অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

তোষ, হিমাচল প্ৰদেশ

তোষ (Tosh) গাঁও ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত অৱস্থিত। এই গাঁওখন পাৰ্বতী উপত্যকাৰ পাৰ্বতী নদীৰ সোঁ পাৰৰ এক পৰ্বতীয়া ঢালত, সাগৰ পৃষ্ঠৰপৰা প্ৰায় ২,৪০০ মিটাৰ (৭,৯০০ ফুট) উচ্চতাত অৱস্থিত আৰু ই চাৰিওফালে পৰ্বতমালাৰে পৰিবেষ্টিত (তোষ হৈছে এই উপত্যকাৰ অন্তিমখন গাঁও)।

হালনাগাদ: ৫ ছেপ্তেম্বৰ ২০২৬ ২১৩ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

তোষ (Tosh) গাঁও ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত অৱস্থিত। এই গাঁওখন পাৰ্বতী উপত্যকাৰ পাৰ্বতী নদীৰ সোঁ পাৰৰ এক পৰ্বতীয়া ঢালত, সাগৰ পৃষ্ঠৰপৰা প্ৰায় ২,৪০০ মিটাৰ (৭,৯০০ ফুট) উচ্চতাত অৱস্থিত আৰু ই চাৰিওফালে পৰ্বতমালাৰে পৰিবেষ্টিত (তোষ হৈছে এই উপত্যকাৰ অন্তিমখন গাঁও)।১২ পাৰ্বতী উপত্যকাৰ অধিবাসীসকলৰ প্ৰধান জীৱিকা হৈছে পৰ্যটন উদ্যোগ। ইয়াৰ উপৰি আপেলৰ বাৰীসমূহ স্থানীয় লোকসকলৰ উপাৰ্জনৰ এটা অন্যতম বৃহৎ উৎস। গাঁওখনত থকা কাঠৰ ঘৰসমূহ পাৰ্বত্য লোকসকলৰ স্থাপত্য কলাৰ এক উৎকৃষ্ট নিদৰ্শন। প্ৰতিৱেশী চহৰ কাছলৰ তুলনাত তোষ আপেক্ষিকভাৱে কম খৰচী। গাঁওখনৰ প্ৰৱেশদ্বাৰ আৰু একেবাৰে শেষ প্ৰান্ত—উভয় স্থানতে অতিথি শালা আৰু হোটেল উপলব্ধ।৩ গাঁওখনৰ কাষেৰেই পাৰ্বতী নদীৰ এখন সোঁ-পাৰৰ উপনৈ বৈ গৈছে। পাৰ্বতী উপত্যকাৰ অন্তৰ্গত মণ্টলাই হিমবাহৰপৰা পাৰ্বতী নদীৰ উৎপত্তি হৈছে। এই হিমবাহক আগুৰি থকা পৰ্বত-শৃংগসমূহৰ ভিতৰত পাপাছুৰা, হোৱাইট ছেইল, আংদুৰী, পিনাকল আৰু দেৱচান অন্যতম।৪ কুল্লুৰপৰা কাছল আৰু মণিকৰণ হৈ বৰছাইনীলৈ বাছ যাত্ৰা কৰাৰ পাছত, প্ৰায় এঘণ্টাৰ পদব্ৰজে খোজকাঢ়ি তোষ গাঁওখনত উপনীত হ’ব পাৰি।২৫৬ ইয়াক এখন "হিপ্পী উপনিৱেশলৈ ৰূপান্তৰিত হোৱা পৰম্পৰাগত গাঁও" হিচাপে বৰ্ণনা কৰা হয়।৬

উদ্ভিদকুল আৰু প্ৰাণীকুল

তোষৰ চাৰিওফালে থকা ঘাঁহনি আৰু উপত্যকাসমূহত হিমালয়ৰ নীলা পপী (Meconopsis betonicifolia), আইৰিছ (Iris), মাৰ্শ্ব মেৰীগ’ল্ড (Caltha palustris), প্ৰিমুলা (Primula), বাটাৰকাপ (Ranunculus) আৰু হিমালয়ৰ বালচাম (Impatiens glandulifera) ফুল পোৱা যায়। এই অঞ্চলৰ পক্ষীকূলৰ ভিতৰত লেমাৰগিয়াৰ, বুল ফিঞ্চ, ৰ’জ ফিঞ্চ, হিমালয়ৰ গ্ৰীফন (Gyps himalayensis), হোৱাইট-কেপড ৱাটাৰ ৰেডষ্টাৰ্ট আৰু ব্ৰাউন ডিপাৰ (Cinclus pallasii) অন্তৰ্ভুক্ত। ইয়াত মাজে-সময়ে হিমালয়ৰ মুগা আৰু কʼলা ভালুকো দেখিবলৈ পোৱা যায়।৪

তথ্যসূত্ৰ

  1. ↑ Kriti Tulsiani. (15 December 2016). Tosh, Malana, Kasol and other picturesque villages that you wouldn't want to miss. News18
  2. ↑ Keith Armando Gomes. (4 February 2017). A silent retreat: Trekking from Tosh to Parvati Valley in Himachal Pradesh. Sunday Guardian Live
  3. ↑ Rahul. (19 June 2017). How To reach Tosh and things to do Around Tosh. Walking Wanderer
  4. ↑ Vanessa Betts; Victoria McCulloch. (10 February 2014). Indian Himalaya Footprint Handbook: Includes Corbett National Park, Darjeeling, Leh, Sikkim. Footprint Travel Guides. পৃ. 169. ISBN 978-1-907263-88-0
  5. ↑ 3m1! 4b1! 4m19! 4m18! 1m15! 1m1! 1s0x39045c4474aa31e9:0xf112d2e32b47949d! 2m2! 1d77.3149625! 2d32.0099986! 3m4! 1m2! 1d77.3740005! 2d32.012697! 3s0x39045cb5ca516d4b:0x8912315d75eaad80! 3m4! 1m2! 1d77.4067208! 2d32.0030148! 3s0x39044360ac6f1fdd:0x9535a9565973cf46! 1m0! 3e0?hl=en Kasol to Tosh. Google maps
  6. ↑ David Abram; Rough Guides. (2003). The Rough Guide to India. Rough Guides. পৃ. 503. ISBN 978-1-84353-089-3

সম্পৰ্কিত শ্ৰেণী

হিমাচল প্ৰদেশভাৰতৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তোষ, হিমাচল প্ৰদেশ” প্ৰবন্ধৰ সংশোধন ৬৩৪৩৪১ (৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।