গুৰুডংমাৰ হ্ৰদ বিশ্ব তথা ভাৰতৰ অন্যতম উচ্চ হ্ৰদ, ছিকিম চৰকাৰৰ মতে ৫,৪৩০ মিটাৰ উচ্চতাত অৱস্থিত। ভাৰতৰ ছিক্কিম ৰাজ্যৰ মংগন জিলাৰ মহান হিমালয়ত অৱস্থিত ১ আৰু বৌদ্ধ ধৰ্ম আৰু শিখসকলে ইয়াক পৱিত্ৰ বুলি গণ্য কৰে। অষ্টম শতিকাত এই হ্ৰদলৈ অহা পদ্মসম্ভৱৰ নামেৰে এই হ্ৰদটোৰ নামকৰণ কৰা হৈছে।
ভৌগোলিক অবয়ৱ

এই উচ্চ উচ্চতাৰ হ্ৰদটো উত্তৰ ছিক্কিম জিলাত, গাংটকৰপৰা ১৯০ কিলোমিটাৰ (১২০ মাইল) আৰু চীন সীমান্তৰপৰা প্ৰায় ৫ কিলোমিটাৰ (৩.১ মাইল) দক্ষিণে অৱস্থিত। চুংথাঙৰপৰা লাচেন আৰু থাংগু উপত্যকা হৈ ১০০ কিলোমিটাৰ (৬২ মাইল) ৰাষ্ট্ৰীয় ঘাইপথ ৩১০চি (এনএইচ৩১০চি)ৰ জৰিয়তে এই হ্ৰদটোলৈ যাব পাৰি। থাংগুৰপৰা গুৰুডংমাৰলৈ যোৱা পথটো ঠেক ভূ-খণ্ডৰ মাজেৰে পাৰ হৈ যায়, য’ত ম’ৰেইন আৰু ওখ আলপাইন মেড’বোৰ অসংখ্য ৰ’ড’ডেণ্ড্ৰন গছেৰে আবৃত।২
বৈশিষ্ট্য
গুৰুডংমাৰ হিমবাহৰদ্বাৰা গঠিত এই হ্ৰদটো মৰেইনৰ বান্ধযুক্ত হ্ৰদ। ৩ এই হ্ৰদ তিব্বতৰ মালভূমিৰ কাষতে থকা উচ্চ মালভূমি খাংচেণ্ডোংগা ৰেঞ্জৰ উত্তৰত অৱস্থিত। ই ট্ছ’ লামো হ্ৰদৰ সৈতে সংযোগ হোৱা উৎস নৈসমূহৰ ভিতৰত অন্যতম, যিয়ে পাছলৈ টিষ্টা নদীৰ উৎস গঠন কৰে। নৱেম্বৰৰপৰা মে’ মাহলৈকে শীতকালত এই হ্ৰদটো সম্পূৰ্ণৰূপে নিথৰ হৈ থাকে। ২৪
এই হ্ৰদটোৰ আয়তন ১১৮ হেক্টৰ আৰু ইয়াৰ দৈৰ্ঘ্য ৫.৩৪ কিলোমিটাৰ (৩.৩২ মাইল)। ২গুৰুডংমাৰ নামেৰেও জনাজাত হ্ৰদটোৰ চাৰিওফালে য়াক, নীলা ভেড়া আৰু অন্যান্য উচ্চ উচ্চতাৰ বন্যপ্ৰাণীৰ বাসস্থান। ২
লোক কথাত
বৌদ্ধ ধৰ্মত
গুৰু পদ্মসম্ভৱে তিব্বত স্বায়ত্তশাসিত অঞ্চলৰপৰা উভতি অহাৰ সময়ত বছৰৰ বেছিভাগ সময় নিথৰ হৈ থকা পৱিত্ৰ ডৰ্জে নিমা হ্ৰদ পৰিদৰ্শন কৰে। তাত থকা মানুহবোৰে তেওঁৰ সহায় বিচাৰিছিল। তেওঁ বিলখনৰ এটা সৰু অংশ স্পৰ্শ কৰাৰ পাছত আৰু কেতিয়াও জমা নহ’ল, যাৰ ফলত ৰাইজৰ পানীৰ সমস্যা সমাধান হ’ল। এই হ্ৰদটো পৱিত্ৰ আৰু বৌদ্ধ ধৰ্ম তীৰ্থযাত্ৰাৰ বাবে এক গুৰুত্বপূৰ্ণ স্থান হৈ পৰিল, যাৰ ফলত ইয়াৰ অস্তিত্ব স্থায়ী হৈ থাকিল। ৫৬
বিবাদ

চীন সীমান্তত নিয়োজিত শিখ ৰেজিমেণ্টৰ অংশ ভাৰতীয় সেনাই ১৯৯৭-১৯৯৮ চনত এই হ্ৰদটোক শিখ ধৰ্মৰ প্ৰতিষ্থাপক গুৰু নানক ভ্ৰমণ কৰা ঠাই বুলি বিশ্বাস কৰি এটা গুৰুদ্বাৰা নিৰ্মাণ কৰি বিলখনৰ পাৰত বিতৰ্কৰ সৃষ্টি হয়। ইয়াৰ ফলত অঞ্চলটোৰ চিকিমৰ স্থানীয় লোকসকলে ক্ষুব্ধ হৈ পৰে, যিসকলে গুৰদ্বাৰাক অবৈধ নিৰ্মাণ বুলি গণ্য কৰিছিল, কিয়নো তেওঁলোকৰ প্ৰাচীন পৱিত্ৰ হ্ৰদটো তেওঁলোকৰ গুৰু পদ্মসম্ভৱৰ ভ্ৰমণৰ ফলত পৱিত্ৰ হৈ পৰিছিল। পৰৱৰ্তী সময়ত ছিকিম চৰকাৰে বিষয়টোৰ তদন্ত কৰি প্ৰতিৱেদন দাখিল কৰিবলৈ এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰে। গেংটকৰ নামগ্যাল ইনষ্টিটিউট অৱ তিব্বতবিজ্ঞানে সমিতিখনক প্ৰদান কৰা নথি-পত্ৰসমূহে স্থানীয় লোকসকলে নিঃসন্দেহে বৌদ্ধ ধৰ্মীয় স্থান বুলি কৰা দাবীৰ সৈতে একমত। কমিটীয়ে এই দাবী মানি লৈছিল। ইয়াৰ পিছতে শিখৰেজিমেণ্টে নিৰ্মাণ কৰা ভৱনটো ২০০১ চনৰ ৬ জুলাইত উত্তৰ ছিকিমৰ চুংথাঙৰ মহকুমাধিপতিৰ উপস্থিতিত সেনাই লাচেন মঠৰ হাতত অৰ্পণ কৰে। মঠটোৱে হ্ৰদটোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব দিয়া এজন লামাক প্ৰহৰী হিচাপে ৰাখিছিল। ৭
তথ্যসূত্ৰ
- ↑ Gurudongmar, OpenStreetMap, retrieved 18 November 2021
- ↑ Panigrahy, S.; Patel, J. G.; Parihar, J. S. (September 2012). National Wetland Atlas: High Altitude Lakes Of India. Gurudongmar Lake. Space Applications Centre, ISRO, Government of India. পৃ. 83
- ↑ Bhuiyan, C.; Flügel, W.-A.; Jain, S. K. (2021). Water Security and Sustainability: Proceedings of Down To Earth 2019. Springer Nature. পৃ. 53. ISBN 9789811598050
- ↑ Husain, M. (2012). Understanding Geographical Map Entries. Tata McGraw-Hill Education. পৃ. 282–. ISBN 978-1-259-00090-4
- ↑ Rongmei, Precious. Did you know of this legend about Sikkim’s Gurudongmar Lake?. The Times of India
- ↑ সিকিমেৰ গুৰুদোংমাৰ হ্ৰদেৰ কিংবদন্তি সম্পৰ্কে জানেন কি?. Eisamay
- ↑ Singh, M. (2001). Punjab 2000: Political and Socio-economic Developments. Anamika Publishers & Distributors. পৃ. 25–. ISBN 978-81-86565-90-2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৰুডংমাৰ হ্ৰদ” প্ৰবন্ধৰ সংশোধন ৫৬০৪১১ (৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।