অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চাপাখোৱা

চাপাখোৱা (Chapakhowa) নগৰখনই হৈছে অসমৰ আটাইতকৈ পূব প্ৰান্তত অৱস্থিত এখন নগৰ। চাপাখোৱা, তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ সদৰ ঠাই। তিনিচুকীয়া জিলাৰ পৰা চাপাখোৱালৈ দূৰত্বত প্ৰায় ৭০ কিলোমিটাৰ। চাপাখোৱা নগৰৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে।

হালনাগাদ: ১৪ মাৰ্চ ২০২১ ২৬৪ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

চাপাখোৱা (Chapakhowa) নগৰখনই হৈছে অসমৰ আটাইতকৈ পূব প্ৰান্তত অৱস্থিত এখন নগৰ। চাপাখোৱা, তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ সদৰ ঠাই। তিনিচুকীয়া জিলাৰ পৰা চাপাখোৱালৈ দূৰত্বত প্ৰায় ৭০ কিলোমিটাৰ। চাপাখোৱা নগৰৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। আগতে চাপাখোৱা আহিবলৈ লোহিত নদীত ফেৰীৰে পৰা হ'ব লগা হৈছিল যদিও বৰ্তমান লোহিত নদীৰ ওপৰৰ নিৰ্মিত ড॰ ভূপেন হাজৰিকা সেতুৰ ওপৰেৰে পৰা হৈ অহা হয়। ইয়াৰ ফলত এতিয়া চাপাখোৱা অহাটো বহুত সহজ হয় পৰিল।

চাপাখোৱাৰ জনসংখ্যা ১০,৩০৫ জন।১ চাপাখোৱাৰ বাসিন্দা সকল মূলতঃ শদিয়াৰ বিভিন্ন গাঁৱৰ পৰা চাকৰি সূত্ৰে প্ৰব্ৰজন কৰা। বৰ্তমানে নগৰখন বাণিজ্যিকভাৱে বিকশিত হয় অহাৰ বাবে অন্য বহু ধৰণৰ বৃত্তিৰ লোকৰো প্ৰব্ৰজন আৰম্ভ হৈছে। চাপাখোৱা ঠাইখন শদিয়া মহকুমাৰ সদৰ ঠাই হোৱাৰ সূত্ৰে মহকুমাধিপতিৰ কাৰ্যালয়ৰ উপৰিও বিভিন্ন ধৰণৰ চৰকাৰী কাৰ্যালয় আৰু আদালত আছে। এই চাপাখোৱাতে উজনি অসমৰ অন্যতম প্ৰাচীন শিক্ষানুষ্ঠান শদিয়া আদৰ্শ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱস্থিত। ইয়াৰ উপৰিও চপাখোৱা টাউন উচ্চ মাধ্যমিক বিদ্যালয়, শদিয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু শদিয়া হিন্দী উচ্চ মাধ্যমিক বিদ্যালয় আদি অসম চৰকাৰৰ প্ৰাদেশিকৃত উচ্চ মাধ্যমিক বিদ্যালয় আছে। ইয়াৰ উপৰিও চপাখোৱা টাউন চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়, চাপাখোৱা টাউন প্ৰাথমিক বিদ্যালয় আৰু নিজৰাপাৰ প্ৰাথমিক বিদ্যালয় আদিৰ লগতে ৰাম লাল হিন্দী প্ৰাথমিক বিদ্যালয় নামৰ এখন হিন্দী মাধ্যমৰ বিদ্যালয় আছে। এই চাপাখোৱাতে শদিয়াৰ আটাইতকৈ উচ্চ শিক্ষা অনুষ্ঠান " শদিয়া মহাবিদ্যালয়" অৱস্থিত।

চাপাখোৱাত বিভিন্ন বেংক সমূহ শাখা কাৰ্যালয় আছে। তাৰে ভিতৰত ভাৰতীয় ষ্টেট বেংক, ইউনিয়ন বেংক অফ ইণ্ডিয়া, ইউনাইটেড বেংক অফ ইণ্ডিয়া আৰু অসম গ্ৰামীণ বিকাশ বেংক হৈছে প্ৰধান। চাপাখোৱাত দুটা বেংকৰ এ টি এম সেৱা আগবঢ়ায়।

খেলা-ধূলাৰ বাবে চাপাখোৱা নগৰত বীৰ লাচিত বৰফুকন নামৰ এখন ষ্টেডিয়াম আছে। ইয়াৰ উপৰিও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত এখন ৰাজহুৱা খেল পথাৰ আৰু বিভিন্ন চৰকাৰী বিদ্যালয় সমূহৰ নিজা নিজা খেল পথাৰ আছে।

তথ্যসূত্ৰ

  1. ↑ Chapakhowa Town Population Census 2011

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাপাখোৱা” প্ৰবন্ধৰ সংশোধন ২৬৭৭৪০ (১৪ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।