অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চালাকুডী নদী

চালাকুডী নদী বা চালাকুডী পুঝা (Chalakudy River or Chalakudy Puzha) কেৰালা, ভাৰতৰ পঞ্চম দীঘল নদী। এই নদীখন কেৰালাৰ থ্ৰিছুৰ, পালাক্কাড আৰু এৰ্ণাকুলাম জিলাৰ মাজেৰে বৈ গৈছে। নদীখনৰ মুঠ জলনিৰ্গমন (drainage) অঞ্চল ১,৭০৪ বৰ্গ কিলোমিটাৰ। ইয়াৰে ১,৪০৪ বৰ্গ কিলোমিটাৰ কেৰালাত আৰু বাকী অংশ তামিলনাডুত অৱস্থিত।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৯০১ শব্দ · ৫ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

চালাকুডী নদী বা চালাকুডী পুঝা (Chalakudy River or Chalakudy Puzha) কেৰালা, ভাৰতৰ পঞ্চম দীঘল নদী। এই নদীখন কেৰালাৰ থ্ৰিছুৰ, পালাক্কাড আৰু এৰ্ণাকুলাম জিলাৰ মাজেৰে বৈ গৈছে। নদীখনৰ মুঠ জলনিৰ্গমন (drainage) অঞ্চল ১,৭০৪ বৰ্গ কিলোমিটাৰ। ইয়াৰে ১,৪০৪ বৰ্গ কিলোমিটাৰ কেৰালাত আৰু বাকী অংশ তামিলনাডুত অৱস্থিত। নদীখনৰ মুঠ দৈৰ্ঘ্য ১৪৫.৫ কিলোমিটাৰ। ১ভূ-তাত্ত্বিক দৃষ্টিকোণৰপৰা চালাকুড়ি নদীখন পেৰিয়াৰ নদীৰ এখন উপনদী। কিন্তু ব্যাৱহাৰিকভাৱে কেৰালা চৰকাৰ আৰু অন্যান্য সংস্থাই ইয়াক এখন স্বতন্ত্ৰ নদী হিচাপে গণ্য কৰে। নদীখনৰ নাম চালাকুডী চহৰৰ নামেৰে নামকৰণ কৰা হৈছে, কিয়নো নদীখন চালাকুডী চহৰৰ কাষেৰে বৈ গৈছে আৰু এই চহৰখন নদীখনৰ গতিপথৰ কাষৰ অন্যতম প্ৰধান জনবসতি। সীমিতসংখ্যক উদ্যোগ আৰু নদীখনৰ আশে-পাশে আৱৰ্জনা নিষ্কাশনৰ পৰিমাণ তুলনামূলকভাৱে কম হোৱাৰ বাবে চালাকুডী নদীক কেৰালা তথা ভাৰতৰ অন্যতম কম প্ৰদূষিত আৰু প্ৰাকৃতিকভাৱে সংৰক্ষিত নদী বুলি গণ্য কৰা হয়। ২০১৮ চনৰ কেৰালা বানপানীৰ সময়ত চালাকুডী নদী আৰু ইয়াৰ অৱবাহিকা অঞ্চলসমূহ ৰাজ্যখনৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত নদী অঞ্চলসমূহৰ ভিতৰত অন্যতম আছিল।২

উৎপত্তি

যদিও চালাকুডী নদীৰ উৎপত্তি তামিলনাডুৰ আনামালাই অঞ্চলত,৩ প্ৰকৃততে ই কেৰালাৰ পৰাম্বিকুলাম, কুৰিয়াৰকুট্টি, শোলায়াৰ, কাৰাপাৰা আৰু আনাকায়াম অঞ্চলৰপৰা উৎপত্তি হোৱা কেইবাখনো প্ৰধান উপনৈৰ সমষ্টিৰে গঠিত।

নদীৰ পাৰৰ গছ-গছনি

ছান কেটফিছ, যাক মাঞ্জাকুৰী (Horabagrus brachysoma) নামেৰেও জনা যায়। এই মাছ চালাকুডী নদীত ব্যাপকভাৱে পোৱা যায়।
ছান কেটফিছ, যাক মাঞ্জাকুৰী (Horabagrus brachysoma) নামেৰেও জনা যায়। এই মাছ চালাকুডী নদীত ব্যাপকভাৱে পোৱা যায়।ছবি: Jan Joseph George · CC BY-SA 4.0

চালাকুডী নদী কেৰালাৰ অতি কমসংখ্যক নদীৰ ভিতৰত অন্যতম, য’ত এতিয়াও যথেষ্ট পৰিমাণে নদীপাৰীয় উদ্ভিদজগতৰ (riparian vegetation) অৱশেষ সংৰক্ষিত হৈ আছে। এই নদীৰ বাবে অন্যতম প্ৰধান ভাবুকি হৈছে জলাধাৰ নিৰ্মাণৰ ফলত সৃষ্টি হোৱা জলমগ্নতা।৪ লক্ষ্ণৌস্থিত নেচনেল ব্যুৰো অৱ ফিছ জেনেটিক ৰিছৰ্ছ (National Bureau of Fish Genetic Resources)ৰ বাৰ্ষিক প্ৰতিৱেদনত উল্লেখ কৰা মতে, চালাকুডী নদী সম্ভৱতঃ ভাৰতৰ মাছৰ বৈচিত্ৰ্যৰ ক্ষেত্ৰত আটাইতকৈ সমৃদ্ধ নদীসমূহৰ ভিতৰত অন্যতম। চালাকুডী নদীৰ দাঁতিকাষৰীয়া অৰণ্যৰ অধ্যয়নত দেখা গৈছে যে পেৰিঙ্গালকুথৰপৰা তললৈ ১০.৫ কিলোমিটাৰ পৰ্যন্ত নদীৰ দুয়োপাৰে ১০ মিটাৰতকৈ অধিক প্ৰস্থৰ ঘন নদীৰ কাষত উদ্ভিদ আৱৰণ আছে। ইয়াৰ মুঠ ক্ষেত্ৰফল প্ৰায় ৫৮.৫ হেক্টৰ। ইয়াৰে ২৬.৪ হেক্টৰ ভাঝাচাল অঞ্চলত অৱস্থিত। এই অঞ্চলৰ ভিতৰত নদীৰ কাষত অৰণ্যৰে ঘনভাৱে আবৃত তিনিটা বৃহৎ দ্বীপো আছে। এই অঞ্চলৰ নদী কাষৰ অৰণ্যত সাধাৰণ নদীপৰীয়া উদ্ভিদৰ লগতে চিৰসেউজ আৰু অৰ্ধ-চিৰসেউজ উদ্ভিদৰ প্ৰজাতিও পোৱা যায়।৫ অধ্যয়ন কৰা অঞ্চলটোত চিনাক্ত কৰা মুঠ ৩১৯বিধ ফুলধৰা উদ্ভিদৰ প্ৰজাতিৰ ভিতৰত ২৪টা পশ্চিমঘাটৰ স্থানীয় প্ৰজাতি আৰু ১০টা বিৰল তথা বিপন্ন প্ৰজাতি আছে। এই সমৃদ্ধ উদ্ভিদ আৰু মাছৰ বৈচিত্ৰ্যই চালাকুড়ি নদীৰ পৰিৱেশগত আৰু জৈৱ-বৈচিত্ৰ্যগত গুৰুত্ব বিশেষভাৱে প্ৰকাশ কৰে।

জৈৱ-বৈচিত্ৰ্য

বৰ্ষাকালৰ আগমনৰ অপেক্ষাত চালাকুডী নদী
বৰ্ষাকালৰ আগমনৰ অপেক্ষাত চালাকুডী নদীছবি: Jan J George · CC BY-SA 4.0

চালাকুডী নদী ইয়াৰ সমৃদ্ধ জলজ জৈৱ-বৈচিত্ৰ্যৰ বাবে বিশেষভাৱে পৰিচিত। কেৰালাত পোৱা মুঠ ১৫২টা মিথাপানীৰ মাছৰ প্ৰজাতিৰ ভিতৰত প্ৰায় ৯৮টা প্ৰজাতি চালাকুডী নদীত পোৱা যায়। ৬ ইয়াৰে ৩৫টা প্ৰজাতি পশ্চিমঘাটৰ স্থানীয় প্ৰজাতি। আনহাতে, ৩১টা প্ৰজাতি বিভিন্ন পৰ্যায়ত বিপন্ন অৱস্থাত আছে। ইয়াৰ ভিতৰত ১১টা প্ৰজাতি সংকটাপন্ন, ১৬টা বিপন্ন আৰু ৪টা অতি সংকটাপন্ন হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে। এই মাছৰ প্ৰজাতিসমূহৰ অস্তিত্বৰ প্ৰতি বিভিন্ন মানৱসৃষ্ট কাৰকে ভাবুকি কঢ়িয়াই আনিছে। একুৰিয়াম মাছৰ ব্যৱসায়ৰ বাবে অনিয়ন্ত্ৰিতভাৱে মাছ সংগ্ৰহ, অত্যধিক মাছ ধৰা, জলদূষণ, নদীত বান্ধ নিৰ্মাণ আৰু বহিৰাগত মাছৰ প্ৰজাতিৰ প্ৰৱেশ ইয়াৰ প্ৰধান কাৰণসমূহৰ ভিতৰত উল্লেখযোগ্য। লক্ষ্ণৌস্থিত নেচনেল ব্যুৰো অৱ ফিছ জেনেটিক ৰিছৰ্ছ (National Bureau of Fish Genetic Resources) ৰ এক প্ৰতিৱেদন অনুসৰি, নদীখনৰ দুয়োপাৰে থকা ঘন উদ্ভিদ আৰু সমৃদ্ধ জলজ পৰিৱেশৰ বাবে চালাকুডী নদী ভাৰতৰ মাছৰ জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত অন্যতম সমৃদ্ধ নদী হিচাপে পৰিগণিত হ'ব পাৰে।৭ নদীখনত পোৱা মাছৰ প্ৰজাতিৰ ভিতৰত চাইপ্ৰিনিডে প্ৰজাতিৰ আটাইতকৈ অধিক বৈচিত্ৰ্যপূৰ্ণ। ইয়াৰ পিছত বাগ্ৰিডে প্ৰজাতিৰ কেটফিছ আৰু হিলষ্ট্ৰিম লোচৰ প্ৰজাতিসমূহৰ স্থান। চালাকুডী নদীৰ উল্লেখযোগ্য স্থানীয় মাছৰ ভিতৰত হোৰাবাগ্ৰাছ নিগ্ৰিকোলাৰিছ (Horabagrus nigricollaris) আৰু সহ্যাড্ৰিয়া চালাক্কুডিয়েন্সিছ (Sahyadria chalakkudiensis) অন্যতম। এই দুয়োটা প্ৰজাতি চালাকুডী নদীৰ সৈতে বিশেষভাৱে জড়িত আৰু নদীখনৰ অনন্য জলজ জৈৱ-বৈচিত্ৰ্যৰ গুৰুত্ব প্ৰকাশ কৰে।

জলপ্ৰপাত

ভেটিলাপাৰা দলঙৰপৰা চলিকুডী নদীৰ ওপৰত সূৰ্য্য উদয়ৰ দৃশ্য
ভেটিলাপাৰা দলঙৰপৰা চলিকুডী নদীৰ ওপৰত সূৰ্য্য উদয়ৰ দৃশ্যছবি: Jan Joseph George · CC BY-SA 4.0

চালাকুডী নদীৰ ওপৰত অৱস্থিত বিখ্যাত আথিৰাপ্পিল্লী জলপ্ৰপাত আৰু ভাঝাচাল জলপ্ৰপাত এই নদীখনৰ উল্লেখযোগ্য প্ৰাকৃতিক আকৰ্ষণ। ৮চালাকুডী নদীৰ ওপৰত শোলায়াৰ জলবিদ্যুৎ প্ৰকল্প৯ আৰু পেৰিঙ্গালকুথু জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰা হৈছে। আনহাতে, জলসিঞ্চনৰ উদ্দেশ্যে এই নদীৰ ওপৰত থুম্বুৰমূঝি বান্ধ নিৰ্মাণ কৰা হৈছে। চালাকুডী নদী এৰ্ণাকুলাম জিলাৰ নৰ্থ পাৰাভুৰৰ মাঞ্জালিৰ ওচৰৰ এলেংথিকাৰাত পেৰিয়াৰ নদীৰ সৈতে মিলিত হয়। ইয়াৰ পিছত নদীখন কোডুংগাল্লুৰ বেকৱাটাৰছ-ৰ সৈতে সংযুক্ত হৈ অৱশেষত আজিকোডত আৰৱ সাগৰত মিলিত হয়। চালাকুডী নদীৰ চাৰিটা প্ৰধান উপনদীৰ ভিতৰত অন্যতম পৰাম্বিকুলাম নদীৰ ওপৰত পৰাম্বিকুলাম বান্ধ নিৰ্মাণ কৰা হৈছে। ১০

২০১৮ চনৰ কেৰালাৰ বানপানী

যদিও চৰকাৰীভাৱে ২০১৮ চনৰ ১৬ আগষ্টত বান পৰিস্থিতি আটাইতকৈ ভয়াবহ হৈছিল,১১ তথাপি ২০১৮ চনৰ ১৫ আগষ্টৰ পুৱতি নিশাৰপৰাই অস্বাভাৱিকভাৱে অধিক বৰষুণৰ ফলত চালাকুডী নদীৰ পাৰসমূহত বানপানী আৰম্ভ হৈছিল। নদীখনৰ ওচৰৰ সকলো সুঁতি, নিম্নভূমি আৰু কৃষিভূমি ইতিমধ্যে পানীৰ তলত বুৰ গৈছিল। ১২শতিকাজুৰি নদীখনৰ স্বাভাৱিক গতিপথত সৃষ্টি হোৱা বেঁকা-বেঁকি অংশসমূহো বানপানীৰ প্ৰবল সোঁতে পুনৰ সলনি কৰি পেলাইছিল। নদীখনৰপৰা প্ৰায় ৫ কিলোমিটাৰৰ ভিতৰত থকা সকলো চহৰ আৰু গাঁও বানপানীত বুৰ গৈছিল; কেৱল অলপ ওখ পাহাৰৰ শিখৰসমূহ পানীৰপৰা ৰক্ষা পৰিছিল। প্ৰায় এটা শতিকাৰ ভিতৰত চালাকুড়িত সংঘটিত হোৱা এইটোৱেই আছিল আটাইতকৈ ভয়াবহ বান। ভাৰত চৰকাৰে এই বানপানীক স্তৰ-৩ৰ দুৰ্যোগ, অৰ্থাৎ “অতি ভয়াবহ প্ৰকৃতিৰ দুৰ্যোগ” হিচাপে ঘোষণা কৰিছিল। ১৯২৪ চনত সংঘটিত ৯৯ৰ মহাবান পিছত কেৰালাত সংঘটিত হোৱা এইটোৱেই আছিল আটাইতকৈ ভয়াবহ বানপানী।

বানপানীৰ পিছত

২০১৮ চনত বানপানীৰ পিছত নদীৰ পাৰ।
২০১৮ চনত বানপানীৰ পিছত নদীৰ পাৰ।ছবি: Challiyan · CC BY-SA 3.0

বানপানীৰ পিছৰ পৰিস্থিতি অতি ভয়াবহ আছিল। এই বানপানীয়ে পাহাৰীয়া অঞ্চলৰপৰা নদীৰ মোহনালৈকে চালাকুড়ি নদীৰ সমগ্ৰ গতিপথৰ ৰূপ-ৰেখাই সলনি কৰি পেলাইছিল। বানৰ প্ৰবল সোঁতৰ ফলত নদীৰ পাৰৰ বিস্তীৰ্ণ অঞ্চল খহি পৰিছিল আৰু নতুন নতুন নদীপাৰ সৃষ্টি হৈছিল। নদীৰ গতিপথৰ কাষত থকা বৃহৎ বৃহৎ গছ-গছনি উভালি গৈ নদীৰ সোঁতত উটি আহি বিভিন্ন ঠাইত, বিশেষকৈ দলংসমূহৰ ওচৰত, জমা হৈছিল। পানীৰ প্ৰচণ্ড সোঁতৰ ফলত বহু পথ-দলং কেইছেণ্টিমিটাৰ পৰ্যন্ত স্থানচ্যুত হৈছিল। ইয়াৰ ভিতৰত ভেট্টিলাপাৰা দলং উল্লেখযোগ্য। বানপানীৰ ফলত নদীখনৰ জলজ প্ৰাণীসমূহো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল। বহু স্থানীয় মাছৰ প্ৰজাতি নিজৰ প্ৰাকৃতিক বাসস্থানৰপৰা আঁতৰি যাবলৈ বাধ্য হৈছিল। পৰিস্থিতি অধিক জটিল হৈ পৰিছিল, কাৰণ ওচৰৰ মাছ পোহা পামসমূহৰপৰা বিভিন্ন বিদেশী মাছৰ প্ৰজাতি নদীখনৰ জল-ব্যৱস্থাত প্ৰৱেশ কৰিছিল। সেই পামসমূহত শ শ প্ৰজাতিৰ একুৰিয়ামৰ মাছ পালন কৰা হৈছিল। ইয়াৰ ভিতৰত এৰাপাইমা, এৰোৱানা, পিৰানহা, এলিগেটৰ গাৰ, ফ্লাৱাৰহৰ্ণ চিক্লিড আৰু ৰেড-বেলিড পাকু আদি উল্লেখযোগ্য। ১৩ বানপানীৰ পিছত চালাকুড়ি নদীৰপৰা ৬৫ কিলোগ্ৰাম ওজনৰ এটা এৰাপাইমা মাছ ধৰা পৰিছিল। এই মাছটো স্থানীয় এখন পামত পৰ্যটকৰ আকৰ্ষণ হিচাপে পালন কৰা হৈছিল। কেৰালাত পোৱা আক্ৰমণাত্মক বিদেশী মিঠা পানীৰ মাছৰ ভিতৰত এইটোৱেই আটাইতকৈ ডাঙৰ মাছ বুলি উল্লেখ কৰা হৈছে। ১৪

Panorama

The panoramic view of the monsoon clouds over the Chalakudy River
The panoramic view of the monsoon clouds over the Chalakudy Riverছবি: Jan Joseph George · CC BY-SA 4.0

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Tropical Institute of Ecological Sciences (TIES) www.ties.org.in PDF MY RIVER MY LIFE
  2. ↑ Studies on the nature and chemistry of sediments and water of Periyar and Chalakudy Rivers, Kerala, India by Maya K.
  3. ↑ Springer Nature Link link.springer.com Implication of drainage basin parameters of a tropical river
  4. ↑ Amitha Bachan K.H. and Devika M.A. 2020. Impact of Dams on Riparian Vegetation: A case study in the Chalakkudy River, Western Ghats, India. Journal of Aquatic Biology & Fisheries (8) 7-13. keralamarinelife.in/Journals/Vol8-S/2-Bachan&
  5. ↑ (2004-09-07). Riparian vegetation under threat. দ্য হিন্দু
  6. ↑ Ajithkumar, C.R., K.R. Devi, and K.R. Thomas (1999). Fish fauna, abundance and distribution in Chalakudy river system, Kerala. Journal of the Bombay Natural
  7. ↑ The seven faces of a river. The Hindu
  8. ↑ Kerala Tourism www.keralatourism.org Athirappilly and Vazhachal Waterfalls, Thrissur | Sholayar Forest
  9. ↑ Kerala State Electricity Board Limited dams.kseb.in SHOLAYAR DAM
  10. ↑ About the Rivers of Kerala
  11. ↑ International Recovery Platform recovery.preventionweb.net Kerala Flood 2018: The Disaster of The Century | IRP
  12. ↑ The New Indian Express www.newindianexpress.com Memories of 2018 flood haunt Chalakudy residents
  13. ↑ Invasive Fishes in Kerala
  14. ↑ (16 August 2019). Arapaima Fish in Kerala

সম্পৰ্কিত শ্ৰেণী

নদীভাৰতৰ নদীকেৰালা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চালাকুডী নদী” প্ৰবন্ধৰ সংশোধন ৬৩৯৬১৭ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।