ডান ব্ৰিষ্ট ( Dun Briste Sea Stack) আয়াৰলেণ্ডত কাৰ্বনিফেৰাছ যুগত, ই সম্ভৱতঃ মিচিচিপিয়ান যুগত, প্ৰায় ৩৫০ মিলিয়ন বছৰ আগতে গঠিত হোৱা এক প্ৰাকৃতিকভাৱে তৈয়াৰী সাগৰীয় খুঁটি বা স্তম্ভ যাক ভূ-ৰূপবিজ্ঞানত ষ্টেক বুলি কোৱা হয়।১
ইতিহাস
১৩৯৩ চনত এক প্ৰচণ্ড ডাৱৰ খণ্ড ইয়াৰ ওপৰত পৰিছিল আৰু ইয়াক ভাঙি সাগৰৰ মাজলৈ নিলগাই নিছিল। ১৯৮০ চনত ইয়াৰ ওপৰত অৱতৰণ কৰি জৰীপ চলোৱা গৱেষকসকলে এসময়ত ই মূল ভূখণ্ডৰ অংশ আছিল বুলি প্ৰমাণ দাখিল কৰিছিল, য'ত তেওঁলোকে শিলৰ অট্টালিকা আৰু ভেড়াৰ পাৰ হোৱাৰ অৱশিষ্ট পাইছিল।২৩
যেতিয়া ডান ব্ৰিষ্ট গঠন কেপৰ পৰা পৃথক হোৱা নাছিল, আইৰিছ পেট্ৰিয়াৰ্কে আয়াৰলেণ্ডৰ প্ৰথম গীৰ্জাসমূহৰ ভিতৰত এটা নিৰ্মাণ কৰিছিল।৪ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ওচৰৰ ঘৰটোৱে আইৰিছ ক'ষ্ট গাৰ্ডৰ বাবে লুকাউট পোষ্ট হিচাপে কাম কৰিছিল।৫
বৰ্ণনা
আয়াৰলেণ্ডৰ কাউণ্টি মেয়'ৰ বালিকাষ্টল চহৰৰ পৰা ৫ কিলোমিটাৰ দূৰত ই ঠিক ডাউনপেট্ৰিক হেডৰ মূৰত অৱস্থিত।৬ ২০ মিটাৰ দূৰত্বত আৰু ২২৮ মিটাৰ গভীৰতাত এইখন সাগৰৰ ঠিক ওপৰত থকাৰ দৰে লাগে। ইয়াৰ উচ্চতা ৪৫ মিটাৰ, বহলে ৬৩ মিটাৰ আৰু ২৩ মিটাৰ।৭
তথ্যসূত্ৰ
- ↑ Dun Briste Sea Stack. Downpatrick Head
- ↑ Miller, Iain. (July 5, 2022). Dún Bristé Sea Stack
- ↑ Laura Geggel. (February 15, 2018). That Sea Stack from Reddit Didn't Take 'Millions of Years' to Form. livescience.com
- ↑ (April 24, 2022). Dún Briste, la roca sola ante el Atlántico. Viajes National Geographic
- ↑ Dun Briste, un precioso rincón de …. vicmun.com
- ↑ Downpatrick Head. Ireland.com
- ↑ (December 16, 2015). Dun Briste: una impresionante pila del mar en Irlanda. Vista al Mar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডান ব্ৰিষ্ট” প্ৰবন্ধৰ সংশোধন ৬৩৬৩৪৯ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।