থোপ্পুম্পাড়ী (തോപ്പുംപടി) হৈছে কোচি, কেৰালাৰ অন্তৰ্গত এখন নগৰ।১২ থোপ্পুম্পাড়ী দলঙে উইলিংডন দ্বীপক ফ'ৰ্ট কোচি উপদ্বীপৰ সৈতে সংযোগ কৰে।
ব্যুৎপত্তি
এই নামটো মালায়ালম শব্দ তূপ্পু (grove) অৰ্থাৎ "উপবন বা বাগিছা" আৰু পাড়ী (step) অৰ্থাৎ "খোপ বা খোপনি"ৰ সংমিশ্ৰণত গঠিত হৈছে।
ভূগোল
এই ঠাইখন স্থানাংকত অৱস্থিত।
যাতায়াত
থোপ্পুম্পাড়ী চহৰখন দক্ষিণ ৰেলৱে ষ্টেচনৰপৰা প্ৰায় ৯ কিলোমিটাৰ দূৰত অৱস্থিত। চহৰখনৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰপৰা বাছ চলাচলৰ সু-ব্যৱস্থা আছে।
স্বাধীনতাৰ পূৰ্বেই ব্ৰিটিছসকলে নিৰ্মাণ কৰা মত্তনচেৰী দলঙৰ জৰিয়তে এই ঠাইখন উইলিংডন দ্বীপৰ সৈতে সংযোজিত হৈছে। স্থানীয় সমাজত এই দলংখন "পুৰণি হাৰ্বাৰ দলং" বা স্থানীয় উপভাষাত "পাজায়া থোপ্পুম্পাড়ী পালাম" নামেৰে জনাজাত। এই দলংখন ব্ৰিটিছ অভিযান্ত্ৰিক শাখাৰ এক উৎকৃষ্ট নিদৰ্শন। ডাঙৰ নাও বা জাহাজ পাৰ হ’ব পৰাকৈ এই দলংখনৰ মাজভাগ ওপৰলৈ দাঙিব পৰা যায়। ইয়াৰপৰা প্ৰায় এক কিলোমিটাৰ দূৰত নিৰ্মাণ কৰা নতুন মত্তনচেৰী দলঙে বৰ্তমান থোপ্পুম্পাড়ীৰপৰা উইলিংডন দ্বীপলৈ যোৱা অধিকাংশ যান-বাহন কঢ়িয়াই নিয়ে।৩ ২০১৫ চনত কোচিন বন্দৰ কৰ্তৃপক্ষই মেৰামতি কৰাৰ পাছত পুৰণি হাৰ্বাৰ দলংখন পুনৰ জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয়। অৱশ্যে সুৰক্ষাৰ স্বাৰ্থত চৰকাৰী কৰ্তৃপক্ষই কেৱল পাতল মটৰ যান-বাহনকহে এই দলংখন পাৰ হ’বলৈ অনুমতি দিয়ে।
থোপ্পুম্পাড়ী মত্তনচেৰীৰপৰা ৩ কিলোমিটাৰ আৰু ফ’ৰ্ট কোচিৰপৰা ৫ কিলোমিটাৰ দূৰত অৱস্থিত। পুৰণি ৪৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো থোপ্পুম্পাড়ীৰ মাজেৰেই পাৰ হৈ গৈছে।৪
মত্তনচেৰী দলঙৰ ঠিক তলতেই পুৰণি ৰেলৱে ষ্টেচন হাৰ্বাৰ টাৰ্মিনাছ অৱস্থিত। বৰ্তমান এই ষ্টেচনটোলৈ কেৱল মালবাহী ট্ৰেইনহে আহে। উইলিংডন দ্বীপ ভেণ্ডুৰুথী দলঙৰ জৰিয়তে থেভাৰাৰ সৈতে সংযোজিত হৈছে। উইলিংডন দ্বীপটো চৰকাৰী মালিকানাধীন সম্পত্তি। এই দ্বীপটোৰ প্ৰধান স্থানসমূহ হৈছে ভাৰতীয় নৌসেনাৰ দক্ষিণ নৌসেনা কমাণ্ডৰ মুখ্য কাৰ্যালয়,৫ নৌসেনা বিমানবন্দৰ, কোচিন বন্দৰ ন্যাস (Cochin Port Trust), কেন্দ্ৰীয় মীন প্ৰযুক্তি প্ৰতিষ্ঠান (Central Institute of Fisheries Technology), হোটেল তাজ মালাবাৰ, হোটেল কেচিনো আৰু হোটেল ট্ৰাইডেণ্ট।
থোপ্পুম্পাড়ীৰ প্ৰধান পথসমূহ হৈছে আৰোৰ থোপ্পুম্পাড়ী পথ (যাক পুৰণি ৪৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বুলিও জনা যায়), থোপ্পুম্পাড়ীক ৬৬ নম্বৰ ৰাজ্যিক ঘাইপথৰ সৈতে সংযোগ কৰা পি টি জেকব পথ, কচুপল্লী পথ, পল্লিচল পথ, ঠাকুৰ পথ আদি।৬
অৰ্থনীতি
থোপ্পুম্পাড়ীত অৱস্থিত কোচিন মীন বন্দৰ (Cochin Fisheries Harbour) হৈছে ৰাজ্যখনৰ অন্যতম প্ৰধান মীন পালন উদ্যোগ। ইয়াৰ উপৰি মেৰিনা মল নামৰ এটা ডাঙৰ হাইপাৰমাৰ্কেট থোপ্পুম্পাড়ীত অৱস্থিত।
তথ্যসূত্ৰ
- ↑ Thoppumpady, Kochi Corporation, Ernakulam District, Kerala, India. Kerala Tourism
- ↑ Thopumpady. maps.apple.com
- ↑ archive, From our online. (2022-07-23). Bristow’s engineering marvel left to ruin. The New Indian Express
- ↑ archive, From our online. (2017-09-21). Island-Kannenghat bridge in Kochi to be thrown open to public on Friday. The New Indian Express
- ↑ Operation Southern Readiness 26-2, Objective, Latest News
- ↑ Old bridge may get new lease of life. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থোপ্পুম্পাড়ী” প্ৰবন্ধৰ সংশোধন ৬২৭৪০২ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।