অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

টানবাজাৰ

টানবাজাৰ ( Tanbazar; টানবাজাব় যৌনপল্লি) মধ্য বাংলাদেশৰ নাৰায়নগঞ্জৰ ২০০০ কোঠাযুক্ত এখন পতিতালয় আছিল, যিখন ১৯৯৯ চনত বন্ধ কৰি দিয়া হৈছে। ৩৫০০জনী পতিতা বাস কৰা এইখনে দেশখনৰ বৃহত্তম পতিতালয় আছিল।

হালনাগাদ: ৩১ জুলাই ২০২৫ ৫১৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

টানবাজাৰ ( Tanbazar; টানবাজাব় যৌনপল্লি) মধ্য বাংলাদেশৰ নাৰায়নগঞ্জৰ ২০০০ কোঠাযুক্ত এখন পতিতালয় আছিল, যিখন ১৯৯৯ চনত বন্ধ কৰি দিয়া হৈছে। ৩৫০০জনী পতিতা বাস কৰা এইখনে দেশখনৰ বৃহত্তম পতিতালয় আছিল। ১২৩

ইতিহাস

এই পতিতালয়খন ১৮৮৮ চনত ব্ৰিটিছ শাসন কালত স্থাপিত হৈছিল।৪ সেই সময়ত নাৰায়ণগঞ্জ এছিয়াৰ সৰ্ববৃহৎ শুল্ক-মুক্ত নদী বন্দৰ আছিল। তাত বাস কৰা ব্ৰিটিছখিনিৰ উপভোগৰ বাবে বলপূৰ্বকভাৱে গাঁৱৰ পৰা মহিলাসকলক অনা হয়। পিছলৈ এই মহিলাখিনি সামাজিকভাৱে পৰিত্যক্ত হৈ পৰে। ক’তো যাবলৈ সুবিধা নথকাত মহিলাখিনি টানবাজাৰ এলেকাত গোট খায় আৰু এনেকৈয়ে পতিতালয়খন গঢ় লৈ উঠে। ৫

চাব মেহেৰ নামৰ এজনী চৈধ্য বছৰীয়া ছোৱালীক এখন দুখীয়া গাঁৱৰ পৰা কামৰ প্ৰলোভনেৰে নাৰায়ণগঞ্জলৈ মাতি আনে আৰু টানবাজাৰৰ পতিতালয়ৰ চৰ্দাৰনীৰ ওচৰত বিক্ৰি কৰি দিয়ে। তাই পতিতা বৃত্তিত জড়িত হ’ব নিবিচৰাত তাইৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলায়। গুৰুত্বৰভাৱে আহত ছোৱালীজনীক ঢাকা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় যদিও ১৯৮৫ চনৰ ৯ এপ্ৰিলত তাইৰ মৃত্যু হয়। ছোৱালীজনীৰ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰে আৰু প্ৰচাৰ মাধ্যমত পতিতালয়খনৰ বিৰুদ্ধে প্ৰচুৰ লিখালিখি হয়। ৬ এটা আৰক্ষী অভিযানত টানবাজাৰত ৫৫জনী অপ্ৰাপ্তবয়স্ক ছোৱালী উদ্ধাৰ হয়। আৰক্ষীয়ে ১৫জনী চৰ্দাৰনীক বলেৰে এই ছোৱালীখিনিত ব্যৱসায়ত লিপ্ত কৰোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। ৭

যৌনকৰ্মীসকলে তেওঁলোকৰ সুৰক্ষাৰ বাবে আৰক্ষী আৰু সুৰক্ষাকৰ্মীক ধনৰ উপৰিও বিনামূলীয়াকৈ যৌনকৰ্মৰ সুবিধা দিব লাগিছিল। তেওঁলোকে স্থানীয় বিষয়া আৰু ৰাজনৈতিক দলবোৰকো অবৈধভাৱে ধন আদায় দিব লাগিছিল। ৮

উচ্ছেদ

১৯৯৯ চনৰ ২৫ জুনৰ স্থানীয় আৱামী লীগৰ সাংসদ শামিম ওচমানে পতিতালয়খন বন্ধ কৰা আৰু যৌনকৰ্মীসকলৰ পুনৰ সংস্থাপনৰ বাবে ৫০জন সদস্যৰ এখন কমিটি গঠন কৰে। সেই বছৰৰে ২৯ জুনত ১৬ গৰাকী স্বত্বাধিকাৰীৰ ১৩ গৰাকীয়ে পতিতালয়খন বন্ধ কৰাত সন্মতি দিয়ে। ৯

৩০ জুনৰ নিশা আৰক্ষীয়ে অভিযান চলাই ১৬জন গ্ৰাহকক গ্ৰেপ্তাৰ কৰে। পিছদিনাখন দোকমোকালিতে এগৰাকী যৌনকৰ্মীক হত্যা কৰা হয় আৰু পতিতালয়খন ভিতৰে-বাহিৰে উত্তেজনা বিয়পি পৰে। ১০

স্থানীয় প্ৰশাসনৰ হেঁচাত স্বত্বাধিকাৰীসকলে পতিতালয়খন ১৯৯৯ চনৰ ১২ জুলাইত বন্ধ কৰি দিয়ে। ১১ কিন্তু যৌনকৰ্মীসকলে সেই ঠাই এৰিবলৈ অমান্তি হয়। বিদ্যুৎ আৰু পানীৰ সংযোগ বন্ধ কৰি দিয়াৰ উপৰিও এটা আৰক্ষীৰ দল সেই স্থানত মোতায়েন কৰা হয়, যাতে তাত কোনো গ্ৰাহকে প্ৰৱেশ কৰিব নোৱাৰে। ১২

পতিতালয়ৰ নেতাবোৰে ১৪ জুলাইত এখন প্ৰেছমেল পাতি তেওঁলোকক উচ্ছেদ নকৰিবলৈ চৰকাৰক আহ্বান জনায়। বহু কেইটা বেচৰকাৰী অনুষ্ঠানে তেওঁলোকক সহযোগিতা আগবঢ়ায়। ১৩১৪

২৪ জুলাইত ১৪০জন আৰক্ষী আৰু ৩৪জন দণ্ডাধীশে পতিতালয়খনত অভিযান চলায়। বহু কেইজন যৌনকৰ্মীৰ নেতাক গ্ৰেপ্তাৰ কৰা হয় আৰু বহুতে গ্ৰেপ্তাৰৰ ভয়ত পলাই যায়। ২৬৭ গৰাকী যৌনকৰ্মীক কৰায়ত্ব কৰি তেওঁলোকক গাজীপুৰৰ কেন্দ্ৰ এটালৈ পঠিয়াই দিয়ে। ১৫১৬

গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ Overs Loff 2013
  2. ↑ Banerjee Chaudhury Das
  3. ↑ Nanneththi 1999
  4. ↑ (13 July 1999). Bangladesh prostitutes up in arms. BBC News
  5. ↑ Banerjee Chaudhury Das
  6. ↑ Haque 2015, পৃ. 8-9
  7. ↑ Shahana 1986, পৃ. 114-115
  8. ↑ Hossain 1999b
  9. ↑ Banerjee Chaudhury Das
  10. ↑ Banerjee Chaudhury Das
  11. ↑ Hossain 1999b
  12. ↑ Hossain 1999a
  13. ↑ Banerjee Chaudhury Das
  14. ↑ Turshen 2007, পৃ. 79-80
  15. ↑ Banerjee Chaudhury Das
  16. ↑ Ditmore 2011, পৃ. 94

সম্পৰ্কিত শ্ৰেণী

পতিতাবৃত্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টানবাজাৰ” প্ৰবন্ধৰ সংশোধন ৫২৮৯৯১ (৩১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।