অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ইমা কৈথেল

ইমা কৈথেল (Ima Keithel) বা নুপি কৈথেল হৈছে ভাৰতৰ মণিপুৰ ৰাজ্যৰ ৰাজধানী ইম্ফলত একমাত্ৰ মহিলাসকলৰ দ্বাৰা পৰিচালিত এখন বজাৰ। ই মণিপুৰ ৰাজ্যৰ এক বাণিজ্যিক কেন্দ্ৰ আৰু এক জনপ্ৰিয় পৰ্যটন আকৰ্ষণ। এই বজাৰখন ইম্ফল চহৰৰ ভিতৰত ইয়াৰ অৱস্থান স্থানান্তৰ কৰিছে আৰু বৰ্তমান খাৱাইৰাবান্দ বজাৰত অৱস্থিত।

হালনাগাদ: ২৪ মাৰ্চ ২০২৬ ৪৩৪ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ইমা কৈথেল (Ima Keithel) বা নুপি কৈথেল হৈছে ভাৰতৰ মণিপুৰ ৰাজ্যৰ ৰাজধানী ইম্ফালত একমাত্ৰ মহিলাসকলৰ দ্বাৰা পৰিচালিত এখন বজাৰ।১২ ই মণিপুৰ ৰাজ্যৰ এক বাণিজ্যিক কেন্দ্ৰ আৰু এক জনপ্ৰিয় পৰ্যটন আকৰ্ষণ।৩ এই বজাৰখন ইম্ফল চহৰৰ ভিতৰত ইয়াৰ অৱস্থান স্থানান্তৰ কৰিছে আৰু বৰ্তমান খাৱাইৰাবান্দ বজাৰত অৱস্থিত। ইয়াক ষোড়শ শতিকাত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াত প্ৰায় ৫,০০০-৬,০০০ গৰাকী মহিলা বিক্ৰেতা আছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ সামগ্ৰী বিক্ৰী কৰে।৪ পাচলি, ফল, বস্ত্ৰ, পুতলা মাছ, মচলা আৰু বাচন-বৰ্তন আদি সামগ্ৰী বজাৰত উপলব্ধ।৩৫ ই এছিয়াৰ সৰ্ববৃহৎ মহিলাৰ দ্বাৰা পৰিচালিত বজাৰ।৬৭

নাম

স্থানীয় মেইতেই ভাষাত এই বজাৰ খনৰ নাম ইমা কৈথেল বা নুপি কৈথেল বোলে। আক্ষৰিকভাবে মণিপুৰী ভাষাত ইমা মানে 'মাতৃ' আৰু কৈথেল মানে বজাৰ। সেইদৰে নুপি মানে হৈছে মহিলা। গতিকে ইয়াৰ নামৰ অৰ্থ হৈছে 'মাতৃৰ বজাৰ' বা 'মহিলাৰ বজাৰ'। বৰ্তমান ইয়াক 'ইমা মাৰ্কেট' বুলিও কোৱা হয়।

ইতিহাস

১৫৩৩ চনত লালুপ-কাবা নামৰ শ্ৰমিক প্ৰণালী জাপি দিয়াৰ পিছত ১৬ শতিকাত বজাৰখন প্ৰতিষ্ঠা কৰা হৈছিল। লালুপ-কাবা মণিপুৰৰ এক বলপূৰ্বক শ্ৰমিক প্ৰণালী আছিল যাৰ বাবে মেইতেই সম্প্ৰদায়ৰ পুৰুষ সদস্যসকলে দূৰদেশত কাম কৰা বা সেনাত সেৱা আগবঢ়োৱা বাধ্যতামূলক। এই প্ৰণালীৰ ফলস্বৰূপে মহিলাসকলে তেওঁলোকৰ পথাৰৰ খেতি কৰি বা বস্ত্ৰ উৎপাদন কৰি আৰু তাৰ পিছত সামগ্ৰীবোৰ বজাৰত বিক্ৰী কৰি তেওঁলোকৰ পৰিয়ালক সহায় কৰিব লগা হৈছিল। এই বজাৰসমূহৰ ফলত সংগঠিত ইমা কৈথেল গঠন হৈছিল।৬ বিংশ শতিকাৰ আগলৈকে ই মণিপুৰৰ প্ৰাথমিক স্থায়ী বজাৰ আছিল।

১৮৯১ চনত ব্ৰিটিছ ঔপনিৱেশিক প্ৰশাসনে মণিপুৰত অৰ্থনৈতিক আৰু ৰাজনৈতিক সংস্কাৰ আৰোপ কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ ফলত এই বজাৰৰ কাম-কাজসমূহ ব্যাহত হৈছিল।৬ এই সংস্কাৰসমূহত স্থানীয় প্ৰয়োজনীয়তাৰ প্ৰতি বিবেচনা নকৰাকৈ মণিপুৰৰ পৰা বৃহৎ পৰিমাণৰ খাদ্য বাহিনী জব্দ আৰু ৰপ্তানি কৰা হৈছিল যাৰ ফলত মাওতমৰ সময়ত দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল।৮ ইয়াৰ ফলত ইমা কৈথেলৰ মহিলাসকলে আন্দোলন কৰে আৰু ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে ব্ৰিটিছে বিদেশী আৰু বাহ্যিক ক্ৰেতাসকলক ইমা কৈথেলৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিসমূহ বিক্ৰী কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ ফলত অন্যান্য কাৰণৰ ভিতৰত নুপি লান বা মহিলাৰ যুদ্ধ হৈছিল। অৱশেষত ভাৰতত জাপানী আক্ৰমণৰ সৈতে এয়া বন্ধ হয়।৯

ভাৰতৰ স্বাধীনতাৰ পিছত বজাৰখনে বাণিজ্যিক কেন্দ্ৰ আৰু সামাজিক-ৰাজনৈতিক আলোচনাৰ কেন্দ্ৰ হিচাপে পুনৰ গুৰুত্ব লাভ কৰে।৬৯ ২০১০ চনত বজাৰখন ইম্ফল পৌৰ নিগমৰ দ্বাৰা নিৰ্মাণ কৰা খাৱাইৰামবন্দ বজাৰ কমপ্লেক্সলৈ স্থানান্তৰিত কৰা হয়।১০ ২০১৬ চনৰ ইম্ফল ভূমিকম্পত কমপ্লেক্সটো ক্ষতিগ্ৰস্ত হৈছিল। এই ভূমিকম্পৰ ফলত প্ৰায় ৮০০ বিক্ৰেতাৰ জীৱিকা প্ৰভাৱিত কৰিছিল।১১

বিৱৰণ

ইমা কৈথেল কেন্দ্ৰীয় ইম্ফলৰ পুৰাণ বজাৰৰ স্থানত পুনৰ নিৰ্মাণ কৰা এক কমপ্লেক্স খাৱাইৰামবন্দ বজাৰত অৱস্থিত। ই কাংলা দুৰ্গৰ পশ্চিমে আৰু থাঙ্গল বজাৰ এলেকাৰ বীৰ টিকেন্দ্ৰজিৎ পথত অৱস্থিত।১২ এই কমপ্লেক্সত তিনিটা ডাঙৰ অট্টালিকা আৰু ইয়াৰ স্থাপত্যত পেগোডা আৰু কলোনাড দেখিবলৈ পোৱা যায়।১৩ বজাৰখন পথৰ দুয়োফালে দুটা ভাগত বিভক্ত।১৪ মূল পথটোৰ উত্তৰে দুটা আৰু দক্ষিণে এটা অট্টালিকা অৱস্থিত। ভৱনবোৰ বস্ত্ৰ আৱাস শাখা আৰু ঘৰুৱা সামগ্ৰী শাখাত পৃথক কৰা হৈছে। মুখ্য অট্টালিকাৰ পূবে এটা ডাঙৰ টিন আৰু টাৰ্প ব্যৱস্থাত বজাৰৰ তলত ষ্টলৰ এটা অংশও আছে।১৩ বজাৰৰ মুখ্য ভৱনসমূহত বিপণি স্থাপন কৰিবলৈ বাৰ্ষিক পৌৰ নিগমৰ মাচুল আৰোপ কৰা হয়। ২০১০ চনত নিৰ্মাণৰ সময়ত ১৬ বৰ্গফুট বিপণিৰ মাচুল ১,৪০,০০০ টকা আছিল।১৫১৬ বিপণিসমূহ থকা বিক্ৰেতাসকলৰ বাবে এক অনুজ্ঞা পত্ৰৰ প্ৰণালী আছে।১৭ বজাৰত যিকোনো দিনতে প্ৰায় ৫০০০-৬০০০ মহিলা বিক্ৰেতা থাকে। ২০১৭ চনলৈকে বজাৰৰ বিক্ৰেতাসকলে ৭৩,০০০ টকাৰ পৰা ২,০০,০০০ টকাৰ ভিতৰত বাৰ্ষিক লাভ অৰ্জন কৰিছিল। বজাৰৰ বাৰ্ষিক টাৰ্ণঅ'ভাৰ ৪০-৫০ কোটিৰ ভিতৰত হ'ব বুলি অনুমান কৰা হয়।১৮

ব্যৱস্থাপনা

বজাৰখন ইয়াৰ বিক্ৰেতাসকলৰ এক সংঘৰ দ্বাৰা পৰিচালিত হয়। ই কেৱল কমেও এবাৰ বিয়া হোৱা মহিলাসকলক বিপণি স্থাপন কৰিবলৈ অনুমতি দিয়াৰ এক ৰীতি বজাই ৰাখে। মহিলা বিক্ৰেতাসকলৰ ভিতৰত মণিপুৰৰ উগ্ৰবাদৰ বাবে বিবাহ বিচ্ছেদ হোৱা বা বিধৱা হোৱা মহিলা অধিক।৯২ বিক্ৰেতাসকলৰ বয়স মুখ্যতঃ ৪৫-৭০ বছৰ। মহিলা ব্যৱসায়ীসকলক ঋণ দিয়াৰ বাবে ইউনিয়নে এটা ঋণ প্ৰণালীও চলায়।১৯

তথ্যসূত্ৰ

  1. ↑ (19 May 2015). India's Mother's Market run by women. BBC News
  2. ↑ (4 January 2016). Manipur’s historic women’s only market damaged in earthquake. The News Minute
  3. ↑ Incredible India · Ima Keithel/ Ima Market/ Khwairamband Bazar. Incredible India
  4. ↑ Vinayak, Akshatha. (14 May 2018). Ima Keithal: World's Only Women's Market. Native Planet
  5. ↑ Chakravarty, Ipsita. (6 January 2016). The earthquake has damaged a nerve centre of life in Manipur: the Ima Keithel or Mother's Market. Scroll.in
  6. ↑ Binayak, Poonam. (5 January 2018). Ima Keithel: Asia's Largest All Women's Market. Culture Trip
  7. ↑ (30 December 2019). 3-storey market building coming up at Pureiromba Keithel in Imphal. Northeast Now
  8. ↑ Mautam phenomenon in NE States. e-pao.net
  9. ↑ Pal, Sanchari. (3 November 2016). Exploring Ima Keithal, a 500-Year-Old Market with over 5000 Traders - All Women!. The Better India
  10. ↑ Begum, Anjuman Ara. (12 November 2010). Khwairamband Bazaar: a symbol of women empowerment. Two Circles
  11. ↑ (6 January 2016). Women vendors in Manipur’s Ima market are angry after the earthquake. Here’s why · Oxfam India. Oxfam India
  12. ↑ Singh, Oinam Nabakishore. Construction of Ima Keithel at Khwairamband By Oinam Nabakishore. e-pao.net
  13. ↑ Ima Keithel · Imphal, India Attractions. Lonely Planet
  14. ↑ Ima Keithel. imphalwest.nic.in
  15. ↑ Bag, Shamik. (25 June 2010). In the name of the mother. Livemint
  16. ↑ Lisam, Khomdan Singh. (2011). Encyclopaedia Of Manipur. Kalpaz Publications. পৃ. 583-584. ISBN 978-81-7835-864-2
  17. ↑ Das, Bijoyeta. (7 March 2014). India's 'market of mothers'. Al Jazeera
  18. ↑ (2017-03-08). Ima Keithel - Asia's Largest Women Run Market in Manipur. NorthEast Guide
  19. ↑ Dey, Panchali. (26 July 2018). Wonder women of India running the show in a 500-year-old market. Times of India

সম্পৰ্কিত শ্ৰেণী

মণিপুৰভাৰতৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইমা কৈথেল” প্ৰবন্ধৰ সংশোধন ৫৯৩৫৩৩ (২৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।