অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

টালিছ পৰ্বতমালা

টালিছ পৰ্বতমালা (Talysh Mountains) হৈছে আজাৰবাইজানৰ লংকাৰান-আস্তাৰা অৰ্থনৈতিক অঞ্চল আৰু ইৰাণৰ আৰ্দাবিল আৰু গিলান প্ৰদেশৰ এটা পৰ্বতমালা

হালনাগাদ: ২৪ মে’ ২০২৬ ৩৮৭ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

টালিছ পৰ্বতমালা (Talysh Mountains) হৈছে আজেৰবাইজানৰ লংকাৰান-আস্তাৰা অৰ্থনৈতিক অঞ্চল আৰু ইৰানৰ আৰ্দাবিল আৰু গিলান প্ৰদেশৰ এটা পৰ্বতমালা ১

ভৌগোলিক পৰিৱেশ

তালিছ পৰ্বতমালা দক্ষিণ-পূব আজাৰবাইজানৰ লংকাৰান নিম্নভূমিৰপৰা উত্তৰ-পশ্চিম ইৰাণৰ চেফিড ৰুড (হোৱাইট নদী)ৰ তলৰ অংশলৈকে দক্ষিণ-পূব দিশলৈ বিস্তৃত হৈ আছে। এই পৰ্বতমালাৰ কেইটামান শৃংগ 2000 মিটাৰৰ ওখ।

হাভজোভা গাঁৱৰ পৰা টালিছ পৰ্বতমালাৰ দৃশ্য, ২০১০
হাভজোভা গাঁৱৰ পৰা টালিছ পৰ্বতমালাৰ দৃশ্য, ২০১০ছবি: Farid17 · CC BY-SA 3.0

ভূ-তাত্ত্বিক দিশ

ভূ-তাত্ত্বিকভাৱে টালিছ পৰ্বতমালা মূলতঃ ক্ৰিটেচিয়াছৰ শেষৰফালৰ আগ্নেয়গিৰি-পলসুৱা নিক্ষেপৰদ্বাৰা গঠিত; ইয়াৰ দক্ষিণ অংশত প্ৰাচীন জীৱাশ্ম যুগৰ শিলৰ এটা বেল্ট আৰু ট্ৰাইএছিক আৰু জুৰাছিক শিলৰ আন এটা বেল্টো আছে, যি দুয়োটা উত্তৰ-পশ্চিমৰপৰা দক্ষিণ-পূবলৈ বিস্তৃত হৈ আছে। ২

ৰাজনৈতিক সীমান্তত ইৰাণ আৰু আজাৰবাইজানৰ মাজত থকা এই পৰ্বতমালাক আজেৰবাইজান ভাষাত টালিছ আৰু গ্ৰীক ভাষাত হাইৰকানীয়া বুলি জনা যায়। বিশ্বৰ ভিতৰতে অনন্য এই পৰ্বতমালা দক্ষিণ আজাৰবাইজানৰপৰা আৰম্ভ হৈ পোনে পোনে দক্ষিণলৈ বক্ৰ হৈ তাৰ পিছত ইৰাণৰ সীমান্ত পাৰ হৈ কেছপিয়ান সাগৰৰ উপকূলৰ কাষেৰে পূব দিশলৈ আগবাঢ়িছে। জলবায়ু, উদ্ভিদ আৰু প্ৰাণীৰ অনন্য মিশ্ৰণৰ বাবে ইয়াক বহু বছৰৰ আগতে ইউনেস্ক’ৰ প্ৰাকৃতিক ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল যদিও শেহতীয়াকৈ ইয়াৰ মৰ্যাদা বৃদ্ধি পাইছে। ইয়াত অন্যান্য প্ৰজাতিৰ লগতে সংকটজনকভাৱে বিপন্ন পাৰ্চী নাহৰফুটুকী আৰু সংকটজনকভাৱে বিপন্ন পাৰ্চী লোহাৰ কাঠ গছ পোৱা যায়। টালিছ পৰ্বতমালাৰ পাহাৰবোৰৰ ভিতৰত অৱস্থিত হাইৰেনিয়ান ৰাষ্ট্ৰীয় উদ্যানখনে এই অনন্য পৰিৱেশ তন্ত্ৰৰ বাবে নিৰাপদ আশ্ৰয়স্থল হিচাপে কাম কৰে আৰু বিপন্ন উদ্ভিদ আৰু প্ৰাণীক সুৰক্ষা প্ৰদান কৰে।

এই পৰিৱেশ তন্ত্ৰৰ আজাৰবাইজান অংশত হাইৰকেনিয়া ৰাষ্ট্ৰীয় উদ্যানে এই পৰিৱেশ তন্ত্ৰক সুৰক্ষা প্ৰদান কৰে, য’ত নাহৰফুটুকী আৰু লোহাৰ কাঠ গছও অন্তৰ্ভুক্ত। কিন্তু ই অঞ্চলটোৰ টালিছ পৰ্বতমালাৰ এটা অংশহে সুৰক্ষা প্ৰদান কৰে, যিবোৰ উত্তৰ দিশত গছৰ ৰেখাৰ ওপৰেৰে উঠি ভেড়া আৰু গৰু-ম’হৰ বাবে হাজাৰ হাজাৰ একৰ পৰম্পৰাগত পাহাৰীয়া চৰণীয়া পথাৰ যোগান ধৰে।৩

পৰিৱেশ বিজ্ঞান

টালিছ পৰ্বতমালাত বছৰি সৰ্বাধিক ১৬০০ৰপৰা ১৮০০ মিলিমিটাৰ বৰষুণ হয় আৰু আজেৰবাইজান আৰু ইৰান দুয়োখন দেশতে সৰ্বাধিক বৰষুণ হয় লংকাৰান নিম্নভূমিত। লংকাৰান নিম্নভূমিকে ধৰি কাস্পিয়ান সাগৰৰ উপকূলৰ আৰ্দ্ৰ উপক্ৰান্তীয় উপকূলীয় নিম্নভূমি এই ৰেঞ্জৰ পূব পাদদেশত অৱস্থিত।৪

টালিছ পৰ্বতমালা নিম্নভূমি আৰু পাহাৰীয়া অৰণ্যৰে আবৃত। এই অঞ্চলটো কাস্পিয়ান হাইৰেনিয়ান মিশ্ৰিত বন পৰিৱেশ অঞ্চলৰ অংশ।

এসময়ত টালিছ পৰ্বতমালাত কাস্পিয়ান বাঘ পোৱা গৈছিল। ৫

পৰ্য্যটনৰ সুবিধা

টালিছ পবতমালা পৰ্য্যটকৰ বাবে এক আকৰ্ষণীয় স্থান। টালিছ পৰ্বতমালাৰ কিছুমান জনপ্ৰিয় কাৰ্য্যকলাপৰ ভিতৰত আছে:৬

  • পাহাৰীয়া পথৰ কাষেৰে হাইকিং আৰু ট্ৰেকিঙৰ সুবিধা আছে। যিয়ে অঞ্চলটোৰ বৈচিত্ৰ্যময় প্ৰাকৃতিক দৃশ্য আৰু প্ৰাকৃতিক আশ্চৰ্য্যসমূহ চাবলৈ সুযোগ প্ৰদান কৰে।
  • নিৰ্দিষ্ট কেম্পিং এলেকাত কেম্পিং কৰা, যাৰ ফলত দৰ্শকে প্ৰাকৃতিক পৰিৱেশত সম্পূৰ্ণৰূপে নিমজ্জিত হ’ব পাৰে আৰু পাহাৰত ৰাতিটো উপভোগ কৰিব পাৰে।
  • টালিছ পৰ্বতমালাৰ সুন্দৰ দৃশ্য, অনন্য উদ্ভিদ প্ৰজাতি, আৰু বিভিন্ন ধৰণৰ বন্যপ্ৰাণী ফটোগ্ৰাফিৰে ধৰি ৰাখিবলৈ পাৰে বণ্যপ্ৰেমীয়ে।
  • চৰাই চোৱা, অঞ্চলটোৰ ঘন অৰণ্য আৰু পাহাৰীয়া ভূ-খণ্ডত বাস কৰা বিভিন্ন প্ৰজাতিৰ চৰাইবোৰ পৰ্যবেক্ষণ কৰিবলৈ পৰা যায়।

তথ্যসূত্ৰ

  1. ↑ Microsoft Encarta World Atlas 2001, Microsoft Corporation
  2. ↑ Geological Map of Iran, National Geoscience Database of Iran, www.ngdir.ir
  3. ↑ worldatlarge.news www.worldatlarge.news Crossing the Talysh Mountains and Meeting the People There
  4. ↑ Encyclopædia Britannica
  5. ↑ Heptner, V. G.; Sludskij, A. A. (1992). Mlekopitajuščie Sovetskogo Soiuza. Moskva: Vysšaia Škola. Smithsonian Institution and the National Science Foundation. পৃ. 95–202
  6. ↑ Visaliv.com visaliv.com Talysh Mountains: Scenic Landscapes and Hiking

সম্পৰ্কিত শ্ৰেণী

পৰ্বতমালাইৰানএছিয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টালিছ পৰ্বতমালা” প্ৰবন্ধৰ সংশোধন ৬০৮৩২৯ (২৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।