থোট্টাডা: Thottada,ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাৰ কান্নুৰ পৌৰ নিগমৰ এখন উপকূলীয় লোকপিয়ল চহৰ। ই কান্নুৰ চহৰৰ উপকণ্ঠ অঞ্চল। ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ ৰেলৱে ষ্টেচনৰ পৰা প্ৰায় ৮ কিলোমিটাৰ (৫.০ মাইল) দক্ষিণে ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত।১ থোট্টাডাত শ্ৰী নাৰায়ণ মহাবিদ্যালয়, চৰকাৰী বৃত্তিমূলক উচ্চতৰ মাধ্যমিক বিদ্যালয়, কান্নুৰ পলিটেকনিক কলেজ, কান্নুৰ আইটিআই আৰু ইনষ্টিটিউট অৱ হেণ্ডলুম এণ্ড টেক্সটাইল টেকন'লজি অৱস্থিত।
থোট্টাডা এখন সুন্দৰ সমুদ্ৰতীৰ হোৱাৰ ওপৰি মনোমোহা পৰ্যটনস্থলীও। থোট্টাডা সমুদ্ৰ তীৰ অঞ্চল সূৰ্যস্নান আৰু সাঁতোৰৰ বাবে এক উপযুক্ত স্থান। ইয়াত উচিত মূল্যত থকা-খোৱাৰ সুবিধা আগবঢ়োৱা বহুতো বীচ হাউচ আৰু অতিথিশালা উপলব্ধ।
জনসংখ্যাৰ পৰিসংখ্যা
২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি, থোট্টাডাৰ মুঠ জনসংখ্যা ৪০,৮১৮ জন। ইয়াৰে ১৮,৪৮৩ জন পুৰুষ আৰু ২২,৩৩৫ গৰাকী মহিলা। থোট্টাডাৰ মুঠ মাটিকালি ১৮.৩৭ বৰ্গ কিলোমিটাৰ, আৰু ইয়াত ৮,৭৯৮টা পৰিয়াল বসবাস কৰে। থোট্টাডাৰ লিংগ অনুপাত (প্ৰতি ১,০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা) ১,২০৮, যি কেৰালাৰ গড় ১,০৮৪-তকৈ অধিক। থোট্টাডাৰ সাক্ষৰতাৰ হাৰ ৯৬.৬%, যি ৰাজ্যখনৰ গড় ৯৪%-তকৈ বেছি। ইয়াৰে পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯৭.৮%, আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৯৫.৬%। থোট্টাডাৰ মুঠ জনসংখ্যাৰ ১০.৫% লোকৰ বয়স ৬ বছৰৰ তলত।
থোট্টাডা সমুদ্ৰতীৰ
থোট্টাডা সমুদ্ৰতীৰ দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাত অৱস্থিত এক মনোৰম সমুদ্ৰতীৰ অঞ্চল। ই থোট্টাডাত অৱস্থিত আৰু কান্নুৰ চহৰ আৰু থালাছেৰী চহৰক সংযোগ কৰা ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ২.৫ কিলোমিটাৰ দূৰত অৱস্থিত। এই অঞ্চল কান্নুৰ চহৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ আৰু থালাছেৰীৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ দূৰত অৱস্থিত। প্ৰায় ৮০০ মিটাৰ দীঘল এই অপ্ৰদূষিত সমুদ্ৰতীৰত সূৰ্যস্নানৰ বাবে এক উপযুক্ত স্থান। পৰ্যটকসকলে সমুদ্ৰতীৰৰ কাষত থকা বীচ হাউচ বা অতিথিশালাত উপযুক্ত মূল্যত থাকিব পাৰে। প্ৰায় ৪.৫ কিলোমিটাৰ দীঘল থোট্টাডা নদী সমুদ্ৰতীৰৰ এক প্ৰান্তত থকা এডাক্কাড সমুদ্ৰতীৰত গৈ সাগৰত মিলিত হৈছে। নদীখনৰ ওপৰত প্ৰায় তিনি দশক পূৰ্বে এটা বান্ধ নিৰ্মাণ কৰা হৈছিল, যাতে ইয়াৰ মিঠা পানীলৈ লুণীয়া সাগৰীয় পানী সোমাই নাযায়। সাগৰৰ পৰা আঁতৰত নদীখন বিস্তৃত হৈ জলাশয় সৃষ্টি কৰিছে। এই জলাশয়সমূহ বিভিন্ন প্ৰজাতিৰ চৰাই আৰু মাছৰ বাবে এক উৎকৃষ্ট প্ৰাকৃতিক বাসস্থান হিচাপে পৰিগণিত।
কুৰুভা গাঁও
কুৰুভা কেৰালাৰ কান্নুৰ জিলাৰ এখন সৰু গাঁও। ই কান্নুৰ চহৰ আৰু থোট্টাডাৰ মাজত অৱস্থিত। এসময়ত কুৰুভা বিড়ি উদ্যোগৰ বাবে সুপৰিচিত আছিল, কিন্তু বৰ্তমান কুৰুভা গাঁও খনত এই উদ্যোগৰ কোনো অস্তিত্বত নাই। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত শ্ৰী নাৰায়ণ গুৰু স্মাৰক বায়নশালা স্থানীয় ৰাজনৈতিক আৰু সামাজিক কাৰ্যকলাপৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল। সেই সময়ত বহুতো স্থানীয় সভা-সমিতি ইয়াত অনুষ্ঠিত হৈছিল। অতীতত কুৰুভাত কৃষিকাৰ্য যথেষ্ট বিকশিত আছিল। কিন্তু বৰ্তমান গাঁওখনৰ অধিকাংশ কৃষিভূমি আবাসিক এলেকালৈ ৰূপান্তৰিত হৈছে।
তথ্যসূত্ৰ
- ↑ Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional). Census Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থোট্টাডা” প্ৰবন্ধৰ সংশোধন ৬২২৩০৪ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।