তিৰুৰ পাণ (Tirur Betel Leaf) হৈছে ভাৰতৰ কেৰালাৰ ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ পৰম্পৰাগত পাণপাতৰ জাত। এই পান মূলতঃ কেৰালা ৰাজ্যৰ মালাপ্পুৰম জিলাৰ তিৰুৰ, তানুৰ, তিৰুৰাংগাড়ি, কুট্টিপুৰম, মালাপ্পুৰম আৰু ভেংগাৰা ব্লক পঞ্চায়তসমূহত খেতি কৰা হয়।১২
ভৌগোলিক সূচক (GI) স্বীকৃতিৰ অধীনত এই পাণক "তিৰুৰ বেটেল লিফ (তিৰুৰ ভেট্টিলা)" নামেৰে পঞ্জীয়ন কৰা হৈছে।১২
বৰ্ণনা
তিৰুৰ মাছ আৰু পাণপাতৰ এক গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ। এই অঞ্চলৰ উৎকৃষ্ট মানৰ পাণপাত দেশ-বিদেশত যথেষ্ট চাহিদা আছে। তিৰুৰৰ পাণপাতৰ তীক্ষ্ণ সোৱাদ, ডাঠ পাত আৰু অধিক এণ্টিঅক্সিডেণ্ট ক্ষমতাৰ বাবে বিশেষভাৱে পৰিচিত। ১ এই বৈশিষ্ট্যসমূহৰ বাবে ইয়াক আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰা, বিভিন্ন ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানত ব্যৱহাৰ কৰা, লগতে পান মচলা তৈয়াৰতো ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। ৩৪
তিৰুৰত পাণপাতৰ দুটা সৰ্বাধিক প্ৰচলিত জাত হৈছে পুথুকোডি (Puthukodi) আৰু নাডান (Nadan)। ৫ পুথুকোডি মূলতঃ একক শস্য হিচাপে খেতি কৰা হয়, আনহাতে নাডান নাৰিকল আৰু তামোল বাগিছাত আন্তঃশস্য হিচাপে খেতি কৰা হয়। পুথুকোডি জাতৰ প্ৰতি একক ক্ষেত্ৰফলত পাতৰ ওজন বেছি আৰু পাতৰ গুণগত বৈশিষ্ট্যও উৎকৃষ্ট হোৱাৰ বাবে বজাৰত ইয়াৰ চাহিদা আৰু মূল্য অধিক। নাডান জাতৰ পাণপাত মূলতঃ থ্ৰিচূৰ, কোঝিকোড আৰু মালাপ্পুৰম জিলাৰ স্থানীয় বজাৰত বিক্ৰী কৰা হয়। আনহাতে পুথুকোডি জাতৰ পাণপাত পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশ আদি দেশলৈ ৰপ্তানি কৰা হয়, যাৰ ফলত স্থানীয় কৃষক আৰু ব্যৱসায়ীসকলে উল্লেখযোগ্য আয় লাভ কৰে। ৪৬৭৮৯১০১১
মালাপ্পুৰম জিলাৰ বহু লোকৰ জীৱিকা প্ৰত্যক্ষ বা পৰোক্ষভাৱে, আংশিক বা সম্পূৰ্ণৰূপে পাণপাতৰ উৎপাদন, প্ৰক্ৰিয়াকৰণ, সংৰক্ষণ, পৰিবহণ আৰু বিপণনৰ সৈতে জড়িত। পাণপাতৰ খেতি আৰু ব্যৱসায়ে স্থানীয় অৰ্থনীতিত উল্লেখযোগ্য অৱদান আগবঢ়ায় আৰু অসংখ্য পৰিয়ালৰ বাবে কৰ্মসংস্থান আৰু উপাৰ্জনৰ উৎস হিচাপে কাম কৰে।৪
পাণপাতৰ সাংস্কৃতিক আৰু ধৰ্মীয় গুৰুত্বও যথেষ্ট। মন্দিৰত পূজাত পাণলতা ব্যৱহাৰ কৰাৰ লগতে শুভ অনুষ্ঠানত ‘দক্ষিণা’ প্ৰদানৰ সময়তো ইয়াৰ ব্যৱহাৰ হয়। ‘তাম্বুল’ (তাম্বূলম) পৰম্পৰাৰ এক অবিচ্ছেদ্য অংশ হিচাপে পাণপাত ব্যৱহাৰ কৰা হয়। বিশ্বাস কৰা হয় যে আহাৰ গ্ৰহণৰ পিছত তামোল চোবাই খালে পাণপাতৰ ৰসে হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে।৪
তিৰুৰ আয়ুৰ্বেদিক চিকিৎসাৰ সুপৰিচিত প্ৰতিষ্ঠান কোট্টাক্কল আৰ্য বৈদ্যশালালৈও পাণপাতৰ এক গুৰুত্বপূৰ্ণ যোগানদাতা অঞ্চল।৪
ভৌগোলিক সূচক
এইবিধ পাণপাতক ২০১৯ চনৰ ১৪ আগষ্টত ভাৰত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ভৌগোলিক সূচক পঞ্জীয়নৰপৰা ভৌগোলিক সূচক (জি আই) মৰ্যাদা টেগ প্ৰদান কৰা হয় ১২
তিৰুৰ ভেট্টিলা উৎপাদক সংঘে (Tirur Vettila Ulpadaka Sangam) তিৰুৰৰপৰা তিৰুৰ পাণপাত (তিৰুৰ ভেট্টিলা)ৰ ভৌগোলিক নিৰ্দেশক (GI) পঞ্জীয়নৰ বাবে প্ৰস্তাৱ দাখিল কৰিছিল। ২০১৮ চনৰ ডিচেম্বৰত আবেদন দাখিল কৰাৰ পাছত, ২০১৯ চনত চেন্নাইস্থিত ভৌগোলিক নিৰ্দেশক পঞ্জীয়কৰপৰা এই পাণপাতে GI স্বীকৃতি লাভ কৰে। ইয়াৰ ফলত ‘তিৰুৰ পাণপাত (তিৰুৰ ভেট্টিলা)’ নামটো কেৱল এই নিৰ্দিষ্ট অঞ্চলত খেতি কৰা পাণপাতৰ বাবেহে একচেটিয়া আৰু আইনগতভাৱে সংৰক্ষিত নাম হিচাপে স্বীকৃতি লাভ কৰে। ১৩১৪ ইয়াৰ ফলত তিৰুৰ পাণপাত (তিৰুৰ ভেট্টিলা) কেৰালাৰপৰা ভৌগোলিক নিৰ্দেশক (GI) স্বীকৃতি লাভ কৰা প্ৰথম পাণপাতৰ জাত হিচাপে পৰিগণিত হয়। লগতে, ই কেৰালাৰপৰা GI স্বীকৃতি লাভ কৰা ৩৬সংখ্যক সামগ্ৰী হিচাপেও স্বীকৃতি লাভ কৰে।
ভৌগোলিক নিৰ্দেশক (GI) পঞ্জীয়কে প্ৰদান কৰা এই সন্মানীয় GI স্বীকৃতিয়ে নিশ্চিত কৰে যে সংশ্লিষ্ট সামগ্ৰীটোৰ নিজা স্বকীয় গুণাগুণ আছে, ইয়াক পৰম্পৰাগত উৎপাদন পদ্ধতি অনুসৰি উৎপাদন কৰা হয় আৰু ইয়াৰ সুনাম ইয়াৰ ভৌগোলিক উৎপত্তিস্থলৰ সৈতে ওতপ্ৰোতভাৱে জড়িত।
তথ্যসূত্ৰ
- ↑ Muringatheri, Mini. (21 August 2019). Tirur Vettila obtains GI tag. The Hindu
- ↑ GI tag: What's special about Kerala Tirur betel leaf, TN's Palani Panchamirtham?. The Week
- ↑ Kerala Tirur betel leaf, Tamil Nadu's Palani Panchamirtham get GI tag. Business Standard
- ↑ (12 April 2019). Tirur Betel Leaf (Tirur Vettila). Intellectual Property India
- ↑ (29 August 2017). Study reveals secret of Tirur pan. The Times of India
- ↑ Kumar, V. Sajeev. (15 April 2021). Tirur betel leaves growers seek Centre's support to promote it overseas. BusinessLine
- ↑ Kumar, V. Sajeev. (18 October 2022). Kerala floats farmer producer company for GI-tagged Tirur betel leaf. BusinessLine
- ↑ (20 February 2020). With Pakistan dream over, can GI tag rescue betel leaf farmers of Kerala's Tirur?. The Indian Express
- ↑ Kallungal, Dhinesh. (4 April 2015). Tirur Betel, Nilambur Teak Likely to Get GI Tag Soon. The New Indian Express
- ↑ Salih, N. M. (23 February 2016). Tirur betel leaf to get Geographic Indications tag. www.deccanchronicle.com
- ↑ Kumar, V. Sajeev. (8 October 2019). With GI tag, will the Tirur betel leaf go places?. BusinessLine
- ↑ Tirur Betel Leaf. Intellectual Property India
- ↑ Kerala's Tirur betel leaves, bonding India and Pakistan over paan, get GI tag. Livemint
- ↑ (3 January 2022). Tirur Betel Leaf & the GI tag impact. BusinessLine
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিৰুৰ পাণ” প্ৰবন্ধৰ সংশোধন ৬২৪৪৭৭ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।