এলিফেণ্ট জলপ্ৰপাত (Elephant Falls) ভাৰতৰ মেঘালয়ৰ শ্বিলঙত অৱস্থিত দুই খলপিয়া জলপ্ৰপাত।১ পাহাৰৰ ধাৰাটো শিলৰ পৃষ্ঠৰ একেৰাহে দুটা জলপ্ৰপাতৰ মাজেৰে নামি গৈছে।২
ইতিহাস
জলপ্ৰপাতটোৰ মূল খাচী নাম হৈছে- কা ক্ষাইদ লাই পাটেং খোহছিউ আৰু ইয়াৰ অসমীয়া আৰ্থ অনুসৰি এয়া হৈছে "তিনি খোজৰ জলপ্ৰপাত।" ৩ এই নামটো এতিয়াও স্থানীয়ভাৱে ব্যৱহাৰ কৰা হয়। অৱশ্যে আধুনিক নামটো জলপ্ৰপাতটোৰ ওচৰৰ এখন চাইনবৰ্ডৰ দ্বাৰা ব্যাখ্যা কৰা হৈছে।৪ ব্ৰিটিছ যুগত এই নামটোৰ উৎপত্তি হৈছিল। ইংৰাজসকলে জলপ্ৰপাতৰ ওচৰত হাতী যেন লগা এটা বিশাল শিল দেখা পাইছিল বাবেই জলপ্ৰপাতটোৰ নাম এলিফেণ্ট জলপ্ৰপাত হয়। ১৮৯৭ চনত ভূমিকম্পৰ ফলত এই শিলটো ধ্বংস হৈছিল।৫
বিৱৰণ
এলিফেণ্ট জলপ্ৰপাতৰ প্ৰথমটো জলপ্ৰপাত হৰ্চটেইল-পাঞ্চবাউল জলপ্ৰপাতৰ এক উদাহৰণ। প্ৰথম অংশটো অতি বহল আৰু গছৰ মাজত লুকাই থকা। ইয়াৰে দ্বিতীয়টো অংশ সজীৱ নহয় আৰু শীতকালত (আৰু শুকান মাহত) ইয়াক অপ্ৰয়োজনীয় যেন লাগে। তৃতীয়টো জলপ্ৰপাত আটাইতকৈ ওখ আৰু হঠাতে চকুত পৰে। অসংখ্য আকৃতিৰ চোকা শিলৰ ওপৰেৰে স্ফটিক স্বচ্ছ পানী পৰিলে ইয়াক আটাইতকৈ আকৰ্ষণীয় দেখা যায়।৬৭
জলপ্ৰপাতটোৰ কাষে কাষে যথেষ্ট সজীৱ সেউজীয়া আৰু ইয়াত ঢেকীয়া জাতিয় উদ্ভিদৰ পৰিমাণ অধিক।
অৱস্থান
উজনি শ্বিলঙৰ পূব খাছি পাহাৰ জিলাৰ মূল চহৰ শ্বিলঙৰ উপকণ্ঠ অঞ্চলত এলিফেণ্ট জলপ্ৰপাতটো অৱস্থিত। শ্বিলঙ চহৰৰ মাজমজিয়াৰ পৰা প্ৰায় এই জলপ্ৰপাতলৈ দূৰত্ব ১২ কিলোমিটাৰ।

শ্বিলং শৃংগৰ যথেষ্ট ওচৰত থকা এখন সৰু চাইনবৰ্ডে, পাহাৰৰ ধাৰেৰে বন্ধ হৈ যোৱা এটা সৰু পথক চিহ্নিত কৰে। এই পথটোৱেদি জলপ্ৰপাতটোলৈ যাব পাৰি।
পৰ্যটকে কেমেৰা অনাৰ অনুমতিৰ বাবে অতিৰিক্ত ভাৰতীয় মূল্যৰ টিকটৰ প্ৰয়োজন।৮
তথ্যসূত্ৰ
- ↑ Elephant Falls, Shillong (Meghalaya) · Elephant Wateralls Timing, Entry Fees. www.holidify.com
- ↑ Waterfalls of Meghalaya: Department of Tourism, Government of Meghalaya. megtourism.gov.in
- ↑ Elephant Falls. Times of India Travel
- ↑ Elephant Falls Shillong. www.darjeeling-tourism.com
- ↑ Elephant Falls Shillong. www.darjeeling-tourism.com
- ↑ Elephant Falls. World of Waterfalls
- ↑ 6 Reasons Why You Should Visit the Elephant Falls – Travel Guide: Best Places to Visit
- ↑ Elephant Falls Shillong. www.darjeeling-tourism.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিফেণ্ট জলপ্ৰপাত” প্ৰবন্ধৰ সংশোধন ৫৬৮২৭৬ (৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।