অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

গন্ধিয়া

গন্ধিয়া (Gandhia) হ'ল অসমৰ নলবাৰী জিলাৰ অন্তৰ্গত এখন গাঁও৷ এই গাঁৱখন নলবাৰী চহৰৰ পৰা ১২ কিলোমিটাৰ উত্তৰ পশ্চিম দিশত অৱস্থিত৷ গাঁৱখন টিহু বিধানসভা সমষ্টিৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত৷ গন্ধিয়াক অসমৰ জ্যোতিষ চৰ্চাৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়৷

হালনাগাদ: ২৫ মে’ ২০২৬ ৩৮৬ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

গন্ধিয়া (Gandhia) হ'ল অসমৰ নলবাৰী জিলাৰ অন্তৰ্গত এখন গাঁও৷১২ এই গাঁৱখন নলবাৰী চহৰৰ পৰা ১২ কিলোমিটাৰ উত্তৰ পশ্চিম দিশত অৱস্থিত৷৩ গাঁৱখন টিহু বিধানসভা সমষ্টিৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত৷ গন্ধিয়াক অসমৰ জ্যোতিষ চৰ্চাৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়৷৪৫

নামৰ উৎপত্তি

জনবিশ্বাস অনুসৰি এই গাঁওখনত বিল্বেশ্বৰ দেৱালয়ৰ পূজা-অৰ্চনাৰ বাবে প্ৰয়োজন হোৱা ফুলৰ বাগিছা পাতিছিল। বাগিছাৰ ফুলৰ গোন্ধেৰে ঠাইখিনি আমোলমোলাই থকা বাবে গাঁৱখনৰ নাম গন্ধিয়া হয়৷৬৭

জনসংখ্যা

২০১১ চনৰ লোকপিয়লৰ চৰকাৰী তথ্য অনুসৰি অসমৰ নলবাৰী জিলাৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত গন্ধিয়া গাঁৱৰ মুঠ জনসংখ্যা হৈছে ১,৮২৬ জন।১ ইয়াৰে পুৰুষৰ সংখ্যা ৯২২ জন আৰু মহিলাৰ সংখ্যা ৯০৪ গৰাকী।৩ গাঁওখনৰ সামগ্ৰিক সাক্ষৰতাৰ হাৰ হৈছে ৮৮.৮৮%। ইয়াৰ ভিতৰত পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯৪.৩৭% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৮৩.১৬%।

ইতিহাস আৰু ধৰ্মীয় পৰম্পৰা

ঐতিহাসিক তথ্য আৰু জনবিশ্বাস অনুসৰি গন্ধিয়া গাঁৱৰ ইতিহাস ৰজা নাগাক্ষৰ শাসনকালৰ সৈতে জড়িত। এই গাঁওখনক অসমৰ দ্বিতীয়টো নৱগ্ৰহ ধাম বা নৱগ্ৰহ মন্দিৰৰ স্থলী বুলি গণ্য কৰা হয়, যাৰ বাবে এই অঞ্চলটো বৈদিক জ্যোতিষশাস্ত্ৰ, পুৰণি সাঁচিপাতৰ লিপি আৰু সংস্কৃত চৰ্চাৰ এক প্ৰাচীন কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে। ধৰ্মীয় দিশৰ পৰা গাঁওখন যথেষ্ট চহকী। ইয়াত থকা উল্লেখনীয় উপাসনা স্থলসমূহৰ ভিতৰত শ্ৰী শ্ৰী নৱগ্ৰহ মন্দিৰ, শ্ৰী শ্ৰী মনসা মন্দিৰ, শ্ৰী শ্ৰী কালী মন্দিৰ, লক্ষ্মী মন্দিৰ আৰু জগন্নাথ মন্দিৰ অন্যতম।৪

কান্দেনী আই মন্দিৰ

কান্দেনী আই মন্দিৰ গন্ধিয়াৰ এক প্ৰাচীন ধৰ্মীয় আৰু ঐতিহাসিক স্থান। জনশ্ৰুতি অনুসৰি এই মন্দিৰৰ ইতিহাস প্ৰায় ষোল্ল শতিকাৰ। সেই সময়ত বংগদেশত চৈতন্যদেৱে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। তেওঁৰ শিষ্য চিন্তামণি গোস্বামীয়ে গন্ধিয়াত আহি আল্লীবাড়ী সত্ৰ প্ৰতিষ্ঠা কৰে। পিছত তেওঁৰ সহধৰ্ম্মিণী ধৰ্মেশ্বৰী দেৱীয়েও গন্ধিয়াত আহি স্বামীৰ সৈতে বাস কৰিবলৈ ধৰে। কিছুদিন পিছত চিন্তামণি গোস্বামী বংগদেশলৈ উভতি যায় আৰু তাতেই তেওঁৰ মহাপ্ৰয়াণ ঘটে। এই সংবাদ পাই গন্ধিয়াত থকা ধৰ্মেশ্বৰী দেৱী গভীৰ শোকত ভাগি পৰে। স্বামীৰ বিয়োগত তেওঁ সদায় কান্দি অধীৰ হৈ থকা বুলি জনশ্ৰুতি আছে। কিছুদিন পিছত ধৰ্মেশ্বৰী দেৱীৰো দেহাৱসান ঘটে। কান্দি কান্দি স্বৰ্গগামিনী হোৱা বাবে স্থানীয় লোকসকলে তেওঁক কান্দেনী আই নামেৰে সম্বোধন কৰিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত গাঁওবাসীয়ে তেওঁৰ সোঁৱৰণত কান্দেনী আই মন্দিৰ নিৰ্মাণ কৰে।৮

জ্যোতিষ চৰ্চা

গন্ধিয়া প্ৰাচীন কালৰে পৰা জ্যোতিষ চৰ্চাৰ এক উল্লেখযোগ্য কেন্দ্ৰ হিচাপে পৰিচিত। ড° নিৰ্মলপ্ৰভা বৰদলৈৰ মতে, পাল বংশীয় ৰজা ধৰ্মপালৰ সময়ৰ পৰাই গন্ধিয়াৰ জ্যোতিষীসকলে ভূমিদান লাভ কৰিছিল আৰু অঞ্চলটোত গণিত তথা ফলিত জ্যোতিষৰ চৰ্চা চলি আহিছিল। কামৰূপীয় জ্যোতিষ পদ্ধতিৰ নিজস্ব গণনাপদ্ধতি আৰু দ্ৰাঘিমা-অক্ষৰেখাৰ পৃথক হিচাপ গন্ধিয়াৰ জ্যোতিষীসকলে অনুসৰণ কৰিছিল বুলি ড° পৰাগ কুমাৰ ভট্টাচাৰ্যই উল্লেখ কৰিছে।৯

অতীতত গন্ধিয়াত ডেৰশৰো অধিক সংস্কৃত আৰু জ্যোতিষৰ টোল আছিল, য’ত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ আদিৰ ছাত্ৰসকলে শিক্ষা গ্ৰহণ কৰিছিল। ১৯০২ চনত প্ৰতিষ্ঠিত জীৱানন্দ জ্যোতিৰ্বিদ্যালয়ত সংস্কৃত ভাষাৰ লগতে জ্যোতিষ বিদ্যাৰ শিক্ষাও প্ৰদান কৰা হৈছিল।১০

গন্ধিয়াৰ বহু জ্যোতিষীয়ে অসমীয়াৰ সমাজ-সংস্কৃতিত বিশেষ ভূমিকা পালন কৰিছে। জ্যোতিষী ৰবীন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাসহ কেইবাখনো অসমীয়া পঞ্জিকা সম্পাদনা কৰিছিল আৰু জ্যোতিষ শিক্ষাৰ প্ৰসাৰত অৰিহণা যোগাইছিল। ১৯৮২ চনত স্থাপিত ‘গন্ধিয়া জ্যোতিষ পৰিষদ’ৰ জৰিয়তে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বহু শিক্ষাৰ্থীক জ্যোতিষ শিক্ষা প্ৰদান কৰা হৈছিল।১১

অৰ্থনীতি আৰু জীৱিকা

২০১১ চনৰ লোকপিয়লৰ প্ৰতিবেদন অনুসৰি গন্ধিয়া গাঁৱৰ মুঠ জনসংখ্যাৰ ভিতৰত ৫৮১ জন লোক কাৰ্যক্ষম বা অৰ্থনৈতিকভাৱে সক্ৰিয়, যাৰ ভিতৰত ৪১৮ জন পুৰুষ আৰু ১৬৩ গৰাকী মহিলা।১ কৰ্মৰত লোকসকলৰ ভিতৰত প্ৰায় ৬৭.৪৭% লোকে মূল জীৱিকা (বছৰটোৰ ৬ মাহতকৈ বেছি সময় কাম কৰা) হিচাপে কৃষিকৰ্ম, ব্যৱসায় আৰু চাকৰিৰ সৈতে জড়িত। বাকী ৩২.৫৩% লোক উপান্ত বা প্ৰান্তীয় কৰ্মী (বছৰটোৰ ৬ মাহতকৈ কম সময় কাম কৰা) হিচাপে কৰ্মৰত হৈ আছে।৩ গাঁওখনৰ মূল অৰ্থনীতি কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰশীল হ'লেও জ্যোতিষ বিদ্যা আৰু শৈক্ষিক ক্ষেত্ৰৰ সৈতেও বহু লোক জড়িত।৫

শিক্ষা

গন্ধিয়া গাঁৱৰ শৈক্ষিক পৰিৱেশ যথেষ্ট উন্নত আৰু ইয়াৰ সাক্ষৰতাৰ হাৰ উল্লেখনীয়ভাৱে উচ্চ। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি, গাঁওখনৰ সামগ্ৰিক সাক্ষৰতাৰ হাৰ হৈছে ৮৮.৮৮%, যিটো অসমৰ ৰাজ্যিক গড় সাক্ষৰতাৰ হাৰ (৭২.১৯%)তকৈ বহু বেছি।১ ইয়াৰ ভিতৰত পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯৪.৩৭% হোৱাৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ হৈছে ৮৩.১৬%।৩

উল্লেখযোগ্য ব্যক্তি

  1. ড° প্ৰমোদলাল শৰ্মা: আমেৰিকা নিবাসী ড° শৰ্মাই বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশ্বযুৰি সমাদৃত হৈছিল৷১২
  2. পুৰুষোত্তম ভট্টাচাৰ্য: জ্যোতিষ পণ্ডিত৷
  3. ডাঃ শৰৎ ভাগৱতী: চিকিৎসক।
  4. পৰিক্ষীত শৰ্মা: কম্পাউণ্ডাৰ। তেওঁৰ চিকিৎসা সেৱাৰ বাবে তেওঁক পৰীক্ষিত ডাক্তৰ বুলি জনা গৈছিল।১৩
  5. ড° পৰাগ ভট্টাচাৰ্য: শিক্ষাবিদ, সাহিত্যিক তথা অসমৰ চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ৷
  6. ৰবীন্দ্ৰ নাথ ভট্টাচাৰ্য: জ্যোতিষী৷১৪
  7. প্ৰণৱপ্ৰাণ ভট্টাচাৰ্য: সাহিত্যিক৷ তেওঁৰ তেৰখন গ্ৰন্থ প্ৰকাশ পাইছে ৷ ইয়াৰে ভিতৰত নক্ষত্ৰৰ দৰে জাগ্ৰত উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা সোঁৱৰণি বঁটা আৰু আৰু নিৰ্মম কালবেলা উপন্যাসৰ বাবে অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা লাভ কৰিছে৷১৫
  8. দেৱেশ্বৰ শৰ্মা: ভ্ৰাম্যমান থিয়েটাৰৰ এগৰাকী গীতিকাৰ৷
  9. ডাঃ যতীন ভাগৱতী: ‌ডিব্ৰুগড় মেডিকেল কলেজৰ অধ্যাপক তথা চিকিৎসা শাস্ত্ৰৰ গৱেষক৷
  10. পৰাগ শৰ্মা: অভিনেতা। তেওঁৰ পিতৃগৃহ গন্ধিয়াত আছিল৷
  11. মৃগেন শৰ্মা: সাহিত্যিক। তেওঁৰ প্ৰকাশিত গ্ৰন্থৰ ভিতৰত ২০০৮ চনত অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা অসমীয়া সংস্কৃতিৰ সম্ভাৰ১৬১৭১৮ উল্লেখযোগ্য।

সামাজিক অনুষ্ঠান

পুথিভঁৰাল

গন্ধিয়া গাঁৱত ৰজাদিনীয়া সাঁচিপাত আৰু তুলাপাতৰ পুথিৰে সমৃদ্ধ শতবৰ্ষ গৰকা এটা পুথিভঁৰাল আছে৷ নলবাৰী তথা বৃহত্তৰ উত্তৰ কামৰূপৰ এটা বিশেষ গ্ৰন্থাগাৰটো ৰজাদিনীয়া সমলৰে পূৰিপূৰ্ণ৷ এই গ্ৰন্থাগাৰত আছে ৮০০ৰো অধিক সাঁচিপাতৰ পুথি আৰু তুলাপাতৰ পুথি।৪

তথ্যসূত্ৰ

  1. ↑ Gandhia Village Population - Pachim Nalbari - Nalbari, Assam. Census2011.co.in
  2. ↑ Gandhia Village in Pachim Nalbari, Nalbari, Assam. Vill.co.in
  3. ↑ Gandhia Village in Pachim Nalbari (Nalbari) Assam. VillageInfo.in
  4. ↑ নলবাৰীৰ গন্ধিয়া গাঁৱৰ ইতিহাস আৰু জ্যোতিষ চৰ্চাৰ পৰম্পৰা. ETV Bharat Assam
  5. ↑ জ্যোতিষ চৰ্চাৰ বাবে বিখ্যাত অসমৰ গন্ধিয়া গাঁও. News18 Assam North East
  6. ↑ শৰ্মা, মৃগেন. (২০০৮). অসমীয়া সংস্কৃতিৰ সম্ভাৰ. অসম প্ৰকাশন পৰিষদ. পৃ. ৪৬
  7. ↑ শৰ্মা, ৰবীন্দ্ৰ নাথ. এখন প্ৰাচীন গাঁওৰ ইতিহাস. জ্ঞানদীপ
  8. ↑ ভট্টাচাৰ্য, প্ৰণৱেশ. অবিভক্ত কামৰূপৰ মঠ-মন্দিৰ, দৌল-দেৱালয়. প্ৰণৱেশ ভট্টাচাৰ্য. পৃ. ৪৬–৪৯
  9. ↑ বৰদলৈ, নিৰ্মলপ্ৰভা. সূৰ্য্য-গ্ৰন্থ. সাহিত্য প্ৰকাশ. পৃ. ১১০
  10. ↑ দীপিকা দেৱী. ৰবীন্দ্ৰ নাথ শৰ্মাৰ প্ৰবন্ধৰাজি. গন্ধিয়া জ্যোতিষ পৰিষদ. পৃ. ১২–৩২
  11. ↑ দীপিকা দেৱী. ৰবীন্দ্ৰ নাথ শৰ্মাৰ প্ৰবন্ধৰাজি. গন্ধিয়া জ্যোতিষ পৰিষদ. পৃ. ১২–৩২
  12. ↑ অৰূপ ৰঞ্জন বৰ্মন; ৰাজেন বৈশ্য. ব্যক্তি আৰু ব্যক্তিত্ব. অসম সাহিত্য সভাৰ চতুৰ্থ দ্বি-বাৰ্ষিক বেলশৰ অধিৱেশন
  13. ↑ শৰ্মা, মৃগেন. (১১ ডিচেম্বৰ ২০০২). আজিৰ অসম. পৃ. ৪
  14. ↑ দীপিকা দেৱী. ৰবীন্দ্ৰ নাথ শৰ্মাৰ প্ৰবন্ধৰাজি. পৃ. ৩০৬
  15. ↑ ভট্টাচাৰ্য, প্ৰণবপ্ৰাণ. জ্যোতিষত হৰিষ-বিষাদ. সাহিত্য প্ৰকাশ
  16. ↑ Library catalogue entry for works by Mrigen Sarma. Tezpur University Library (KOHA OPAC). Tezpur University
  17. ↑ Books by Mrigen Sarma. Exotic India Art. Exotic India Art Pvt. Ltd
  18. ↑ অসমীয়া সংস্কৃতিৰ সম্ভাৰ. Internet Archive. Digital Library of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গন্ধিয়া” প্ৰবন্ধৰ সংশোধন ৬০৮৬৩৫ (২৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।