিট সংগৃহীত ৪৩
সংশোধনৰ পৰামৰ্শ

ডিমা হাচাও জিলাৰ মিটাৰগজ ৰে’ললাইন বৰ্তমান এক বিলুপ্ত ৰেলপথ৷ ২০১৫ চনত লামডিং বদৰপুৰ ব্ৰডগজ ৰে’লসেৱা আৰম্ভ হোৱাৰ পিছত মিটাৰগজ ৰে’ললাইন সম্পূৰ্ণৰূপে উঠি যায়৷ সম্ভাৱনা থকাতো ইয়াক সংৰক্ষণৰ কোনো ব্যৱস্থা কৰা নহ’ল৷ ভাৰতীয় ৰে’ল ইতিহাস আৰম্ভ হৈছিল ১৮৫৩ চনৰ ১৬ এপ্ৰিলত বোম্বেৰ পৰা থানেলৈ ২১ মাইল দূৰত্ব অতিক্ৰম কৰি চলা ৰে’লযাত্ৰাৰে৷১ সেই তেতিয়াৰে পৰা ইয়াৰ বিস্তৃতি এতিয়াও অব্যাহত আছে আৰু বৰ্তমান বিশ্বৰ চতুৰ্থ স্থানত থকা ৰেলপথ ব্যৱস্থা৷২

ইতিহাস

১৮৩২ চনত কাছাৰ জিলা বৃটিছৰ অধীনলৈ যায়৷ কাছাৰ জিলাৰ উত্তৰে আছে বাবে এই অঞ্চলটোক উত্তৰ কাছাৰ হিচাপে চিহ্নিত কৰা হৈছিল৷ তেতিয়াৰ পৰাই ই কাছাৰৰ সৈতে সংযুক্ত আছিল আৰু ১৯৭০ চনত ই পৃথক জিলা হিচাপে পৰিচিত হয়৷ বৰ্তমানৰ ডিমা হাচাওৰ পূৰ্বৰ নাম উত্তৰ কাছাৰ পাহাৰ জিলা৷ বৃটিছ অধিকৃত ভূখণ্ডৰ ১৮৩৭ চনত হাফলঙত এটা ফ্ৰণ্টিয়াৰ পোষ্ট আছিল৷৩

১৮৯২ চনত লণ্ডনত “আসাম বেংগল ৰে’লৱে কোম্পানী’’ গঠিত হয় আৰু এই কোম্পানীয়ে লামডিং-বদৰপুৰ সংযোগী ৰে’ললাইন বহুওৱাৰ অনুমতি লাভ কৰে৷ এই লাইনটো তিনিচুকীয়াৰ পৰা চট্টগ্ৰাম পৰ্যন্ত ১১২৯.৬ কিলোমিটাৰ ব্যাপি আছিল৷ মাজৰ পাৰ্বত্য অঞ্চল আছিল অতি বিপদসংকুল৷ এই অঞ্চলৰ দৈৰ্ঘ আছিল ১৪৮.১৬ কিলোমিটাৰ৷ মুঠ তিনিটা ভাগত এই পথছোৱা নিৰ্মাণ কৰাৰ সংকল্প লোৱা হৈছিল৷ ’লুই জোনচ্ এণ্ড কোম্পানী’ৰ অধীনত এইছোৱা পথ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছিল৷৪ 'আসাম বেংগল ৰে’লৱে’ৰ এইছোৱা পথ নিৰ্মাণৰ বাবে হেডকোৱাৰ্টাৰ বাছি লৈছিল, গুঞ্জুং৷ পিছত ৰাজনৈতিক কাৰণত তেওঁলোকে হেডকোৱাৰ্টাৰ স্থানান্তৰ কৰি বৰ’ হাফলং নামে ঠাইলৈ নিয়ে৷

বিপদসংকুল পাহাৰীয়া পথছোৱা নিৰ্মাণৰ বাবে নানা ঠাইৰ পৰা শ্ৰমিক আমদানি কৰিবলগীয়া হৈছিল৷ অসমৰ স্থানীয় শ্ৰমিকৰ উপৰি বেংগল, বিহাৰ, আনকি সুদূৰ আফগানিস্থানৰ পৰাও শ্ৰমিক আহি ৰে’লপথ বহুওৱা কামত নিয়োজিত হৈছিল৷ শামচুদ্দিন খান নামে এক আফগান লোকে বহু শ্ৰমিক লগত লৈ আহি ৰে’লপথৰ কাম কৰিছিল৷ ৫১১৮৯৩ চনত কাম আৰম্ভ কৰা এই ৰে’লপথৰ পাহাৰীয়া পথছোৱাৰ কাম শেষ হোৱাত ১৯০৪ চনত ইয়াৰ যোগেদি যাতায়াত সেৱা আৰম্ভ কৰা হয়৷ ১৬ এই পথছোৱাত ২১ টা সৰু-বৰ ষ্টেছন আৰু ৩৬ টা সুৰঙ্গ আছিল৷ ইয়াৰে মাহুৰৰ সুৰঙ্গটো আছিল সবাতোকৈ দীঘল৷৭ ইয়াৰ দৈৰ্ঘ আছিল ১৭৯ মিটাৰ৷ সাগৰ পৃষ্ঠৰ পৰা কোনো ঠাইত ৩০ মিটাৰৰ কম আৰু কোনো ঠাইত ৬০০ মিটাৰৰ বেছি এই ৰে’ললাইনৰ সবাতোকৈ উচ্চতাত থকা ষ্টেছনটো হ’ল, জাতিংগা৷ ইয়াৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৫৮১ মিটাৰ৷১ লামডিং বদৰপুৰ সংযোগী মিটাৰগজ ৰে’লপথৰ দিহাকো আৰু লাংটিং ষ্টেছনৰ মাজত আৱিষ্কৃত চাৰিটা কবৰৰ তিনিটা ’আসাম বেংগল ৰে’লৱে’ৰ ইঞ্জিনচালক জৰ্জ ভিক্টৰ ৱেমেন জ’নছ, অভিযন্তা ৰেজিনাল্ড জন জেমিন আৰু সহকাৰী অভিযন্তা জেছি ছেমুৱাল এডৱাৰ্ড গেষ্টনৰ কবৰ বুলি চিনাক্ত কৰা হৈছে৷ ১

সংৰক্ষণ

২০১৪ চনত ডিমা হাচাওৰ কেইটামান শীৰ্ষস্থানীয় সংগঠনে মিটাৰগজ পথছোৱা সংৰক্ষণ আৰু ইয়াৰ ৰাষ্ট্ৰীয় ঐতিহ্য ক্ষেত্ৰ ঘোষণা কৰাৰ বাবে ভাৰত চৰকাৰৰ ওচৰত দাবী জনাইছিল।৮ ভাৰতীয় ৰেলে ৰেলপথছোৱাৰ ঐতিহ্যগত মূল্যলৈ চাই সংৰক্ষণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল৯ যদিও পৰৱৰ্তী পৰ্যায়ত ৰেল বিভাগৰ এই ক্ষেত্ৰত কোনো কানষাৰ দিয়া দেখা নগ'ল।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ কোঁৱৰ, সুৰেন্দ্ৰ নাথ. (২০১৬). এটা ব্যতিক্ৰমী ৰে’লপথৰ অপমৃত্যু. প্ৰান্তিক
  2. ↑ erail.in/blog/countries-with-largest-railway-net
  3. ↑ Battacharjya, Dr. Tanmay. (1995). From Gunjung to Hafolng, The Story of the Headquarters. 100 years of Haflong
  4. ↑ wiki.fibis.org/w/Assam-Bengal_Railway
  5. ↑ হাগজেৰ, নিৰুপমা. (২০১৬). উত্তৰ কাছাৰৰ চমু বুৰঞ্জী. বৰ্ণিল বৰাইল
  6. ↑ দাস, ড° জোনালী. (২০১৬). অতীত আৰু বৰ্তমানৰ প্ৰেক্ষাপটত ডিমা হাচাও জিলাৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা. বৰ্ণিল বৰাইল
  7. ↑ বৰা, দিপাংক. (2011). ডিমা হাচাও জিলাৰ আভ্যন্তৰীণ আৰু বহিঃ যোগাযোগ ব্যৱস্থা. Haflong Govt. College Golden Jubilee
  8. ↑ Railways urged to protect century-old train track as heritage. economictimes.indiatimes.com
  9. ↑ Assam: 113 years old Mahur-Harangajao meter-gauge train line in Dima Hasao might get ‘Heritage’ tag. www.molitics.in

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিমা হাছাও জিলাৰ মিটাৰগজ ৰে’ললাইন” প্ৰবন্ধৰ সংশোধন ৬৩৫৯৯১ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।