থিৰুমুল্লাভাৰম সমুদ্ৰতট (Thirumullavaram Beach) কেৰালাৰ কোল্লাম চহৰৰ অন্যতম জনপ্ৰিয় সমুদ্ৰতট আৰু ৰাজ্যখনৰ এটা উল্লেখযোগ্য পৰ্যটনস্থলী।১ এই সমুদ্ৰতট থিৰুমুল্লাভৰম অঞ্চলত অৱস্থিত আৰু কোল্লাম চহৰৰ এটা গুৰুত্বপূৰ্ণ চুবুৰী। থিৰুমুল্লাভাৰম সমুদ্ৰতট কাৰ্কিডাকা ভাৱুবলি (Karkidaka Vavubali) ধৰ্মীয় আচাৰ পালনৰ বাবে বিশেষভাৱে বিখ্যাত। ২ প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তই সমুদ্ৰতটলৈ আহি ভাৱুবলি তৰ্পণম (Vavubali Tharpanam) পালন কৰে। দক্ষিণ ভাৰতৰ অন্যতম আকৰ্ষণীয় সমুদ্ৰতট হিচাপেও ইয়াৰ বিশেষ পৰিচয় আছে।
থিৰুমুল্লাভাৰম সমুদ্ৰতটৰ গুৰুত্ব
থিৰুমুল্লাভাৰম সমুদ্ৰতট কোল্লামৰ দুটা প্ৰধান সমুদ্ৰতটৰ ভিতৰত অন্যতম। কোল্লামক ‘বিশ্বৰ কাজু ৰাজধানী’ বুলিও জনা যায়।৩ সমুদ্ৰতটৰ অঞ্চলটো নাৰিকল গছেৰে পৰিপূৰ্ণ হোৱাৰ বাবে ইয়াত ছাঁ, নিৰ্জনতা আৰু শান্ত পৰিৱেশ পোৱা যায়। সেয়ে পুৱাৰ খোজকঢ়াৰ বাবে এই ঠাই বিশেষ উপযোগী।৪ সমুদ্ৰতটটো সাঁতোৰা আৰু সূৰ্যস্নানৰ বাবেও উপযোগী বুলি উল্লেখ কৰা হৈছে। কেৰালাৰ বিভিন্ন প্ৰধান পথৰ সৈতে ইয়াৰ ভাল যোগাযোগ থকাৰ বাবে পৰ্যটকসকলে সহজে ইয়ালৈ আহিব পাৰে। ৫ ইয়াৰ আন এক আকৰ্ষণ হৈছে স্থানীয় খাদ্য। নাৰিকল, ইলাচি, জালুক, লৱং, ডালচেনি আৰু আদিৰ দৰে মচলাৰে প্ৰস্তুত কৰা স্থানীয় খাদ্যই পৰ্যটকক আকৰ্ষণ কৰে। সমুদ্ৰতটৰপৰা প্ৰায় ১.৫ কিলোমিটাৰ সাগৰৰ ভিতৰত থকা নাৰাঝ্চা পাৰা (Njarazhcha Para) নামৰ জলপাহাৰটোও উল্লেখযোগ্য। ‘নাৰাঝ্চা পাৰা’ৰ অৰ্থ হৈছে ‘দেওবাৰৰ শিল’। ভাটাৰ সময়ত এই শিলটো সমুদ্ৰতটৰপৰা স্পষ্টকৈ দেখা যায়। ২০১৮ চনত ভাৰতৰ কেন্দ্ৰীয় সামুদ্ৰিক মীন গৱেষণা প্ৰতিষ্ঠান (CMFRI)-ৰ এক অধ্যয়ন প্ৰতিৱেদন অনুসৰি, থিৰুমুল্লাভাৰম সমুদ্ৰতট ভাৰতৰ ১৬টা সুসংৰক্ষিত সমুদ্ৰতটৰ ভিতৰত অন্যতম আৰু কেৰালাৰ ভিতৰত শীৰ্ষস্থানীয় সমুদ্ৰতট হিচাপে উল্লেখ কৰা হৈছিল। ৬
অৱস্থান
এই সমুদ্ৰতটটো কোল্লাম চহৰৰ কেন্দ্ৰৰপৰা প্ৰায় ৬ কিলোমিটাৰ দূৰত অৱস্থিত।৭ ই এটা জনপ্ৰিয় পিকনিক কেন্দ্ৰ আৰু কোল্লাম চহৰৰ সৈতে নিয়মীয়া বাছ সেৱাৰে সংযুক্ত। কোল্লাম KSRTC বাছ ষ্টেচন ইয়াৰপৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত। নিকটতম ৰে'ল ষ্টেচন হৈছে কোল্লাম জংচন ৰেলৱে ষ্টেচন, এই ষ্টেচন প্ৰায় ৭ কিলোমিটাৰ দূৰত অৱস্থিত। নিকটতম বিমানবন্দৰ হৈছে তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু বিমানবন্দৰটো ইয়াৰপৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰত অৱস্থিত।
প্ৰধান পথ-গন্তব্যসমূহ
- থাংগাচেৰী — ৩ কিলোমিটাৰ
- কোল্লাম KSRTC বাছ ষ্টেচন — ৫ কিলোমিটাৰ
- কোল্লাম সমুদ্ৰতট — ৬ কিলোমিটাৰ
- চিন্নাকাডা — ৬ কিলোমিটাৰ
- কোল্লাম জংচন ৰে'ল ষ্টেচন — ৭ কিলোমিটাৰ
- কৰুণাগাপল্লী — ২২ কিলোমিটাৰ
- পৰাভূৰ — ২৯ কিলোমিটাৰ
- পৰাভূৰ ৰে'ল ষ্টেচন — ২৯ কিলোমিটাৰ
- থেক্কুম্ভাগম সমুদ্ৰতট — ৩৩ কিলোমিটাৰ
বাহ্যিক সংযোগ
Thirumullavaram beach in Kollam
Thirumullavaram Beach
তথ্যসূত্ৰ
- ↑ God’s own country: Kerala
- ↑ Thirumullavaram readying for Vavubali
- ↑ (28 April 2018). Kollam’s cashew crunch. The Hindu
- ↑ Thirumullavaram readying for Vavubali
- ↑ The most beautiful Thirumullavaram Beach in Kerala
- ↑ (15 August 2018). Kerala has 16 of India's best-kept beaches. On Manorama
- ↑ Thirumullavaram Beach - Kerala Tours
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থিৰুমুল্লাভাৰম সমুদ্ৰতট” প্ৰবন্ধৰ সংশোধন ৬২৭৩০৬ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।