
চন্দ্ৰগিৰি দুৰ্গ (Chandragiri Fort, ചന്ദ്രഗിരിക്കോട്ട) ভাৰতৰ কেৰেলাৰ কাছাৰগোড় জিলাত অৱস্থিত, ১৭ শতিকাত নিৰ্মিত এটা দুৰ্গ।১ ২ এই বৃহৎ বৰ্গাকাৰ দুৰ্গটো সাগৰ পৃষ্ঠৰপৰা ১৫০ ফুট (৪৬ মিটাৰ) উচ্চতাত অৱস্থিত৩আৰু ই চন্দ্ৰগিৰি নদীৰ কাষৰ প্ৰায় সাত একৰ অঞ্চল আগুৰি আছে। বৰ্তমান এই দুৰ্গটো ধ্বংসাৱশেষত পৰিণত হৈছে।
ভূগোল
চন্দ্ৰগিৰি দুৰ্গ আৰৱ সাগৰ আৰু চন্দ্ৰগিৰি নদীৰ (যি পায়স্বিনী নদী নামেৰেও জনাজাত) সংগমস্থলত নিৰ্মাণ কৰা হৈছিল।৪ এই দুৰ্গটো মাংগালোৰৰপৰা প্ৰায় ৫৯ কিলোমিটাৰ দক্ষিণে আৰু কন্নুৰৰপৰা প্ৰায় ৮৭ কিলোমিটাৰ উত্তৰে অৱস্থিত।
ইতিহাস
চন্দ্ৰগিৰি নদীয়ে তুলুনাডু আৰু কোলাথানাড়ু ৰাজ্য দুখনৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছিল।৪ পৰৱৰ্তী সময়ত বিজয়নগৰ সাম্ৰাজ্যই দুয়োখন ৰাজ্য জয় কৰে আৰু এই অঞ্চলটো তেওঁলোকৰ নিয়ন্ত্ৰণলৈ আহে।৪৫ বিজয়নগৰ সাম্ৰাজ্যৰ পতনৰ পিছত, বিজয়নগৰ সাম্ৰাজ্যৰ হৈ এই অঞ্চলটো শাসন কৰা কেলাডী নায়কসকলে স্বাধীনতা ঘোষণা কৰে আৰু উত্তৰ কানাড়াৰ বহুতো অঞ্চল নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল, য'ত পৰৱৰ্তী সময়ত এই দুৰ্গটো নিৰ্মাণ কৰা অঞ্চলটোও অন্তৰ্ভুক্ত আছিল।৪৫
চন্দ্ৰগিৰি দুৰ্গ ১৭ শতিকাত শিৱপ্পা নায়কৰদ্বাৰা আন বহুতো দুৰ্গৰ সৈতে একেলগে নিৰ্মাণ কৰা হৈছিল।৫ বৰ্তমান সময়ত এই দুৰ্গটো কেৰালা ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগৰদ্বাৰা পৰ্যটন বিভাগৰ সহযোগত পৰিচালনা কৰা হৈছে। প্ৰত্নতত্ত্ব বিভাগে ইয়াত এক খনন কাৰ্য চলাইছিল আৰু শিল তথা লোহাৰে নিৰ্মিত হিলৈৰ গোলা (কামানৰ গোলা), লোহাৰ সঁজুলি আৰু মৃৎশিল্পৰ (মাটিৰ পাত্ৰ) সন্ধান লাভ কৰিছিল।৬
নক্সা
উদ্ধাৰ হোৱা পৰিসীমাৰ মাটি-কালি প্ৰায় ৭.৭৬ একৰ, আনহাতে মূল ভৱনটোৰ মাটি-কালি প্ৰায় ৫ একৰ আৰু ই বৰ্গাকৃতিৰ।৬৭ দুৰ্গটো সাগৰ পৃষ্ঠৰপৰা ৪৬ মিটাৰ (১৫০ ফুট) উচ্চতাত অৱস্থিত আৰু ই লেতেৰাইট ইটাৰে নিৰ্মিত। বৰটোপৰ গুলীবৰ্ষণৰ ফলত ইয়াৰ কিছুমান দেৱাল ক্ষতিগ্ৰস্ত হৈছিল।৪ এটা পৰিখাই তিনিটা দিশৰপৰা দুৰ্গটোক বেঢ়ি ৰাখিছে। পূব আৰু পশ্চিম দুয়োটা দিশতে পৰিখাটোলৈ সোমাই যোৱা প্ৰৱেশদ্বাৰ আছে। উত্তৰ-পূব কোণত এটা ভূ-গৰ্ভস্থ সুৰংগও দৃশ্যমান হৈ আছে।৬
দুৰ্গটোত ৮টা বুৰুজ আছে, যাৰ প্ৰতিটোতে বৰটোপ (পীৰাংকী) দাগিব পৰা ফুটা আছে। প্ৰধান বুৰুজটো উত্তৰ দিশত অৱস্থিত। দুৰ্গটোৰ ভিতৰত সৈন্যবাহিনীৰ বেৰাকৰ দৰে অন্যান্য ভৱনো আছে।৬
বাহ্যিক সংযোগ
লগতে চাওক
- কান্নুৰ দুৰ্গ
- থালাচেৰী দুৰ্গ
- বেকাল দুৰ্গ
- হোছদুৰ্গ দুৰ্গ
তথ্যসূত্ৰ
- ↑ Chandragiri Fort, Kerala. Asian Trails India
- ↑ Chandragiri Fort · Attractions in Kasaragod · Tourist destinations · BRDC · Travel and Tourism · Kerala. Invest in Kasaragod
- ↑ Divakaran. (2005). Kerala Sanchaaram. Z Library. পৃ. 925
- ↑ Chandragiri Fort - a ruined fort above 46 m sea level, Kasaragod · Forts in Malabar districts, Kerala. www.keralatourism.org
- ↑ Chandragiri Fort Kasaragod. ReachKerala
- ↑ Chandragiri Fort · Forts protected by Department of Archaeology · Protected Monuments. Archaeology
- ↑ DRAFT REPORT ON COASTAL ZONE MANAGEMENT PLAN (CZMP) FOR KASARAGOD DISTRICT – KERALA (Prepared as per CRZ Notification 2019). www.coastal.keltron.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰগিৰি দুৰ্গ, কেৰালা” প্ৰবন্ধৰ সংশোধন ৬৩৬৩৪৪ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।